Logo
image

চিকিৎসকৰ বিপৰ্যয়

আজিকালি বহু কাকতে-পত্ৰই চিকিৎসা আৰু চিকিৎসক সম্পৰ্কীয় লেখা পঢ়িবলৈ পোৱা যায়৷ বেছিভাগেই চিকিৎসা বিভ্ৰাট, চিকিৎসকৰ হেমাহি, চিকিৎসকৰ দুৰ্ব্যৱহাৰ, চিকিৎসকৰ টকাৰ লালসা আদিৰ বিষয়ে৷ চিকিৎসকসকলৰ কোনো সজ গুণৰ বিষয়ে লেখা পাবলৈ কঠিন৷

লেখকসকলৰ বাবে অসমৰ চিকিৎসকসকল যেন এটা বেলেগ প্ৰজাতি৷ তেওঁলোকৰ শিক্ষা-দীক্ষাৰ মূল্য, অৰ্হতা, জ্যেষ্ঠতাৰ কোনো মূল্য নাই৷ তেওঁলোকৰ মানত আজি এমবিবিএছ পাঁচ কৰা আৰু বিশেষজ্ঞ চিকিৎসক আদি সকলো সমান৷ মুঠতে এই অসমীয়া ডাক্তৰখিনিৰ কোনো জ্ঞান-বুদ্ধি নাই৷ এইসকলক যেন টকা ঘটাৰ শিক্ষাহে দিয়া হৈছে৷ থলুৱা উপাধি থকাখিনিৰ মান যেন আৰু নিম্ন৷ অসমীয়া মানসিকতাৰ প্ৰতিফলন৷ 

কিছুমান লেখক ইয়াৰ চিকিৎসকৰ প্ৰতি ইমানেই বিতুষ্ট যে তাৰ সীমা নাই৷ দুই-এজন শিক্ষিত সমাজৰ উল্লেখনীয় ব্যক্তিৰ এনে তিৰ্যক লেখাত তাৰ প্ৰতিফলন ঘটা দেখা যায়৷ অসমীয়া চিকিৎসকৰ শিক্ষা, অভিজ্ঞতা, বিশেষ দক্ষতাৰ তেওঁলোকৰ কাৰণে কোনো মূল্য নাই৷ ডাক্তৰসকলৰ মাননী লোৱাৰো অধিকাৰ নাই৷ উকীলক ফীজ দিবলৈ মাটিবাৰীৰ বাবে বা আন কামত ঘোচ দিবলৈ কিন্তু আপত্তি নকৰে৷ ৰাস্তাত দুৰ্ঘটনা হৈ হাত-ভৰি ভাঙিলে চিকিৎসাৰ পাছত যদি কিবা বিসংগতি ৰৈ গ’লে সেয়াও তেতিয়া চিকিৎসকৰ ভুলৰ বাবেহে হয়৷ কোনোবাই প্ৰশ্ন কৰে নেকি ৰাস্তাৰ স্পীড ব্ৰেকাৰ কিয় ভালকৈ চিন দিয়া নাই, ৰাস্তাৰ লাইট কিয় নাই, ট্ৰেফিক কিয় মানি চলা নহয়, ৰাস্তাৰ নিয়ম-কানুন নজনাকৈ লাইচেঞ্চ কেনেকৈ পায় আদি...!

মই এজন জ্যেষ্ঠ চিকিৎসক৷ মেডিকেল কলেজৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ সঞ্চালক আৰু মুৰব্বী অধ্যাপক হিচাপে অৱসৰ লৈছোঁ৷ যোৱা কিছুদিন আগতে মোৰ এটা অসুখৰ বাবে গুৱাহাটীত কেইবাজনো চিকিৎসকে পৰীক্ষা-নিৰীক্ষণ কৰিও বেমাৰৰ কাৰণ ঠিৰাং কৰিব নোৱৰাত মই মোৰ স্বামীৰ [অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক] স’তে দিল্লীৰ ইন্দ্ৰপ্ৰস্ত এপল’ হাস্পতাললৈ গ’লোঁ৷ মোৰ বন্ধু এজনৰ পৰামৰ্শ অনুযায়ী এজন বিখ্যাত মেডিচিন বিভাগৰ চিকিৎসকৰ ওচৰ চাপিলোঁ৷ তেওঁ পৰীক্ষা-নিৰীক্ষা কৰি আৰু চাৰিটা বিভাগৰ চাৰিজন বিশেষজ্ঞৰ ওচৰলৈ পঠিয়ালে৷ প্ৰত্যেকৰে মাচুল ২,৫০০১ পৰা ৩,০০০ টকা৷ আগতে টকা জমা আৰু তাৰপাছত ২-৩ ঘণ্টাৰ অপেক্ষা প্ৰত্যেকজনৰ কোঠাৰ  সমুখত৷ আমি দুয়ো জ্যেষ্ঠ চিকিৎসক হোৱা সত্ত্বেও কোনো ৰেহাই নাপালোঁ৷ নিউৰ’লজিষ্টজনক লগ পাবলৈ ৩ ঘণ্টাৰো অধিক অপেক্ষা কৰিবলগীয়া হৈছিল৷ এজন বিশেষজ্ঞই মাত্ৰ ১০ মিনিট কথা পাতি একো এটা নিলিখাকৈ পঠিয়াই দিলে৷ সকলোধৰণৰ পৰীক্ষা-নিৰীক্ষাত কমেও ৫০,০০০মান টকা খৰচ হ’ল হাস্পতালত ভৰ্তি নোহোৱা সত্ত্বেও৷ কোনোৱে একো সমাধান দিব নোৱাৰিলে৷ আমি আপত্তি নকৰিলেও মনত বেয়া লাগিল৷ ঘূৰি আহি গুৱাহাটীৰ থলুৱা চিকিৎসকৰ চিকিৎসাতে সুস্থ হ’লোঁ৷ এয়ে দিল্লীৰ ডাক্তৰসকলৰ ওচৰলৈ যোৱা মোৰ অভিজ্ঞতা৷ সাধাৰণতে আমাৰ ডাক্তৰসকলৰ মাননী অভিজ্ঞতা অনুযায়ী বহু কম৷ বাহিৰৰ ডাক্তৰক দেখুৱাই অহা মানুহখিনিয়ে সঁচা কথা নকয়৷ বহু খৰচ কৰিও সেই হাস্পতাল আৰু ডাক্তৰৰ গুণ-গান গায়৷ সংকীৰ্ণ মানসিকতা, মিথ্যাচাৰ আৰু অৰ্ধসত্যৰ আধাৰত এই লোকসকলে আমাৰ থলুৱা চিকিৎসকসকলক অপবাদ দিব আৰু অপমানিত কৰা দেখা যায়৷ কোনোবাই লিখিছে যে বহুত ফীজ লয়, বাৰে বাৰে লয়, এয়া অৰ্ধসত্য৷ খবৰ কৰিলে গম পাব যে বাহিৰৰ হাস্পতালত চিকিৎসাৰ খৰচ ইয়াতকৈ দুগুণৰো বেছি হ’ব পাৰে৷ ডাক্তৰসকল সদায় ছফ্‌ট টাৰ্গেট, আমাৰ কোনো ৰক্ষাকৱচ নাই৷ সমাজৰ মাজতে থাকোঁ– কাৰো বাবে ত্ৰাণকৰ্তা আৰু কাৰো বাবে শত্ৰু৷ ৩৫-৪০ বছৰৰ অভিজ্ঞতা, অৰ্হতা আৰু জ্যেষ্ঠতাৰ ভিত্তিত বিভিন্ন চিকিৎসকে মাননী লয়৷ ৰোগীজনে যেতিয়া এজন বিশেষ চিকিৎসকৰ ওচৰলৈ যায়, তেওঁৰ মাননী আৰু অৰ্হতা, অভিজ্ঞতা আদি জানি লোৱা উচিত৷ এজনে বিলাতৰ  কথাও লিখিছে৷ ইংলেণ্ডত এন এইচ এছৰ তলত সকলো চিকিৎসা ফ্ৰী৷ আমেৰিকাত কিন্তু বীমাৰ মূল্য হিচাপেহে ডাক্তৰ নিৰ্ধাৰণ কৰিব পাৰি৷ কম মূল্যৰ বীমা হ’লে কনিষ্ঠ অনভিজ্ঞ চিকিৎসকৰ ওচৰলৈ যাব পাৰিব আৰু বেছি মূল্যৰ বীমা থাকিলেহে অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ যাব পাৰিব, নিৰ্ধাৰিত কৰি দিয়া তাৰিখ আৰু সময় মতে৷ আমাৰ ইয়াৰ নিচিনা যেতিয়াই মন যায় ডাক্তৰৰ ওচৰলৈ যোৱা বা ফোন কৰাৰ নিয়ম নাই৷ 

আধুনিক চিকিৎসা বিজ্ঞান  অতি ব্যয়বহুল৷ সেই কাৰণে আমাৰ নিচিনা দেশৰ বাবে চৰকাৰী হাস্পতালসমূহ আৰু উন্নত হ’ব লাগে, যাতে বেছিভাগ লোকে বিনামূলীয়া কিন্তু উন্নত চিকিৎসা লাভ কৰিব পাৰে৷ যিসকলে চৰকাৰী হাস্পতাললৈ যাবলৈ নিবিচাৰে তেওঁলোকে কথাবোৰ বুজি স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰিব লাগে বা ধন খৰচৰ বাবে প্ৰস্তুত থাকিব লাগে৷ কাৰণ ইতিমধ্যে  কোৱাৰ দৰে চিকিৎসা বিজ্ঞানৰ ব্যয় বহু বাঢ়িছে৷ ডাক্তৰক ইয়াৰ বাবে দোষ দি  লাভ নাই৷ 

এইখিনিতে এটা কথা উনুকিওৱা ভাল হ’ব যে অভিজ্ঞ চিকিৎসকসকলে চিকিৎসাৰ ক্ষেত্ৰত কিছুমান নিয়ম মানি চিকিৎসা কৰে৷ কাৰণ প্ৰট’কল মানি কাম কৰিলে বহুতো সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ সেই কাৰণে অভিজ্ঞ চিকিৎসকসকলৰ চিকিৎসা পদ্ধতি সদায় প্ৰট’কল  মতেহে চলে, বেলেগে-বেমাৰীয়ে হয়তো উপলব্ধি নকৰিবও পাৰে৷ তৎক্ষণাৎ একো পৰীক্ষা-নিৰীক্ষা নকৰাকৈ চিকিৎসা কৰা চিকিৎসকজন ৰোগী বা ৰোগীৰ পৰিয়ালৰ মানুহে ভাল পাব পাৰে, কিন্তু চিকিৎসা বিজ্ঞানৰ মতে তেওঁ ভাল চিকিৎসক হ’ব নোৱাৰে৷ আজি একৈছ শতিকাত সাক্ষ্য নোহোৱাকৈ সকলো কাম অনুমানত কৰাৰ দিন নাই৷ প্ৰট’কল মতে চিকিৎসা কৰিলে ৰোগী আৰু চিকিৎসক উভয়ে নিৰাপদ হ’ব পাৰে৷