Logo
image

অতি সংকটজনক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য

আমাৰ অসম, ২৩ নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৱস্থা অতিসংকটজনক। পুৱা এই কথা প্ৰকাশ কৰিছে GMCHৰ অধীক্ষক অভিজিত শৰ্মাই। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰি ৰাজ্যজুৰি প্ৰাৰ্থনা। বহু ৰাজনীতিকৰ লগতে অসংখ্য গুণমুগ্ধই ভিৰ কৰিছে জিএমচিএইছৰ চৌহদ। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, চিকিৎসকৰ হাতত এতিয়া একো নাই৷ সকলো ভগৱানৰ হাতত৷ পৰিস্থিতি যথেষ্ট শোচনীয়৷ ইয়াৰ পৰা ঘূৰাই অনাটো টান।