Logo
image

অসমীয়াৰ স্বাভিমান তাঁতশাল

অসমীয়া জাতিৰ দেহে-মনে খিট্‌ খিট্‌ কৈ বাজি থকা অনুপম শব্দটিয়েই হ’ল তাঁতশাল৷ অসমীয়াৰ অতি আদৰৰ-অতি হেপাঁহৰ তাঁতশালখন অসমৰ অৰ্থনৈতিক জীৱনৰ এক এৰাব নোৱাৰা সম্পদ৷ স্বাৱলম্বনৰ বাট কাটি কাটি তাঁতশালখনে বহুজনক দিছে জীৱিকাৰ সেন্দূৰীয়া আলি৷ নিৰ্জন দুপৰীয়াৰ নিৰ্জনতা ভেদি গাঁৱৰ আকাশ বতাহ মুখৰিত হৈ পৰে তাঁতশালৰ মাকোৰ খিট্‌ খিটনিত৷ ফাগুনৰ নাঙঠ লঠঙা গছে মূৰ পোনাই থকা সময়তে ৰিঙা ৰিঙা মন লৈ শিপিনী ব্যস্ত হৈ পৰে তাঁতশালত সৰগৰ সপোন ৰচাত৷ চেনেহৰ দীঘ দি মৰমৰ বাণি দি চানেকি গঢ়িবলৈ ব্যাকুল হৈ পৰে শিপিনী৷ সূতা ক্ৰয় কৰা, সূতা সিজাই ৰ’দত দিয়া, যঁতৰত সূতা লোৱা, বাটি কাঢ়া, ৰাহত সূতাৰ আগ সোমাই দিয়া আদি কামৰ যেন লেখ-জোখ নাই শিপিনীৰ বাবে৷ এইছোৱা সময়ৰ কাম সামৰি শেষ নোহোৱা পৰ্যন্ত শিপিনীৰ গাত তৎ নাইকিয়া হয়৷ মন-প্ৰাণ আনন্দত উদবাউল হৈ পৰে আৰু সমস্ত আবেগ-অনুভূতি ঢালি দি হেপাঁহৰ বিহুৱান ববলৈ সাজু হৈ পৰে শিপিনী৷

তাঁতশালৰ বুকুতেই শিপিনীয়ে ৰচিব পাৰে সপোন৷ সেই সপোনক বাস্তৱিক ৰূপ দিয়াই যেন শিপিনীৰ প্ৰধান ধৰ্ম৷ শিপিনীয়ে হেপাঁহ পলুৱাই সেয়ে গায়–

‘অতিকৈ চেনেহৰ          মুগাৰে মহুৰা

তাতোকৈ চেনেহৰ মাকো;

তাতোকৈ চেনেহৰ           বহাগৰ বিহুটি

নেপাতি কেনেকৈ থাকো৷’

  শিপিনীৰ তাঁতশালখন দেখি এসময়ত মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল ‘অসমৰ শিপিনীয়ে তাঁতশালত সৰগৰ সপোন ৰচে’৷ নিৰক্ষৰ জীয়ৰী-বোৱাৰীয়েও সেয়ে তাঁতশালৰ বুকুত একমাত্ৰ কল্পনা শক্তিৰ বলত এশ, ডেৰশ,তিনিশ কাঠিৰ ফুল গামোচা,চাদৰ-মেখেলাত বাচে৷ ৰঙীন সূতা আৰু গুণাৰে মিনা কৰি চালি ধৰা ময়ূৰ, উৰি থকা চৰাই আদি অনন্য ৰূপত দাঙি ধৰে৷ গছ-লতা-ফুল,চৰাই-চিৰিকতি,জীৱ-জন্তু আদি অনুপম দক্ষতাৰে তাঁতশালৰ বুকুত জলমলাই উঠে৷ পাহাৰৰ জনজাতীয় শিপিনীসকলে আকৌ জ্যামিতিক চিত্ৰ অপূৰ্ব দক্ষতাৰে সজাই পৰাই তুলি ধৰাত সিদ্ধহস্ত৷ 

কপাহ,পাট,মুগা আদি সূতাৰে তাঁতশালৰ বুকুত সৃষ্টি হয় অনন্য চানেকিৰ অনন্য সাজপাৰ৷ গোটেই বিশ্বজুৰি সমাদৃত হৈ পৰিল মুগা বস্ত্ৰ সম্ভাৰ৷ মেখেলা-চাদৰৰ পৰা আৰম্ভ কৰি শাৰী,চেলোৱাৰ কামিজ,কুৰ্টা,টাই, বেগ,ফাইল ক’ভাৰ,পৰ্দা কাপোৰলৈ বিয়পি পৰিল সোণালী সূতাৰ লহৰ৷ চেৰেকী,নেওঠনি,পাজি,যঁতৰ, মহুৰা,ৰাহ আদি ভিন্ন অঙ্গৰে পৰিপুষ্ট হৈ ৰূপত ৰহন চৰায় তাঁতশালৰ সৌন্দৰ্য্য৷ তাঁতশালৰ উন্নতিত আহোম ৰজাৰ অৱদান উল্লেখনীয়৷ ৰজা প্ৰতাপ সিংহৰ দিনত প্ৰতিঘৰ অসমীয়াৰ গৃহস্থীয়ে ৰজাৰ ভঁৰাললৈ বছৰি এপোৱা পাট সূতা দিয়াৰ এক এৰাব নোৱাৰা নিয়ম বান্ধি দিয়াৰ উমান পোৱা যায়৷ ফলশ্ৰুতিত তাঁতশাল অসমীয়া সমাজ জীৱনৰ বাবে এৰাব নোৱাৰা দিশ হৈ পৰিল৷

কুলি-কেতেকীৰ মধুৰ গুঞ্জনত মাতাল হৈ পৰে সময়৷ ৰিঙা ৰিঙা মন লৈ শিপিনী ব্যস্ত হৈ পৰে,ঢোলৰ চেৱে চেৱে নাছি থকা নাচনীৰ ছবি অঙ্কিত কৰিবলৈ৷ শিপিনীৰ দৃষ্টিত মাথোঁ সৃষ্টিৰ স্ব›Ÿ৷ শিপিনীৰ মনৰ ছবি প্ৰস্ফুটিত হৈ পৰে বিহু গীতত–

‘ৰাতি দুপৰলৈ           কাটি সূতালাহী

      ধনলৈ বিহুৱান বলো

ৰঙাকৈ আঁচুৰে              বাছি পাণে কটা

     টিপতে লুকুৱাই থলো৷’

অসমীয়া গাভৰুৱে চেনেহৰ দীঘ দি মৰমৰ বাণি দি বিহুৱান বৈ আপোনজনৰ প্ৰতি মৰম-শ্ৰদ্ধা প্ৰদৰ্শন কৰে৷ তাঁতশালখন অসমীয়া নাৰীৰ আত্মসন্মান-আত্মমৰ্যাদাৰ প্ৰতীক৷ ডগমগায় উঠে শিপিনীৰ ব্যক্তিত্ব-প্ৰস্ফুটিত হৈ উঠে অসমীয়া নাৰীৰ কল্পনাশক্তিৰ চূড়ান্ত নিদৰ্শন৷ ৰঙালী বিহুৰ আনন্দত মতলীয়া হৈ পৰা সময়তো সেয়ে পাহৰি নাযায় তাঁতশালখনৰ কথা–

‘বৰঘৰৰ মুধতে          চেনাইৰ তাঁতশাল

থুৰি কলাপাতৰ মাকো৷’

সময়ৰ লগে লগে অসমীয়া শিপিনীৰ পৰিমাণ সংখ্যাগতভাৱে কমি আহিল৷ এটা সময় আছিল-যি সময়ত বোৱা-কটা,ৰোৱা-তোলা আছিল আছিল অসমীয়া নাৰীৰ ভূষণ৷ এই গুণৰ ছোৱালীৰ আদৰ আছিল প্ৰচুৰ৷ হয়তো আক্ষৰিক শিক্ষাৰ অভাৱৰ মূলতেই আছিল সেই পৰিৱেশ৷ সাম্প্ৰতিক সময়ৰ নাৰী শিক্ষাগতভাৱে বহু যোজন বাট আগুৱালে,যাৰ পৰিণতিত শিপিনীৰ সংখ্যাও কিছু হ্ৰাস পালে৷ তথাপিও তাঁতশালৰ মৰ্যাদা সদায় আছে আৰু থাকিবই অসমীয়াৰ স্বাভিমান হৈ৷ শিপিনীৰ আশা-আকাংক্ষাৰ মাজতে তাঁতশাল সাৰে আছে আৰু সাৰে থাকিব৷ অসমীয়া সমাজৰ ঘৰে ঘৰে জলমলাই থকা তাঁতশাল হিয়াৰ আমঠু হৈ সংস্কৃতিৰ পথাৰত সদায় আছে আৰু সদায় থাকিব৷