Logo
image

বিশ্বায়নৰ বজাৰত অসমৰ কাজিনেমু

বিশ্বৰ বজাৰত কাজিনেমুৰ মহত্বৰ বিষয়ে প্ৰথম শুনিছিলোঁ আজিৰ পৰা প্ৰায় ২৫ বছৰ আগতে যুক্তৰাষ্ট্ৰৰ বিশিষ্ট স্থপতিবিদ তথা নিভাঁজ অসমীয়া চন্দন মহন্তৰ চৌহদত কৰা বাৰ্তালাপত৷ মিছৰী নদীৰ পাৰত থকা তেওঁৰ বাসস্থানৰ চৌহদত আছে অসমত উপলব্ধ সচৰাচৰ সকলো উদ্ভিদ তথা পাচলি৷ ভেদাইলতাৰ পৰা কাজিনেমুলৈ৷ বিভিন্ন প্ৰক্ৰিয়াৰে তেওঁ এইবোৰ সংগ্ৰহ তথা ৰোপণ কৰি ৰাখিছে৷ তেওঁৱেই প্ৰথম কৈছিল যে বিশ্বৰ যিকোনো দেশত হ’ব পৰা কাজিনেমুৰ গুণগত মান্যতা আৰু গ্ৰহণযোগ্যতা৷ আমাৰ অসমত উপলব্ধ এই কাজিনেমুৰ বিশেষত্ব হ’ল ইয়াত থকা ৰসৰ পৰিমাণ আৰু গোন্ধ৷ এই দুই গুণৰ বাবে সম্ভৱ হৈছে বিশ্বৰ বজাৰত ভুমুকি মাৰিবলৈ৷ এতিয়া অসম ভ্ৰমণ কৰা প্ৰায় যাত্ৰীয়ে লগত লৈ যায় কাজিনেমু,যিটো আছিল আগতে চাহপাতৰ টোপোলা লৈ যোৱাৰ অভ্যাস৷

যোৱা দেওবাৰে গুৱাহাটীৰ বজাৰত সততে উপলব্ধ কাজিনেমুৰ উৎপাদনৰ উৎস বিচাৰি গৈছিলোঁ চামগুৰি ব্ৰহ্মচাৰী সত্ৰ গাঁৱলৈ৷ গাঁওখনৰ প্ৰায় ১৫০ ঘৰ মানুহেই খেতি কৰে কাজিনেমুৰ৷ এসময়ত এই গাঁওখন শাক-পাচলিৰে আছিল নদন-বদন, কিন্তু সমীপৰ হাবিৰ পৰা অহা বান্দৰৰ উৎপাতত বাধ্য হৈ সলনি কৰিলে কৃষিৰ পদ্ধতি আৰু আৰম্ভ হ’ল কাজিনেমুৰ খেতি৷ প্ৰত্যেক ঘৰ মানুহৰ এতিয়া পাঁচৰ পৰা পোন্ধৰ বিঘাকৈ মাটিত আছে নেমু খেতি৷ খেতিয়কৰ ভিতৰত আছে  গাঁওখনৰ কেইবাজনো স্নাতক ডিগ্ৰীধাৰী যুৱক৷ মুঠ প্ৰায় ৪০০ বিঘা মাটিত ওলমি আছে কাজিনেমু৷ লগ পালোঁ হীৰেন কলিতা, প্ৰমোদ কুমাৰ শৰ্মাক৷ দুয়োজনে উচ্চশিক্ষিত আৰু বৰ্তমান পূৰ্ণকালীন নেমু খেতিয়ক৷ তেওঁলোকে বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন কৰে গছে প্ৰতি বছৰে প্ৰায় ১৫ পোন, অৰ্থাৎ ৰ,২০০১ পৰা ৰ,৩০০টালৈ নেমু৷ ব’হাগৰ পৰা ভাদ মাহলৈ তেওঁলোকৰ উৎপাদন তুংগত থাকে যদিও ডিচেম্বৰৰ পৰা মাৰ্চ মাহলৈহে তেওঁলোকে বজাৰত ভাল দাম পায়৷ এই সময়ছোৱাত যথেষ্ট সময় আৰু যত্ন ল’ব লাগে উৎপাদনৰ বাবে৷ প্ৰয়োগ কৰিব লাগে যথেষ্ট পানী আৰু সাৰ৷ কাজিনেমুৰ গুণাগুণৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ত এক বিশেষ গৱেষণা চলি আছে যোৱা কিছুবছৰ ধৰি৷ প্ৰফেছাৰ যোগেন কলিতাই এই ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে৷ গাঁওবাসীৰ অভিযোগ,চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এইসকল থলুৱা নেমু খেতিয়কক৷ নাই কোনো বিক্ৰীৰ ব্যৱস্থাপনা৷ মধ্যভোগীৰ ওপৰতে সপিব লাগে তেওঁলোকৰ উৎপাদিত ফচল৷ তথাপি তেওঁলোক আশাত বন্দী,চৰকাৰী আঁচনিত৷ এটেনশ্বন কৃষিমন্ত্ৰী,আপুনি প্ৰত্যেক সপ্তাহত অহা-যোৱা কৰে তেওঁলোকৰ গাঁওখনৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথেদি আপোনাৰ সমষ্টিলৈ৷ এবাৰ ভুমুকি মাৰক এই নিভাঁজ থলুৱা নেমু খেতিয়কৰ গাঁওখনলৈ৷