Logo
image

‘নিৰ্ভয়া’তকৈ ‘হাথৰস’ৰ প্ৰতিক্ৰিয়া কম হ’ব

নিৰ্ভয়া কাণ্ডৰ পাছতো আমাৰ দেশত এনেধৰণৰ বহু ঘটনা সংঘটিত হৈ আছে৷ মই আমাৰ  judicial system কো সুধিব বিচাৰোঁ যে  ইয়াৰ পাছতো ফাষ্ট ট্ৰেক কোৰ্ট কিয় হোৱা নাইঞ্জ  এনেবোৰ ঘটনাৰ বাবে আমাক ফাষ্ট ট্ৰেক কোৰ্ট লাগে৷ যদি দোষীয়ে দৃষ্টান্তমূলক শাস্তি হোৱাটো নেদেখে তেতিয়া হ’লে এনেকুৱা  ঘটনা ঘটিয়েই থাকিব৷ দ্বিতীয়তে, মই ভাবো এইয়া হৈছে ‘ Death Of Democracy’৷ আজি দেশত এনেকুৱা হৈ আছে যে যদি কোনোৱে এই ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে মাত মাতে তাকেই সন্ত্ৰাসবাদী [terrorist]  বুলি আখ্যা দিয়া হ’ব৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে ইমান ডাঙৰ ঘটনা এটা সংঘটিত হোৱাৰ লগে লগে টুইট কৰিব লাগিছিল ৷ তেওঁ যিহেতু বহু বেছি সক্ৰিয় ছ’চিয়েল মিডিয়াত ৷ তেওঁ যদি সকলো বিষয়ৰ ওপৰতে টুইট কৰিব পাৰে তেন্তে দেশৰ মুৰব্বী হিচাপে এই ঘটনাত মুকলিকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে গৰিহণাও দিব লাগিছিল ৷ কিন্তু সেইয়া দেখা নগ’ল ৷ আজি নিজৰ জন্মভূমি, নিজৰ মাটিতেই এগৰাকী কন্যা , এগৰাকী নাৰী সুৰক্ষিত নহয় তেতিয়া হ’লে আমি কি পাইছোঁ ? মই সুধিব খুজিছোঁ যে আমাক কোনে সুৰক্ষা দিব ? ইয়াৰ দায়িত্ব কোনে ল’ব ?  Judiciary , goverment নে আমি জনতাই নিজে ল’ম ইয়াৰ ব্যৱস্থা ? যদি ৰাইজে বা আমি নিজেই ইয়াৰ  ব্যৱস্থা লোৱাটো বিচাৰিছে তেন্তে ৰাইজেই লওক ৷ কেৱল ৰাইজক ইয়াৰ বাবে কতৃৰ্ত্ব প্ৰদান কৰক ৷ ৰাইজ মেলৰ জৰিয়তে আমি ইয়াৰ বিচাৰ কৰিম ৷  এইয়া আমাৰ চিধা কথা ৷ কিয়নো  এতিয়া আৰু আমি কাৰোবাক ভাল লগাই মনে মনে থাকি লাভ নাই ৷ কিন্তু আমি জানো এনে কৰাটো সম্ভৱ নহয় ৷ আমি আইন নিজৰ হাতত তুলি ল’ব নোৱাৰোঁ ৷ তেন্তে কোনে ল’ব আমাৰ দায়িত্ব ? আজি এজনী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হ’ল ৷ মনে মনে জ্বলাই দিয়া হ’ল ৷ এই দৃশ্য সাংবাদিক এজনে লাইভ দেখুৱাই আছিল ৷ তথাপিও  তেওঁলোকে ভয় খোৱা নাছিল ৷ পুলিচ বিষয়া এজনে হাঁহি আছিল তেতিয়াও ৷ যিহেতু এই ঘটনাটোত উচ্ছবৰ্গ তথা নিম্নবৰ্গ দুটা শ্ৰেণীৰ কথা আহি  পৰিছে তাৰ বাবে স্বাভাৱিকতে ঘটনাটোৰ প্ৰতিক্ৰিয়া কিছু কম হ’ব ৷ মানুহবোৰ ভাগ হৈ যাব ৷ Divide and Rule পলিছি কেৱল ধৰ্মৰ নামতেই নহয় বৰঞ্চ শ্ৰেণীবিভাজনেৰেও সমাজত বিভেদৰ সৃষ্টি কৰা হয় ৷ যাৰ বাবে নিৰ্ভয়া কাণ্ডতকৈ এই ঘটনাত প্ৰতিক্ৰিয়া যথেষ্ট কম হ’ব ৷ দুয়োটা ঘটনা তুলনা কৰি চালে এই কথা  ধৰিব পাৰি ৷   নিৰ্যাতিতা মনীষা নিম্ন জাতিৰ আছিল ৷ আৰু ধৰ্ষণকাৰী তথা হত্যাকাৰী হৈছে উচ্ছ জাতিৰ ৷ আজি নিৰ্ভয়া কাণ্ডৰ দোষীয়ে পলমকৈ হ’লেও শাস্তি পালে কিয়নো অপৰাধী আছিল নিম্ন জাতিৰ ৷ কিন্তু মনীষা বাল্মিকীৰ কথাটো সম্পূৰ্ণ ওলোটা ৷ ইয়াত ভুক্তভোগী নিম্ন জাতিৰ ৷ আৰু উচ্ছ জাতিৰ হোৱাৰ সুবাদতে   অপৰাধীয়ে পুলিচ-প্ৰশাসন তথা চৰকাৰৰ পৰা সহায় পাইছে ৷ ধৰ্ষণ কি ইমানেই সৰু কথা নেকি ? ঘটনাটোক লৈ কেইদিনমান মিডিয়াত হৈ চৈ কৰিব , এন জি অ’ বোৰে চাব, কেণ্ডেল মাৰ্ছ হ’ব , কেইদিনমান এণ্টাৰটেইনমেণ্ট হ’ব ইত্যাদিতেই যদি ৰৈ যায় তেন্তে এইয়া একদম ভুল হ’ব ৷ কিয়নো সমাজত এনে কিছুমান মানুহ আছে যি কেৱল সমাজখন কলুষিত কৰি আছে ৷ ধৰ্মৰ নামতেই হওক, শ্ৰেণীবিভাজন কৰিয়েই হওক, ধৰ্ষণ কৰিয়েই হওক  অথবা দুৰ্নীতি কৰিয়েই হওক ৷ এইসকল হৈছে সমাজৰ একো একোটা ব্যাধি ৷ প্ৰশ্ন হয়, কোনে তেওঁলোকক সমৰ্থন কৰি আছে ? তেওঁলোকে সাহস ক’ত পালে ? তেওঁলোকৰ confidence level টো ইমান বেছি কিয় ? কোনে এওঁলোকক উৎসাহ যোগাই আছে ? এওঁলোকে ভাবি লৈছে নেকি যে আমাৰ judiciary  দুৰ্বল বুলি ? ক্ষমতাশালী মানুহ হ’লে ধৰ্ষণ কৰিও যে সাৰি যাব পাৰে বা মাৰি পেলালেও একো ডাঙৰ কথা নহয় বুলি তেওঁলোকে ভাবি লৈছে নেকি ? নিৰ্ভয়া ঘটনাৰ পাছত এনেধৰণৰ ঘটনা কমা নাই ৷ কোনো এখন চৰকাৰে এইবোৰ ঘটনাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱা নাই ? বেটী বচাও’ হৈছে জানো ? এই অভিযান আৰম্ভ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে জানো এই ঘটনাক লৈ কিবা টুইট কৰিছে ? মই বিজেপি চৰকাৰখনক দোষ দিব বিচৰা নাই ৷ কিন্তু প্ৰশ্ন আমি তেওঁলোককেই কৰিম কিয়নো তেওঁলোকে শাসন কৰি আছে ৷ ছিষ্টেম’ত ইমান বেছি খেলিমেলি কিয় আছে ? উত্তৰ প্ৰদেশৰ এই ঘটনাটো অতিকৈ ভয়ানক ৷ আজি নাৰীৰ লগত ইমানবোৰ জঘন্য কাণ্ড হৈ আছে কিন্তু আমি সমবেদনা জনোৱা,আবেগিক হোৱাৰ বাদে আন একো কৰিব পৰা নাই ৷ আমি নিজকে পোক-পৰুৱা বুলি ভাবিবলৈ বাধ্য হৈছোঁ ৷ কালিলৈ কোনোবাই আমাকো গছকি থৈ যাব পাৰে৷ আমাৰ অৱস্থা এতিয়া এইটোহে ৷ এনেকুৱা হ’ব নোৱাৰে যে, এজনী ছোৱালীক এনেকৈ মাৰি পেলাব ৷ It’s like Anarchy  ৷ মিডিয়াৰ ভূমিকা ইয়াত যথেষ্ট শক্তিশালী ৷ যাৰ বাবে ঘটনাৰ বহুখিনি তথ্য পোহৰলৈ আহিল ৷ নহ’লে কোনেও গমেই নাপালে হয় ৷ আমি সংবাদ কৰ্মী তথা সংবাদ প্ৰতিষ্ঠানৰ শলাগ হে ল’ব পাৰিছোঁ ৷ আমি আৰু এটা কথা লক্ষ্য কৰিছোঁ যে পুলিচ-প্ৰশাসন আৰু সংবাদ কৰ্মীৰ মাজত কোনো coordination নাই ৷ যদি সংবাদ কৰ্মীয়ে লগতেই প্ৰশাসনৰ এনে ব্যৱহাৰ তেন্তে সাধাৰণ মানুহে তেওঁলোকৰ পৰা কি আশা কৰিব ৷ এনেবোৰ পৰিস্থিতিত সংবাদ কৰ্মীসকলৰ জীৱনৰ প্ৰতিও ভাবুকি আহিব পাৰে ৷ চৰকাৰে তেওঁলোককো সুৰক্ষা প্ৰদান কৰা উচিত ৷ কিন্তু হাথৰসত এনে হোৱা দেখা নগ’ল  ৷  সংবাদ কৰ্মীৰ  সৈতে আৰক্ষীৰ যি ব্যৱহাৰ সেয়া অতিকৈ নিন্দনীয় ৷ এনেবোৰ ঘটনাই  প্ৰতিগৰাকী নাৰীকেই শংকিত কৰি তুলিছে ৷ কাইলৈ এনে ঘটনা আমাৰ লগতো হ’ব পাৰে ৷ যি কোনো নাৰীৰ লগত হ’ব পাৰে ৷ যদি আমাৰ লগতো আৰক্ষী তথা প্ৰশাসনে এনে দুৰ্ব্যৱহাৰ কৰে তেন্তে আমি যাম ক’লৈ ? আমাৰ ৰাজ্যতো এনে বহু ঘটনা হৈ আছে ৷ ধৰ্ষণ, ডাইনীৰ নামত হত্যা , নীল-অভিৰ বৰ্বৰ হত্যা এনেবোৰ কাণ্ডই দেশখনক ক’লৈ লৈ গৈছে ? মানুহৰ মন-মগজু , মানসিকতা ইমান তললৈ নামিছে যে অপৰাধ কৰিবলৈ সংকোচ নকৰে ৷ এগৰাকী সাধাৰণ নাগৰিক হিচাপে মই আজি শংকিত ৷ আজি মোৰ যদি এজনী ছোৱালী থাকিল হয় বা ভন্টি থাকিলহেঁতেন তেনেহ’লে অনবৰতে মোৰ মনত এটা ভয় ভাব লাগি থাকিলহেঁতেন ৷ আজি নাৰী সুৰক্ষিত নহয় ৷ এগৰাকী নাৰী হিচাপে এই ঘটনাক মই তীব্ৰ গৰিহণা দিছোঁ ৷ মোৰ প্ৰশ্ন চৰকাৰ তথা প্ৰশাসন তথা আৰক্ষীলৈ যে এনেধৰণৰ ঘটনাত লিপ্ত হোৱা অপৰাধীসকলৰ ‘কনফিডেন্ট লেভেল’ ইমান ওপৰলৈ কেনেকৈ গৈছে ? ইয়াৰ বাবে কোন জগৰীয়া ?