Logo
image

চিকিৎসক হোৱাৰ স্বপ্ন প্ৰায় শেষ!

এজেণ্টে শিক্ষাৰ্থী নিয়ে ইউক্ৰেইনলৈ

আমাৰ অসম, ২ মাৰ্চঃ দেশৰ আন প্ৰান্তৰ দৰে অসমৰো শতাধিক ইউক্ৰেইনত চিকিৎসা বিজ্ঞান পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ এতিয়া অন্ধকাৰ৷ যুদ্ধবিধবস্ত ইউক্ৰেইনৰ পৰা প্ৰাণ লৈ কোনোমতে অসমলৈ ঘূৰি আহিছে একাংশ মেডিকেল শিক্ষাৰ্থী, আন একাংশই আকৌ এতিয়াও যুদ্ধৰ বাৰুদ আৰু ধোঁৱাৰ মাজতে দিগ্‌বিদিগ হেৰুৱাই আবদ্ধ হৈ আছে ইউক্ৰেইনত৷ ছাটিফুটি বিনিদ্ৰ নিশা পাৰ কৰিছে ইউক্ৰেইনত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ অসংখ্য পৰিয়ালে৷ ইউক্ৰেইনত হ’ব পৰা দুৰ্ভাৱনা তথা অনাহুত আশংকাত অসমত আত্মীয়ৰ অকাল বিয়োগো ঘটিছে৷ কোনো হানি-বিঘিনি নোহোৱাকৈ ইউক্ৰেইনত অধ্যয়নৰত অসম তথা ভাৰতৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰী সুকলমে আহি সপোনৰ ঘৰখন পাবহি বুলি সকলোৱে আশা কৰিছে৷ উল্লেখ্য, ইউক্ৰেইনৰ বিভিন্ন বিশ্ববিদ্যালয়ত প্ৰায় ১৭ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি আছে৷ ইয়াৰে বুজন সংখ্যক চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী৷ ৰাছিয়া লগত চলি থকা যুদ্ধৰ সময়তে বহুতৰে মনত প্ৰশ্ন উঠিছে ইউক্ৰেনলৈ ভাৰতৰ পৰা ইমান সংখ্যক শিক্ষাৰ্থী মেডিকেল চায়েঞ্চ পঢ়িবলৈ যায় কিয়? শুনিলে আচৰিত হ’ব ইউক্ৰেইনতকৈ ভাৰতত ব্যক্তিগত খণ্ডৰ কলেজত মেডিকেল চায়েঞ্চ পঢ়াটো প্ৰায় ৩ গুণ অধিক খৰচী৷ ইউক্ৰেইনত হেনো ৬ বছৰীয়া মেডিকেল চায়েঞ্চ পঢ়াৰ বাবদ ৩০ লাখ মান টকা খৰচ হয়৷ ইয়াৰ বিপৰীতে ভাৰতত এতিয়া ব্যক্তিগত খণ্ডৰ কলেজত চিকিৎসা বিজ্ঞান পঢ়িলে ৭০ লাখৰ পৰা ১ কোটি টকালৈকে খৰচ হয়৷ সেয়ে ভাৰতত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত এমবিবিএছত নামভৰ্তিৰ সুযোগ নোপোৱা সকলৰ গৰিষ্ঠ সংখ্যকে ইউক্ৰেনলৈ পঢ়িবলৈ যায়৷ তুলনামুলকভাৱে কম খৰচী বাবেই বিশ্বৰ ১৫০খনতকৈ অধিক ৰাষ্ট্ৰৰ পৰা ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনৰ বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰ বাবে আহে৷ অকল পঢ়াৰ ক্ষেত্ৰতেই নহয়, ইউক্ৰেইনত চলা-ফুৰা কৰাটোও তুলনামূলকভাৱে কম ব্যয়বহুল৷ দেশখনৰ মুদ্ৰাৰ নাম হাৰিভ্‌নিয়া৷ ১ হাৰিভ্‌নিয়া আমাৰ ২.৫ টকাৰ সমান৷ ইয়াৰ বিপৰীতে ১ ডলাৰৰ মূল্য ৭৫ টকা৷ এই কম খৰচী মেডিকেল শিক্ষাৰ অৱশ্যে বহুতো পাশ্বৰ্ক্ৰিয়া আছে৷ কিয়নো এমবিবিএছ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন চিৰদিনৰ বাবে কৰ্প’ৰেট হস্পিটেলৰ প্ৰশাসনীয় গোটৰ হাতত আবদ্ধ হৈ যায়৷ বিদেশত পঢ়া মেডিকেল শিক্ষাৰ্থীসকলে তেওঁলোকৰ পাঠ্যক্ৰম শেষ কৰি আহি এফএমজিই [ফৰেইন মেডিকেল গ্ৰেজুৱেশ্বন এক্সামিনেশ্বন] নামৰ এটা পৰীক্ষাত বহিব লাগে৷ এই পৰীক্ষাত পাছ কৰিলেহে সেই ছাত্ৰ সকলে ভাৰত বৰ্ষত মেডিকেল প্ৰেক্টিচ কৰাৰ অনুমতি পায় বা তেওঁলোকৰ নাম মেডিকেল কাউঞ্চিলত ৰেজিষ্টাৰ হয়৷ কিন্তু দুখৰ কথাযে এই পৰীক্ষাত উত্তীৰ্নৰ হাৰ ৯ ৰ পৰা ১০ শতাংশতকৈ বেছি নহয়৷ অৰ্থাৎ প্ৰতি ১০০ এনে ছাত্ৰৰ বোধকৰো ৪১ পৰা ৫জনতকৈ বেছিয়ে আমাৰ দেশত স্বাধীনভাৱে মেডিকেল প্ৰেক্টিছ কৰাৰ অনুমতি নাপায়৷ স্বয়ং কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সদৰি কৰিছে যে বাহিৰত মেডিকেল পঢ়িবলৈ যোৱা ৯০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই ভাৰতৰ এফএমজিই পৰীক্ষাত ফেইল কৰে৷ শেষত তেওঁলোকে উপায় নাপায় হয় কোনো কৰ্প’ৰেট হস্পিটেলত নিৰ্দিষ্ট দৰমহাত ৰেচিডেণ্ট চিকিৎসকৰ কাম কৰা বা আই চি ইউত আপাতকালীন বিভাগত কাম কৰিবলগা হয়৷ যিহেতু তেওঁলোকে বাহিৰত স্বাধীন ভাৱে প্ৰেকটিছ কৰিব নোৱাৰে, তেওঁলোকৰ কৰ্পোৰেট প্ৰশাসনৰ চক্ৰৰ পৰা বাহিৰ ওলাই আহিব নোৱাৰে৷ এইখিনিতে প্ৰশ্ন উঠিছে তেন্তে ইউক্ৰেইনৰ মেডিকেল শিক্ষাৰ সকলো কথা জানিও অসম তথা ভাৰতৰ একাংশ ছাত্ৰ-ছাত্ৰী তালৈ পঢ়িবলৈ যায় কিয়৷ দৰাচলতে একাংশ এজেণ্টে একাংশ শিক্ষাৰ্থীক নিয়ে ইউক্ৰেইনলৈ৷ ইয়াৰ বিনিময়ত তেওঁলোকে এক মোটা অংকৰ কমিচন লাভ কৰে৷ ইউক্ৰেইনৰ লগতে ৰাছিয়া, চীন, জৰ্জিয়া, চাইপ্ৰাছ, আৰ্মেনিয়া, বচনিয়া, তুৰস্ক আদিত অসমৰ ছাত্ৰ-ছাত্ৰীক মেডিকেলত নামভৰ্তি কৰাই দিয়াৰ বাবে গুৱাহাটীত বহুকেইখন দালাল প্ৰতিষ্ঠান অভাৰচীজ মেডিকেল এডুকেশ্বন কনচালটেণ্টৰ নামত সক্ৰিয় হৈ আছে৷ একাংশ মধ্যবিত্ত আৰু ধনী লোকৰ ভাৰতত মেডিকেলত আসন নোপোৱা তথা চিকিৎসক হ’বলৈ হাবিয়াস থকা ছাত্ৰ-ছাত্ৰীক তেওঁলোকে সহজ লক্ষ্য কৰি লয়৷ তাৰ অৰ্থ এনে নহয় এই ছাত্ৰ সকল বুদ্ধিমান নহয়৷ ভাৰতত চৰকাৰী মেডিকেল কলেজত চিট পোৱা ইমান সহজ নহয় আৰু কিছুমান বেলেগ কাৰকো থাকে৷ তেওঁলোকে বেলেগ ক্ষেত্ৰ বা বেলেগ বিষয়ত পঢ়িলে নি(য় যথেষ্ট ভাল কৰিব৷ সকলো ছাত্ৰই বুদ্ধিমান হলেও মেডিকেল পঢ়িবৰ বাবে তৈয়াৰী নহয়, তেওঁলোকৰ বুদ্ধিমত্তা হয়টো বেলেগ বিষয়ত জিলিকি উঠিব৷ কিন্তু অভিভাৱকৰ যেনে তেনে প্ৰকাৰৰ তেওঁলোকৰ সন্তানক কেৱল ডাক্তৰ বনোৱাৰ সপোনৰ বাবে এনে ধৰণে বাহিৰত পঢ়িব পঠাই, পাছত কি হ’ব নভবাকৈ৷ ইয়াৰে ফল আজি ভুগিব লগা হৈছে৷ এক কথাত ক’বলৈ গ’লে ইউক্ৰেইনত পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ চিকিৎসক হোৱাৰ স্বপ্ন প্ৰায় শেষ হৈছে৷ যদিহে কিবা কাৰণত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ শেষো হয়, তেতিয়াও পুনৰ অভিভাৱকে তেওঁলোকৰ মৰমৰ সন্তানক ইউক্ৰেইনত পঢ়িবলৈ পঠিয়াব যে সন্দেহ আছে৷ শিক্ষা, বয়সৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বুজন পৰিমাণৰ ধন যে পানীত পৰিল, সেয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিল৷ কোনোবাই হয়তো শিক্ষা জীৱনৰ চাৰি পাঁচ বছৰ ইতিমধ্যে ইউক্ৰেইনতে অতিবাহিত কৰিছে৷ তেওঁলোকৰ পৰৱৰ্তী শিক্ষাজীৱন কি হ’ব– এয়া অনিশ্চিত হৈ পৰিছে৷