Logo
image

মৃত্যু, উদ্‌যাপন, স্বস্তি

 আৰক্ষীৰ ব্যৰ্থতা, ন্যায় প্ৰক্ৰিয়াৰ মন্থৰ গতিত তিক্ত-বিৰক্ত জনতা

আমাৰ অসম, ২ ডিচেম্বৰঃ দুদিন পূৰ্বে মৃত্যুক লৈ দুখত ভাগি পৰা একেখন অসমতে আজি মৃত্যুক লৈ উদ্‌যাপন হৈছে৷ এদিন পূৰ্বে যি জনতাই আৰক্ষীৰ বিৰুদ্ধে হিংস্ৰ প্ৰতিবাদ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল, সেই একে জনতাই আজি আৰক্ষীক কৃতিত্ব প্ৰদান কৰিছে৷ আৰক্ষীৰ কৃতিত্বত মৃত্যু উদ্‌যাপন কৰিবলৈ আনকি থানাৰ আগত ফটকাও ফুটাইছে৷ অথচ আৰক্ষীৰ তলতীয়া পৰ্যায়ৰ বিষয়াৰ পৰা শীৰ্ষ বিষয়ালৈ প্ৰত্যেকেই ৰাজহুৱাভাৱে যোৰহাটৰ পৰিচিত অপৰাধী ক’লা ল’ৰাৰ মৃত্যুক এটা দুৰ্ঘটনাৰ ফল বুলি বাৰম্বাৰ বিবৃতি দিছে৷ তথাপি অসমৰ জনতাই ৰাজ্যৰ আৰক্ষীক ধন্যবাদ জনাইছে আৰু প্ৰশংসাৰে ওপচাই পেলাইছে৷ সেয়ে চৰ্চা হৈছে অপৰাধী আৰু ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস ওৰফে কালাৰ মৃত্যুৰ কাৰণ দুৰ্ঘটনা নে এয়া আৰক্ষী কৃতিত্ব৷ একে সময়তে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে শেষ নিশা প্ৰায় দুটা বজাত নিউটনৰ গতিৰ তৃতীয় সূত্ৰৰ ব্যাখ্যা দি সকলো ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থকা বুলি কৰা টুইটে ৰহস্যময়তাৰ সৃষ্টি কৰিছে৷ সেই টুইটৰ জৰিয়তে ক’লা ল’ৰা অনিমেষৰ হত্যাৰ জড়িত আৰু তাৰ প্ৰতিক্ৰিয়াৰ ফলত সংঘটিত হোৱা [নে কৰা] দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱাৰ বিষয়টোৰ সৈতে সংযোগ দেখুৱাইছে৷ নে টুইটটো এই ঘটনাৱলীৰ সৈতে কাকতালীয়ভাৱে মিলি গ’ল সেই ৰহস্যময়তা এতিয়াও অব্যাহত আছে৷ এনে অনেক বিভ্ৰান্তি, উত্তৰহীন অনেক প্ৰশ্নই ৰাজ্যবাসীক দোদুল্যমান স্থিতিৰ মাজত ৰাখিলেও তিনিটা ঘটনাবহুল দিনৰ অন্তত আজি অন্ততঃ এটা মৃত্যুৱে গৰিষ্ঠসংখ্যক অসমবাসীক গভীৰ স্বস্তি প্ৰদান কৰিছে৷ অন্ততঃ ছ’ছিয়েল মিডিয়াৰ ট্ৰেণ্ডিং সেয়াই৷ প্ৰথমবাৰৰ বাবে এটা মৃত্যুৱে দুখ নহয় সুখ দিছে, মৃত্যু নিবিচাৰো যদিও এই মৃত্যুক সমৰ্থন কৰো–ইত্যাদি ছ’ছিয়েল মিডিয়াত প্ৰকাশিত বিভিন্ন মন্তব্যই আজিৰ ঘটনাটোৱে ৰাজ্যৰ গৰিষ্ঠসংখ্যক স্বস্তি আৰু শান্তি দিয়া যেনেই বোধ হৈছে৷ 

মঙলবাৰে যোৰহাটত এদল জনতাই ৰুদ্ৰমুৰ্তি ধৰি এজন শীৰ্ষ আৰক্ষী বিষয়াক ‘গ’ বেক’ ধবনি দি আক্ষৰিক অৰ্থতে খেদি পঠিয়াইছিল৷ কাৰণ আগদিনা এজন নিৰ্দোষী যুৱকক প্ৰকাশ্য দিবালোকত দুৰ্বৃত্তমিশ্ৰিত জনতাই মাৰি মাৰি হত্যা কৰোতে আৰক্ষীয়ে যুৱকজনৰ প্ৰাণ ৰক্ষা কৰিব পৰা নাছিল৷ মঙলবাৰে ৰুদ্ৰমূৰ্তি ধৰা জনতা হঠাতে আজি আৰক্ষী বিভাগৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল৷ আৰক্ষীৰ ‘কৃতিত্ব’ত জনতা ইমানেই আনন্দিত হৈ পৰিল যে, তেওঁলোকে যোৰহাট থানাৰ সন্মুখত ফটকা ফুটাই সেই আনন্দ উদ্‌যাপন কৰিলে৷ আনন্দ উদ্‌যাপনৰ উপলক্ষ আছিল নিৰ্দোষী যুৱক অনিমেষ ভূঞাক হত্যাত অভিযুক্ত ক’লা ল’ৰাৰ  দুৰ্ঘটনাত মৃত্যু৷

আৰক্ষীয়ে নকলেও ৰাজ্যৰ জনতাই ক’লা ল’ৰাৰ মৃত্যুক নিজেই ‘এনকাউণ্টাৰ’ হিচাপে মান্যতা প্ৰদান কৰিছে৷ ছ’ছিয়েল মিডিয়া আৰু টিভিৰ সন্মুখত মুকলিভাৱেই অনেকে এই ‘এনকাউণ্টাৰ’ৰ বাবে আৰক্ষীক ধন্যবাদ জনাইছে৷ জনতাৰ এই আন্দোচ্ছাসৰ মূল কাৰণ কি? এয়া চিৰাচৰিত বিচাৰ ব্যৱস্থাৰ প্ৰতি জনতাৰ প্ৰকাশ্য আস্থাহীনতাৰ ৰূপ বুলিয়েই চৰ্চা হৈছে৷ লেহেমীয়া গতিত হোৱা বিচাৰ, আদালতত যথোপযুক্ত প্ৰামানিক তথ্য দাখিলৰ ক্ষেত্ৰত গাফিলতি ইত্যাদি কাৰণৰ ফলত দাগী অপৰাধীয়ে অপৰাধ সংঘটিত কৰিও মুকলি হৈ অহাৰ ঘটনাত বীতশ্ৰদ্ধ ৰাজ্যবাসী৷ অভি-নীলৰ হত্যাকাণ্ড, শিক্ষয়িত্ৰী অৰ্নমাই বৰাৰ হত্যা, চুম ৰংহাংপি, চিকিৎসক দেবেন দত্ত, ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰৰ ফল এতিয়াও নোলাল৷ ৰাইজৰ খং, ক্ষোভ লাহে লাহে প্ৰশমিত হৈ এতিয়া বহুতেই ঘটনাক্ৰমেই পাহৰি পেলালে৷ হত্যাৰ বলি অনেকৰ নামো পাহৰণি গৰ্ভলৈ গতি কৰাৰ দিশে আগবাঢ়িছে৷ কৰুণ পৰিস্থিতিত গণপ্ৰহাৰত হত্যাৰ বলি হোৱাৰ পাছতো তেওঁলোকৰ পৰিয়ালে আজিলৈকে ন্যায় লাভ নকৰাৰ একমাত্ৰ কাৰণ দেশৰ দুৰ্বল ন্যায় ব্যৱস্থা৷ ৰাজ্যৰ, দেশৰ জনতাই এনে ঘটনাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ ব্যৱস্থাক দুৰ্বল বুলি ক’বলৈ আজি কেৰেপ নকৰে৷ দীৰ্ঘদিন বিচাৰ প্ৰক্ৰিয়া সম্পন্ন নোহোৱাৰ বাবে দেশৰ জনতাই এতিয়া স্বৰূপাৰ্থতে আইন-আদালতৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে৷ দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰধান আদৰ্শ হৈছে; প্ৰয়োজনত অপৰাধী সাৰি যাওঁক, কিন্তু নিৰপৰাধীয়ে যাতে মিছাতে শাস্তি নাপায়, সেই আদৰ্শ ৰক্ষা কৰোতে কৰোতে আদালতত তাৰিখৰ পাছত তাৰিখ বিচাৰ হৈ থাকে আৰু বিচাৰৰ ফল ওলাওতে ইমানেই বিলম্ব ঘটে যে, বহু সময়ত তেনে ফলাফল অনেকৰ মনত নিৰৰ্থক যেন হৈ পৰে৷ 

সেয়ে বিলম্বিত ন্যায় প্ৰক্ৰিয়াৰ বিপৰীতে এতিয়া জনতাই তাৎক্ষণিক বিচাৰ ব্যৱস্থা সমৰ্থন কৰে, যাৰ ফলশ্ৰুতি ‘এনকাউণ্টাৰ’ নামৰ চিৰপৰিচিত শব্দটো৷ হিন্দী চিনেমাই জনপ্ৰিয় কৰি তোলা এই আৰক্ষীৰ ‘এনকাউণ্টাৰ’ নামৰ পদ্ধতিটোক এতিয়া দেশবাসীয়ে সমৰ্থন  কৰে তাৎক্ষণিকভাৱে লাভ কৰা ফলাফলৰ বাবে৷ অৱশ্যে ‘এনকাউণ্টাৰ’ নামৰ শব্দটো এনে ঘটনাত ব্যৱহৃত হ’লেও তেনে ঘটনাই তাৰ প্ৰকৃত অৰ্থ প্ৰতিফলিত নকৰে, য’ত সংঘৰ্ষ হয় একপক্ষীয়৷ এনেক্ষেত্ৰত অপৰাধত অভিযুক্ত নিৰস্ত্ৰ হয় আৰু আৰক্ষীৰ গুলীত তেওঁ মৃত্যুবৰণ কৰে৷ বহু সময়ত তেনে ‘এনকাউণ্টাৰ’ গাড়ীৰ দুৰ্ঘটনাও হ’ব পাৰে৷ এই ব্যৱস্থাটো এতিয়া দেশত, আনকি অসমতো জনপ্ৰিয় হৈ পৰিছে৷ দেশৰ নাগৰিকৰ বৃহৎ এটা অংশই এতিয়া আদালতৰ বিচাৰৰ পৰিৱৰ্তে এনকাউণ্টাৰেই পচণ্ড কৰে৷ পিছে ‘এনকাউণ্টা’ৰ আৰু গণপ্ৰহাৰত নিৰ্দোষীৰ মৃত্যুৰ মাজত বিশেষ পাৰ্থক্য নাথাকে৷ কিয়নো, এনে ক্ষেত্ৰত অভিযুক্ত নিৰপৰাধী হ’লেও তেওঁ নিজকে নিৰ্দেষী বুলি প্ৰমাণ কৰাৰ নূ্যনতম সুযোগো নাথাকে৷ গণপ্ৰহাৰত হত্যাৰ বলি হোৱাজনেও ঘটনাৰ সময়ত নিজকে নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰে আৰু আত্মৰক্ষাও কৰিব নোৱাৰে৷ এনে  ঘটনা যিকোনো লোকৰ ক্ষেত্ৰত যেতিয়াই তেতিয়াই ঘটিব পাৰে আৰু ঠিক সেই সময়তহে এতিয়া এনকাউণ্টাৰ সমৰ্থন কৰাজনো যদি একে পৰিস্থিতিৰ সন্মুখীন হয়, ঠিক সেই মুহূৰ্তত তেওঁ দেশৰ ন্যায় ব্যৱস্থাই প্ৰকৃততে প্ৰয়োজনীয় আৰু অপৰিহাৰ্য বুলি অনুভৱ কৰিব পাৰে৷ আদালতক উলাই কৰি আৰক্ষীৰ বিচাৰহীন ‘এনকাউণ্টাৰ’ পদ্ধতি সমৰ্থন কৰি কৰি এনে এটা সময় আহি পৰিব পাৰে, যি সময়ত জনতাৰ বাবে সেই ব্যৱস্থা হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে হৈ পৰাৰ পূৰ্ণ আশংকা আছে৷ কিয়নো এয়া আমাৰ সংবিধান বহিৰ্ভূত এটা ব্যৱস্থা, য’ত নিৰপৰাধীয়েও অপৰাধীৰ আখ্যা লৈ মৃত্যুবৰণ কৰিব পাৰে৷ মৃত্যুৰ পাছত নিৰপৰাধী হিচাপে কেতিয়াবা প্ৰমাণ হ’লেও তেতিয়া আক্ষেপৰ বাহিৰে কৰিবলগীয়া একোৱেই নাথাকে আৰু এনে ঘটনা সকলোৰে ক্ষেত্ৰত হ’ব পাৰে৷

মধ্যপ্ৰাচ্যৰ বহু দেশত তাৎক্ষণিকভাৱে অপৰাধীক মৃত্যুদণ্ড প্ৰদান কৰা হয়৷ বহু সময়ত মৃত্যুদণ্ড প্ৰদানৰ পাছত অপৰাধীৰ মৃতদেহ ৰাজহুৱাকৈ প্ৰদৰ্শন কৰি ৰখা হয়৷ ইয়াৰ ফলত তেনে দেশত অপৰাধৰ সংখ্যা হ্ৰাস পোৱা বুলিও অনেক সমীক্ষাই কয়৷ কিন্তু আমাৰ দেশত লেহেমীয়া ন্যায় ব্যৱস্থাই বিচাৰ বিলম্বিত কৰি তাৰ বিপৰীত ছবি এখন প্ৰতিফলিত কৰিছে৷ ফলত জনতা অসন্তুষ্ট হৈছে আৰু তাৰ অন্যায় সুযোগ লৈছে আৰক্ষীয়ে৷ অনিমেষৰ হত্যাৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম হোৱা নাই৷ কিয়নো সংখ্যাত কম হ’লেও আৰক্ষীৰ উপস্থিতিতে অনিমেষৰ মৃত্যু ঘটিছিল৷ সেয়া আছিল আৰক্ষীৰ দুৰ্বলতা আৰু ব্যৰ্থতা৷ এতিয়া যদিহে যোৰহাট আৰু ৰাজ্যৰ জনতাই দাবী কৰাৰ দৰে ক’লা ল’ৰাৰ মৃত্যুও ‘এনকাউণ্টাৰ’, তেন্তে আৰক্ষীয়ে ইয়াৰ জৰিয়তে নিজৰ ব্যৰ্থতা আৰু দুৰ্বলতাৰ ভুলৰ ‘মেকআপ’ কৰিলে৷ আৰক্ষীৰ এই কৌশলগত অৱস্থানৰ মাজত বুৰ্বক হৈ ৰ’ল ৰাজ্যৰ জনতা৷ সেয়ে এদিন পূৰ্বে আৰক্ষীক খেদি অহা জনতাই আজি আৰক্ষীক কৃতিত্ব দিলে আৰু উদ্‌যাপন কৰিলে এটা মৃত্যুৰ ঘটনা৷ সামগ্ৰিকভাৱে আৰু সামুহিকভাৱে ৰাজ্যৰ জনতাৰ লগতে আৰক্ষী আৰু আনকি চৰকাৰ তথা প্ৰশাসনেও স্বস্তিৰ নিশ্বাস এৰিলে৷ ৰাইজে আৰক্ষীৰ ভুল ধৰিব নোৱাৰি প্ৰশংসা কৰাতে আৰক্ষীৰ স্বস্তি৷ অন্ততঃ এইবাৰলৈ৷ ৰাইজৰ ক্ষোভৰ বহ্নি নিৰ্বাপিত হ’ল৷ দেশৰ প্ৰচলিত ন্যায় ব্যৱস্থা অমান্য আৰু উলংঘা কৰিও চৰকাৰ প্ৰশংসিত হ’ল৷ এয়া সকলোৰে বাবে স্বস্তিদায়ক বিষয়৷

ক’লা ল’ৰা মৰিলত মই আনন্দ পাইছোঁ, কিন্তু তাৰ মাকলৈ বেয়া লাগিছে ঃ অনিমেষৰ মাতৃ

আমাৰ অসমঃ “ক’লা ল’ৰা মৰিলত মই আনন্দ পাইছো৷ কিন্তু তাৰ মাকলৈ মোৰ বেয়া লাগিছে৷ তেৱোঁ মোৰ দৰে এজনী মাক৷ যদিহে তাৰ মাক আছে, তেন্তে মোৰ দৰে হিয়া ঢাকি কান্দিছে৷” আজি পুৱতি নিশা এক দুৰ্ঘটনাত অনিমেষ হত্যাৰ খলনায়ক ক’লা ল’ৰা ওৰফে নিৰজ দাসৰ মৃত্যুৰ পাছত অনিমেষৰ মাতৃয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তেওঁ লগতে কয়, “সিহঁতে কোনো সোধা-পোছা নকৰাকৈ মোৰ ল’ৰাটো মাৰি পেলালে৷ সিহঁতে যদি সোধা-পোছা কৰি মাৰ-ধৰ কৰিলেহেঁতেন, তেনেহ’লে বেলেগ কথা আছিল৷ সিহঁতে মোৰ ল’ৰাটোক মৰিয়াই মৰিয়াই মাৰি পেলালে৷ মোৰ ল’ৰাটোৱে সিহঁতক উভতাই এচাটো নামাৰিলে৷ সি উভতাই এচাত দিব লাগে বুলিও ক’ব নোৱাৰে৷ হয়তো সি উভতাই এচাট দিয়া হ’লে সাৰিলেহেঁতেন৷ সি চাগে বাচিবলৈ কিমান চেষ্টা কৰিছিল/ তাৰ মুখত এষাৰো মাত নাই৷ সি চাগে কিমান কষ্ট পাই মৰিল/” কান্দি কান্দি অনিমেষৰ মাতৃয়ে কোৱা এই কথাই ৰাজ্যবাসীৰ বুকুত সাঁচ বহুৱাইছে৷ মন কৰিবলগীয়া যে অনিমেষৰ মাতৃয়ে ক’লা ল’ৰাৰ মাকলৈ সহমৰ্মিতা প্ৰকাশ কৰাৰ বিপৰীতে ক’লা ল’ৰাৰ সুৰামত্ত পিতৃয়ে অনিমেষহঁতৰ বিৰুদ্ধে অপবাদ দি পুত্ৰসহ গুণ্ডা বাহিনী মাতি আনি অনিমেষ হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল/ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে দোষীৰ শাস্তি হ’ব লাগে ঃ ন্যায়াধীশ চত্ৰ ভূষণ গগৈ

আমাৰ অসম যোৰহাটৰ ছাত্ৰ নেতাক বৰ্বৰোচিত হত্যা আৰু ইয়াৰ পাছত যোৱা নিশা মূল খলনায়ক ক’লা ল’ৰা ওৰফে নিৰজ দাসৰ দুৰ্ঘটনাত মৃত্যু সন্দৰ্ভত শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ চত্ৰ ভূষণ গগৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ তেজপুৰত আজি জিলা স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত আৰু জিলা আইন সেৱা প্ৰাধিকৰণ আৰু আই এমৰ সহযোগত উদ্‌যাপিত বিশ্ব এইডছ দিৱসত অংশ লৈ শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ চত্ৰ ভূষণ গগৈয়ে যোৰহাটৰ ৰাজপথত ছাত্ৰ নেতা অনিমেষ ভূঞাক আক্ৰমণ কৰি বৰ্বৰভাৱে হত্যা কৰা ঘটনা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ন্যায়াধীশজনে কয় ‘এজন সচেতন ব্যক্তি হিচাপে মোৰ ক’বলগীয়া আছে৷ কিন্তু এজন ন্যায়িক বিষয়া হিচাপে এই বিষয়ত মই বক্তব্য ৰখাটো উচিত নহ’ব৷ যিহেতু আমাৰ দেশত আমাৰ যিটো সমাজ ব্যৱস্থা, সেইটোৰ সাংবিধানিক যি প্ৰক্ৰিয়া সেই সাংবিধানিক প্ৰক্ৰিয়াৰ ভিত্তিতহে আমাৰ শাসন চলে৷ প্ৰত্যেকজন ব্যক্তিয়ে আইনৰ প্ৰতি সন্মান ৰাখি আমি কৰ্ম কৰিব লাগে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে, যিসকলে আইনবিৰূ¸দ্ধ কাম কৰে তেওঁলোকে নি(য় তাৰ ফল পায়৷ অনিমেষৰ যি হত্যাকাণ্ড সংঘটিত হ’ল সেইটো সঁচাকৈয়ে অতি নিন্দনীয় ঘটনা বুলিও তেওঁ কয়৷  সমাজৰ কোনো ব্যক্তিয়ে এনেকুৱাধৰণৰ ঘটনাক প্ৰশ্ৰয় দিব নোৱাৰে বুলিও তেওঁ লগতে কয়৷ সত্ৰ ন্যায়াধীশজনে আৰু কয় যে, এই ঘটনাই বিশেষকৈ আমাৰ যুৱচামক বেয়াকৈ প্ৰভাৱিত কৰিছে আৰু আমাৰ সমাজক লজ্জানত কৰিছে৷ ‘আমাৰ অসমীয়াৰ মান-সন্মান, অসমীয়া জাতি হিচাপে যিটো মান-সন্মান তাতো আঘাত কৰিছে৷ গতিকে আমাৰ সমাজ ব্যৱস্থাত এনেকুৱাধৰণৰ ঘটনা আগতে নাছিল৷ আজি-কালি এনেকুৱাধৰণৰ ঘটনা হ’বলৈ ধৰিছে– তেওঁ কয়৷ আনহাতে, ছাত্ৰ নেতাজনৰ হত্যাৰে জড়িত থকা ক’লা ল’ৰা ওৰফে নিৰজ দাসৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যজুৰি সকলোৱে সন্তষ্টি প্ৰকাশ কৰিছে আৰু এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ন্যায়াধীশজনে কয় ‘এই বিষয়ত প্ৰকৃত কথাটো ক’বলৈ হ’লে আমি ন্যায়ৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ মাজেদি দোষীৰ শাস্তি হ’ব লাগে আৰু সেইটোহে আমাৰ প্ৰচলিত সমাজ ব্যৱস্থা’৷ এই ঘটনাক তেওঁ এক্সট্ৰা জুডিচিয়েল কিলিং বুলি উল্লেখ কৰি আৰু কয় ‘এক্সট্ৰা জুডিচিয়েল কিলিঙৰ বিষয়ে মই আপোনালোকক ক’বলৈ নাযাওঁ৷  সেইটো কোৱাটো যুক্তিসংগত নহ’ব৷ এইটো আইনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া মতে, আমি সুখী হওঁ৷ কিন্তু এখন সমাজৰ এটা বেয়া ইলিমেণ্ট নাইকিয়া হ’লে সমাজৰ ব্যক্তিয়ে ভাল পায় সেইটো বেলেগ বিষয়৷ উল্লেখ্য যে, আজি তেজপুৰত এইডছৰ ক্ষেত্ৰত এক সজাগতা সমদল বাহিৰ কৰা হয়৷