ৰাছিয়াক ধিক্কাৰৰ পৰা বিৰত থাকিল দিল্লী
পুনৰ মোদীলৈ জেলেনস্কিৰ ফোন
আমাৰ অসম, ২৬ ফেব্ৰুৱাৰীঃ তিনি দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দ্বিতীয়বাৰ ফোন কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে যুদ্ধখনত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনালেও প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰত্যক্ষ হস্তক্ষেপৰ বিপৰীতে উভয়পক্ষক যুদ্ধ পৰিহাৰ কৰিবলৈ আহ্বান জনাব বুলি উত্তৰ দিছে৷ ইপিনে যুদ্ধ বন্ধৰ বাবে প্ৰস্তাৱ ল’বলৈ শনিবাৰে ৰাষ্ট˜সংঘৰ নিৰাপত্তা পৰিষদৰ যি বৈঠক অনুষ্ঠিত হৈছিল তাত ভাৰত অনুপস্থিত থাকি যুদ্ধখন আগবাঢ়ি যোৱাত আওপকীয়াকৈ সহায়হে কৰে৷ ভাৰত নিৰাপত্তা পৰিষদৰ বৈঠকত অনুপস্থিত থকাৰ বাবে ৰাছিয়াই আনুষ্ঠানিকভাৱে বিবৃতি দি নতুন দিল্লীক প্ৰশংসা কৰিছে৷ নিৰাপত্তা পৰিষদৰ বৈঠকত দ্বিধা-বিভক্ত হৈ পৰিছে বিশ্বৰ আগশাৰীৰ সকলো ৰাষ্ট্ৰ˜৷ বৈঠকত ভাৰতৰ উপৰি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য চীনো অনুপস্থিত থাকে৷ ৰাছিয়াৰ বিৰুদ্ধে সিদ্ধান্ত ল’বলৈ আগবঢ়া এই বৈঠকত চীন আৰু ভাৰত অনুপস্থিত থকাৰ ঘটনাই দুয়োখন দেশৰ সমৰ্থন ৰাছিয়াৰ প্ৰতি থকা বুলি মুকলি কৰি দিছে৷ মাথোঁ এসপ্তাহ পূৰ্বে বেইজিং আৰু মস্কোৰ মাজত মৈত্ৰীৰ কোনো সীমা নাই বুলি চীনে মন্তব্য কৰিছিল৷ ইউক্ৰেইনৰ ক্ষেত্ৰত চীনে ৰাছিয়াক সমৰ্থন জনোৱাৰ ফলত টাইৱানৰ স্থিতিৰ ক্ষেত্ৰত ৰাছিয়াই চীনক সমৰ্থন জনাব বুলি বেইজিঙে ইতিমধ্যে মুকলি আহ৩ান জনাইছে৷ অৱশ্যে এতিয়ালৈকে প্ৰধানমন্ত্ৰী মোদীয়ে কোনো পক্ষৰ হৈ মাত নামাতি নীৰৱে থকাৰ কৌশল লৈছে৷ শনিবাৰে নিৰাপত্তা পৰিষদৰ বৈঠকত প্ৰত্যাশিতভাৱেই স্থায়ী সদস্য ৰাছিয়াই ভেটো প্ৰয়োগ কৰে৷ ফলত নিৰাপত্তা পৰিষদে এই যুদ্ধৰ বিৰুদ্ধে ল’বলগীয়া প্ৰস্তাৱ আৰু সিদ্ধান্ত নাকচ হয়৷ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হৈছে– আমেৰিকা, ৰাছিয়া, চীন, ফ্ৰান্স আৰু ব্ৰিটেইন৷ ইয়াৰে চীন অনুপস্থিত আৰু ৰাছিয়াৰ ভেটো প্ৰয়োগে ৰাষ্ট্ৰ সংঘক দুভাগত ভাগ কৰাৰ লগতে ভাৰতো অনুপস্থিত থকাত সমগ্ৰ বিশ্ব এই যুদ্ধক লৈ দুভাগত ভাগ হোৱাটো পৰিষ্কাৰ হৈ পৰিছে৷
ইপিনে ভাডিমিৰ পুটিনৰ অধিক দেশ দখলৰ অভিলাষ মুকলি হৈ পৰাত এই যুদ্ধখনে অধিক বিস্তাৰ লাভ কৰাৰ আশংকা প্ৰকট হৈ পৰিছে৷ শনিবাৰে ৰাছিয়াই প্ৰতিবেশী দেশ ফিনলেণ্ড আৰু ছুইডেনক নাটোত যোগদান নকৰিবলৈ সকীয়াই দিছে৷ এই দুই দেশে যদি নাটোত যোগদান কৰে তেন্তে ইউক্ৰেইনৰ দৰেই দশা হ’ব বুলি ৰাছিয়াই মুকলিভাৱে হুংকাৰ দিছে৷ শনিবাৰে এখন সংবাদমেলত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ মাৰিয়া জাখৰ’ভাই কয়– ফিনলেণ্ড আৰু ছুইডেনে তেওঁলোকৰ দেশক নাটোগোষ্ঠীৰ সেনাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়াটো আমি সহ্য নকৰিম৷ তেওঁলোকে নিজৰ দেশত নাটোক প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব৷ এয়া আমাৰ নিৰ্দেশ৷ এই নিৰ্দেশ অমান্য কৰিলে ফিনলেণ্ড আৰু ছুইডেনৰ দশা ইউক্ৰেইনৰ দৰেই হ’ব৷ মাৰিয়া জাখাৰভাৰ এই মন্তব্যৰ পাছতে পশ্চিমীয়া বিশ্বত আলোড়নৰ সৃষ্টি হৈছে৷ কিয়নো ইউক্ৰেইনৰ পাছতে পুটিনে ফিনলেণ্ড আৰু ছুইডেন আক্ৰমণ কৰি তেওঁৰ প্ৰতি সমৰ্থন থকা একোখন চৰকাৰ স্থাপন কৰিবলৈ আগবাঢ়িব বুলি আশংকা কৰা হৈছে৷