Logo
image

কেনেকুৱা হ’ব যোগীঘোপাত নিৰ্মাণ হ'ব লগা ভাৰতৰ প্ৰথমখন 'মাল্টি ম'ডেল লজিষ্টিক্স পাৰ্ক'?

আমাৰ অসম, ২০ অক্টোবৰঃ কেনেকুৱা হ’ব যোগীঘোপাত ৭০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'ব লগা ভাৰতৰ প্ৰথমখন 'মাল্টি ম'ডেল লজিষ্টিক্স পাৰ্ক'? ইতিমধ্যে, কেন্দ্ৰীয় চৰকাৰৰ এক দৃশ্য-শ্ৰাব্য বিজ্ঞাপনৰ যোগেদি স্থাপন হ’ব লগা উদ্যানৰ বিশেষত্ববোৰৰ এক আভাসৰ প্ৰদান কৰা হৈছে৷ মঙলবাৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰ্চুৱেলী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বঙাইগাঁও জিলাৰ যোগীঘোপাত ভাৰতৰ প্ৰথমখন 'মাল্টিম'ডেল লজিষ্টিক্স পাৰ্ক'ৰ আধাৰশিলা স্থাপন কৰে। ১৯০ একৰ মাটিত প্ৰায় ৭০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব এই 'মাল্টি ম'ডেল লজিষ্টিক্স পাৰ্ক'৷ দৃশ্য-শ্ৰাব্য বিজ্ঞাপনটোত প্ৰকাশ কৰা অনুসৰি, এই পার্কখনে ২০ লক্ষ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ ব্যৱস্থা কৰিব। সামগ্ৰীৰ মজুতকৰণ আৰু পৰিবহণত ১০ শতাংশ খৰচ ৰেহাই হ’ব। পাৰ্ক খন সম্পূৰ্ণ হৈ উঠিলে উত্তৰ–পূৱৰ ব্যৱসায়িক আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ চুবুৰীয়া বাংলাদেশ, ভূটান, নেপাল আৰু ম্যানমাৰৰে বাণিজ্যিক সম্পৰ্ক গঢ় লৈ উঠিব বুলিও প্ৰকাশ কৰে কেন্দ্ৰীয় চৰকাৰে। প্ৰতি বছৰে কাৰ্গ’ সঞ্চালন হ’ব ১৩ মিলিয়ন মেট্ৰিক টন৷ স্থানীয় পৰ্যায়ত উৎপাদন সামগ্রীৰ প্ৰসাৰ সৰলীকৰণ। একত্ৰীকৃত শীতল ভাণ্ডাৰৰ সুবিধা প্ৰদান থাকিব৷ cargo, warehousing, custom আৰু parkingৰ সুবিধা এটা স্থানতে প্ৰদান কৰা। অৱশ্যে এই প্ৰকল্পৰ নির্মাণ কাৰ্য কেতিয়া সমাপ্ত হ’ব; সেই সন্দৰ্ভত একো তথ্য প্ৰকাশ কৰা নাই বিজ্ঞাপনটোত৷