চেক পইণ্ট চাৰ্লিত ‘বন্দে মাতৰম্’ৰ প্ৰতিধবনি
২০১১ চনৰ আগষ্টত ভল্ভো কোম্পানীত কৰ্মৰত হৈ থাকোঁতে দ্বিতীয়বাৰৰ বাবে জাৰ্মানীলৈ যোৱাৰ সুযোগ পাইছিলোঁ৷ পষেকীয়া প্ৰশিক্ষণৰ অন্ত পেলাই ১৫ আগষ্টৰ দিনা পুৱাতে হেমলীনৰ পৰা দুজন ভাৰতীয় সতীৰ্থৰ সৈতে ৰাজধানী বাৰ্লিন অভিমুখে ৰাওনা হৈছিলোঁ৷
১৮৭১ খ্ৰীষ্টাব্দৰ ১৮ জানুৱাৰীৰ দিনা প্ৰুচিয়াৰ হহেনজলাৰ্ন ৰাজবংশৰ শাসক উইলেম আৰু তেওঁৰ চান্সেলৰ অট্ট ভন বিস্মাৰ্কে বাভাৰিয়া আৰু চেক্সনি দুয়োখন অঞ্চল প্ৰুচিয়াৰ অধীনলৈ আনি জাৰ্মান সাম্ৰাজ্য [ডাচ্ ৰেইক] স্থাপন কৰিছিল৷ পৰৱৰ্তীকালত এই জাৰ্মান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসক ক্ৰমে ১৮৭১ খ্ৰীষ্টাব্দৰ পৰা ১৯১৮লৈ জাৰ্মান ৰেইক যুগ, ১৯১৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৩৩লৈ উৱেইমাৰ প্ৰজাতন্ত্ৰ যুগ আৰু ১৯৩৩ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৫লৈ নাজী জাৰ্মানী অথবা তৃতীয় ৰেইক যুগ বুলি কোৱা হয়৷ এই নাজী জাৰ্মানী কালত কুখ্যাত একনায়ক হিটলাৰে পৃথিৱীৰ পৰা ইহুদী জাতিটোক সমূলে ধবংস কৰাৰ পণ লৈ চলোৱা হত্যালীলাৰ কথা সৰ্বজনবিদিত৷
দ্বিতীয় বিশ্বযুদ্ধত হোৱা শোচনীয় পৰাজয়ৰ কথা মানি ল’ব নোৱাৰি হিটলাৰে আত্মহত্যা কৰাৰ লগে লগে জাৰ্মানীয়ে বিনাচৰ্তে মিত্ৰশক্তি বাহিনীৰ [এলাইড ফ্ৰণ্ট] ওচৰত আত্মসমৰ্পণ কৰিছিল৷ ১৯৪৫ খ্ৰীষ্টাব্দৰ ৮ মে’ত জাৰ্মানী দখল কৰি মিত্ৰশক্তি বাহিনীয়ে পোষ্টডাম চুক্তিমতে দেশখনক চাৰিটা অংশত বিভক্ত কৰি ভগাই লৈছিল৷ সেই চুক্তিমতে মিত্ৰশক্তি বাহিনীয়ে এলাইড কণ্ট্ৰ’ল কাউঞ্চিল গঠন কৰি জাৰ্মানীৰ দক্ষিণ অঞ্চল, আমেৰিকাৰ দক্ষিণ-পশ্চিম অঞ্চল, ফ্ৰান্সৰ উত্তৰ-পশ্চিম অঞ্চল, ব্ৰিটেইনৰ পূব অঞ্চল ছোভিয়েটৰ শাসনৰ অধীনলৈ হস্তান্তৰিত কৰিছিল৷ এলাইড কণ্ট্ৰ’ল কাউঞ্চিল গঠনৰ পাছত যুদ্ধৰ বিভীষিকাত পলায়ন কৰা বহু জাৰ্মান নাগৰিকে সম্ভাব্য শান্তি ঘূৰাই পোৱাৰ আশাত স্বদেশলৈ প্ৰত্যাগমন কৰিবলৈ আৰম্ভ কৰিছিল৷ পোষ্ট ডাম চুক্তিমতে এলাইড মিত্ৰবাহিনীৰ চাৰিওখন দেশৰ সেনাই মুক্তমনে পৰস্পৰৰ দখলত থকা ঠাইলৈ অবাধে বিচৰণ কৰিব পাৰিছিল৷ কিন্তু নাগৰিকৰ ক্ষেত্ৰত এলাইড কণ্ট্ৰ’ল কাউঞ্চিলৰ পৰা আগতীয়াকৈ যাৱতীয় অনুমতি লোৱাটো বাধ্যতামূলক আছিল৷ নিজৰ দখলত থকা অঞ্চলসমূহত মিত্ৰবাহিনীৰ দেশকেইখনে সমানে নিজৰ প্ৰভুত্ব অক্ষুণ্ণ ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ ইয়াৰ পৰিণতিস্বৰূপে সমাজবাদী বিচাৰধাৰাত বিশ্বাসী কমিউনিষ্ট দেশ ছোভিয়েটৰ স’তে লাহে লাহে পুঁজিবাদৰ সমৰ্থক দেশ আমেৰিকাৰ সঘনে মতানৈক্য ঘটিবলৈ ধৰিছিল৷ ১৯৪৮ খ্ৰীষ্টাব্দমানত দুই মহাশক্তি আমেৰিকা আৰু ছোভিয়েটৰ মাজত এক শীতল যুদ্ধৰ সূচনা হৈছিল৷ একগোট হোৱা ত্ৰিশক্তি ক্ৰমে আমেৰিকা, ফ্ৰান্স আৰু ব্ৰিটেইন কমিউনিষ্ট ছোভিয়েট দেশৰ কাৰণে প্ৰত্যাহ্বান হৈ পৰিছিল৷ পৰিণতিত চাৰিখণ্ডত বিভক্ত হৈ পৰা জাৰ্মান সাম্ৰাজ্য ১৯৪৯ খ্ৰীষ্টাব্দত পুনৰ দুখন পৃথক দেশ হিচাপে মূৰ দাঙি উঠিছিল৷ পুঁজিবাদী নীতিৰ আধাৰত ফ্ৰান্সৰ আৰু ব্ৰিটেইনৰ দখলত থকা অঞ্চলসমূহ আৰু বন চহৰখনক ৰাজধানী হিচাপে লৈ আমেৰিকাই ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানী [পশ্চিম জাৰ্মানী] নামৰ এখন নতুন দেশ প্ৰতিষ্ঠা কৰিছিল৷ এই পৰিঘটনাৰ পাছত ছোভিয়েট দেশেও বাৰ্লিন চহৰৰ বিশাল অংশক ৰাজধানী হিচাপে লৈ সমাজবাদী আদৰ্শৰ আধাৰত জাৰ্মান ডেমক্ৰেটিক ৰিপাব্লিক [পূব জাৰ্মানী] নামৰ আনখন দেশ স্থাপন কৰিছিল৷ চাৰি মিত্ৰশক্তিৰ আগ্ৰাসনৰ মেৰপাকত হিটলাৰৰ হাবিয়াসৰ দেশ গ্ৰেট জাৰ্মান ৰেইক ভাগি দুখন পৃথক দেশত বিভক্ত হৈ পৰাত বছৰ বছৰ ধৰি মিলাপ্ৰীতিৰে থকা এটা জাতি দ্বিখণ্ডিত হ’ল, এজন আনজনৰ চিৰবৈৰীত পৰিণত হৈছিল৷ লাখ লাখ মহিলা, কিশোৰী ফ্ৰান্স, ব্ৰিটেইন, আমেৰিকা আৰু ছোভিয়েট দেশৰ সৈন্যৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল৷ মিত্ৰশক্তি বাহিনীৰ সৈন্যৰ পাশৱিকতাৰ বলি হৈ লাখ লাখ জাৰ্মান মহিলাৰ মৃত্যু হৈছিল৷ স্বাৰ্থান্বেষী চাৰিওখন বিদেশী ৰাষ্ট্ৰই জাৰ্মানীৰ ভূমি অধিগ্ৰহণ কৰি দেশখনৰ খনিজ, বনজ, জলজ, ঔদ্যোগিক সকলো প্ৰাকৃতিক আৰু কৃত্ৰিম সম্পদৰ লগতে মানৱ সম্পদ লুণ্ঠনতো জঁপিয়াই পৰিছিল৷ আমেৰিকাই বহু গোপন আৰু চতুৰালিৰে চলোৱা এই লুণ্ঠনৰ আগত ছোভিয়েট দেশৰ কূটনীতি আৰু ৰাজনৈতিক পাৰদৰ্শিতা বিফল হৈছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাত সৰ্বপ্ৰথমে আমেৰিকা Joint intelligence Objective Agency চমুকৈ JIOA নামৰ চোৰাংচোৱা সংস্থাটোৰ দ্বাৰা অপাৰেচন পেপাৰ ক্লিপ নামৰ গোপন অভিযান চলাই এই লুণ্ঠন কাৰ্যৰ পাতনি মেলিছিল৷ এই সংস্থাটোৱে জাৰ্মানীৰ যুদ্ধ অধ্যুষিত অঞ্চলৰ পৰা স্থানীয় ডাক্তৰ, অভিযন্তা, মেকানিক, কাৰিকৰ আৰু স্থাপত্যবিদক গোপনে নিজৰ দেশলৈ সৰবৰাহ কৰি তেওঁলোকৰ কলা-কৌশল নিজৰ দেশৰ বিকাশৰ কামত লগাইছিল৷ চতুৰ আমেৰিকাই দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ সময়তো নিজৰ দখললৈ অহা জাৰ্মানীৰ অঞ্চলসমূহত থকা উদ্যোগ, খনি আৰু তৈলক্ষেত্ৰসমূহ যাতে শত্ৰুৰ হাতত ধবংস নহয়, তাৰ কাৰণে সেনাৰ এটা বিশেষ গোটক [ Force] দায়িত্ব অৰ্পণ কৰিছিল৷ নিজৰ দেশৰ এক পইচাও খৰচ নকৰি আমেৰিকাই থলুৱা সম্পদৰ দ্বাৰাই জাৰ্মানীৰ পুনৰুত্থানৰ ব্লু-প্ৰিণ্ট তৈয়াৰ কৰিছিল৷
তদনুৰূপ ছোভিয়েট দেশৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰণালয়ে অপাৰেচন ওচাভিয়াখিম্ গোপন অভিযান চলাই পূব জাৰ্মানীৰ থলুৱা লোকক অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিছিল৷ জাৰ্মান শ্ৰমিকৰ পৰিশ্ৰমৰ বিনিময়ত জাৰ্মানীৰ বিকাশ সাধন কৰাতকৈ ছোভিয়েটে নিজৰ দেশৰ আন্তঃগাঁথনি সবলীকৰণৰ বাবে উঠিপৰি লাগিছিল৷ এইদৰে বলপূৰ্বক নিযুক্ত কৰা জাৰ্মানক ছোভিয়েট দেশৰ দূৰৱৰ্তী অঞ্চলত থকা খনি, উদ্যোগ, বন্দৰ আৰু নিৰ্মাণ ক্ষেত্ৰত মোতায়েন কৰিছিল৷ কমিউনিষ্ট ছোভিয়েটৰ ৰেড আৰ্মীৰ কঠোৰ অনুশাসনত মুকলিমূৰীয়া জাৰ্মানসকল ভিতৰি ক্ষুণ্ণ হৈছিল৷ ইয়াৰে গইনা লৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থা জিওৱাই ছোভিয়েটৰ অৰ্ধসামৰিক বাহিনীত যোগদান কৰা কেইবাশ জাৰ্মান নাগৰিকক অপাৰেচন পেপাৰ ক্লিপ নামৰ অভিযান চলাই নিজৰ দেশলৈ সফলতাৰে সৰবৰাহ কৰিবলৈ সক্ষম হৈছিল৷ পশ্চিম জাৰ্মানীত আমেৰিকাই ফ্ৰান্স আৰু ব্ৰিটেইনৰ সহযোগত আৰু জাৰ্মানৰ পৰিশ্ৰমেৰে মৃতপ্ৰায় কল-কাৰখানাবোৰ পুনৰুজ্জীৱিত কৰি তুলিছিল৷ পৰিণতিত পূব জাৰ্মানীৰ তুলনাত পশ্চিম জাৰ্মানীৰ অৰ্থনৈতিক দিশত আমূল পৰিৱৰ্তন হৈছিল৷ দেশখনৰ সেই অৰ্থনৈতিক উত্থান দেখি সম্ভাব্য ভৱিষ্যতক লৈ আশাবাদী হতভগীয়া লাখ লাখ জাৰ্মানে পূব জাৰ্মানীৰ পৰা পশ্চিম জাৰ্মানীলৈ প্ৰব্ৰজন কৰিছিল৷ এই অভাৱনীয় প্ৰব্ৰজনৰ বাবে ছোভিয়েটৰ খনি, তৈলক্ষেত্ৰ আৰু আন উদ্যোগত কলা-কুশলী, শ্ৰমিকৰ নাটনি হৈছিল আৰু দেশৰ অৰ্থনীতি থৰক-বৰক হৈছিল৷ পূব জাৰ্মানীৰ শাসন ব্যৱস্থাই এই প্ৰব্ৰজন ৰোধ কৰিবলৈ কঠোৰ আইন প্ৰণয়ন কৰি নাগৰিকৰ চলা-ফুৰাত প্ৰতিবন্ধকতা আৰোপ কৰি সীমান্তত পহৰাৰ ব্যৱস্থা কৰিছিল৷ ইফাল আমেৰিকাই উদাৰ নীতিৰ আধাৰত পূব জাৰ্মানীৰ নাগৰিকক পশ্চিম জাৰ্মানীলৈ অহাৰ ক্ষেত্ৰত উৎসাহিত কৰিছিল৷ আমেৰিকাৰ প্ৰৰোচনাত কেইবা হাজাৰ জাৰ্মান নাগৰিকে ছোভিয়েট দেশৰ ৰেড আৰ্মীৰ শেনচকুত ধূলি দি সুৰংগ খান্দি পূব জাৰ্মানীৰ পৰা পশ্চিম জাৰ্মানীলৈ পলায়ন কৰিছিল৷ অৱশেষত ১৯৬১ চনৰ ১৩ আগষ্টত ছোভিয়েটে অতিষ্ঠ হৈ এই প্ৰব্ৰজন ৰোধ কৰিবলৈ দুয়োখন দেশৰ সীমান্তত এখন সুউচ্ছ প্ৰাচীৰ বনাই পশ্চিম ইউৰোপৰ স’তে পূব জাৰ্মানীক পৃথক কৰিবলৈ সিদ্ধান্ত লয়৷ বাৰ্লিন মহানগৰক দ্বিখণ্ডিত কৰা সীমান্তত সাজি উলিওবা এশ ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰায় বাৰ ফুট ওখ এই ঐতিহাসিক বাৰ্লিন প্ৰাচীৰখনে মোটামুটি দুটা দশক পূব আৰু পশ্চিম জাৰ্মানীক পৃথক কৰি ৰাখিছিল৷ প্ৰাচীৰখনৰ ইপাৰে পূব জাৰ্মানীৰ জাৰ্মান ডেম’ক্ৰেটিক ৰিপাব্লিকৰ সৈনিক দলে নাগৰিক আৰু প্ৰাচীৰ দুয়োটাৰ ওপৰত কাঢ়া নজৰ ৰাখিছিল৷ ইফালে পোষ্ট ডাম চুক্তি মতে দুয়োখন দেশৰ মাজত মিত্ৰশক্তিৰ সৈন্যবাহিনীৰ আহ-যাহত কোনো বাধা-নিষেধ নাছিল৷ সেয়েহে অনিচ্ছাসত্ত্বেও জাৰ্মান ডেম’ক্ৰেটিক ৰিপাব্লিকে বাৰ্লিন প্ৰাচীৰখনৰ তিনি ঠাইত ক্ৰমে চেক পইণ্ট আলফা, ব্ৰেভো আৰু চাৰ্লিজ নামেৰে তিনিখন অভিবাসন দুৱাৰ ৰাখিবলৈ বাধ্য হৈছিল ৷
এই তিনিখন দুৱাৰৰ ভিতৰত বাৰ্লিন চহৰৰ মাজৰ চেক পইণ্ট চাৰ্লিজ নামৰ দুৱাৰখন আছিল অন্যতম৷ ৰেভ আৰ্মীৰ কঠোৰ নিৰীক্ষণত এলাইড আৰ্মী, দেশী-বিদেশী পৰ্যটক আৰু সাধাৰণ নাগৰিকে এই দুৱাৰখনেদিয়েই বাৰ্লিন মহানগৰখনলৈ আহ-যাহ কৰিছিল৷ এই চেক পইণ্ট চাৰ্লিতে ১৯৬১ চনৰ ২৭ অক্টোবৰৰ দিনা বিশ্বৰ দুই মহাশক্তি আমেৰিকা আৰু ছোভিয়েট দুয়োখন দেশে পৰস্পৰক প্ৰত্যাহ৩ান জনাই যুদ্ধৰ বাবে মুখামুখি হৈছিল ৷ স্মৰ্তব্য যে ২২ অক্টোবৰৰ দিনা পশ্চিম জাৰ্মানীৰ পৰা এজন মাৰ্কিন কূটনৈতিক বিষয়াই পূব জাৰ্মানীৰ চলি থকা এখন অপেৰা [থিয়েটাৰ] চাবলৈ যোৱাৰ উদ্দেশ্যে চেক পইণ্ট চাৰ্লিত উপস্থিত হৈছিল৷ পাছে সঠিক তথ্যপাতি প্ৰদৰ্শন কৰা সত্ত্বেও পোষ্ট ডাম চুক্তি উলংঘন কৰি জাৰ্মান ডেম’ক্ৰেটিক ৰিপাব্লিক বিষয়াই মাৰ্কিন নাগৰিকজনক পূব জাৰ্মানীলৈ যোৱাত বাধা দি ঘূৰাই পঠিয়াইছিল৷ এই ঘটনাৰ সূত্ৰপাত লৈয়েই ২৮ অক্টোবৰৰ দিনা দুয়োখন দেশে পৰস্পৰক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল৷ পাছত যেনিবা দুয়োখন দেশে কূটনৈতিক আলোচনাৰ জৰিয়তেই বুজাবুজি হৈ ২৮ অক্টোবৰৰ দিনা নিজ নিজ সৈন্যবাহিনী চেক পইণ্ট চাৰ্লিৰ পৰা ওভতাই নিছিল৷
সময় গতিশীল, সময়ৰ গৰাহত এজন নাগৰিক, এখন দেশ সকলোৱেই মোট সলোৱাটো এক প্ৰাকৃতিক প্ৰক্ৰিয়া৷ ১৯৫২ চনত ছোভিয়েট শাসক ষ্টেলিনে পূব আৰু পশ্চিম জাৰ্মানীক একত্ৰিত কৰি এখন নিৰপেক্ষ স্বাধীন ৰাষ্ট্ৰ হিচাপ প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়োৱা আহ্বানক পশ্চিমীয়া এলাইড ফ্ৰণ্টে খাৰিজ কৰিছিল৷ কিন্তু সময়ে সকলোকে সলনি হ’বলৈ শিকনি দিয়ে৷ ১৯৮৯ চনত পূব জাৰ্মানীত ৰাজনৈতিক শান্তি বিপ্লৱৰ সূচনা হৈছিল৷ দেশখনে পশ্চিম ইউৰোপৰ অধীনত থকা নিজৰ অংশটোৰ স’তে একাত্ম হ’বলৈ পুনৰ এবাৰ চেষ্টা চলাইছিল, যাক জাৰ্মান ভাষাত ডাই ৱনডে’ বুলি কোৱা হৈছিল৷ অৱশেষত ছোভিয়েট ৰাষ্ট্ৰপতি মিখাইল গৰ্ভাচেভৰ উদ্যোগত আৰু পশ্চিম ইউৰোপৰ সহযোগত দুৰ্ভেদ্য বাৰ্লিন প্ৰাচীৰ খহাই পূব আৰু পশ্চিম জাৰ্মানীক একত্ৰিত কৰি এখন নতুন জাৰ্মানী প্ৰতিষ্ঠা কৰা হৈছিল৷ জাৰ্মানীৰ অভিশপ্ত ইতিহাসৰ প্ৰমাণ চেক পইণ্ট চাৰ্লিজ দুৱাৰখন বৰ্তমান সকলো দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ থলী হৈ পৰিছে৷
আমি তিনিজন ভাৰতীয় বন্ধুই এই ঐতিহাসিক চেক পইণ্ট চাৰ্লিত সেইদিনা উপস্থিত হওঁতে দিনৰ প্ৰায় বাৰ বাজিছিল৷ ১৯৬৩ চনত চেক পইণ্ট চাৰ্লিৰ যিডোখৰ ঠাইত থিয় দি আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে ভাষণ দিছিল, সেইডোখৰ ঠাইতে বেগত গোপনে কঢ়িয়াই নিয়া আমাৰ জাতীয় পতাকা সম্বলিত তিনিটা টুপি উলিয়াই নিজৰ লগতে বাকী দুজন সতীৰ্থকো পিন্ধাই দিলোঁ৷ টুপিটো পিন্ধায়েই মানুহৰ সমাগমৰ মাজতেই ‘বন্দে মাতৰম্’ ধবনি দিলোঁ৷ মোৰ আকস্মিক কাণ্ডত উদ্বুদ্ধ হৈ তামিল সতীৰ্থ নন্দ কুমাৰ আৰু মাৰাঠী সতীৰ্থ প্ৰকাশ বিচেনেও বন্দে মাতৰম্ ধবনিৰে বাৰ্লিনৰ চেক পইণ্ট চাৰ্লিজৰ বাকৰি মুখৰ কৰিলে৷ আমাৰ কাণ্ড-কাৰখানা চাই বহু লোকে আমাক বেঢ়ি চোৱালৈ ভ্ৰূক্ষেপ নকৰি আমাৰ ৰাষ্ট্ৰীয় সংগীত গাবলৈ ধৰিলোঁ৷ ৰাষ্ট্ৰীয় সংগীত গাই আমাৰ স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই গোটখোৱা লোকসকলক চকলেট ভগাই আমাৰ গৌৰৱময় স্বাধীনতা দিৱসৰ কথা কৈছিলোঁ৷ তেতিয়া বহু দেশী-বিদেশী পৰ্যটকে আমাক আলিংগন কৰি শুভেচ্ছা জনাইছিল৷ আমি বিদেশত নিজৰ দেশখন আৰু দেশবাসীৰ বাবে শুভেচ্ছাবাণী পাই ৰোমাঞ্চিত হৈ পৰিছিলোঁ৷ স্বাধীনতা দিৱস উদ্যাপনৰ গোপনে ৰখা মোৰ পৰিকল্পনাত আপ্লুত হৈ সতীৰ্থ নন্দকুমাৰ আৰু প্ৰকাশ বিচেনে অশ্ৰুসিক্ত নয়নেৰে মোক সাবটি ধৰিছিল৷ তেতিয়াই এহাল জাৰ্মান দম্পতীৰ লগত অহা এজনী মৰম লগা ছোৱালী আগবাঢ়ি আহি আমাৰ হাতত এঠোপা ফুল দি ভঙা ভঙা ইংৰাজীতে স্বাধীনতা দিৱসৰ ওলগ যাচিছিল৷ ছোৱালীজনীৰ হাতত এটোপোলা চকলেট গুঁজি দি সেইদিনাৰ বাৰ্লিন যাত্ৰা সফল হোৱাৰ আনন্দত স্বস্তিৰ নিশ্বাস পেলাইছিলোঁ৷