Logo
image

হাৰ্লী ডেভিডছন স্বত্বাধিকাৰী গোটৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ডাৰ্ক ৰাইড (Dark Rides)

আমাৰ অসম, ২২ নৱেম্বৰঃ হাৰ্লী ডেভিডছন স্বত্বাধিকাৰী গোটৰ উদ্যোগত চলোৱা হয় ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ডাৰ্ক ৰাইড (Dark Rides)। ভাৰতৰ হাৰ্লী ডেভিডছনৰ ডিলাৰসকলৰ সমৰ্থনত উলিওৱা হয় এই ৰেলী। আমেৰিকাই ভাৰতত হঠাৎ হাৰ্লী ডেভিডছনৰ পৰিচালন বন্ধ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত দিল্লীকে ধৰি দেশৰ ১৪ খন চহৰত উলিওৱা এই ৰেলীত অংশগ্ৰহণ কৰে হাৰ্লী ডেভিডছনৰ ব্ৰেণ্ড এম্বেছাডৰসকলে। দেওবাৰে পুৱা গুৱাহাটীৰ লগতে লুধিয়ানা, ছণ্ডিগড়, দেৰাদোন, লক্ষ্ণৌ, দিল্লী, গুৰগাওঁ, জয়পুৰ, ইন্দোৰ, ভূপাল, ৰায়পুৰ, কলকাতা, ভুৱনেশ্বৰ আৰু মুম্বাই চহৰত সমৱেত হয় ৰেলীত অংশগ্ৰহণ কৰা শ শ ৰাইডাৰ।