Logo
image

শিশুক কেতিয়া দিব কৰ’না প্ৰতিষেধক


... শিশুক ক’ভিড প্ৰতিষেধক ছিটা প্ৰদান কৰোঁতে কিছুমান সাৱধানতা মানিব লাগিব৷ শিশুকালৰ আন প্ৰতিষেধক ছিটাৰ দৰে কৰ’না প্ৰতিষেধক ছিটা পাশ্বৰ্ক্ৰিয়াহীন হ’ব লাগিব৷ এইটো সম্ভৱ হ’ব যদি ছিটা প্ৰয়োগৰ পাছত এই ছিটাৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী ক্ষয়-ক্ষতি নিখুঁতভাৱে নিৰীক্ষণ কৰি পাশ্বৰ্ক্ৰিয়াহীন বুলি প্ৰমাণিত হোৱাৰ পাছতহে শিশুক বহুলভাৱে প্ৰদান কৰিব পৰা হয়৷ ইয়াৰ উপৰি যথেষ্ট পৰিমাণৰ ছিটা মজুত থাকিব লাগিব যাতে সকলো শিশুক নিৰ্ধাৰিত সময়ত ছিটা দিব পাৰি৷ এই পৰিকল্পনা কৰাৰ সময় এতিয়া হ’ল ... 


বতৰ্মান কৰ’না ৰোগ মহামাৰী ৰোগৰ পৰা স্থানাগত ৰোগ হোৱাৰ পথত৷ উল্লেখ্য যে স্থানাগত কৰ’না ৰোগ দেশত বহুদিন ধৰি চলি থাকিব বুলি ধৰি ল’ব পাৰি৷ স্থানাগত কৰ’নাত আক্ৰান্ত হ’লে মহামাৰীৰ সময়ত হোৱাৰ দৰে একেধৰণৰ লক্ষণ পৰিলক্ষিত হ’ব৷ অৰ্থাৎ বেছিভাগ সামান্য লক্ষণযুক্ত আৰু কমসংখ্যক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া  গুৰুতৰ ৰোগ হ’ব৷ সেই কাৰণে মহামাৰীৰ সময়ত যিখিনি সাৱধানতা অৱলম্বন কৰা হৈছে, একেখিনি সাৱধানতা অৱলম্বন কৰি থাকিব লাগিব৷ মহামাৰীয়ে স্থানাগত ৰূপ ল’লে বুলি প্ৰতিৰক্ষাৰ দিশবোৰ উপেক্ষা কৰিব নোৱাৰি৷

কৰ’না প্ৰতিষেধক ছিটাৰ শীঘ্ৰ আৱিষ্কাৰ কৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য দিশ৷ বহুতো পশ্চিমীয়া দেশত এই ছিটাৰ বহুল প্ৰয়োগে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এক ডাঙৰ অৰিহণা যোগাইছে৷ আমাৰ দেশতো প্ৰাপ্তবয়স্কৰ কৰ’না ৰোগ প্ৰতিষেধক ছিটা প্ৰদান  উল্লেখযোগ্য ৰূপত প্ৰগতি হোৱা পৰিলক্ষিত হৈছে৷ এতিয়া ভাবিব পৰা হৈছে যে অনতিপলমে  শিশুৰ বাবেও এটা প্ৰতিষেধক ছিটাৰ অনুমোদন হ’ব৷

স্থানাগতভাৱে আৱিৰ্ভাৱ হোৱা কালত কৰ’না ৰোগে তিনিপ্ৰকাৰৰ লোকক আক্ৰান্ত কৰিব৷ ক্ৰমে ৰোগ প্ৰতিৰোধ অক্ষম লোকক প্ৰথমবাৰৰ বাবে, আগতে এবাৰ ভোগা লোক আৰু প্ৰতিষেধক ছিটা সম্পূৰ্ণকৈ লোৱা লোক৷ গতিকে স্থানাগত কৰ’নাৰ সময়ত তিনিপ্ৰকাৰ লোকক  প্ৰতিষেধক ছিটা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব৷ ক্ৰমে–  [১] বয়সিয়াল লোক আৰু আন ৰোগত ভূগি থকা সহজে পীড়িত হ’ব পৰা লোক৷ [২] শিশুকে ধৰি সকলো ৰোগ প্ৰতিৰোধ অক্ষম প্ৰাপ্তবয়স্ক লোক৷ [৩] আগতে আক্ৰান্ত হোৱা আৰু প্ৰতিষেধক ছিটা লোৱা লোক, যাতে তেওঁলোকৰ প্ৰতিৰোধ শক্তি টনকিয়াল হয় আৰু পুনৰ আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পৰে৷

আমাৰ দেশৰ জনসংখ্যা বিজ্ঞানৰ তথ্য অনুসৰি বতৰ্মান ৬-১৮ বছৰ  বয়সৰ  শিশুৰ সংখ্যা  প্ৰায় ৩২০ কোটি৷ ৪ৰ্থ আই চি এম আৰৰ সমীক্ষা মতে, ইয়াৰ ভিতৰত শতকৰা ৫০ শতাংশ শিশু জুলাইৰ শেষলৈ ক’ভিডত আক্ৰান্ত হৈছে৷ বাকী ৫০ শতাংশই এতিয়াও ভোগা নাই৷ এইখিনিতে এটা কথা উল্লেখযোগ্য যে প্ৰাপ্তবয়স্কৰ তুলনাত শিশুৰ ক্ষেত্ৰত ক’ভিডত আক্ৰান্ত হ’লেও ই মৃত্যুৰ কাৰণ বহুত কমসংখ্যাত হয়৷ অৱশ্যে ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত শিশুৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী ফলাফল কেনে হয় এতিয়াও সেইটো জানিব পৰা হোৱা নাই৷ এই সমীক্ষাৰ ফলাফলৰ কাৰণে ৰৈ থকাৰ সময়ত শিশুৰ কাৰণে প্ৰতিষেধক ছিটাৰ প্ৰয়োগ আৰম্ভ কৰাটো নিতান্ত প্ৰয়োজনীয়৷

প্ৰতিষেধক ছিটা প্ৰদান হৈছে এটা তুলনামূলকভাৱে কম ব্যয়ৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা৷ প্ৰতিষেধক ছিটা প্ৰদান যদি এক পৰিকল্পিত জনস্বাস্থ্য কাৰ্যক্ৰম হিচাপে কৰা হয়, তেতিয়া দুটা কথা হ’ব পাৰে– প্ৰথম, যাক ছিটা দিয়া হয় তেওঁ সেই ৰোগৰ পৰা সুৰক্ষা পায়৷ দ্বিতীয়তে, সেই এলেকাত ৰোগৰ সংক্ৰমণ বন্ধ হয়৷ আৰু সেই ঠাইৰ সকলো মানুহে ৰোগ প্ৰতিৰোধ ক্ষমতা আহৰণ কৰে আৰু সেই ৰোগ সেই ঠাইত লাহে লাহে নিঃশ্চিহ্ন হৈ যায়৷

আমাৰ দেশত শিশুৰ নিমিত্তে মাৰাত্মক ৰোগ প্ৰতিৰোধৰ কাৰণে ৰাষ্ট্ৰীয় প্ৰতিষেধক ছিটাৰ তালিকা আছে৷ ইয়াৰ সঠিকভাৱে প্ৰয়োগ হ’লে শিশুৱে চিৰজীৱনলৈ এই ৰোগসমূহৰ কাৰণে প্ৰতিৰোধ শক্তি আহৰণ কৰে৷ বতৰ্মান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ক’ভিড প্ৰতিষেধক ছিটা ৰাষ্ট্ৰীয় ছিটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয় হৈছে৷ কাৰণ শিশুক প্ৰতিষেধক ছিটা প্ৰদান কাৰ্যক্ৰমে এটা দীৰ্ঘকালজোৰা প্ৰতিৰোধ ব্যৱস্থা সমাজত স্থাপিত কৰিব– যেতিয়ালৈকে ক’ভিড ভাইৰাছ পৃথিৱীৰ পৰা নিশ্চিহ্ন হৈ নাযায়৷

শিশুসকল ১৮ বছৰ বয়সলৈ ক’ভিড প্ৰতিষেধক ছিটা ল’বলৈ ৰৈ থকাটো উচিত হ’বনে

স্থানগত ক’ভিড চলি থকাৰ সময়ত প্ৰতিটো শিশুৱে এদিন নহয় এদিন ক’ভিডত আক্ৰান্ত হ’ব৷ ইতিমধ্যে  প্ৰাপ্তবয়স্কসকলৰ ছিটা প্ৰদান শেষ হ’ব৷ বতৰ্মান স্কুল পুনৰ আৰম্ভ হোৱাৰ পাছত শিশুসকল ঘৰৰ পৰা ওলাই আহিব আৰু সহজে ক’ভিড ভাইৰাছৰ সংস্পৰ্শত আহিব আৰু ঘৰলৈ ঘূৰি আহিব বীজাণু লৈ৷ ফলত সেই ভাইৰাছৰ দ্বাৰা গৃহৱৰ্তী প্ৰাপ্তবয়স্কসকল পুনৰ আক্ৰান্ত হ’ব৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এটা সমীক্ষাই কৈছে যে আক্ৰান্ত শিশুসকলৰ ক’ভিড ৰোগৰ লক্ষণ থাকক বা নাথাকক তেওঁলোকৰ নাক আৰু ডিঙিত এটা বুজন পৰিমাণৰ ক’ভিড ভাইৰাছ কিছুদিনলৈ থাকি যায়৷ ফলত সমাজত ক’ভিড বীজাণুৰ বাহক হৈ থাকি স্থানাগত সংক্ৰমণৰ সহায়ক হৈ থাকে৷ যিহেতু কৰ’না সংক্ৰমণে কোনো বয়স বিচাৰ নকৰে, গতিকে বিভিন্ন সমীক্ষাৰ ফলাফল অনুসৰি শিশুক যিমান পৰা যায় কম বয়সতে প্ৰতিষেধক ছিটা প্ৰদান কৰি সুৰক্ষা দিয়াটো শ্ৰেয়৷ কাৰণ কম বয়সতে ছিটা প্ৰদান কৰিলে শৰীৰৰ প্ৰতিৰোধ শক্তি উপযুক্ত হয় আৰু জীৱনজোৰা হয়৷ তদুপৰি ইয়াৰ ফলত সংক্ৰমণ হ্ৰাস হ’ব আৰু নতুন ক’ভিড বীজাণু সৃষ্টি বাধাপ্ৰাপ্ত হ’ব৷ গতিকে শিশুক প্ৰতিষেধক ছিটা প্ৰদান জনস্বাস্থ্য সুৰক্ষাৰ কাৰণে এটা অত্যাৱশ্যকীয় পদক্ষেপ৷

শিশুক ক’ভিড প্ৰতিষেধক ছিটা প্ৰদান কৰোঁতে কিছুমান সাৱধানতা মানিব লাগিব৷ শিশুকালৰ আন প্ৰতিষেধক ছিটাৰ দৰে কৰ’না প্ৰতিষেধক ছিটা পাশ্বৰ্ক্ৰিয়াহীন হ’ব লাগিব৷ এইটো সম্ভৱ হ’ব যদি ছিটা প্ৰয়োগৰ পাছত এই ছিটাৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী ক্ষয়-ক্ষতি নিখুঁতভাৱে নিৰীক্ষণ কৰি পাশ্বৰ্ক্ৰিয়াহীন বুলি প্ৰমাণিত হোৱাৰ পাছতহে শিশুক বহুলভাৱে প্ৰদান কৰিব পৰা হয়৷ ইয়াৰ উপৰি যথেষ্ট পৰিমাণৰ ছিটা মজুত থাকিব লাগিব যাতে সকলো শিশুক নিৰ্ধাৰিত সময়ত ছিটা দিব পাৰি৷ এই পৰিকল্পনা কৰাৰ সময় এতিয়া হ’ল৷

যিসকল হাপানি ৰোগ, মেদবহুলতা আৰু পুষ্টিহীনতাত ভুগি থকা শিশু তেওঁলোকৰ অতিমাত্ৰা কৰ’না ৰোগ হোৱাৰ আশংকা বেছি৷ গতিকে এনেবোৰ শিশুক প্ৰথম ছিটা প্ৰদান কৰিব লাগিব৷ আৰু তেওঁলোকক পাশ্বৰ্ক্ৰিয়া আৰু ছিটা প্ৰদানৰ সফলতাৰ বিষয়ে নিখঁুতভাৱে নিৰীক্ষণ কৰিব লাগিব৷ দ্বিতীয়তে অগ্ৰাধিকাৰ পাবলগীয়া গোটটো হ’ল ১২-১৮ বছৰ বয়সৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল৷ তাৰপাছত হ’ব ৬-১২ বছৰ বয়সৰ শিশুসকল৷ এই ছিটা প্ৰদান সুপৰিকল্পিত হ’ব লাগিব৷ ইয়াৰ কাৰণে প্ৰথমে সকলো পিতৃ-মাতৃ, জনসাধাৰণ আৰু বিদ্যালয় তথা স্বাস্থ্য কতৃৰ্পক্ষক এই পৰিকল্পনাৰ বিষয়ে অৱগত কৰিব লাগিব৷ এই ছিটা প্ৰদান প্ৰথমতে কিছু নিৰ্ধাৰিত বিদ্যালয়ত কৰিব লাগিব৷ আৰু এই শিশুসকলক ২-৪ সপ্তাহ প্ৰতিদিনে নিৰীক্ষণ কৰিব লাগিব৷ সকলো ঠিকে ঠাকে হ’লেহে গোটেই দেশজুৰি ছিটা প্ৰদান আৰম্ভ কৰিব লাগিব৷ গতিকে এই পৰিকল্পনা উপযুক্ত পৰিমাণৰ ছিটা উপলব্ধি হোৱাৰ সময়ত কৰিব লাগিব৷ যাতে সকলো শিশুকে ছিটা একে সময়তে দিব পাৰি৷

সৰ্বশেষত ২-৫ বছৰ বয়সৰ শিশুক ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ এই ব্যৱস্থা ৰাষ্ট্ৰীয় প্ৰতিষেধক ছিটাৰ তালিকাত অন্তৰ্গত কৰিব পাৰিলে সুবিধা হ’ব৷ কিন্তু প্ৰথমতে স্থিৰ কৰিব লাগিব যে বাকী ছিটাসমূহৰ লগত একেলগে দিলে শিশুৰ কিবা অপকাৰ হ’ব নেকি৷

গতিকে দেখা গ’ল যে সকলো ১৮ বছৰ বয়সৰ তলৰ শিশুক যিমান পৰা যায় সোনকালে ছিটা দিয়াৰ ব্যৱস্থা কৰিব পাৰিলে জনসাধাৰণৰ মংগল৷ এটা সুপৰিকল্পিত ছিটা দিয়া আঁচনি কৰিব লাগিব৷ য’ত জনসাধাৰণ, পিতৃ-মাতৃ, বিদ্যালয় আৰু স্বাস্থ্য কতৃৰ্পক্ষৰ সমান সহযোগ থাকিব লাগিব৷

ফোন ঃ ৯৮৬৪০-৪১৮১৬