Logo
image

শব্দ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ

শব্দ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ

সুস্বাস্থ্যৰে জীয়াই থকাৰ বাবে নিৰিবিলি পৰিৱেশক এক মৌলিক বিষয় হিচাপে বিবেচনা কৰা হয়৷ বিশ্বব্যাপী শব্দ প্ৰদূষণ হ’ল মানসিক স্বাস্থ্যৰ বাবে এক বৃহৎ ভাবুকি স্বৰূপ৷ আমাৰ স্বাস্থ্য চাৰিওকাষৰ পৰিৱেশৰ দ্বাৰা প্ৰৱলভাৱে প্ৰভাৱিত হৈ থাকে, আৰু শব্দ আমাৰ এই পৰিৱেশৰ অন্যতম প্ৰধান উপাদান৷ সাম্প্ৰতিক সময়ৰ গৱেষণাৰ পৰা দেখা গৈছে, শব্দ প্ৰদূষণে নীৰৱে শিশুসকলৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰে৷ তদুপৰি শ্ৰৱণশক্তি হ্ৰাস, উচ্ছ ৰক্তচাপসহ মাৰাত্মক বহু ক্ষতিকাৰক ৰোগৰো প্ৰধান কাৰক হ’ল এই শব্দ প্ৰদূষণ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, শব্দ প্ৰদূষণ হৈছে শব্দৰ এনে এক অৱস্থা যি সাধাৰণ শব্দৰ স্বাভাৱিক মাত্ৰাতকৈ অধিক মাত্ৰাত এক নিৰ্দিষ্ট সময় ধৰি মানুহ বা আন প্ৰাণীৰ স্বাভাৱিক জীৱনক বেয়াকৈ প্ৰভাৱিত কৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপত শব্দ প্ৰদূষণৰ সৰ্বোচ্ছ গ্ৰহণযোগ্য মাত্ৰা হ’ল ৭০ ডেচিবল্‌ [এয়া নিৰ্ভৰ কৰে মানুহ বা আন প্ৰাণীয়ে ঠিক কিমান সময় এই শব্দৰ কাষত আছিল]৷ একেৰাহে আঠ ঘণ্টা নিতৌ ৮৫ ডেচিবল্‌ শব্দৰ ওচৰত থকা কাৰোবাৰ কাৰোবাৰ বাবে অতি বিপজ্জনক৷ 

 শব্দ প্ৰদূষণৰ প্ৰধান কাৰণ

আৱাসিক এলেকাত বিভিন্ন ধৰণে শব্দ প্ৰদূষণ হয়৷ যেনে– ১] পথত চলি থকা বাছ, ট্ৰাক, এম্বুলেন্স আদিৰ উচ্ছ মাত্ৰাত বজোৱা হৰ্ণৰ শব্দ, ২] নিৰ্মাণ কাৰ্যত ব্যৱহূত নানা যন্ত্ৰপাতিৰ বিকট শব্দ, ৩] বিমান বন্দৰত বিমান উড়ন আৰু অৱতৰণৰ সময়ত সৃষ্টি হোৱা উচ্ছ শব্দ, ৪] বিৰতি নোহোৱাকৈ মাইক বজোৱা বা লাউড স্পীকাৰৰ শব্দ, ৫] কল-কাৰখানাৰ জেনেৰেটৰ, ফেন কমেপ্ৰেছৰ আৰু বৃহৎ যন্ত্ৰপাতিৰ পৰা সৃষ্ট উচ্ছ শব্দ, ৬] ৰেল ষ্টেচনৰ শব্দ, জ্জ] ঘৰৰ কম্পিউটাৰ, টেলিভিশ্বন আদিত উচ্ছ শব্দত গান শুনা তথা ভেকুৱাম ক্লিনাৰ, ওৱাচিং মেচিন আদিৰ পৰা সৃষ্ট শব্দ আদি৷ বিশেষজ্ঞসকলৰ মতে, শব্দ প্ৰদূষণ এক নীৰৱ ঘাটক৷ ই শাৰীৰিক আৰু মানসিক উভয় ক্ষেত্ৰতে ব্যাপক ক্ষতিসাধন কৰি থাকে৷ গুটেনবাগ হেল্থ ষ্টাডিৰ [জি এইচ এচ] তৰফৰ পৰা ৩৫-৭৪ বছৰ বয়সৰ প্ৰায় ১৫ হাজাৰ মানুহক লৈ শব্দ প্ৰদূষণৰ ওপৰত এটা গৱেষণা চলোৱা হৈছিল৷ বিশেষকৈ বিমান বন্দৰ, ৰেল ষ্টেছন, ট্ৰেফিকৰ ভিৰ থকা এলেকাত কৰা এই গৱেষণাত দেখা গৈছিল, আন আন এলেকাৰ বাসিন্দাতকৈ এনে ঠাইৰ বাসিন্দাৰ হতাশা, দুশ্চিন্তা আদি বহু বেছি৷ ইয়াৰ প্ৰধান কাৰণ হ’ল শব্দ প্ৰদূষণ৷ উদ্বেগজনক কথাটো হ’ল বিমান বন্দৰৰ আশে পাশে থকা ৬০ শতাংশ লোকৰে এই সমস্যাই দেখা দিয়ে৷ ইয়াৰ পৰা বুজিব পাৰি শব্দ প্ৰদূষণে মানুহৰ সুন্দৰ জীৱন আৰু সুস্বাস্থ্যক বাধাগ্ৰস্ত কৰে৷ হূদৰোগ আৰু উচ্ছ ৰক্তচাপৰ সৈতেও শব্দ প্ৰদূষণৰ ভাল এক যোগসূত্ৰ আছে৷ ইণ্ডিয়ান চেণ্টেল পলিউছন কণ্ট্ৰ’ল ব’ৰ্ডৰ [চি পি চি বি] ২০১৬ চনত প্ৰকাশিত এক তথ্যমতে শব্দৰ উচ্ছমাত্ৰাই হূদযন্ত্ৰৰ ক্ৰিয়াত বাধাৰ সৃষ্টি কৰে আৰু ৰক্তচাপ বৃদ্ধি কৰে৷ তাৰ উপৰি শব্দ প্ৰদূষণৰ ফলত মানুহৰ কাৰ্ডিঅ’ভাচ্‌কুলাৰ প্ৰাব আৰু কৰোনাৰী আৰ্টাৰী ডিজিজ্‌ হোৱাৰ সম্ভাৱনীয়তা বৃদ্ধি পায়৷ অপ্ৰয়োজনীয় অতিৰিক্ত শব্দই মানুহৰ শাৰীৰিক আৰু স্বাভাৱিক মানসিক কাৰ্যকলাপ বাধাগ্ৰস্ত কৰে৷ আন এক গৱেষণাত দেখা গৈছে, যান-বাহনসৃষ্ট শব্দ প্ৰদূষণৰ ফলত ইউৰোপত প্ৰতিবছৰে দুই লাখ দহ হাজাৰৰো অধিক মানুহৰ মৃত্যু হয়৷ চায়েন্স অৱ টোটেল এন্‌ভাইৰন্‌মেণ্টৰ ২০০৭ চনৰ এক তথ্য মতে, হূদৰোগত আক্ৰান্ত মৃত মহিলাৰ ৮০ শতাংশৰে মৃত্যুৰ কাৰণ শব্দ প্ৰদূষণ৷ শব্দ প্ৰদূষণ হূদৰোগত আক্ৰান্ত মহিলাসকলৰ বাবে মাৰাত্মক ক্ষতিকৰ৷ ধবনিতত্ব বিভাগৰ প্ৰফেচৰ ডাঃ ইয়ন কিঙৰ মতে, শিশুসকলৰ ওপৰত শব্দৰ প্ৰভাৱ সম্পৰ্কে অধ্যায়ন কৰি দেখা গৈছে, শব্দ প্ৰদূষণে শিশুসকলৰ অকল পঢ়াশুনাত ব্যাঘাত জন্মোৱাই নহয়, বিভিন্ন সমস্যা সমাধানত ব্যৰ্থতা, স্মৃতিশক্তি দুৰ্বল কৰা, শ্ৰৱণশক্তি হ্ৰাস কৰা আদি কাৰ্যতো সহায় কৰে৷ শব্দ প্ৰদূষণৰ প্ৰভাৱ বহু ক্ষেত্ৰত শিশুসকলৰ বাবে স্থায়ী হোৱাও দেখা যায়৷ মানসিক ভাৰসাম্যহীনত শব্দপ্ৰদূষণে মানুহৰ স্বাভাৱিক কাৰ্যকলাপত বাধাৰ সৃষ্টি কৰে আৰু অতি দ্ৰুত গতিত মানুহক ভাৰসাম্যহীন কৰি তোলে৷ শ্ৰৱণশক্তি কমি যোৱাৰ বাবে শব্দপ্ৰদূষণকে প্ৰধানতঃ দায়ী কৰা হয়৷ উদাহৰণস্বৰূপে হেডফোন লগাই উচ্ছ স্বৰত গান শুনা, কৰ্মস্থলত ড্ৰিলিঙৰ তীব্ৰ শব্দ, অধিক যান জঁট প্ৰৱণ এলেকাত অৱস্থান আদি কাৰ্যৰ বাবে পৰ্যায়ক্ৰমে মানুহৰ শ্ৰৱণশক্তি দুৰ্বল হৈ পৰে৷ শব্দৰ মাত্ৰাৰ বিপদসীমা হ’ল, প্ৰাপ্তৱয়স্কৰ বাবে ১৪০ ডেচিবল আৰু শিশুৰ বাবে ১২০ ডেচিবল৷ সাধাৰণতে আৱাসিক এলেকাত যদি যানবাহনৰ আহ-যাহ বেছি থাকে তেতিয়াহ’লে নিশাৰ ভাগত শব্দৰ মাত্ৰা গ্ৰহণযোগ্য মাত্ৰাতকৈ বেছি হয় আৰু টোপনিত ব্যাঘাত জন্মায়৷ ডাঃ ইয়ন কিঙৰ মতে, শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ সবাতোকৈ কাৰ্যকৰী উপায় হৈছে ইয়াৰ উৎসক নিয়ন্ত্ৰণ কৰা৷ আমি যদি শব্দহীন ৰেল, বাছ বা বিমানত চলাচল কৰিব পাৰিলোহেঁতেন তেতিয়াহ’লে এই সমস্যাৰ বেছিভাগেই সমাধান হৈ গ’লহেতেন৷ শব্দ প্ৰদূষণৰ উৎসবিলাকৰ পৰা শব্দৰ তীব্ৰতা কমাব পাৰিলেই অকাল মৃত্যু হ্ৰাস তথা সাধাৰণ জনতাৰ স্বাস্থ্য আৰু সুস্থতাৰ উন্নতি ঘটিব৷ বিশ্বৰ সবাতোকৈ আলোচিত চহৰ হিচাপে খ্যাত মুম্বাইত শব্দ প্ৰদূষণৰ মাত্ৰা কমাই অনাৰ বাবে প্ৰধান টাৰ্গেট কৰি লোৱা হৈছিল ইয়াৰ যান-বাহনসমূহক৷ বিভিন্ন নিষেধাজ্ঞা আৰু জৰিমনা আদিৰ ব্যৱস্থা কৰি এই বিষয়ত যথেষ্ট সুফল ইতিমধ্যে পোৱা গৈছে৷ ইয়াৰোপৰি প্ৰতি বছৰে মহাৰাষ্ট্ৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা ৰাইজৰ মাজত যান-বাহনৰ বাবে সৃষ্ট শব্দ প্ৰদূষণৰ ওপৰত নানা সজাগতামূলক কাৰ্যসূচীও অনুষ্ঠিত কৰি অহা দেখা গৈছে৷ পেৰিছতো ২০১৫ চনৰ পৰা যান-বাহনৰ পৰা সৃষ্ট শব্দ প্ৰদূষণৰ ওপৰত বিভিন্ন কঠোৰ আইন প্ৰণয়ন কৰা হৈছে৷ ৰাজধানী চহৰখনত ৩০ শতাংশ গাড়ী চলাচলত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত নাটকীয়ভাৱে শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণ কমি আহিছে৷ তাত সম্প্ৰতি বছৰত এটা দিন গাড়ীমুক্ত দিৱস উদ্‌যাপন কৰা হয়৷ আমাৰ দৰে দেশতো এনে কাৰ্যসূচী গ্ৰহণ কৰিব পাৰি৷ শব্দ প্ৰদূষণৰ ওপৰত ৰাইজক সজাগ কৰাৰ কোনো ব্যৱস্থা আমাৰ পৰিবহন বিভাগৰ নাই৷ অকল ঠাই বিশেষে ন’হৰ্ণ জোন ঘোষণাতে সকলো সীমাৱদ্ধ৷ আজি ভাৰতৰ অন্যান্য নগৰ-চহৰৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰতো যান-বাহনৰ অনিয়ন্ত্ৰিত শব্দ প্ৰদূষণে সাধাৰণ নাগৰিকৰ টোপনি হৰিছে৷ এই ক্ষেত্ৰত প্ৰশাসনৰ সোপাধিলা নীতি-নিৰ্দেশনাকে আমি জগৰীয়া কৰিব পাৰো৷ ইতিমধ্যে ইলেক্ট্ৰনিক পৰিবহন ব্যৱস্থাক উদগনি দিয়াৰ কথা কেন্দ্ৰীয় চৰকাৰে কৈছে৷ কিন্তু এনে আঁচনিসমূহ সাধাৰণ জনগণৰ বোধগম্য কৰাব পাৰিব লাগিব৷ অকল এনে বাহন বিক্ৰীৰ কথা কৈ আহিলেই নহ’ব৷ প্ৰয়োজন হ’ব পৰ্যাপ্ত পৰিমাণৰ ৰিচাৰ্জ পইন্ট, ছাৰ্ভিচিং পইন্ট, আদিৰো৷ যাৰ অভাৱত আজিও গ্ৰাহকে ইলেক্ট্ৰনিক বাহনৰ প্ৰতি আগ্ৰহ দেখুওৱা নাই৷ গাড়ীৰ গতি ৰোধ কৰিব পাৰিলেও শব্দ প্ৰদূষণ কমে৷ গৱেষণাত প্ৰমাণিত হৈছে, চহৰসমূহত গছ-গছনি লগাই সেউজ কৰি তুলিব পাৰিলে বায়ুস্তৰৰ উন্নতি ঘটে আৰু মানসিক স্বাস্থ্যৰো উন্নতি ঘটে৷ ব্যস্ত চহৰসমূহত শব্দ প্ৰদূষণৰ বিৰুদ্ধে এয়া এক কাৰ্যকৰী উপায়৷ কাৰণ গছ-গছনিয়ে শব্দ শোষণ কৰে তথা আৱাসিক এলেকাৰ ভিতৰত বাফাৰ এলেকা সৃষ্টি কৰিব পাৰে৷

ব্যক্তিগত পৰ্যায়ত কৰণীয়

১. য’ত শব্দমাত্ৰা অধিক তাত ‘ইয়াৰ প্লাগ’ব্যৱহাৰ কৰক৷

২. নিশা ঘৰত শব্দৰ তীব্ৰতা প্ৰায় ৩৫ ডেচিবল আৰু দিনৰ ভাগত ৪০ ডেচিবলত সীমাৱদ্ধ ৰাখক৷

৩. আৱাস গৃহ যিমান সম্ভৱ ৰেললাইন বা বিমান বন্দৰ, ৰাষ্ট্ৰীয় ঘাইপথ আদিৰ পৰা দূৰত নিৰ্মাণ কৰক৷

৪. দীৰ্ঘসময়ৰ বাবে ‘ইয়াৰ ফোন’ব্যৱহাৰ নকৰিব৷ উচ্চ স্বৰত ইয়াৰফোনত গান শুনা অভ্যাস পৰিত্যাগ কৰক৷

৫. উচ্চ শব্দৰ এলেকাসমূহ এৰাই চলক৷