Logo
image

এনকাউণ্টাৰৰ সমান্তৰালকৈ ৰাজ্যত বাঢ়িছে জঘন্য অপৰাধো

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী হিচাপে গৃহ বিভাগৰ দায়িত্ব লৈয়ে হিমন্ত বিশ্ব শৰ্মাই অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ ড্ৰাগ্‌ছ মাফিয়া, ছিণ্ডিকেট মাফিয়া, বলাৎকাৰী, হত্যাকাৰীকে ধৰি কুখ্যাত অপৰাধীক এনকাউণ্টাৰ কৰি আঁঠুৰ তলত গুলীয়াবলৈও সেউজ সংকেত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ এই স্থিতিত উৎসাহিত হৈ স্মাৰ্ট অসম আৰক্ষীয়ে এটাৰ পাছত এটাকৈ এনকাউণ্টাৰ সংঘটিত কৰি শতকৰ সংখ্যা অতিক্ৰম কৰিছে৷ অৱশ্যে আৰক্ষীৰ বহুকেইটা এনকাউণ্টাৰ ইতিমধ্যে ভুৱা বুলিও চিহ্নিত হৈছে৷ তথাপিও অপৰাধ নিয়ন্ত্ৰণৰ স্বাৰ্থত থমকি ৰোৱা নাই আৰক্ষীৰ পিষ্টলৰ গুলী৷ বিগত ২৪ ঘণ্টাতে ৰাজ্যত আৰক্ষীয়ে তিনিটাকৈ এনকাউণ্টাৰ সংঘটিত কৰিছে৷ মৰাণত মঙলবাৰে নিশা আৰক্ষীয়ে অৰুণ কুৰ্মী নামৰ এটা চোৰক এনকাউণ্টাৰত গুলীবিদ্ধ কৰাৰ বিপৰীতে হাইলাকান্দিতো নিশা ছেলিম উদ্দিন লস্কাৰ নামৰ এটা ড্ৰাগ্‌ছ মাফিয়াক এনকাউণ্টাৰ কৰে৷ ইপিনে বুধবাৰে গোগামুখতো আৰক্ষীয়ে  এটা জালনোট সৰবৰাহকাৰী তথা দুৰ্ধৰ্ষ ডকাইতক এনকাউণ্টাৰত গুলীবিদ্ধ কৰে৷ লক্ষণীয়ভাৱে একাংশ এনকাউণ্টাক লৈ ৰাইজে প্ৰশ্ন তুলিলেও আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এয়া আৰক্ষীৰ ‘একচন’ বুলিহে সদৰী কৰিছে৷ ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও তেওঁৰ কাৰ্যকালত বিগত বৰ্ষৰ জানুৱাৰীৰ মাহৰ তুলনাত চলিত বৰ্ষৰ জানুৱাৰীত গুৱাহাটী মহানগৰীত ৩০ শতাংশ অপৰাধজনিত ঘটনা হ্ৰাস পোৱা বুলি আত্মপক্ষ সমৰ্থন কৰিবলৈও এৰা নাই৷ অথচ আৰক্ষীয়ে অপৰাধ দমন কৰিবলৈ সংঘটিত কৰা এনে ‘তথাকথিত’ এনকাউণ্টাৰৰ বিপৰীতে ৰাজ্যত অপৰাধজনিত ঘটনা অলপো হ্ৰাস পোৱা নাই বুলিহে চৰ্চা চলিছে৷ আৰক্ষীৰ এনকাউণ্টাৰ দেখিও একাংশই অপৰাধ সংঘটিত কৰাৰ পৰা যেন এৰা নাই৷ বিগত ৫ দিন গুৱাহাটী মহানগৰীতে ৫টাকৈ চাঞ্চল্যকৰ অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷ বিগত সপ্তাহৰ শুকুৰবাৰে মহানগৰীৰ শিলপুখুৰীৰ বাপুজী নগত মনজিত ডেকা নামৰ এজন যুৱক বন্ধুৰ হাততে হত্যাৰ বলি হৈছিল৷ দেওবাৰে পশ্চিমবংগৰ পৰা গুৱাহাটীলৈ আহি এজন প্ৰেমিকে বশিষ্ঠত ঘৰৰ ভিতৰতে প্ৰেমিকাৰ ককায়েক প্ৰেম কুমাৰ দেৱনাথক গুলীয়াই আহত কৰে৷ এই ঘটনাৰ ২৪ ঘণ্টা নৌহওঁতেই সোমবাৰে সন্ধিয়া ছাত্ৰীবাৰীত অৱদেশ যাদৱ নামৰ ব্যৱসায়ীজনক দুজনীয়া দুবৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে৷ অস্ত্ৰাধাৰী দুবৃৰ্ত্তৰ দিনৰ পোহৰত টিঘিলঘিলিনি বৃদ্ধি পোৱা মহানগৰীত মঙলবাৰে নিশালৈ পুনৰ দুৰ্বৃত্তই ডিঙি কাটি এজন ৰে’লৱে অভিযন্তাৰ পৰা লুট কৰি নিয়ে সোণৰ অলংকাৰ৷ মঠঘৰীয়াৰ বড়ো চকৰ বাসিন্দা অভিযন্তা কিশোৰ কলিতাক নুনমাটিত আক্ৰমণৰ লক্ষ্য কৰি লয় দুৰ্বৃত্তৰ দলে৷ ইপিনে বুধবাৰেও সাতগাঁৱৰ আমবাৰীত ৰৌছন আলী ওৰফে চানা নামৰ এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানক হাবিবুৰ ৰহমান নামৰ এজন লোকে মাছ কটা দাৰে ডিঙি ৰেপি হত্যা কৰে৷ আনহাতে দুদিন পূৰ্বে মহানগৰীৰ হেঙেৰাবাৰীতো এপেকেট গুটখাৰ বাবে মইনুল আলী নামৰ এজন দোকানীয়ে মনোজ ৰংপি নামৰ যুৱকক চুৰিকাঘাত কৰিছিল৷ ইমানেই নহয়, বিগত ছমহাত গুৱাহাটীত কেইবাইটাও চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে৷ বেলতলাৰ চন্দন নগৰৰ বৃদ্ধ দম্পত্তি ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাক আকাশ চৌধুৰী নামৰ কেয়াৰ টেকাৰটোৱে ঘৰৰ ভিতৰতে হত্যা কৰিছিল৷ বৰাগাঁৱত আণ্টীমা গুপ্তা নামৰ মহিলাগৰাকীক ভাৰাতীয়াই হত্যা কৰিছিল৷ এপষেক পূৰ্বে ফটাশিল আমবাৰীত অনু হাজৰিকা নামৰ অকলশৰীয়া মহিলাগৰাকীক ঘৰত কাম কৰা লোকেই হত্যা কৰি প্ৰায় ১০ লাখ টকা লুটি নিছিল৷ আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজ গিজাই থকা গুৱাহাটী মহানগৰীত এনে অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাত নাগৰিকে যেন চৰম নিৰাপত্তাহীনতাত ভুগিছে৷ বিশেষকৈ অকলশৰে থকা বয়োজ্যেষ্ঠ দম্পতী আৰু আন অকলশৰীয়া লোকসকলে এতিয়া ভয় উদ্বিগ্নতাৰে দিন কটাবলগীয়া হৈছে৷ কেতিয়াবা ধন-সম্পত্তিৰ লোভ, কেতিয়াবা ব্যক্তিগত আক্ৰোশ হৈ পৰিছে বিভিন্নজনৰ মৃত্যুৰ কাৰণ৷ কেৱল এয়াই নহয়, বাটে-পথে চিলনী চোৰৰ পৰা লুণ্ঠনকাৰীলৈ বিভিন্নজনে সাধাৰণ মানুহৰ সহজ জীৱন-যাপন কৰি তুলিছে দুৰ্বিষহ৷ মহানগৰ আৰক্ষীৰ তৎপৰতাৰ পাছতো গুৱাহাটীত অপৰাধ নিয়ন্ত্ৰণ নোহোৱাটো এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে৷ অৱশ্যে, নাও বুলিলেও যেন টিঙৰ পৰা নানামে স্মাৰ্ট অসম আৰক্ষীয়ে৷ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা শেহতীয়া কেইবাটাও হত্যাকাণ্ড সন্দৰ্ভত মত প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে৷ জিপি সিঙে গুৱাহাটীত সংঘটিত হোৱা হত্যাকাণ্ড সন্দৰ্ভত মত প্ৰকাশ কৰি এই হত্যাকাণ্ড সংঘটিত কৰা প্ৰায়বোৰ দোষীকে আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হৈছে বুলি দাবী কৰে৷ ‘গুৱাহাটীখন যথেষ্ট ডাঙৰ গতিকে আমি যিমান পাৰো অপৰাধ নিয়ন্ত্ৰণৰ চেষ্টা কৰিছো৷ মাজে মাজে দুই এটা অপৰাধ হ’লেও আমি সমাধানৰ বাবে চেষ্টা কৰিছোঁ– জিপি সিঙে কয়৷ জিপি সিঙে ছাত্ৰীবাৰীৰ শেহতীয়া ঘটনা আৰু নুনমাটিৰ ঘটনাকলৈয়ো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এতিয়ালৈ তদন্ত সন্দৰ্ভত যি অগ্ৰগতি হৈছে সেৱা যথেষ্ট ভাল বুলি উল্লেখ কৰে৷ ছাত্ৰীবাৰী আৰু নুনমাটি ঘটনা সন্দৰ্ভত জড়িত আটাইকেইজন দোষীকে শীঘ্ৰেই কৰায়ত্ত কৰা হ’ব বুলিও জিপি সিঙে দাবী কৰিছে৷