কথাশিল্পী বৰগোহাঞি এজনেই পৃথিৱীত
আজি ৭ ডিচেম্বৰ৷ হোমেন বৰগোহাঞিৰ জন্মদিন৷ আমি তেওঁক আদৰ কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৰাজহুৱাভাৱে৷ তেওঁ জীয়াই থাকোঁতে শেষ জন্মদিনত লিখা এটা মোৰ অভিব্যক্তি সাল-সলনি কৰি আকৌ উপস্থাপন কৰিছোঁ৷ এইদৰে–
‘কি দুঃসহ সুন্দৰ ৰাতি, উষ্ণ আৱেগ আৰু উত্তাপ
ৰোমাঞ্চিত হয় মোৰ মন [যি মন লৈ মই খেলা কৰোঁ]
যেন এটি উজ্জ্বল সাপ
সোণালী যাৰ গাৰ ৰং, মৃত্যুৰ ক্ৰুৰ আৱেগ তাৰ দৃষ্টিত৷’
এইফাকি কবিতা কোনে লিখা? অসমীয়া সাহিত্যৰ অন্ততঃ ৬০ শতাংশ পাঠকে নিমিষতে কৈ দিব– হোমেন বৰগোহাঞিৰ বুলি৷
পৃথিৱীত ‘বৰগোহাঞি’ এজনেই আছে৷ তেওঁ এজন এসময়ৰ আমোলা৷ বৰ্তমান এজন দাৰ্শনিক৷ এই আমোলা আৰু দাৰ্শনিকৰ মাজত এক বিচিত্ৰ পথ-অতিক্ৰমা৷ কাৰোবাৰ বাবে এজন উদণ্ড ছাত্ৰ, এজন জীৱনক উপভোগ কৰা ব্যক্তি, এজন কবি আৰু কাব্যৰসিক, গল্প সৃষ্টিৰ মানুহ, উপন্যাসৰ ৰচক, আত্মানুসন্ধিৎসু লোক, এজন বিয়াগোম সাংবাদিক আৰু এজন দাৰ্শনিক৷
মোৰ প্ৰিয় সহপাঠী আৰু বন্ধু দেৱীচৰণ বৰাই মোক এদিন প্ৰশ্ন কৰিছিল–
ঃ গৌতম, অসমীয়া সাহিত্যত তোমাৰ মতে ‘নোবেল বঁটা’ পাবলগীয়া এজনো সৃষ্টিশীল মানুহ আছেনে?
ঃ মোৰ মতে ‘নোবেল বঁটা’ পোৱা-নোপোৱা মানেই শ্ৰেষ্ঠ সৃষ্টিশীলতাৰ কথা কিন্তু নুবুজায়৷ টলষ্টয়ে নোবেল বঁটা পোৱা নাছিল৷ কিন্তু প্ৰতিজন শিক্ষিত মানুহৰ মতে তেৱেঁই পৃথিৱীৰ অদ্বিতীয় সাহিত্যিক৷
তুমি মোৰ প্ৰশ্নটো এৰি থৈ গ’লা৷ কোনোবা অসমীয়া সাহিত্যিক আছেনে– যাক তুমি নোবেলৰ যোগ্য বুলি ভাবা? ‘মৃত’ বা ‘জীৱিত’৷
ঃ মইতো ছুইডিছ একাদেমীৰ সদস্য নহওঁ– তথাপি মোৰ মনলৈ আহে তিনিজন অসমীয়া সাহিত্যিকৰ কথা৷
ঃ ‘কি ক’লা? এজন নহয়, দুজন নহয়, তিনিজনক্ক তুমি ভাবি-চিন্তি কৈছানে?’– দেৱীচৰণে ক’লে৷
ঃ ‘একদম’– মোৰ উত্তৰ৷
ঃ নাম কোৱা– কাৰ কথা তুমি ভাবিছা?
ঃ শুনা৷ মোৰ মতে, এই তিনিটা নাম হ’ব পাৰিলেহেঁতেন– [ৰ] সৌৰভ কুমাৰ চলিহা, [২] ড॰ ভূপেন হাজৰিকা আৰু [৩] হোমেন বৰগোহাঞি৷
ঃ ৰবীন্দ্ৰনাথৰ পাছত স্বয়ং বংগদেশতো আন এজনৰো নাম বিচাৰি নাপালে৷ তুমি তিনিজনকৈ মানুহ অসমতে বিচাৰি পালা? মানুহে তোমাৰ পিঠি ছিৰাছিৰ কৰিব৷ বিৰিঞ্চি কুমাৰ বৰুৱাৰ নাম কিয় এৰি গ’লা?– দেৱীচৰণে প্ৰশ্ন কৰিলে৷
ঃ তুমি সৃষ্টিশীল লেখকৰ নামহে বিচাৰিলা? বিৰিঞ্চি কুমাৰ বৰুৱা পণ্ডিত মানুহ৷ [মনত তোমাৰ নাই নেকি– অধ্যাপক গুৰুদাস বন্দোপাধ্যায়ৰ দৰে লোক থাকোঁতেও ৰবীন্দ্ৰনাথকহে ‘নোবেল বঁটা’ৰ বাবে নিৰ্বাচন কৰিছিল৷] ‘জীৱনৰ বাটত’ নি(য় অনন্য উপন্যাস৷ কিন্তু এই তিনিজন অসমৰ লেখকৰ লেখা বিশ্বৰ প্ৰথম শাৰীৰ লেখকৰ সমকক্ষ৷
হোমেন বৰগোহাঞিক মই চিনি পাওঁ প্ৰথমে তেওঁৰ লেখাৰ মাজেৰে ষাঠি আৰু সত্তৰৰ দশকত৷ তেওঁ তেতিয়া খাৰঘুলিৰ পাহাৰ এটাৰ ঘৰত থাকে৷ মোৰ এখন কবিতাৰ কিতাপ ‘অনুভৱ’ প্ৰকাশ কৰিছিল– গুৱাহাটী বুক ষ্টলে [১৯৭৩]৷ সেইখন দিবলৈ মই তেওঁক লগ পাবলৈ গৈছিলোঁ৷ যোৱাৰ সময়ত বহুতে মোক বাধা দিছিল৷ কৈছিল– মানুহজন একাচেকা হেনো৷ আগতে কৈ নগ’লে দেখা নকৰে বুলি ক’ব পাৰে৷ তথাপি মই গ’লোঁ৷ ভাবিলোঁ– খুব বেছি এতিয়া ‘সময় নাই’ বুলিহে ক’ব৷ কওক...৷
কিন্তু সেইদিনা তেওঁ মোক এনেকৈ আপ্যায়ন কৰিলে যে তেওঁৰ বিষয়ে শুনা কথাবোৰ ‘মীথ’ হৈ পৰিল৷ অপূৰ্ব ব্যৱহাৰে মোক আপ্লুত কৰিলে৷ তাৰপাছত প্ৰায় ১৫ বছৰ তেওঁৰ লগত দেখা-দেখি নাই৷ আমেৰিকা, বজবজ, কলিকতা ঘূৰি যেতিয়া মই উভতি আহোঁ তেওঁ জীৱিত কালতে কিংবদন্তিত পৰিণত হৈ ‘আমাৰ অসম’ৰ সম্পাদক৷ তেওঁক দ্বিতীয়বাৰ দেখা কৰিবলৈ গ’লোঁ ‘অসমবাণী’ত৷
ঃ তুমি বৰগোহাঞিৰ কোনখন কিতাপ আটাইতকৈ ভাল পোৱা? –দেৱীচৰণৰ প্ৰশ্ন৷
ঃ প্ৰায় প্ৰত্যেকখনেই...
ঃ তেওঁৰ সাহিত্য-কৃতিয়ে তোমাক প্ৰভাৱিত কৰিছেনে?
ঃ হয়তো কৰিছে৷ এইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকেহে দিব পাৰিবা৷
ঃ তথাপি তেওঁৰ কোনখন সাহিত্যকৰ্মই তোমাক মুগ্ধ কৰিছে?
ঃ উত্তৰটো মই আগেয়েই দিছোঁ...
ঃ অলপ খুলি কোৱাচোন...
তুমিতো চুচুক-চামাককৈ সাধাৰণতে নাথাকা৷
ঃ শুনা, ‘পিতা-পুত্ৰ’ এখন অপূৰ্ব কিতাপ৷ সেইখনৰ বাবে তেওঁ ১৯৭৮ চনত সাহিত্য অকাদেমি বঁটা পাইছিল৷ কিন্তু...
ঃ কোৱা...
ঃ তেওঁৰ ‘সুবালা’ উপন্যাসখনে মোক বৰকৈ আকৰ্ষিত কৰিছিল যদিও মোৰ আটাইতকৈ ভাল লগা কিতাপ তিনিখন হ’ল– তেওঁৰ আত্মজীৱনীমূলক কিতাপকেইখন৷ ‘আত্মানুসন্ধান’, ‘ধুমুহা’ আৰু ‘ৰামধেনু’ আৰু ‘মোৰ হৃদয়’ এখন যুদ্ধক্ষেত্ৰ৷ জীৱনৰ বিশেষ বিশেষ সময়ত লিখা৷ ভাষাৰ চমকো, সেয়েহে কালানুসৰি ভিন্ন৷ অপূৰ্ব বাক্যগাঁথনি আৰু শব্দ প্ৰয়োগ৷ জীৱনৰ গল্পমুক্ত মনেৰে লিখিছে৷ উপেন লেখাৰু ছাৰৰ লগত হোৱা কথোপকথন এই মুক্ত মনৰেই উদাহৰণ৷ ‘হালধীয়া চৰায়ে বাওধান খায়’ উপন্যাসখন চলচ্ছিত্ৰ হৈছে৷ চিনেমা হিচাপে নামো কৰিছে দেশ আৰু বিদেশত৷ তেওঁৰ ‘অস্তৰাগ’ উপন্যাসখন এখন অপূৰ্ব সৃষ্টি৷ এইখন ইংৰাজীলৈ অনুবাদ কৰিছে প্ৰদীপ আচাৰ্যই৷ কিতাপখন ‘হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়’ৰ ৱাইডনাৰ লাইব্ৰেৰীত সংৰক্ষিত হৈ আছে৷ বহুতে হয়তো নাজানিবও পাৰে৷ এইখন কিতাপ তেওঁৰ এখন উল্লেখযোগ্য কিতাপ হিচাপে পৰিগণিত হৈছে বিদেশত৷
ঃ অৱশ্যে ঠিক কথা৷ তুমি বৰগোহাঞিক ঔপন্যাসিক বুলি গ্ৰহণ কৰা নে সাংবাদিক হিচাপে? কোনটো পোছাকে তেওঁক বেছিকৈ শুৱাই পৰে?
ঃ দুয়োটা পোছাকেই তেওঁক শুৱায়৷ তেওঁ ‘ভেকুৰি তিতা’ খাই ভাল পায় আৰু ‘হাঁহৰ গোটা ভজাও’ তেওঁৰ প্ৰিয়৷ সাংবাদিক হিচাপেও অপূৰ্ব আৰু সাহিত্যিক হিচাপেও অনন্য৷ তেওঁৰ দৈহিক জীৱনো অনন্য– শিৱৰ দৰে– অৰ্ধনাৰীশ্বৰ’৷ তেওঁৰ ব্যক্তিত্ব আধা নাৰীৰ আধা পুৰুষৰ মুঠতে বৰগোহাঞি বুলিলে এজনেই আছে– একক আৰু অনন্য, তুলনাবিহীন৷
ঃ তোমাৰ কথা বাৰু বুজিলোঁ৷ পিছে তুমি যে বৰগোহাঞিৰ গুণমুগ্ধ লোক, অজস্ৰ কিছু সমালোচকো আছে...৷ দেৱীচৰণে ক’লে৷
ঃ ৰবীন্দ্ৰনাথৰ সমালোচক আৰু বহুত বেছি আছিল...৷ সজনীকান্ত দাস, দ্বিজেন্দ্ৰলাল আৰু পাচকড়ি বন্দোপাধ্যায়ে কঠোৰ সমালোচনা কৰিয়েই ক্ষান্ত নাছিল৷ তেওঁ ৰবীন্দ্ৰনাথৰ ‘চোখেৰ বালি’ৰ সমালোচনা কৰিবলৈ গৈ ‘সিদ্ধ লম্পট’ বুলি আখ্যা দিছিল৷
ঃ ৰ’বা শুনা৷
ঃ কোৱা...
ঃ বহুতে ক’ব খোজে ‘বৰগোহাঞি’ হেনো ‘বৰ অহংকাৰী’৷ তোমাৰ কিবা মন্তব্য?– দেৱীচৰণে সুধিলে৷
ঃ ৰামকৃষ্ণদেৱে কৈছিল– ‘মানুহে মিছা অহংকাৰহে পৰিত্যাগ কৰিব লাগে– সঁচা অহংকাৰ জাগ্ৰত কৰিব লাগে৷’ তুমিবা কোনবিধ অহংকাৰৰ কথা ক’লা? ৰামকৃষ্ণৰ ভাষাত ‘কাচা আমি’ [মিছা অহংকাৰ] নে ‘পাকা আমি’ [সঁচা অহংভাব]?
দেৱীচৰণে মোৰ উত্তৰ শুনি ক্ষন্তেক সময় মনে মনে ৰ’ল৷ তাৰপাছতেই প্ৰশ্ন কৰিলে– তুমি নিজেই কবিতা লিখা৷ বৰগোহাঞিৰ কবিতা তুমি পঢ়িছানে? কোনটো কবিতা তোমাৰ ভাল লাগিছিল আৰু কিয় লাভ লাগিছিল?
ঃ বৰগোহাঞিৰ মই দুটা কবিতাহে পঢ়িছোঁ৷ ‘বিকল্প’ আৰু ‘সাপ’৷ এই প্ৰশ্নটো তুমি কৰাৰ বাবে মই আনন্দিত হ’লোঁ৷ যদিও হঠাৎ তৰ্ক আৰু যুক্তিৰ খাতিৰত এই কবিতাটো লিখা, ‘সাপ’ কবিতাটো পঢ়ি অভিভূত হৈছিলোঁ৷ কম বয়সৰ এটা অপূৰ্ব শিল্পকৰ্ম৷ হয়তো ক’ব নোৱৰাকৈ নিগৰি পৰিছে– জাগতিক দৰ্শনৰ ব্যাখ্যা৷ ক’লা সাপটো যেন অহংকাৰৰ প্ৰতিভূ-প্ৰতীক৷ সেই অহংভাবৰ দ্বৈত দৰ্শন– ‘মৃত্যু’ৰ দৰে শীতল আৰু ‘সৌন্দৰ্য’ৰ দৰে উজ্জ্বল৷ দুয়োৰে সন্তুলনতেই আৰম্ভ আৰু শেষ হয় মানৱ সত্তা৷– মই উত্তৰ দিলোঁ৷
দেৱীচৰণে ক’লে– এফাকি আবৃত্তি কৰি শুনাবানে?
শুনা ঃ ‘মই ভালপাওঁ ৰাতিৰ দৰে সুন্দৰ এটা সাপ
আৰু তাৰ অবাক অহংকাৰ ঃ
আলকতৰাৰ দৰে গাৰ ৰং কোনো এক বেশ্যাৰ
গলিত হৃদয় যেন মৃত্যু আৰু সৌন্দৰ্যৰ এই সমাহাৰ৷’
দেৱীচৰণে মোৰ চকুলৈ চাই ক’লে– ‘গৌতম, আমাৰ কথোপকথন আৰম্ভ হৈছিল নোবেল বঁটাক লৈহে, শেষ কেনেকৈ হ’ব?
ঃ শেষ হৈয়ে আছে– মৃতকৰ বাবে নোবেল বঁটা নাই৷ বুজিলা?
ঃ এৰা, এতিয়াহে বুজিলোঁ৷– দেৱীচৰণে শেষ কৰিলে৷
ফোন ঃ ৯৮৩০৩-৮১৪৫৭