Logo
image

জ্যেষ্ঠ কংগ্ৰেছ নেতা আহমেদ পেটেলৰ দেহাৱসান

আমাৰ অসম, ২৫ নৱেম্বৰঃ ২৫ নৱেম্বৰৰ পুৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা আহমেদ পেটেলৰ দেহাৱসান। ক’ভিডত আক্ৰান্ত হৈ গুৰুগ্ৰাম হস্পিতালত চিকিৎসাধীন হৈ আছিল গুজৰাটৰ প্ৰবীন কংগ্ৰেছ নেতাগৰাকী। বুধবাৰে পুৱা ৩.৩০ বজাত মৃত্যুবৰণ কৰে ৭১ বছৰীয়া জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। জ্যেষ্ঠ কংগ্ৰেছ নেতা আহমেদ পেটেলৰ মৃত্যুত কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধী, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে।