Logo
image

দুই মহিলা বিজ্ঞানীলৈ ৰসায়নৰ নোবেল

আমাৰ অসম, ০৮ অক্টোবৰঃ  ফৰাচী বিজ্ঞানী ইমানুৱেল শ্বাৰ্পেণ্টাৰ আৰু মাৰ্কিন বিজ্ঞানী জেনিফাৰ এ ড’ডনাক ২০২০ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ জিন’ম এডিটিঙৰ প্ৰণালী ‘ক্ৰিছপাৰ-কাছ ৯’ৰ আৱিষ্কাৰৰ বাবে এই দুগৰাকী মহিলা বিজ্ঞানীক চলিত বছৰৰ ৰসায়নৰ নোবেলৰ বাবে বিবেচনা কৰা হৈছে বুলি ৰয়েল ছুইডিছ নোবেল একাডেমীয়ে প্ৰকাশ কৰিছে৷ জৈব ৰসায়নবিদ জেনিফাৰ এ ড’ডনা আৰু মাইক্ৰ’বায়লজি তথা জৈব ৰসায়নৰ বিজ্ঞানী ইমানুৱেল শ্বাৰ্পেণ্টাৰে প্ৰাণী, উদ্ভিদ আৰু অনুজীৱৰ ডি এন এ সলনি কৰাৰ বাবে ক্ৰিছপাৰ টুল নামৰ এবিধ অতি নিখুঁত প্ৰণালী আৱিষ্কাৰ কৰি ৰসায়নবিজ্ঞানৰ সৰ্বশ্ৰেষ্ঠ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য, ৰসায়নবিজ্ঞানৰ নোবেল প্ৰদানৰ ১১১ বছৰীয়া ইতিহাসত এই বঁটা লাভ কৰা ইমানুৱেল আৰু জেনিফাৰ হৈছে ষষ্ঠ আৰু সপ্তম মহিলা৷

এই বঁটাৰ বাবে নিৰ্বাচিত দুই মহিলা বিজ্ঞানীৰ নাম ঘোষণা কৰি ৰয়েল ছুইডিছ একাডেমী অব ছাইন্সৰ সচিব প্ৰধান গ’ৰান কে হানছনে কয়– এই বছৰৰ ৰসায়ন বিজ্ঞানৰ নোবেল গৈছে জীৱনৰ সংকেত পুনৰায় লিপিবদ্ধ কৰা দুগৰাকী যুৱ বিজ্ঞানীলৈ৷ ক্ৰিছপাৰ-কাছ ৯ [Crispr-Cas 9] হৈছে এবিধ জেনেটিক কেচি, যাৰ দ্বাৰা গৱেষকে প্ৰাণী, উদ্ভিদ আৰু অনুজীবৰ ডি এন এ অতি নিখুঁতভাৱে কাটি সলনি কৰিব পাৰিব৷ জীৱবিদ্যাৰ প্ৰতিটো ক্ষেত্ৰতে সমস্যা সমাধান কৰিব পৰা ক্ৰিছপাৰ-কাছ ৯ হৈছে এবিধ অতি দ্ৰুতবেগী, কাৰ্যকৰী আৰু ব্যয়সাধ্য পদ্ধতি৷ এই প্ৰযুক্তিয়ে বুনিয়াদী বিজ্ঞানৰ ক্ষেত্ৰত কৰা গৱেষণাৰ দিশত আমূল পৰিৱৰ্তন সাধন কৰিব পাৰিব৷ এই ফৰাচী আৰু মাৰ্কিন মহিলা বিজ্ঞানীদ্বয়ে কাছপাছ- কাছ-৯ ব্যৱস্থাটো ২০১২ চনতো উদ্ভাৱন কৰিছিল আৰু ইয়াৰ ব্যৱহাৰৰ সাধাৰণীকৰণ কৰি মানবজাতি, উদ্ভিদ আৰু অনুজীৱৰ ডি এন এ গৱেষণাৰ বাবে সহজসাধ্য কৰি তুলিছিল৷ এই প্ৰণালীয়ে কেইবছৰমান পূৰ্বেই নীতিগত দিশত কাঁইটীয়া পথৰো সন্ধান দিছিল৷ ২০১৮ চনত হি জিয়ানকুই নামৰ এজন চীনা বিজ্ঞানীয়ে দুটা শিশুক এইছ আই ভি প্ৰতিৰোধী সক্ষম হিচাপে গঢ় দিয়া বুলি দাবী কৰি এই পদ্ধতি ব্যৱহাৰ কৰি জেনেটিক পৰিৱৰ্তন ঘটাইছিল৷ ড॰ হিৰ এই কাৰ্যই বিশ্বৰ জৈৱৰসায়নবিদৰ চকু কঁপালত তুলিছিল৷ কিয়নো সেয়া আছিল ক্ৰিছপাৰ-কাছ ৯ প্ৰণালীৰ অবৈধ বা নীতিহীন ব্যৱহাৰ৷

এই দুই মহিলা বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা জিনম কেচিৰ দ্বাৰা জিনত থকা ডিঅ’ক্সি-ৰাইবোনিউক্লিক এছিডক [ডি এন এ] সহজে কাটি পেলাব পাৰি৷ ইয়াৰ ফলত আমাৰ ইচ্ছামতে সলনি কৰিব পৰা যায় জীৱনৰ সংকেত [ক’ড]৷ জিনৰ কটা-চিঙা কৰা ইমান ধাৰ থকা কেচি ইয়াৰ পূৰ্বে কোনো মানৱে তৈয়াৰ কৰিব পৰা নাছিল৷ ডি এন এৰ ঠিক যি অংশ আমি কাটিবলৈ চেষ্টা কৰিম, এই জিনম কেচিৰ দ্বাৰা অব্যৰ্থভাৱে ঠিক সেই অংশকে কাটি আনিব পৰা যাব৷ এই আৱিষ্কাৰে কেৱল মৌলবিজ্ঞানৰ গৱেষণাৰ বিপ্লৱে ঘটোৱা নাই, ই কৰ্কট ৰোগসহ না না দুৰাৰোগ্য ৰোগৰ চমকপ্ৰদ চিকিৎসা পদ্ধতি উদ্ভাৱন কৰাৰ লগতে নতুন নতুন শস্য জন্ম দিয়াৰ ক্ষেত্ৰতো অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷