Logo
image

নাগৰিকপঞ্জীৰ নাগপাশ



... অসমত নাগৰিক আৰু বিদেশী চিনাক্তকৰণৰ ভিত্তি এন আৰ চি সম্পৰ্কে চৰকাৰ আৰু ন্যায়ালয়ে শীঘ্ৰেই স্থিতি স্পষ্ট কৰাৰ লগতে খৰতকীয়া সিদ্ধান্ত গ্ৰহণ কৰা উচিত৷ যাৰ ফলত চিনাক্ত সকলো বিদেশীক আইনী প্ৰক্ৰিয়াৰে অনতিপলমে বহিষ্কাৰ কৰাটো সম্ভৱ হ’ব৷ ইয়াৰ সমান্তৰালকৈ কোনো ভাৰতীয় লোকে যাতে বিদেশীৰ নামত হাৰাশাস্তি ভোগ কৰিব নালাগে, সেয়া নিশ্চিত কৰিব লাগে৷ কিয়নো নাগৰিকত্ব জনগণৰ অতি গুৰুত্বপূৰ্ণ অধিকাৰ৷ শীঘ্ৰেই অসমত নাগৰিক আৰু বিদেশীৰ ধাৰণা স্পষ্ট হ’ব লাগে৷ বিদেশী সমস্যা যেতিয়ালৈকে এক ৰাজনৈতিক হাথিয়াৰ হৈ থাকিব, তেতিয়ালৈকে এচাম দৰিদ্ৰ খাটিখোৱা লোক নিপীড়নৰ চিকাৰ হৈয়ে থাকিব ...






ন্যায়শাস্ত্ৰৰ সাধাৰণ সূত্ৰ অনুসৰি যিদৰে অপৰাধী হিচাপে প্ৰমাণ নোহোৱাপৰ্যন্ত সকলোৱেই নিৰপৰাধী, তেনেদৰে যেতিয়ালৈকে কোনো লোকক বিদেশী হিচাপে প্ৰমাণ কৰিব পৰা নাযায়, তেতিয়ালৈকে ভাৰতীয় বুলি দাবী কৰা সকলো লোকেই দেশৰ নাগৰিক৷ প্ৰাণজিৎ দে’ নামৰ এজন ব্যক্তিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা এটা প্ৰশ্নৰ উত্তৰত নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে কোনো এজন ব্যক্তিৰ হাতত বৈধ ভোটাৰ কাৰ্ড থকা মানেই তেওঁ ভাৰতীয় নাগৰিক৷ কিন্তু অসমত নাগৰিকত্বৰ ধাৰণাটো ইমান সৰল বা মসৃণ নহয়৷ কিয়নো অবৈধ প্ৰব্ৰজনৰ প্ৰসংগত সুদীৰ্ঘ ছয় বছৰজোৰা অসম আন্দোলনৰ অন্তত স্বাক্ষৰিত হৈছিল ঐতিহাসিক ‘অসম চুক্তি’ আৰু এই অসম চুক্তিৰ লগত নাগৰিকত্বৰ ওতপ্ৰোত সম্পৰ্ক আছে৷

অসম চুক্তিৰ ফলত ১৯৮৫ চনৰ জ্জ ডিচেম্বৰত নাগৰিকত্ব আইনত সংযোজন কৰা হয় ৬[ক] ধাৰা৷ এই ধাৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে বাংলাদেশৰ পৰা অহা লোকসকলক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত প্ৰযোজ্য৷ কিন্তু তেওঁলোকৰ ভাৰতত জন্ম হোৱা সতি-সন্ততিৰ ক্ষেত্ৰত এই ৬[ক] ধাৰা নীৰৱ৷ এই অসম চুক্তি অনুসৰি বিদেশী নাগৰিকক চিনাক্তকৰণৰ বাবে ২০০৯ চনত অসমত এন আৰ চি প্ৰস্তুত কৰাৰ বাবে উচ্ছতম ন্যায়ালয়ত আৱেদন দাখিল কৰা হৈছিল৷ ২০১৩  চনৰ ডিচেম্বৰত উচ্ছতম ন্যায়ালয়ৰ তত্ত্বাৱধানত নাগৰিকপঞ্জীৰ মহাপঞ্জীয়কে অসমত এন আৰ চি উন্নীতকৰণৰ বাবে বিজ্ঞপ্তি প্ৰকাশ কৰে আৰু ২০১৯ চনৰ ৩১ আগষ্টত এন আৰ চিৰ সমন্বয়ক আৰু ভাৰতৰ মহাপঞ্জীয়কে এন আৰ চিৰ চূড়ান্ত তালিকা ঘোষণা কৰে৷

এন আৰ চিৰ চূড়ান্ত তালিকা ঘোষণাৰ দুটা বৰ্ষ অতিক্ৰম কৰাৰ পাছতো ভাৰত চৰকাৰৰ মহাপঞ্জীয়কে বিজ্ঞপ্তি জাৰি কৰি এন আৰ চিখন গ্ৰহণ নকৰিলে৷ সেইবাবেই নাগৰিকপঞ্জীত নাম বাদ পৰা লোকক ‘ৰিজেকশ্বন শি¡প’ কতৃৰ্পক্ষই এতিয়ালৈকে যোগান ধৰা নাই আৰু যাৰ বাবে তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়াও বৰ্তমানলৈ আৰম্ভ হোৱা নাই৷ এন আৰ চিৰ চূড়ান্ত তালিকাত ঊনৈছ লক্ষাধিক লোকৰ নাম বাদ পৰাৰ পাছতেই ৰাজ্য চৰকাৰ আৰু শাসকীয় বিজেপি দলে এইখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে৷ আনকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘কা’ বলৱতৰ পাছত সমগ্ৰ দেশৰ লগতে অসমতো নতুনকৈ এন আৰ চি উন্নীত কৰা হ’ব বুলি ঘোষণা কৰিলে৷ গতিকে সহজেই অনুমান কৰিব পাৰি যে শাসকীয় দলৰ সদিচ্ছাৰ অভাৱৰ বাবেই ভাৰত চৰকাৰৰ মহাপঞ্জীয়কে প্ৰকাশিত এন আৰ চিখন গ্ৰহণৰ পৰা বিৰত আছে৷ ফলত এহাজাৰ ছশ কোটি টকাৰ ব্যয় আৰু জনগণৰ অনেক হাৰাশাস্তিৰ অন্তত প্ৰস্তুত হোৱা এন আৰ চিৰ ভৱিষ্যতক লৈ স্বাভাৱিকতেই সকলো উৎকণ্ঠিত৷ নাম বাদ পৰা লোকসকলে যিদৰে আপীল কৰিব পৰা নাই, তেনেদৰে এন আৰ চিত নাম অহা লোকসকলো আশ্বস্ত হ’ব পৰা নাই৷ 

চলিত বৰ্ষৰ ১০ ডিচেম্বৰত  কৰিমগঞ্জৰ ২নং বিদেশী ন্যায়াধিকৰণে ভাৰতীয় বায়ু সেনাৰ সদস্য প্ৰয়াত ভৰত চন্দ্ৰ সিঙৰ পুত্ৰ ৪৩ বছৰীয়া বিক্ৰম সিঙৰ ‘ডি’ ভোটাৰ সম্পৰ্কীয় এটা গোচৰৰ [গোচৰ নং ১২৯য২০১৭] ৰায় দি প্ৰকাশ কৰা অভিমতে ৰাজ্যৰ লগতে দেশৰ সংবাদ মাধ্যম আৰু আইনী মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ এই ৰায়দানত কোৱা হৈছিল যে এন আৰ চিত নাম থকাটোৱেই নাগৰিকত্বৰ স্পষ্ট প্ৰমাণ৷ কিয়নো উচ্ছতম ন্যায়ালয়ৰ আদেশ আৰু তত্ত্বাৱধানৰ লগতে ভাৰতৰ মহাপঞ্জীয়কৰ বিজ্ঞপ্তিৰ মাধ্যমত ২০১৯ চনত অসমত প্ৰকাশিত এন আৰ চিখনেই চূড়ান্ত এন আৰ চি৷ যিখন অনলাইনতো উপলব্ধ৷ এই ৰায়দান আছিল শাসকীয় বিজেপি দল আৰু চৰকাৰৰ সিদ্ধান্তৰ সম্পূৰ্ণ বিপৰীত৷ গৰুখুঁটিৰ উচ্ছেদৰ পাছত উচ্ছ ন্যায়ালয়ে পুনৰ সংস্থাপন সম্পৰ্কে ৰাজ্য চৰকাৰলৈ জাৰি কৰা এখন জাননীৰ উত্তৰত  চৰকাৰে পুনৰ সংস্থাপনৰ ক্ষেত্ৰত এন আৰ চিত নাম থকাটো এক মাপকাঠী হিচাপে গণ্য কৰা হ’ব বুলি শপতনামা দাখিল কৰিছিল৷ ইয়াৰ পাছত এখোপ আগুৱাই গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱেম্বৰত দিল্লীত ‘টাইমছ নাও ছামিট-২০২১’ শীৰ্ষক অনুষ্ঠানত মন্তব্য কৰিছিল যে ‘এন আৰ চিত নাম অন্তৰ্ভুক্তিয়েই অসমত নাগৰিকত্বৰ প্ৰমাণ৷’ অসম চৰকাৰৰ এই দুই সিদ্ধান্ত কি এন আৰ চিক গ্ৰহণ কৰাৰ প্ৰাৰম্ভিক প্ৰয়াস নেকি? কৰিমগঞ্জৰ ন্যায়াধিকৰণৰ উক্ত অভিমতৰেই প্ৰতিফলন নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এন আৰ চি সম্পৰ্কীয় শেহতীয়া ভাষ্য?  

চলিত বৰ্ষৰ মে’ত ৰাজ্য চৰকাৰৰ ইচ্ছানুসৰি এন আৰ চিৰ সমন্বয়ক হিতেশ দেৱশৰ্মাই এন আৰ চিৰ এশ শতাংশ পুনৰীক্ষণৰ বাবে উচ্ছতম ন্যায়ালয়ত শপতনামা দাখিল কৰিলে৷ চৰকাৰৰ মতে, ইতিমধ্যে প্ৰকাশিত এন আৰ চিখন ৰন্ধ্ৰে ৰন্ধ্ৰে ভুল৷ অনেক বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে উক্ত এন আৰ চিত৷ গতিকে এখন শুদ্ধ এন আৰ চিৰ বাবে এশ শতাংশ পুনৰীক্ষণৰ প্ৰয়োজন৷ চৰকাৰ আৰু এন আৰ চি সমন্বয়কৰ ধাৰাবাহিক এই দাবীৰ বিপৰীতে  শেহতীয়াকৈ এন আৰ চিৰ সমন্বয়কৰ কাৰ্যালয়ৰ পৰা ‘দ্য হিন্দু’ কাকতৰ আৰ টি আই প্ৰশ্নৰ উত্তৰত জনোৱা হয় যে এন আৰ চিত মাত্ৰ ৰ,০৩২জন সন্দেহজনক লোকৰ নামহে অন্তৰ্ভুক্ত হৈছে– যিসকল ঘোষিত বিদেশী, ‘ডি’ ভোটাৰ, বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা ব্যক্তি আৰু তেওঁলোকৰ বংশধৰ৷ ইয়াতেই এন আৰ চি সমন্বয়ক তথা চৰকাৰৰ পৰস্পৰবিৰোধী মন্তব্য ফুটি উঠিছে৷ কাৰণ একেটা কতৃৰ্পক্ষই উচ্ছতম ন্যায়ালয়ত লাখ লাখ বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা বুলি শপতনামা দিয়াৰ বিপৰীতে আৰ টি আইত সেয়া মাথোঁ ৰ,০৩২জন বুলি উল্লেখ কৰিছে৷ এতিয়া প্ৰশ্ন উত্থাপন হ’ব পাৰে যে ‘ডি’ ভোটাৰ বা ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত বিদেশীৰ নাম এন আৰ চিত কেনেকৈ অন্তৰ্ভুক্ত হ’ব পাৰে? তাৰ কাৰণ হ’ল– সীমান্ত পুলিচে ভালদৰে তদন্ত নকৰাকৈ যধে-মধে একাংশ লোকক ‘ডি’ ভোটাৰ সজোৱাৰ বাবেই এই বিসংগতি৷ আমি ইতিপূৰ্বে লক্ষ্য কৰি আহিছোঁ যে স্বাধীনতা সংগ্ৰামীৰ কন্যা ৰশ্মিনাৰা বেগম, সেনাবাহিনীত কৰ্মৰত ছানাউল্লাহ, আদিবাসী সম্প্ৰদায়ৰ সুখদেৱ ৰী, বিহাৰী সম্প্ৰদায়ৰ চুটকি দেৱী আদি সহস্ৰাধিক বৈধ নথি-পত্ৰ থকা লোক সীমান্ত পুলিচৰ মইমতালিৰ বাবেই বিদেশীৰ নামত নিৰ্যাতিত হৈ আহিছে৷ বৈধ নথি অনুসৰি এই লোকসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাটো স্বাভাৱিক কথা৷ কিন্তু ৰাজনৈতিক দলসমূহে বিভিন্ন অজুহাতত ৰাজকোষৰ পৰা হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি ৰাজনৈতিক লিপ্সা পূৰণৰ বাবে এন আৰ চিক দীৰ্ঘদিন ক্ষমতা আহৰণৰ এক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি থকাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷

শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত যধে-মধে লোকক সীমান্ত আৰক্ষীয়ে নাগৰিকত্ব পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে জাননী জাৰি কৰাৰ অভিযোগ উঠিছে৷ ইয়াৰ এক উদাহৰণ হ’ল– বৰপেটাৰ মহিৰাণা খাতুন৷ মহিৰাণাৰ নাম এন আৰ চিত আছে৷ তেওঁ ‘ডি’ ভোটাৰো নহয়৷ ইয়াৰ পাছতো সীমান্ত আৰক্ষীয়ে তেওঁক বিদেশী ন্যায়াধিকৰণত ২০ ছেপ্টেম্বৰত  উপস্থিত থাকি নাগৰিকত্বৰ প্ৰমাণ দাখিল কৰিবলৈ জাননী জাৰি কৰিছে৷ একেদৰে বৰপেটাৰ খুদেজা বেগম, সাহাতন নেছা, শিলচৰৰ কালীতাৰা দাসৰ নামতো জাননী আহিছে৷ এন আৰ চিক যিহেতু এতিয়াও চৰকাৰে চূড়ান্ত বুলি ঘোষণা কৰা নাই, তেনে সময়ত নতুনকৈ বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল কেনেকৈ? ইয়াৰ মাজতে হাইলাকান্দি ন্যায়াধিকৰণৰ একপক্ষীয় ৰায়দানৰ যোগেদি বিদেশী ঘোষিত হৈ সুদীৰ্ঘ চাৰি বছৰ কাৰাবাসৰ অন্তত মুক্তি লাভ কৰা আদিবাসী সম্প্ৰদায়ৰ সুখদেৱ ৰীয়ে ১৮ নৱেম্বৰত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে৷ অতি দৰিদ্ৰ হোৱাৰ বাবে তেওঁ আদালতত নিয়মীয়াকৈ উপস্থিত থাকিব পৰা নাছিল৷ স্থানীয় সমাজকৰ্মী কমল চক্ৰৱৰ্তীৰ সহায়ত অধিবক্তা  আমন ৱাদুদৰ আইনী যুঁজৰ অন্তত অৱশেষত উচ্ছ ন্যায়ালয়ে তেওঁক পুনৰ ৩ ডিচেম্বৰত  হাইলাকান্দি ন্যায়াধিকৰণত নাগৰিকত্ব প্ৰমাণৰ সুযোগ দিছিল৷ কিন্তু ১৯৬৫ চনৰ ভোটাৰ তালিকাত নাম থকা সুখদেৱ ৰীয়ে সকলো কাঁটাতাঁৰৰ পৰীক্ষা পাৰ হৈ কেতিয়াও উভতি নহাৰ দেশলৈ যাত্ৰা কৰিলে৷ ইয়াৰ পূৰ্বেও বিদেশীৰ অপবাদ লৈ দুলাল পাল, চন্দ্ৰধৰ দাসকে ধৰি কেইবাজনো লোকৰ ডিটেনশ্বন কেম্পত মৃত্যু হৈছিল৷

এতিয়া কথা হ’ল, অসমত নাগৰিক আৰু বিদেশী চিনাক্তকৰণৰ ভিত্তি এন আৰ চি সম্পৰ্কে চৰকাৰ আৰু ন্যায়ালয়ে শীঘ্ৰেই স্থিতি স্পষ্ট কৰাৰ লগতে খৰতকীয়া সিদ্ধান্ত গ্ৰহণ কৰা উচিত৷ যাৰ ফলত চিনাক্ত সকলো বিদেশীক আইনী প্ৰক্ৰিয়াৰে অনতিপলমে বহিষ্কাৰ কৰাটো সম্ভৱ হ’ব৷ ইয়াৰ সমান্তৰালকৈ কোনো ভাৰতীয় লোকে যাতে বিদেশীৰ নামত হাৰাশাস্তি ভোগ কৰিব নালাগে, সেয়া নিশ্চিত কৰিব লাগে৷ কিয়নো নাগৰিকত্ব জনগণৰ অতি গুৰুত্বপূৰ্ণ অধিকাৰ৷ শীঘ্ৰেই অসমত নাগৰিক আৰু বিদেশীৰ ধাৰণা স্পষ্ট হ’ব লাগে৷ বিদেশী সমস্যা যেতিয়ালৈকে এক ৰাজনৈতিক হাথিয়াৰ হৈ থাকিব, তেতিয়ালৈকে এচাম দৰিদ্ৰ খাটিখোৱা লোক নিপীড়নৰ চিকাৰ হৈয়ে থাকিব৷

ফোন ঃ ৭০০২৯-১৬৫৪৫