Logo
image

যুদ্ধৰ দাৱানলত বিধবস্ত অৰ্থনীতি, ত্ৰস্ত জনতা

ৰাছিয়াই বান্ধি দিয়া চৰ্ত ইউক্ৰেইনে মানি নোলোৱাৰ বাবেই ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ সৈন্যই সমগ্ৰ বিশ্বক হতবাক কৰি ইউক্ৰেইন আক্ৰমণ কৰিলে৷ ৰাছিয়াই আক্ৰমণ কৰাৰ আগতে বাৰে বাৰে ইউক্ৰেইনক সকীয়নি দি আছিল যদিও এনেদৰে হঠাৎ আক্ৰমণ কৰিব বুলি কোনো দেশে ভাবিব পৰা নাছিল৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ মূল কাৰণ হ’ল– ইউক্ৰেইন নৰ্থ আটলাণ্টিক ট্ৰিটী অৰ্গেনাইজেশ্বন, চমুকৈ নাটোৰ সদস্য হ’ব বিচাৰে বা তেওঁলোকক ইয়াৰ সদস্য হ’বলৈ আমেৰিকাৰ দ্বাৰা প্ৰৰোচিত কৰা হৈছে৷ নৰ্থ আটলাণ্টিক ট্ৰিটী অৰ্গেনাইজেশ্বনৰ মূল চালিকা শক্তি আমেৰিকা৷ শীতল যুদ্ধৰ সময়ত ইতিমধ্যে আমেৰিকাই ৰাছিয়াৰ বৃহৎ ক্ষতি কৰিছে৷ যদি ইউক্ৰেইন নৰ্থ আটলাণ্টিক ট্ৰিটী অৰ্গেনাইজেশ্বনৰ সদস্য হৈ পৰে,তেন্তে ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইন আমেৰিকাৰ ৰম্যভূমি হৈ পৰিব৷ আমেৰিকা ৰাছিয়াৰ আজীৱন শত্ৰু৷ ইউক্ৰেইনক ঢাল হিচাপে লৈ আমেৰিকাই ৰাছিয়াক নিয়ন্ত্ৰণ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাদিমিৰ পুটিনে ভাবিছে৷ পুটিনৰ মতে,ইউক্ৰেইন নিজাববীয়াকৈ ভালদৰে থাকক৷ নৰ্থ আটলাণ্টিক ট্ৰিটী অৰ্গেনাইজেশ্বনৰ সদস্য পদ নলৈ আমেৰিকাক তেওঁলোকৰ মাজত প্ৰৱেশ কৰিবলৈ সুবিধা নিদি নিজৰ দেশৰ উন্নতি কৰক৷ অৰ্থাৎ তৃতীয় পক্ষক, বিশেষকৈ আমেৰিকাক তেওঁলোকৰ মাজত সোমাবলৈ অজুহাত নিদিয়ক৷ ইউক্ৰেইনে যদি ৰাছিয়াৰ এই কথাটোত মান্তি হ’লহেঁতেন, তেন্তে যুদ্ধ হয়তো নহ’লহেঁতেন৷ কিন্তু বৰ্তমান ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেেলনস্কি নাটোৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হোৱা দেখা যায়৷ যাৰ ফলত জেেলনস্কিয়ে পুটিনৰ কথাত মান্তি নহ’ল৷ ইউক্ৰেইন এখন সাৰ্বভৌম ৰাষ্ট্ৰ৷ নিজৰ দেশৰ ভাল-বেয়া চিন্তা কৰিবলৈ তেওঁলোকৰ অধিকাৰ নিশ্চয় আছে৷ তেওঁলোকে নিজৰ দেশৰ বাবে কি পদক্ষেপ ল’ব তাত তৃতীয় দেশে মাত মতাৰ অধিকাৰ নিশ্চয় নাই৷ কিন্তু ৰাছিয়াই নিজৰ দেশৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ইউক্ৰেইনক হেঁচা প্ৰয়োগ কৰিছে, যাতে তেওঁলোকে ৰাছিয়াৰ কথা মানি লয়৷ কিন্তু ইউক্ৰেইনে কথাটো মানি নোলোৱাত ইউক্ৰেইনক আক্ৰমণ কৰিছে৷ ইয়াৰ ফলত আজি দুয়োখন দেশৰ মাজত যুদ্ধ হৈ আছে আৰু এই যুদ্ধ কেতিয়া সমাপ্ত হ’ব তাৰ সম্ভাৱনা বৰ্তমান  দেখা নাই৷ দুজন ৰাষ্ট্ৰপতিৰ ভুল সিদ্ধান্তৰ ফল দুখন দেশৰ সাধাৰণ নাগৰিকৰ লগতে পৃথিৱীৰ আন দেশৰ জনতায়ো ভুগিছে৷ অৱশ্যে,এই যুদ্ধখনৰ বাবে আমেৰিকাও আওপকীয়াকৈ সমানেই জগৰীয়া যেন লাগে৷ পৃথিৱীৰ অধিকাংশ আধুনিক যুদ্ধৰ মূল খলনায়ক বাৰে বাৰে আমেৰিকা হৈ আহিছে৷ যুদ্ধ হোৱা মানেই তৈলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা৷ যুদ্ধ মানেই অস্ত্ৰ-শস্ত্ৰৰ বিক্ৰী বৃদ্ধি হোৱা৷ আজিৰ তাৰিখত আমেৰিকাৰ মূল ব্যৱসায় হ’ল অস্ত্ৰ-শস্ত্ৰ আৰু তৈলজাত সামগ্ৰীৰ বিক্ৰী৷ যিমানেই যুদ্ধ হ’ব সিমানেই আমেৰিকাৰ লাভ হ’ব৷ হয়তো সেইবাবেই আমেৰিকাই বাৰে বাৰে পৃথিৱীৰ বিভিন্ন দেশৰ মাজত আওপকীয়াকৈ যুদ্ধৰ বীজ  সিঁচি দিয়ে, যাতে তেওঁলোক ইয়াৰ দ্বাৰা লাভৱান হ’ব পাৰে৷ ইতিমধ্যে খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ সৃষ্টি কৰিছে৷ যুদ্ধৰ আগতে য’ত খাৰুৱা তেলৰ মূল্য আছিল প্ৰতি বেৰেলত ৮০ ডলাৰ,যুদ্ধৰ পাছত সেয়া হ’লগৈ ১২০ ডলাৰ৷ অৰ্থাৎ প্ৰায় পঞ্চাছ শতাংশ মূল্যবৃদ্ধি হ’ল মাত্ৰ এখন যুদ্ধ হোৱাৰ লগে লগে৷ খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ লগে লগে ইয়াৰ তাৎক্ষণিক প্ৰভাৱ দেখিবলৈ পোৱা গ’ল সকলোধৰণৰ নিত্য-নৈমিত্তিক প্ৰয়োজনীয় সামগ্ৰীত৷ ইয়াৰ ফলস্বৰূপে সাধাৰণ জনতা, বিশেষকৈ মধ্যবিত্ত আৰু নিম্নবিত্ত মানুহখিনিক ই আকৌ এবাৰ  জুৰুলা কৰিলে৷ সাধাৰণ মানুহখিনিয়ে যোৱা দুটা বছৰত কৰ’নাই বিধবস্ত কৰা ব্যৱসায়-বাণিজ্য আৰু অৰ্থনীতিক পুনৰ এবাৰ ঠন ধৰাবলৈ চেষ্টা কৰোঁতেই ভূতৰ ওপৰত দানহ পৰাদি এই যুদ্ধখন আৰম্ভ হ’ল৷  

কৰ’না মহামাৰী তৃতীয় বিশ্বৰ দেশসমূহৰ বাবে এক অভিশাপ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে৷ পৃথিৱীৰ বহু দেশ বৰ্তমান  গভীৰ অৰ্থনৈতিক সংকটৰ মাজেদি পাৰ হৈছে৷ এই দেশসমূহৰ সাধাৰণ জনতাই প্ৰয়োজনীয় খাদ্যসামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ ইয়াৰ মাজতে এই যুদ্ধখন আৰম্ভ হোৱাৰ লগে লগে এই দেশসমূহৰ বিত্তীয় সংকটে আৰু অধিক ভয়াৱহ ৰূপ লৈছে৷ আমাৰ প্ৰতিৱেশী দেশ শ্ৰীলংকাত বৰ্তমান অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলগীয়া হৈছে৷ বৰ্তমান শ্ৰীলংকাৰ অৰ্থনীতি প্ৰায় বিধবস্ত হৈছে৷ শ্ৰীলংকাৰ বৰ্তমান অৱস্থা এনেকুৱা হৈছে যে দেশখনত প্ৰয়োজন হোৱা খাৰুৱা তেল কিনিবলৈ টকাৰ অভাৱ হৈছে৷ সাধাৰণ জনতাৰ বাবে প্ৰয়োজনীয় খাদ্য, ঔষধ আদিৰ অভাৱ পৰিলক্ষিত হৈছে৷ ১২-১৩ ঘণ্টা বিজুলী সৰবৰাহ বন্ধ কৰিবলগীয়া হৈছে৷ ইয়াৰ পৰিণতিস্বৰূপে সাধাৰণ জনতাই দেশৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হৈছে৷ সান্ধ্য আইন বলৱৎ হৈছে৷ এক কথাত শ্ৰীলংকাৰ জনসাধাৰণে বৰ্তমান অতি ভয়াৱহতাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ অৱশ্যে,শ্ৰীলংকাৰ এই অৰ্থনৈতিক বিপৰ্যয়ৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ কিছুমান অদূৰদৰ্শী ভুল নীতিও সমানেই জগৰীয়া৷ 

আমাৰ আন এখন প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাও বৰ্তমান বিশেষ এটা ভাল নহয়৷ পাকিস্তানো বৰ্তমান গভীৰ অৰ্থনৈতিক সংকটত ভুগিবলগীয়া হৈছে৷ বৰ্ধিত খাৰুৱা তেল আৰু খাদ্যসামগ্ৰীৰ মূল্যই দেশখনৰ সাধাৰণ জনতাক বাৰুকৈয়ে জুৰুলা কৰিছে৷ প্ৰধানমন্ত্ৰী ইমৰান খানে দেশৰ সাধাৰণ জনতাক সাময়িক সকাহ দিবলৈ লোৱা কিছুমান ভুল নীতিৰ বাবে এই সংকট আৰু অধিক গভীৰ হ’ল৷ ইয়াৰ ফলস্বৰূপে বৰ্তমান প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে জনতাৰ মাজত বিক্ষোভ স্পষ্টভাৱে দেখা গৈছে৷ ইতিমধ্যে সংসদত তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ পাৰিত হৈছে আৰু হয়তো তেওঁক ক্ষমতাৰ পৰা আঁতৰাব৷

বৰ্তমান মূল্যবৃদ্ধিয়ে ভাৰতৰ জনসাধাৰণকো জুৰুলা কৰিবলৈ আৰম্ভ কৰিছে৷ প্ৰতিদিনে বৰ্ধিত খাৰুৱা তেলৰ মূল্যই আন সামগ্ৰীৰ লগতে নিত্য ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে৷ ভাৰত চৰকাৰে দেশখনৰ জনসাধাৰণক সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে আমেৰিকা আৰু আন দেশৰ প্ৰতিবন্ধকতাৰ প্ৰতি wnক্ষেপ নকৰি ৰাছিয়াৰ পৰা কম মূল্যত খাৰুৱা তেল কিনিবলৈ চুক্তি সম্পন্ন কৰিছে৷ এইটো এটা ভাল পদক্ষেপ বুলিয়েই ক’ব পাৰি৷ অৱশ্যে,ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ পাছতো কিন্তু খাৰুৱা তেল আৰু ৰন্ধন গেছৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ ভাৰত চৰকাৰ সমৰ্থ হোৱা পৰিলক্ষিত হোৱা নাই৷ ২২ মাৰ্চৰ পৰা প্ৰতিদিনে প্ৰায় ৮০ পইচাকৈ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হৈছে৷ আৰু এনেদৰে যদি পে¸ট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈ থাকে, তেন্তে ভাৰততো গভীৰ অৰ্থনৈতিক সংকটে দেখা দিয়াৰ সম্ভাৱনা দেখা গৈছে৷ সেয়ে ভাৰত চৰকাৰে সময় থাকোঁতেই এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ চেষ্টা কৰা উচিত৷ অন্যথা শ্ৰীলংকা আৰু পাকিস্তানৰ দৰেই ভাৰত চৰকাৰো জনতাৰ ৰোষৰ বলি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷