Logo
image

অপকাৰী পতংগৰ ডিম্বভক্ষী ‘ট্ৰাইক’গ্ৰামা’

 

প্ৰকৃতিত প্ৰত্যেক জীৱৰে এক বা ততোধিক আজন্ম শত্ৰু থাকে৷ সেই একেই প্ৰপঞ্চত, যিকোনো কৃষি পৰিৱেশতন্ত্ৰত ক্ষতিকাৰী জীৱৰ লগতে ইহঁতক খাদ্যৰূপত বা অন্য প্ৰকাৰে ধবংস কৰিব পৰা আন কিছুমান জীৱও উপস্থিত থাকে৷ এই জৈৱিক নিয়ন্ত্ৰকসমূহ খেতিয়কৰ পৰম মিত্ৰ৷ সচৰাচৰ, এই জৈৱ নিয়ন্ত্ৰকসমূহ পৰভোজী বা পৰজীৱী হ’ব পাৰে৷ প্ৰকৃতিত প্ৰায় ১৪৫বিধ প্ৰজাতিৰ ট্ৰাইক’গ্ৰামা পতংগ উপলব্ধ৷ এই ট্ৰাইক’গ্ৰামা হ’ল একধৰণৰ পৰজীৱী পতংগ, যি সচৰাচৰ পখিলাজাতীয় গোত্ৰৰ মজাখোৱা পতংগৰ কণী ভক্ষণ কৰি বৃদ্ধি হয়, অৱশ্যে আন কেতবোৰ গোত্ৰৰ পতংগৰ কণীও ধবংস কৰিব পাৰে৷ ইহঁতে উদ্ভিদৰ কোনো ক্ষতি নকৰে৷ পৰিৱেশৰ দৃষ্টিকোণেৰে পতংগ নিয়ন্ত্ৰণত ট্ৰাইক’গ্ৰামা নিৰাপদ৷ সৰ্বোপৰি, ট্ৰাইক’গ্ৰামাৰ বিৰুদ্ধে মজাখোৱাই প্ৰতিৰোধক্ষমতা গঢ়িব নোৱাৰে, যিটো আন কীটনাশকৰ ক্ষেত্ৰত সদায়েই ঘটি থাকে৷ বৰ্তমান, সমন্বিত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ অন্তৰ্গত, জৈৱ নিয়ন্ত্ৰক ট্ৰাইক’গ্ৰামাৰ প্ৰয়োগ নিতান্তই প্ৰয়োজনীয়৷ 

যিসমূহ পখিলাজাতীয় পোকে শস্য নষ্ট কৰে, সেইবোৰৰ ভিতৰত মজাখোৱা পোক অন্যতম৷ কৃষকসকলৰ মাজতো মজাখোৱা পোকৰ উপদ্ৰৱ সৰ্বজনবিদিত৷ বিভিন্ন প্ৰজাতিৰ মজাখোৱা পোকে ধান, গোমধান, কুঁহিয়াৰ, বেঙেনা আদি শস্যক বৃদ্ধিৰ বিভিন্ন স্তৰত আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ মজাখোৱা পোকৰ আক্ৰমণৰ ফলত পূৰঠ গছৰ উৎপাদনক্ষমতা হ্ৰাস পোৱাৰ বিপৰীতে কুমলীয়া শস্য সমূলঞ্চে মৰি যায়৷ 

উদ্ভিদৰ বিভিন্ন অংশ ছিদ্ৰ সৃষ্টিৰে খাদ্য গ্ৰহণ কৰা মজাখোৱা পোকক বাহিৰৰ পৰা প্ৰয়োগ কৰা কৃত্ৰিম কীটনাশকে ধবংস কৰিব নোৱাৰে৷ সেয়েহে ইহঁতক নিয়ন্ত্ৰণ কৰিবৰ বাবে ডিম্বপৰজীৱী ‘ট্ৰাইক’গ্ৰামা’ পতংগক ব্যৱহাৰ কৰা হয়৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগবিদ্যা বিভাগৰ জৈৱিক নিয়ন্ত্ৰণ পৰীক্ষাগাৰত ‘ট্ৰাইক’গ্ৰামা’যুক্ত ট্ৰাইক’কাৰ্ড উপলব্ধ৷ একোখন ট্ৰাইক’কাৰ্ডত প্ৰায় ২০,০০০টা ট্ৰাইক’গ্ৰামা লেটা অৱস্থাত থাকে, যাক পথাৰত মুকলি কৰাৰ পাছতেই পূৰ্ণাংগৰ সৃষ্টি হৈ অপকাৰী পতংগৰ ডিম্বৰ বিতৰত নিজৰ ডিম্ব প্ৰসৱ কৰে৷

মনত ৰাখিব ট্ৰাইক’গ্ৰামা হ’ল তেনেই ক্ষুদ্ৰ, দুৰ্বল আৰু দৰিদ্ৰ পতংগ৷ আপুনি ভাবে নেকি, ট্ৰাইক’গ্ৰামাই মোৰ চাৰিওফালে পিয়াপি দি থকা সমস্ত কীট-পতংগ সংহাৰ কৰি মোক সহায় কৰিব? ওহোঁ, সেয়া আপোনাৰ এক ভ্ৰান্ত প্ৰত্যাশা৷ কিন্তু এটা কথা– যেতিয়া আপোনাৰ সমস্ত নামী-দামী আৰু শক্তিশালী কীটনাশকে পতংগ নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হৈ হাত দাঙি দিব, তেতিয়াই ট্ৰাইক’গ্ৰামাৰ প্ৰতিক্ৰিয়া আৰম্ভ হ’ব আৰু আপোনাক সহায় কৰিব৷ আপুনি নিশ্চিন্ত থাকক৷ 

ডিম্ব পৰজীৱী ট্ৰাইক’গ্ৰামাৰ গৰ্ভৱতী মাইকীজনীয়ে মজাখোৱা পোকৰ ডিম্বৰ উৎসৰ সন্ধান কৰি, তাৰ প্ৰতিটো ডিম্বৰ ভিতৰত নিজস্ব ডিম্ব প্ৰসৱ কৰে৷ মজাখোৱা পোকৰ ডিম্বৰ অভ্যন্তৰভাগ খাদ্যৰূপত গ্ৰহণ কৰি বৃদ্ধি হোৱা ট্ৰাইক’গ্ৰামাই জৈৱ নিয়ন্ত্ৰণৰ লেখত ল’বলগীয়া কাৰকৰ ভূমিকা লয়৷  ট্ৰাইক’গ্ৰামাৰ ডিম্বসমূহ ৰ দিনৰ ভিতৰতে ফুটি পলুলৈ পৰিৱৰ্তিত হয় আৰু ২-৩ দিনৰ ভিতৰত পলুৰ পৰা লেটা অৱস্থালৈ আহে৷ লেটাৰ পৰা পূৰ্ণাংগ ট্ৰাইক’গ্ৰামা সৃষ্টি হওঁতে ৩-৪ দিনমানৰ প্ৰয়োজন হয়৷ গড় হিচাপে এজনী মাইকী ট্ৰাইক’গ্ৰামাই মজাখোৱাৰ ১০০মান কণীৰ ভিতৰত এবাৰতে কণী পাৰিব পাৰে৷ ফলত পাছত মজাখোৱাৰ কণীৰ পৰা মজাখোৱাৰ পলুৰ পৰিৱৰ্তে ট্ৰাইক’গ্ৰামাহে উৎপন্ন হয়৷ 

ধাননি পথাৰত ট্ৰাইক’গ্ৰামা প্ৰয়োগ কৰাৰ সময়

ধান ৰোৱাৰ এমাহমানৰ পাছৰে পৰা ধানৰ পাতৰ তলপিঠিত মজাখোৱা পোকে কণী পাৰিবলৈ আৰম্ভ কৰে৷ সেয়েহে ধান ৰোৱাৰ এমাহমানৰ পাছত ধাননি পথাৰত পৰজীৱী পতংগ ট্ৰাইক’গ্ৰামাৰ লেটাযুক্ত ট্ৰাইক’কাৰ্ড ব্যৱহাৰ কৰিব লাগে৷ প্ৰতিহেক্টৰ ধাননি পথাৰত প্ৰত্যেকবাৰত ৫০,০০০ ট্ৰাইক’গ্ৰামা মুকলি কৰিব লাগে৷ প্ৰথম প্ৰয়োগৰ ৭ দিনৰ পাছত প্ৰতি সপ্তাহৰ অন্তৰালত ৬-৭বাৰলৈ ধাননিত প্ৰয়োগ কৰা উচিত৷ সেই হিচাপত প্ৰতিহেক্টৰ ধাননিত মুঠ তিনি লাখ ট্ৰাইক’গ্ৰামা অৰ্থাৎ ১৫খন ট্ৰাইক’কাৰ্ডৰ প্ৰয়োজন হয়৷ ধাননি পথাৰত ট্ৰাইক’কাৰ্ডসমূহ প্ৰয়োগ কৰিবলৈ নিওঁতে পলিথিন বেগ বা কাঁচৰ বটলৰ ভিতৰত মুখ বন্ধ কৰি নিয়া দৰকাৰ৷ তাৰপাছত প্ৰতিখন ট্ৰাইক’কাৰ্ড কেঁচিৰে ৬-১২ টুকুৰাকৈ কাটি ট্ৰাইক’গ্ৰামা নথকা ফালটো ধানৰ পাতৰ তলপিঠিত আঠা লগাই দিব লাগে৷ 

উৎসাহী ব্যক্তিয়ে ‘ট্ৰাইক’কাৰ্ডৰ’ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগবিদ্যা বিভাগৰ লগত যোগাযোগ কৰিব পাৰে৷ যিকোনো বিষাক্ত ৰাসায়নিক পদাৰ্থৰ সমীপলৈ আহিলেই ট্ৰাইক’গ্ৰামাৰ মৃত্যু হয়৷ সেয়েহে ট্ৰাইক’গ্ৰামা মুকলি কৰাৰ অন্ততঃ দুসপ্তাহ পাছলৈকে ধাননি পথাৰত কোনোধৰণৰ  ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা অনুচিত৷ বৰষুণ আৰু অধিক উষ্ণতাত যাতে ট্ৰাইক’গ্ৰামাৰ নষ্ট নহয়, তাৰ বাবে সতৰ্ক হ’ব লাগে৷