ৰাজনীতিৰ অলিয়ে-গলিয়ে(৯)
বৰ্তমানৰ এই টি-২০ৰ যুগতো ৰাজনীতি কিন্তু সেই পাঁচদিনীয়া টেষ্ট মেচ৷ সীমাহীন ধৈৰ্য,ঈৰ্ষণীয় ভাগ্য, আৰু নিখুঁত টেক্নিক তথা টাইমিং ছেন্স নাথাকিলে ৰাজনীতিত সফল হোৱাৰ সম্ভাৱনা নাই৷
তৰুণ গগৈ তেতিয়া প্ৰথমবাৰ মুখ্যমন্ত্ৰী৷ এদিন হিমন্ত বিশ্ব শৰ্মা আহি মোক জনালেহি যে ছাৰে ভাত এসাঁজ খাবলৈ মাতিছে৷ মই সুধিলোঁ,আৰু কোন থাকিব? হিমন্ত বিশ্বই জনালে,অজিত [ভূঞা]দাও যাব৷ দিন-বাৰ চাই এদিন হিমন্ত বিশ্বই আমাক কইনাধৰালৈ লৈ গ’ল৷ কিছু সময় কথা পাতি মধ্যাহ্নভোজনত বহিলোঁ৷ বেছি সময় গগৈয়েই কথা ক’লে, মাজে মাজে অজিত ভূঞাই৷ মই শ্ৰোতাহে মাত্ৰ৷ দিল্লীৰ হাইকমাণ্ডৰ বিচিত্ৰ কাহিনীৰ পৰা যোৰহাটৰ চাহ বাগিচালৈ বিভিন্ন গল্প গগৈয়ে কৈ গ’ল৷ মই মুখ্যমন্ত্ৰীৰ কথাৰ সোৱাদ পাওঁ বা নাপাওঁ,তেওঁৰ পত্নী ডলী গগৈয়ে আথেবেথে যতনাই দিয়া মাছৰ আঞ্জাখনৰ সোৱাদ সঁচাকৈয়ে জিভাত বহুদিন লাগি থাকিল৷
ভাত-পানী খাই সেই যে কইনাধৰা পাহাৰৰ পৰা নামি আহিলোঁ,১৫ বছৰীয়া শাসনকালত তৰুণ গগৈৰ সেই চৰকাৰী বাসগৃহলৈ আৰু প্ৰায় নোযোৱাৰ নিচিনাই৷ শেষবাৰ দিল্লীৰ এটা অনুষ্ঠানলৈ আমন্ত্ৰণ জনাবলৈ,এবাৰ বহিঃৰাজ্যৰ এজন জ্যেষ্ঠ সংবাদিকৰ সংগ দিবলৈ আৰু এবাৰ সামাজিক সংগঠন এটাৰ সৈতে– এই তিনিবাৰ যোৱাই মনত পৰে৷ আনকি পাছলৈ যেতিয়া ময়ো কইনাধৰা পাহাৰত থাকিবলৈ ল’লোঁ,মাজত মাথোঁ এখন দেৱাল,তথাপি তৰুণ গগৈৰ সৈতে বিশেষ ঘনিষ্ঠতা নহ’লগৈ৷ বিপৰীতে চৰকাৰৰ বিভিন্ন কেলেংকাৰি,দুৰ্নীতি বা অনিয়মক লৈ যেতিয়া বাতৰি কৰিবলৈ ল’লোঁ,গগৈৰ কেইবাজনো মন্ত্ৰীয়ে মোৰ বিৰুদ্ধে গোচৰ তৰি দিলে৷ তাৰে একাধিক গোচৰ এতিয়াও মোৰ ডিঙিত ওলমি আছে৷ ইয়াৰ মাজতে মই তেতিয়া এডিটৰ ইন চীফ হিচাপে থকা নিউজ চেনেলটোত ‘চুপতি’নামৰ এটা পলিটিকেল ছ্যাটায়াৰ কৰিবলৈ ল’লোঁ৷ মূলতঃ মুখ্যমন্ত্ৰী গগৈৰ ভাব-ভংগী,কাম-কাজক লৈ ব্যংগ,হিমন্ত বিশ্বৰ মিমিক্ৰি আদিৰে কৰা ‘চুপতি’য়ে প্ৰভূত জনপ্ৰিয়তা পালে৷ অসমত পলিটিকেল ছ্যাটায়াৰ কৰা বৰ সহজ নহয়৷ নিৰ্মোহ হৈ ফিল্ম ৰিভিউ বা গ্ৰন্থ সমালোচনা কৰিলেও কৰোঁতাজনক শত্ৰুজ্ঞান কৰা হয়৷ পলিটিকেল ছ্যাটায়াৰতো দণ্ডনীয় অপৰাধ!
কিন্তু এই দীৰ্ঘ শাসনকালত এইধৰণৰ সমালোচনা বা ব্যংগক লৈ মুখ্যমন্ত্ৰী গগৈ আছিল উদাৰ৷ কোনো সমালোচনাত্মক বাতৰিক লৈ তেওঁক বিচলিত বা ক্ষুব্ধ হোৱা দেখা নগৈছিল৷ কেতিয়াবা কোনো অনুষ্ঠানত মোক লগ পালে– ভাল,খুব ভাল হৈছে প্ৰগ্ৰামটো৷ স্ক্ৰিপ্ট আপুনিয়েই লিখে চাগে? ল’ৰাকেইটায়ো ভাল অভিনয় কৰিছে!বুলি হাঁহি হাঁহি প্ৰশংসাই কৰে৷ তৰুণ গগৈৰ সেই সহিষ্ণুতা আৰু ‘ছেন্স অৱ হিউমাৰ’অসমৰ ৰাজনীতিকৰ মাজত বিৰল৷ মুখ্যমন্ত্ৰীৰ ঘৰত পানভোজনৰ কথা ওলাইছেই যেতিয়া আৰু এটা পুৰণি কাহিনী মনত পৰিছে৷ ১৯৮৮-৮৯ চনমান হ’ব৷ মই বিশ্ববিদ্যালয়ৰ পৰা ওলাই চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ‘নতুন দৈনিক’ত যোগ দিছোঁ মাত্ৰ৷ তেতিয়া মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত৷ মহন্তৰ ভ্ৰাতৃ বিপুল বিশ্ববিদ্যালয়ত মোৰ সমসাময়িক৷ বৰ ভাল ছাত্ৰ আৰু নিৰ্জু ল’ৰা বিপুল,কবিতাও লিখিছিল৷ বিশ্ববিদ্যালয়ৰ দিনৰে পৰা মোৰ খুব ঘনিষ্ঠ৷ ককায়েক মুখ্যমন্ত্ৰী,দিছপুৰৰ বাসভৱনতে বিপুলো থাকে৷ অহংকাৰ কৰাতো বাদেই,চৰকাৰী গাড়ীখনো ব্যৱহাৰ কৰাত অস্বস্তি বিপুলৰ৷ ‘নতুন দৈনিক’ত মই কাম কৰি থকা সময়ত বিপুল প্ৰায়েই আহে– ব’লা বৌৱে [জয়শ্ৰী গোস্বামী মহন্ত] ভাত খাবলৈ মাতিছে!তেতিয়া মোৰ বয়স কম,দৰমহা সামান্য,বেছেলৰ মানুহ– মুখ্যমন্ত্ৰীৰ ঘৰত ভাত খাই থাকিবলৈ পালেনো কিয় বেয়া পাম!তাতে মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পিছ বাৰাণ্ডাত জয়শ্ৰী গোস্বামী মহন্তই ৰৈ থাকে আমালৈ৷ আমি দুজন গৈ পালেহে একেলগে ভাত খায়৷ কেতিয়াবা জনতা ভৱনৰ পৰা সময়মতে আহি পালে গৃহস্থ অৰ্থাৎ মুখ্যমন্ত্ৰী মহন্তয়ো ডাইনিং টেবুলত আমাক সংগ দিয়ে৷ বাতৰিৰ কথাতো বাদেই,কোনো ছিৰিয়াছ কথাই পতা নহয়– হাঁহি-ধেমালিতে সময় পাৰ হয়৷ এদিন বৌৱে [জয়শ্ৰী মহন্ত] মোক পিছ বাৰাণ্ডাত বহি থাকোঁতে কৈয়েই পেলালে– জানা মনোজ,মই যে ৰাজনীতি একো বুজি নাপাওঁ!
১৯৯১ চন৷ পুনৰ নিৰ্বাচন আহিল৷ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ-প্ৰতিবাদ বাঢ়িল৷ তামাম দুৰ্নীতিৰ অভিযোগ মহন্ত চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে৷ কথা বেগতিক দেখি নিজৰ সমষ্টি নগাঁৱৰ উপৰি বঢ়মপুৰৰ পৰাও নিৰ্বাচনত উঠিল মহন্ত৷ পিছে তেতিয়ালৈ অসম আন্দোলনৰে বহু সক্ৰিয় নেতা-কৰ্মী অগপ চৰকাৰৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছিল৷ আনকি অসম আন্দোলনৰ একাধিক নেতাক জে’লত ভৰোৱা হ’ল৷ পৰিস্থিতি এনে হ’লগৈ যে নগাঁৱত মহন্তৰ বিৰুদ্ধেই তেওঁৰে একালৰ একাধিক সতীৰ্থই নিৰ্বাচনত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী হিচাপে থিয় দিলে৷ নগাঁও মোৰ নিজৰ চহৰ, সকলোৱেই চিনাকি৷ গতিকে নিৰ্বাচনৰ ‘কভাৰেজ’কৰিবলৈ গৈ প্ৰাৰ্থী প্ৰফুল্ল মহন্তৰ উপৰি আন প্ৰাৰ্থীসকলকো লগ ধৰিলোঁ৷ খা-খবৰো ল’লোঁ আৰু শুভেচ্ছাও জনালোঁ৷ মোৰ এজন বন্ধু চৰকাৰৰ ৰোষত পৰি কাৰাবন্দী,তেৱোঁ মহন্তৰ বিৰুদ্ধে নিৰ্বাচনত উঠিছে৷ তেওঁকো জে’লতে লগ ধৰিলোঁগৈ৷
সেই নিৰ্বাচনত অগপ চৰকাৰৰ পতন হ’ল৷ মহন্ত বঢ়মপুৰত জিকিল,কিন্তু নগাঁৱত হাৰিল৷ ফলাফলৰ দিনা সন্ধিয়া মই মাত এষাৰ লগাবলৈকে নিজেই মুখ্যমন্ত্ৰী মহন্তৰ দিছপুৰৰ বাসভৱনলৈ গ’লোঁ৷ ঘৰ প্ৰায় খালী,পিছ বাৰাণ্ডাত পত্নী জয়শ্ৰীৰ সৈতে মহন্ত গম্ভীৰ হৈ বহি আছে৷ স্বাভাৱিকতে পৰিৱেশটো বিমৰ্ষ আৰু অস্বস্তিকৰ৷ মোক দেখিয়েই কিন্তু জয়শ্ৰী মহন্তৰ ৰূপ সলনি হৈ গ’ল! খঙত একো নাই হৈ জয়শ্ৰী মহন্তই মোক গালি পাৰিবলৈ ধৰিলে– তুমি নিমখ হাৰামি কৰিছা! দাদাৰ বিৰুদ্ধে ইলেকচনত উঠা মানুহবোৰক লগ ধৰি ফুৰিছিলাগৈ৷ এতিয়া আহিছা ফ্লায়িং কালাৰ্ছ লৈ!আমাৰ নিমখ খাই আমাকেই বিট্ৰে কৰিলা!
মই থতমত খাই পৰিস্থিতিটো চম্ভালিবলৈ চেষ্টা কৰিলোঁ৷ দেখিলোঁ,দূৰ আকাশলৈ মহন্তই চাই ৰৈছে,নিৰ্বিকাৰ৷ জয়শ্ৰী মহন্তই মোক গৰ্জিয়েই আছে৷ লাহে লাহে মই মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা ওলাই আহিলোঁ৷
দুদিনমান ঘটনাটোক লৈ ভাবিলোঁ৷ উপলব্ধি কৰিলোঁ যে জয়শ্ৰী মহন্তইতো কোনো ভুল কোৱা নাই! মই তেওঁলোকৰ ঘৰত বহুদিন ভাত-আঞ্জাৰ সৈতে নিমখ খোৱাটোও সত্য,যিদৰে মই নগাঁৱলৈ গৈ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ সতীৰ্থ তথা বৰ্তমানৰ প্ৰতিদ্বন্দ্বীকেইজনক লগ ধৰাটোও হয়৷ দোষটোতো মোৰেই– গতিকে মই সেই যে ওলাই আহিলোঁ,দিছপুৰৰ পিনে যোৱা ৩০ বছৰে আৰু যোৱা নাই৷ কোনে চাহ-মিঠাই-কচুৰি খুৱাই বিপদত পেলাব ঠিক নাই!খবৰ সংগ্ৰহক লৈ অৱশ্যে সমস্যা নাই,এতিয়া অভিজ্ঞতা হ’ল,কণ্টেক্টছ বাঢ়িল,খবৰে নিজেই বিচাৰি আহে! কিন্তু পুনৰ উপলব্ধি হ’ল যে there are no permanent enemies, and no permanent friends, only permanent interests.জীৱনৰ বাবেও এইটোৱেই সত্যনে? এনেয়েও দেখিছোঁ,দল-সংগঠন নিৰ্বিশেষে ৰাজনৈতিক নেতাসকলে মোক বৰ বিশ্বাস নকৰে, এনেকুৱা এটা ভাব– ই মানুহটো বৰ সুবিধাৰ নহয়!
যিয়েই নহওক, প্ৰফুল্ল মহন্তক কিন্তু এসময়ত অসমৰ মানুহে ভগৱান জ্ঞান কৰিছিল৷ দুবাৰকৈ মুখ্যমন্ত্ৰীও হৈছিল৷ সেয়া আছিল তেওঁৰ ভাগ্য৷ কিন্তু সেই নিয়তিয়েই ৰাজনীতিত আজি মহন্তক প্ৰায় অপ্ৰাসংগিক কৰি তুলিলে৷
কিৰিপ চলিহা আছিল খুবেই সপ্ৰতিভ শিক্ষিত নেতা৷ হিন্দী আৰু ইংৰাজী দুয়োটাতে ভাল বক্তৃতা দিব পাৰে৷ ভূপেন হাজৰিকাৰ দৰে ব্যক্তিক পৰাস্ত কৰি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ হৈছিলগৈ৷ দিল্লীত গুৰুত্বও পাইছিল যথেষ্ট৷ পিছে ধৈৰ্যহীন,অস্থিৰ কিৰিপ চলিহাৰ প্ৰায়েই কথা-কাণ্ডৰ টাইমিং ভুল হয়,মাজে মাজে ফ’কাছো হেৰাই যায়৷ এনেকুৱা মানুহ ৰাজনীতিত টিকি থকা সহজ নহয়৷
সাংসদ হৈ থকা সময়ত এবাৰ কিৰিপ চলিহাই তেওঁৰ সম্পৰ্কে প্ৰকাশিত কিবা এটা বাতৰিক লৈ মোৰ ওপৰত খৰ্গহস্ত হৈ পৰিল৷ একেবাৰে প্ৰেছমেল পাতি মোক ভাবুকিয়েই দি দিলে– কি ভাবিছে মনোজ গোস্বামীয়ে৷ মই কিৰিপ চলিহা,মই মনোজ গোস্বামীৰ ৰঙাচকুক ভয় নকৰোঁ! মই আদালতত ডিফেমেচন কেছ কৰি এসেকা দি আছোঁ মনোজ গোস্বামীক!
মই ভাবিলোঁ,আকৌ এটা গোচৰ!কংগ্ৰেছৰ বহু মন্ত্ৰী-বিধায়কৰ মোৰ বিৰুদ্ধে তৰা এক ডজনমান গোচৰ চলি আছিলেই,আৰু এটা যোগ হ’ল আৰু! যি হ’ব দেখা যাব বুলি থৈ দিলোঁ৷
এমাহমান গ’ল৷ এদিন মাজনিশা ১মান বজাত ফোন বাজি উঠাত দেখোঁ সিমূৰত কিৰিপ চলিহা– কোৱাচোন,তুমি মনোজ গোস্বামী লিখা নে মনোজ কুমাৰ গোস্বামী লিখা? মই শুদ্ধ নামটো ক’লোঁ৷ মই কৈ গৈছোঁ,তেওঁ সিমূৰত লিখি গৈছে!তুমি চেনেলটোৰ এডিটৰ ইন চীফ নে মেনেজিং এডিটৰ? অ’হয় নেকি, মই মেনেজিং এডিটৰ বুলিহে ভাবি আছিলোঁ! আচ্ছা,তোমাৰ দেউতাৰৰ পূৰা নামটো কি আছিল? ঘৰৰ সম্পূৰ্ণ এড্ৰেছটো কোৱাচোন?
এটা সময়ত মই উত্যক্ত হৈ পৰিলোঁ,কিনো মাজৰাতি এইবোৰ সুধি আছেহে? কিৰিপ চলিহায়ো সমানে উত্তৰ দিলে– তোমাৰ গোটেই ডিটেইল্ছ লাগিব নহয়৷ তোমাৰ বিৰুদ্ধে কেছটো দিবলৈ আছে নহয়!সেইদিনা মই প্ৰেছ কনফাৰেঞ্চ কৰি ঘোষণা কৰি দিলোঁ,এতিয়া কেছটো নিদিলে মানুহে মোক কি বুলিব?
– আৰে,আপুনি মোৰ বিৰুদ্ধে কেছ কৰিবলৈ মোকেই মাজৰাতি নাম-ধাম সুধি আছে,কি মানুহহে আপুনি!বুলি মই বিৰক্তিৰে ফোন কাটি দিলোঁ৷
ইয়াৰ পাছত কেইবাবছৰো পাৰ হ’ল৷ কিৰিপ চলিহাৰ গোচৰৰ জাননী আৰু মোলৈ নাহিল৷ পাহৰিলে চাগে– ৰাত গয়ী বাত গয়ী!
কিৰিপ চলিহাক লৈ আৰু এটা ঘটনা মনত পৰিছে৷ ২০০৫-০৬মানৰ কথা৷ সেই সময়ত টিভি নিউজ চেনেল এটাৰ লাইচেঞ্চৰ বাবে মই দিল্লীৰ মিনিষ্ট্ৰীবোৰত তাঁত-বাতি কৰি আছোঁ৷ তদানীন্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলকো লগ ধৰিলোঁ,তথাপি কাম নিসিজে৷ ক’ত গাঁঠি লাগিল ধৰিব পৰা নাই৷ তেনেতে অসম হাউছত লগ পালোঁ কিৰিপ চলিহাক৷ নিজেই উৎসাহ দেখুৱাই সেইদিনাই ৰাতি অসমৰ এজন কেন্দ্ৰীয় মন্ত্ৰীৰ ওচৰলৈ যাবলৈ ওলাল– এইটো পিএমঅ’ৰ কেছ৷ এওঁক কথাখিনি বুজাই ফোন কৰাই আমি কাইলৈ মিনিষ্ট্ৰীলৈ যাম৷ কাম হৈ যাব!যথাৰীতি ৰাতি আমি কেন্দ্ৰীয় মন্ত্ৰীজনৰ ঘৰ ওলালোঁগৈ৷ তেওঁ আগৰে পৰা বহি থকা অতিথিকেইজনক এজন এজনকৈ পঠিয়াই শেষত আমাক ভিতৰৰ কোঠালৈ লৈ গ’ল৷ কথাখিনি শুনিলে,ফোনো কৰিলে সংশ্লিষ্ট কোনো আমোলাক৷ তাৰ পাছত কিৰিপ চলিহাৰ সৈতে ইটো-সিটো কথা আৰম্ভ হ’ল৷ চলিহাৰ ইমান ধৈৰ্য নাই– ড্ৰিংক্ছ কি আছে? বুলি নিজেই আগভাগ ল’লে৷ মই মন কৰিলোঁ মন্ত্ৰীয়ে উঠি আলমাৰি এটাৰ পৰা দামী সুৰাৰ বটল এটা উলিয়াই কিৰিপ চলিহাক দিলে৷ বটলটোত অৱশ্যে আধামানহে সুৰা আছিল৷ কিন্তু মন্ত্ৰীয়ে বনকৰা ল’ৰাটো মাতি নিজৰ বাবে আৰু লগতে মোলৈ বেলেগে ড্ৰিংক্ছৰ অৰ্ডাৰ দিলে৷ ৰাতি যিমান হৈছে কিৰিপ চলিহাৰ নাটকীয় কথা-বতৰা বাঢ়ি গৈছে৷ এটা সময়ত কিৰিপ চলিহাই আনকি সন্মানীয় গৃহস্থক এইদৰেও কোৱা শুনিলোঁ– বাদ দে,তোৰ নিচিনা পলিটিচিয়ান গণ্ডাই গণ্ডাই পোৱা যায়৷ হ’পলেছ...! মন্ত্ৰীয়েও দেখিলোঁ একো ৰিয়েক্ট নকৰি নিৰ্বিকাৰ হৈ মিচিক-মাচাক হাঁহি আছে৷ আছাম হাউছলৈ উভতি আহোঁতে গাড়ীত কিৰিপ চলিহাই মোক সুধিলে– হেৰা,মোৰ মূৰটো কিবা আচন্দ্ৰাই কৰিছে!তোমাৰ কৰিছে নেকি? নাই কৰা,মই ক’লোঁ৷ এতিয়া ঘৰলৈ গৈ সোনকালে শুই থাকক,কাইলৈ ১১ বজাত কিন্তু মিনিষ্ট্ৰীলৈ যাব লাগিব৷ চলিহায়ো তল নপৰি– মই চাৰে দহ বজাত আছাম হাউছৰ পৰা তোমাক লৈ ওলাই যাম বুলি মোক শুনাই দিলে৷
পাছদিনা চাৰে দহ বাজিল,বাৰ বাজিল,দুই বাজিল,কিৰিপ চলিহাৰ দেখাদেখি নাই!ফোন বন্ধ, লেণ্ডলাইনত সঁহাৰি নাই৷ ৰৈ ৰৈ বিৰক্ত হৈ আছাম হাউছৰ কৰ্মচাৰী এজনক চলিহাৰ ঘৰলৈ পঠিয়ালোঁ৷ তিনিমান বজাত চলিহাৰ পৰা ফোন আহিল,কেঁকাই কেঁকাই ক’লে– এই স্কাউণ্ড্ৰেলটোৱে কালি মোক কিবা খুৱাই দিলে৷ মূৰটো মোৰ ফাটি যাওঁ ফাটি যাওঁ যেন হৈছে৷ তোমাৰো হৈছে নেকি? মই ক’লোঁ,নাই হোৱা!সেইদিনালৈ আমাৰ কাম পণ্ড হ’ল আৰু!
কিছুদিনৰ পাছত মন্ত্ৰীক কিবা এটা অনুষ্ঠানত লগ পাওঁতে সুধিলোঁ, সিদিনা কিৰিপ চলিহাক কি খুৱালে? মন্ত্ৰীয়ে হাঁহি হাঁহি ক’লে,দিলোঁ এসেকা৷ সদায় মোৰ ঘৰত আহি মোৰেই ড্ৰিংক্ছ খাই মোকেই হ’পলেছ, স্কাউণ্ড্ৰেল বুলি গালি পাৰি থাকেহি ৷ তাৰ বাবে সেয়ে ৰাম-হুইস্কী-ব্ৰেণ্ডি-ভড্কা-জিন চব মিলাই বটলত ভৰাই থৈছিলোঁ!বাকী আপোনালোকৰ কামটো হ’ল নহয়?
লাইচেঞ্চখন অৱশ্যে কিছুদিনৰ পাছত হ’লগৈ৷ এএম টেলিভিছনৰ নামত ওলোৱা লাইচেঞ্চখনতে এতিয়া ‘প্ৰাগ নিউজ’নামৰ চেনেলটো চলি আছে৷ ‘এএম’নামটোও ময়েই দিয়া৷
তৰুণ গগৈৰ প্ৰসংগটোলৈ উভতি যাওঁ৷ আমাৰ কইনাধৰা যাত্ৰাৰ এবছৰমানৰ পাছত হিমন্ত বিশ্ব শৰ্মা কেইবাজনো নবীন সতীৰ্থৰ সৈতে গগৈ মন্ত্ৰীসভাত সোমাল৷ গুৰুত্বপূৰ্ণ বিভাগো হাতলৈ আহিল৷ মন্ত্ৰী হৈ হিমন্ত বিশ্বই এদিন মোৰ ঘৰলৈ মাত লগাবলৈ আহিল৷ কিছু সময় বহাৰ পাছত, আন মানুহ আঁতৰাৰ পাছত মই স্বগতোক্তি কৰাৰ দৰে লাহেকৈ ক’লোঁ,তোমাক মানিছোঁ দিয়া!
– কি হ’ল দাদা?
– সৌ সিদিনালৈকে তুমি হিতেশ্বৰ শইকীয়াৰ মানুহ৷ তৰুণ গগৈৰ শিবিৰত তোমাৰ প্ৰৱেশেই নিষেধ৷ তোমাৰ নামেই নুশুনে তেওঁলোকে!কেনেকৈ তুমি গগৈৰ আস্থা অৰ্জন কৰিলা? কি যাদুৰ বলত আজি তুমি হঠাৎ মন্ত্ৰী?
– দাদা আপোনালোকে আচলতে ৰাজনীতি বহুত সহজ বুলি ভাবে৷ ঈষৎ বিৰক্তিৰে হিমন্ত বিশ্বই মোক ক’লে৷ এইটো ঠিক যে হিতেশ্বৰ শইকীয়াৰ মানুহ বুলি মোক তৰুণ গগৈৰ ওচৰ চাপিবলৈ দিয়া হোৱা নাছিল৷ গগৈ ছাৰেও মোক উপেক্ষা কৰি আছিল৷ ছাৰক চাৰিওদিশে মানুহবোৰে আগুৰি থাকে– ভূমিধৰ বৰ্মন,শৰৎ বৰকটকী,দেৱানন্দ কোঁৱৰ,নীলমণিসেন ডেকা,গৌতম ৰয়... কিমান যে দিগ্গজ নেতা-মন্ত্ৰী! মাজে মাজে নিজকে মোৰ ব্যৰ্থ,উদ্দেশ্যহীন যেন লাগে৷ হতাশো হওঁ কেতিয়াবা৷ হিমন্তবিশ্বই কৈ গ’ল,কিন্তু দিনৰ পাছত দিন ছাৰৰ চেম্বাৰৰ এটা কোণত মই ৰৈ থাকোঁ৷ দূৰৰ পৰা গগৈ ছাৰে সন্মুখত থকাসকলক কৈ থকা কথাবোৰ শুনো৷ ব্ৰহ্মপুত্ৰক লৈ মই এই কৰিম,গুৱাহাটীক লৈ সেই কৰিম অসমত খেতি এনেকৈ কৰা ভাল অথবা বিভিন্ন অভিনৱ বা কাল্পনিক প্ৰকল্পৰ কথা তেওঁ কৈ যায়৷ আনে কি শুনিছে নুশুনিছে নাজানো,কিন্তু মই নিজে এটা এটাকৈ গগৈ ছাৰৰ শব্দবোৰ মনত ৰাখোঁ৷ আৰু আপুনি বিশ্বাস কৰক বা নকৰক, প্ৰতিনিশা ঘৰত গৈ এখন নোটবহীত মই ছাৰৰ সকলো কথা পইণ্ট দি দি লিখি যাওঁ৷ তাৰ পাছত আকৌ দিনৰ পাছত দিন ছাৰৰ বিশাল চেম্বাৰৰ এটা চুকত অপেক্ষা কৰোঁ৷ মই জানো, এদিন সুযোগ আহিবই৷
– তাৰ পাছত?
– তাৰ পাছত হঠাৎ এদিন দেখিলোঁ গগৈ ছাৰৰ ওচৰত ছিনিয়ৰসকল নাই! প্ৰায় অকলেই আছে মুখ্যমন্ত্ৰী৷ হিমন্তবিশ্বই কৈ গ’ল,অকণমান সময়ৰ এটা সুযোগ,মই এক মুহূৰ্তও নষ্ট নকৰি ছাৰৰ সন্মুখত ৰ’লোঁ৷ তাৰ পাছত তেওঁ সেই পৰিকল্পনাবোৰ,যিবোৰ মই নোট কৰি কণ্ঠস্থ কৰি ৰাখিছিলোঁ তাকেই তেওঁক এটা এটাকৈ মোৰ নিজৰ ‘আইডিয়া’ৰ দৰে বৰ্ণনা কৰিবলৈ ল’লোঁ! গগৈ ছাৰে কিছু সময় শুনি একেবাৰে জাঁপ মাৰি উঠিল– খুব ভাল ভাবিছাহে তুমি৷ ইনফেক্ট এইবোৰ কাম ময়ো কৰিম বুলি ভাবি আছোঁ৷ তোমাৰ সৈতে মোৰ চিন্তাবোৰ দেখোন একেবাৰে মিলি গৈছেহে৷ সেই সময়তে কোনোবা এজন ছিনিয়ৰ মন্ত্ৰী আহি সোমালহি,তৰুণ গগৈয়ে উচ্ছ্বাহ প্ৰকাশ কৰি তেওঁক ক’লে– বৰ টেলেণ্টেড ল’ৰাহে এই হেমন্ত! সাংঘাতিক সাংঘাতিক কিছুমান প্লেন আছে তেওঁৰ! এনেকৈয়ে তৰুণ গগৈ এদিন হিমন্ত বিশ্বক লৈ মোহিত হৈ গ’ল৷ তেওঁৰে কথা আৰু পৰিকল্পনাক ৰি-পেকেজিং কৰি গগৈক এনেকুৱাকৈ ইম্প্ৰেছ কৰি পেলালে যে এসময়ত অগ্ৰজ নেতা-মন্ত্ৰীসকল তৰুণ গগৈৰ বাবেই অ-প্ৰাসংগিক হৈ গ’ল৷ অসমীয়াত এষাৰি কথা আছে– তোমাৰ বাৰীৰে বাঁহগাজ আনি তাৰ কৰিলোঁ খৰিচা,তোমাকে বেচি ধান-ডোন ল’লোঁ কথাটো মন কৰিছা! দীৰ্ঘ ধৈৰ্য পৰীক্ষাত উত্তীৰ্ণ হৈ তাৰ সুফলো পালে হিমন্তবিশ্বই৷
ইয়াৰ পাছত যি হ’ল সেয়া ইতিহাস৷