কণমানিটোক ক’ত পঢ়ুৱাব
[১]মোৰ ডাঙৰ ল’ৰা দুগুৰ সৈতে একেলগে এখন ভেনতে স্কুললৈ অহা-যোৱা কৰে ল’ৰাটো৷ কাকো কেতিয়াও মাত-বোল কৰা নেদেখোঁ তাক৷ সদায় মনে মনে গাড়ীৰ এচুকত বহি স্কুললৈ অহা-যোৱা কৰে সি৷ কৰ’না কালৰ আগৰ কথা সেয়া৷সি কাজিয়া কৰা বুলি এদিন মোক ল’ৰাই অভিযোগ দিলেহি৷ মই পিছে তাৰ অভিযোগক বিশেষ গুৰুত্ব নিদিলোঁ৷ পাছত সিহঁতৰ মাজত হয়তো বুজাবুজি হ’ল!তেনেকৈয়ে গতানুগতিকভাৱে পাৰ হৈ গৈ আছে দিনবোৰ৷ স্কুললৈ ল’ৰাৰ অহা-যোৱা চলি আছে৷ কিন্তু কেইবাদিনো দেখা নাই সেই ল’ৰাটোক৷হয়তো কিবা অসুখ হৈছে! মনতে ভাবিলোঁ৷ এদিন-দুদিনকৈ সময়বোৰ আগবাঢ়িল৷ কিন্তু নাই! ল’ৰাটো স্কুললৈ অহা নাই৷কি হ’ব পাৰে? কিয় সি স্কুললৈ অহা নাই৷ ভাবি ভাবি কোনো উত্তৰ নাপালোঁ৷ কিন্তু কাৰণটো জানিবলৈ মনটো ব্যাকুল হৈ পৰিল৷মাজত কেইদিনমান স্কুল বন্ধ৷ ভাবিলোঁ– ভেনৰ মালিকক কথাটো সোধোঁ৷ কিন্তু ফোন কৰি সুধিবলৈ মন নগ’ল৷ স্কুল খুলিলে সুধিম বুলি ভাবি থৈ দিলোঁ৷ কিন্তু স্কুল খোলাৰ দিনাই বিশেষ কাৰণত মই দিল্লীলৈ যাবলগীয়া হ’ল৷ সুধিম বুলিও কথাটো সোধা নহ’ল৷ প্ৰায় এটা সপ্তাহ তেনেকৈয়ে পাৰ হ’ল৷ সেইদিনা আছিল সোমবাৰ৷ ল’ৰাক নিবলৈ ফ্লেটৰ সন্মুখত আহি ভেনখন ৰ’লহি৷ লগে লগে ল’ৰাক গাড়ীত তুলি ভেনৰ মালিকক ল’ৰাটোৰ কথা সুধিলোঁ৷‘দাদা বহুত কথা৷ এতিয়া নালাগে দিয়ক৷ পাছত ক’ম৷ স্কুললৈ দেৰি হ’ব৷’ কথাকেইটা কৈয়েই মোৰ আৰু প্ৰাণজিতৰ ল’ৰাক লৈ তেওঁ গ’লগৈ৷ কিছু সময়ৰ পাছত সৰু ল’ৰাক স্কুলত থ’বলৈ গৈ আকৌ লগ পালোঁ ভেনৰ মালিকক৷ হাতত চাহ একাপ লৈ তেওঁ আগুৱাই আহিল৷‘দাদা, ল’ৰাটোৰ দেউতাক ইঞ্জিনিয়াৰ আছিল৷ জাগীৰোড পে’পাৰ মিলত চাকৰি কৰিছিল৷ এতিয়াতো আৰু চাকৰি নাই৷ সেয়ে প্ৰাইভেট স্কুলত পঢ়াব নোৱাৰি ইয়াৰ পৰা লৈ গ’ল৷ মই কিছুদিন ভেনৰ পইচা নোলোৱাকৈ তাক অনা-নিয়া কৰি আছিলোঁ৷ কিন্তু স্কুলত ফীজ নিদিলে জানো মানিব? এতিয়া বোলে চৰকাৰী স্কুলতে পঢ়াব৷ কিন্তু ক’ত পঢ়ায় নাজানো৷ বৰ দুখলগা কথা দিয়ক৷’ –তেওঁ ক’লে৷কথাকেইটা শুনি মনটো বেয়া লাগি গ’ল৷ খং উঠিল পে’পাৰ মিলটো খুলিম বুলি মিছা কথাৰে আভুৱা-ভাঁৰা চৰকাৰখনলৈ৷ কিন্তু মোৰ হাতত কৰিব পৰাইবা আছে কি! [২]য়ুহানত আৰম্ভ হোৱা কৰ’না এসময়ত ভাৰত পালেহি৷ পৰিস্থিতি জটিল হোৱাত দেশত ঘোষণা কৰা হ’ল লকডাউন৷ বন্ধ হ’ল স্কুল-কলেজ, ব্যৱসায়-বাণিজ্য৷ প্ৰথমে ২১ দিন৷ তাৰ পাছত বাঢ়ি গৈ থাকিল লকডাউনৰ সময়সীমা৷ বহু মানুহ হঠাৎ নিৱনুৱা হৈ পৰিল৷ উপাৰ্জনৰ পথ নোহোৱা হ’ল মোৰ ল’ৰাক স্কুললৈ অনা-নিয়া কৰা সেই ভেনৰ মালিকজনৰো৷ স্কুল বন্ধ, গতিকে তেওঁক ভেনৰ ভাড়া দিয়া বন্ধ কৰি দিলে প্ৰায় সকলোৱে৷ অৱশ্যে দুই-এজনে তাৰ মাজতে যি পাৰে সহায় কৰিলে৷ কিন্তু স্কুল ভেনৰ ব্যৱসায়েৰে সুন্দৰভাৱে পৰিয়াল পোহপাল দি থকা লোক এজনৰ বাবে সেয়া জানো যথেষ্ট?যিমানে সময় আগবাঢ়িল, সিমানেই পৰিস্থিতি জটিল হৈ গৈ থাকিল৷তাৰ মাজতে হৈ গ’ল স্কুলৰ ৰি-এডমিশ্বন৷ ঠিক তাৰ পাছতে এদিন ভেনৰ মালিকজন কিবা এটা বিশেষ কথাত মোৰ ওচৰলৈ আহিল৷ কেনে চলিছে সুধিলোঁ তেওঁক৷ ‘ইনকাম বন্ধ৷ বৰ বেয়া দিন চলিছে দাদা৷ টকাৰ অভাৱত ল’ৰাক এইবাৰ এডমিশ্বন দিব নোৱাৰিলোঁ৷ এতিয়া যেনে-তেনে খাই আছোঁ৷ ঘৰৰ কিবা-কিবি বস্তু বিক্ৰীও কৰিবলগীয়া হৈছে৷’ মানুহজনৰ কথাৰ কি উত্তৰ দিওঁ ভাবি নাপালোঁ৷ যিজনে এসময়ত নিঃসহায় মানুহক সহায় কৰিছিল, আজি তেওঁৰেই সেই অৱস্থা৷ [৩]‘লকডাউনৰ বাবে মানুহে নাখাই নমৰে৷ প্ৰয়োজনত আকৌ দিয়ক লকডাউন৷’ –ফেচবুকত এজনৰ যুক্তি৷ বহুতে পোষ্টটো লাইকো কৰিছে৷ এই পোষ্টটো দেখি মোৰ মনত ভাঁহি উঠিল ভেনৰ মালিকজন, টকাৰ অভাৱত এডমিশ্বন দিব নোৱৰা তেওঁৰ কণমানিটোৰ কথা৷ [মোৰ এই লেখা লকডাউনৰ বিৰুদ্ধে নহয়৷ লকডাউনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ এক ব্যাখ্যাহে]