Logo
image

সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ

এইবাৰৰ আই পি এলত সকলোৰে দৃষ্টি থাকিব এজন ১৭ বছৰীয়া ক্ৰিকেটাৰৰ ওপৰত৷ ক্ৰিকেটাৰজন হৈছে আফগানিস্তানৰ স্পিনাৰ নুৰ আহমেদ৷ আই পি এলৰ নিলমাত গুজৰাট টাইটানছে ক্ৰিকেটাৰজনক ৩০ লাখ টকাত ক্ৰয় কৰিছে৷ ৰছিদ খানৰ পাছত গুজৰাট দলটোত নুৰ হ’ব দ্বিতীয়জন আফগান ক্ৰিকেটাৰ৷ তেওঁক প্ৰথমবাৰৰ বাবে আই পি এলত দেখা যাব৷ নুৰ আহমেদে এতিয়াও আফগানিস্তানৰ ছিনিয়ৰ দলৰ হৈ খেলাৰ সুযোগ পোৱা নাই৷ অনূধবৰ্ ১৯ বছৰৰ বিশ্বকাপত তেওঁ আছিল আফগানিস্তান দলৰ সদস্য৷ বিশ্বকাপত তেওঁ লাভ কৰিছিল ছটা উইকেট৷ আফগানিস্তানৰ ছিনিয়ৰ দলত খেলাৰ সৌভাগ্য নহ’লেও নুৰ আহমেদে ইতিমধ্যে খেলিছে কেৰিবিয়ান প্ৰিমিয়াৰ লীগ, পাকিস্তান ছুপাৰ লীগ  আৰু বিগ বেছ লীগত৷ আই পি এলৰ এইবাৰৰ ছীজনটো নুৰ আহমেদৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব৷ কিয়নো যুৱ ক্ৰিকেটাৰসকলৰ বাবে টুৰ্নামেণ্টখনে দিয়ে এখন ডাঙৰ মঞ্চ৷ টুৰ্নামেণ্টখনত ভাল প্ৰদৰ্শন দেখুৱাব পাৰিলে তেওঁৰ ক্ৰিকেট কেৰিয়াৰ বহু ওপৰলৈ যোৱাৰ সম্ভাৱনা থাকিব আৰু আই পি এলত প্ৰদৰ্শন ভাল হ’লে তেওঁৰ বাবে ৰাষ্ট্ৰীয় দলৰ দুৱাৰো খোল খাব পাৰে৷ আই পি এলত এতিয়ালৈকে আফগানিস্তানৰ কেইবাজনো ক্ৰিকেটাৰে খেলিছে আৰু এই তালিকাত শেহতীয়াকে যোগ দিছে নুৰ আহমেদে৷ ক্ৰিকেটাৰজনে এতিয়ালৈকে খেলিছে ৩৭খন টুৱেণ্টী২০ খেল আৰু লাভ কৰিছে ৩৫টা উইকেট৷ ২০১৫ চনতে তেওঁ অষ্ট্ৰেলিয়াৰ বিগ বেছ লীগত খেলিবলৈ চুক্তিবদ্ধ হৈছিল৷ আই পি এলৰ চতুৰ্দশ ছীজনত নুৰ  আহমেদ চেন্নাই ছুপাৰ কিংছৰ নেট বলাৰ হিচাপে আছিল৷ এইবাৰৰ আই পি এলত গুজৰাট টাইটানছৰ হৈ ক্ৰিকেটাৰজনে কেইখন খেলত সুযোগ পায় সেই কথা এতিয়াই ক’ব নোৱাৰি৷ কিন্তু আই পি এলৰ দৰে টুৰ্নামেণ্ট এখনত খেলিব পৰাটো তেওঁৰ বাবে এটা ডাঙৰ সুযোগ৷ আফগানিস্তানৰ ৰছিদ খান বৰ্তমান বিশ্বৰ অন্যতম শ্ৰেষ্ট স্পিনাৰ হিচাপে পৰিচিত৷  ৰছিদ খানৰ পৰা তেওঁ বহুখিনি শিকিব পাৰিব৷ বিশ্বৰ আগশাৰীৰ বেটাৰৰ সন্মুখত বলিং কৰিব পাৰিলে তেওঁ নিজৰ দুৰ্বল দিশবোৰো শুধৰাব পাৰিব৷ গুজৰাট টাইটানছে আই পি এলত প্ৰথমখন খেল খেলিব ২৮ মাৰ্চত আন এটা নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে৷