Logo
image

‘আমাৰ অসম’ৰ নিৰপেক্ষতাক প্ৰশংসা

মুখ্যমন্ত্ৰীৰ পৰা বিশিষ্ট বুদ্ধিজীৱীলৈ

আমাৰ অসম, ২২ এপ্ৰিলঃ সম্পূৰ্ণ পঁচিশটা বছৰ নিজস্ব চৰিত্ৰ অক্ষুণ্ণ ৰাখি ‘আমাৰ অসম’কাকতে অসমৰ সংবাদপত্ৰৰ ইতিহাসত নজিৰ সৃষ্টি কৰিলে৷ কাকতখনৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে বিভিন্নজনে  আগবঢ়াইছে শুভেচ্ছা,পৰামৰ্শ আৰু কামনা কৰিছে কাকতৰ সোণালী জয়যাত্ৰা৷ কাকতখনৰ এনে শুভক্ষণত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা,তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা,বিশিষ্ট সাহিত্যিক-সাংবাদিক-বুদ্ধিজীৱী আৰু চিন্তাবিদ নগেন শইকীয়া,বিশিষ্ট শিক্ষাবিদ ড॰ অমৰজ্যোতি চৌধুৰী আদিকে ধৰি বিভিন্নজনে  জনোৱা শুভেচ্ছা বাৰ্তা এনে ধৰণৰ–

ড॰ হিমন্ত বিশ্ব শৰ্মা [মুখ্যমন্ত্ৰী, অসম]

অসমীয়া সংবাদ ক্ষেত্ৰৰ পৰিচত নাম ‘আমাৰ অসম’ৰ ৰূপালী জয়ন্তীৰ গৌৰৱময় ক্ষণত কাকতগোষ্ঠীটোৰ আটাইলৈ আন্তৰিক শুভেচ্ছা জনাইছো৷ পঁচিশটা বসন্ত পূৰ্বে যিগৰাকী পুৰোধা ব্যক্তিৰ চিন্তা-প্ৰচেষ্টাৰে কাকতখনে আত্মপ্ৰকাশ কৰিছিল তেখেতসকলকো এই মুহূৰ্তত শ্ৰদ্ধাৰে সুঁৱৰিছো৷ অবিৰত হওক এই যাত্ৰা৷



পীয়ূষ হাজৰিকা [তথ্য আৰু জনসংযোগ মন্ত্ৰী, অসম]

‘আমাৰ অসম’ৰ পৰিয়ালৰ সমূহ সদস্য তথা পঢু.ৱৈলৈ কাকতখনৰ পঁচিশসংখ্যক বৰ্ষপূৰ্তিৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো৷ অনাগত দিনত কাকতখনে নিষ্ঠা আৰু নিৰপেক্ষতাৰে সংবাদসেৱা অব্যাহত ৰাখিব বুলি আশা কৰিলো৷ আমাৰ শুভেচ্ছা সদায় থাকিব৷

দেৱব্ৰত শইকীয়া [বিৰোধী দলপতি]

‘আমাৰ অসম’ৰ কাকতখনৰ জন্মলগ্নৰে পৰা অসমৰ সংবাদজগতৰ পৰা এক বিশেষ স্থান লাভ কৰিছে৷ পাঠক সমাজৰ মাজত বাতৰি পৰিৱেশন আৰু বাতৰি উপস্থাপনৰ বিশেষ ৰীতিৰ বাবে কাকতখন যথেষ্ট জনপ্ৰিয়৷ বিগত সময়ছোৱাত বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত অসমৰ ৰাইজক কেতবোৰ বিশেষ পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ প্ৰয়াত হোমেন বৰগোঁহাঞিৰ সম্পাদনাত আৰু প্ৰয়াত জি এল আগৰৱালাৰ নেতৃত্বত ‘আমাৰ অসম’ প্ৰকাশৰ দিনৰে পৰা মই পাঠক৷ বৰ্তমানেও মনোজ কুমাৰ গোস্বামীয়ে নতুন মাত্ৰা দিবলৈ সক্ষম হৈছে৷ ৰূপালী জয়ন্তীৰ এই শুভক্ষণত মই কাকত কতৃৰ্পক্ষ আৰু ইয়াত কৰ্মৰত আটাইকে আন্তৰিক শুভেচ্ছা জনালো৷



নগেন শইকীয়া [বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী]

আধুনিক অসমৰ বাতৰি কাকতৰ ইতিহাসত ‘আমাৰ অসম’ বিশেষভাৱে উল্লেখযোগ্য নাম হিচাপে ৰৈ যাব৷ ২৫ বছৰ আগতে হোমেন বৰগোহাঞিয়ে যি গৰাকী এগৰাকী বিদগ্ধ পণ্ডিতস্বৰূপ,সৃষ্টিশীল আৰু চিন্তাশীল লেখক আছিল সেইগৰাকী লোকে এই কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে বহুকাল চৰিত দান কৰি থৈ গ’ল৷ এই কাকতখনৰ জন্মলগ্নৰ যি দৃষ্টিভংগী যাতে সেই সময়ৰ দৃষ্টিভংগীটো সুৰক্ষিত হৈ থাকে তাৰ  বাবে প্ৰত্যেকগৰাকী সম্পাদকে দায়বদ্ধ হৈ কাম কৰি আহিছে৷ ময়ো এই কাকতখনৰ বৰগোহাঞি ডাঙৰীয়াই কিছুদিন এৰি থৈ যোৱাৰ পাছত দুবছৰ সম্পাদকৰ দায়িত্বত আছিলো৷ মই এই কাকতখনৰ যিটো চৰিত্ৰ– এই কাকতখনৰ আখৰ জোঁটনিৰ পৰা আৰম্ভ কৰি ইয়াৰ সংবাদসমূহৰ নিজস্ব চৰিত্ৰ ৰক্ষা কৰিবলৈ যত্নপৰ হৈছিলো৷ মই কিমানদূৰ সফল হৈছো সেইটো ক’ব খোজা নাই৷ কিন্তু মই ভাবো এই কাকতখনৰ যোগেদি অসমৰ মানুহে বাতৰি কাকতক এটা নতুন ৰূপত চাবলৈ আৰম্ভ কৰিলে৷ ইয়াৰ পাছত সম্পাদকৰ দায়িত্ব ল’লে প্ৰশান্ত ৰাজগুৰুৱে৷ এতিয়া আধুনিক অসমীয়া গল্প-সাহিত্যৰ এগৰাকী বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে এই দায়িত্ব গ্ৰহণ কৰি কাকতখনৰ যি মান আৰু ইয়াৰ মৰ্যাদা ৰক্ষা কৰিবলৈয়েই নহয়, তাক বৃদ্ধি কৰিবলৈ যত্নপৰ হোৱা যেন মোৰ চকুত পৰিছে৷ মই আশা কৰো মনোজ কুমাৰ গোস্বামীৰ নেতৃত্বত কাকতখনে ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্য ৰক্ষা কৰাৰ উপৰিও এখন আগশাৰীৰ কাকত হিচাপে প্ৰেৰণা যোগাই যাব৷ পঁচিশ বছৰ উপলক্ষে স্বগ¹য় জি এল আগৰৱালাৰ পৰা স্বগীৰ্য় হোমেন বৰগোহাঞিলৈ যিসকল জন্মলগ্নত জড়িত তেওঁলোকক মই আন্তৰিক শ্ৰদ্ধা জনাইছো৷ বৰ্তমানৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীক শুভেচ্ছা জনাইছো যাতে কাকতখনে জাতীয় চৰিত্ৰ অক্ষুণ্ণ ৰাখিব পাৰে৷

ড॰ অমৰজ্যোতি চৌধুৰী [বিশিষ্ট শিক্ষাবিদ]

অসমৰ সংবাদ জগতত ‘আমাৰ অসম’-এ আজি পঁচিশটা বছৰে যি সত্যনিষ্ঠাৰে নিজকে উছৰ্গা কৰিছে তাৰ নমুনা দেখি অসমৰ সাধাৰণ ৰাইজৰ হৈ মই ‘আমাৰ অসম’ক ওলগ জনাইছো৷ এই সত্য অন্বেষণ আৰু মানুহৰ মাজলৈ যোৱাৰ  অবিৰত প্ৰচেষ্টা অব্যাহত থাকিব বুলি আমি প্ৰত্যয়ৰে আশা কৰিছো৷ এই ছেগতে মই ‘আমাৰ অসম’ পৰিয়ালৰ আটাইকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো৷



ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য [মুখ্য উপদেষ্টা, আছু]

যুক্তি, বিবেক আৰু বিজ্ঞানমনস্কতা ‘আমাৰ অসম’ৰ অমূল্য সম্পদ৷ অকাট্য যুক্তি, বিজ্ঞানসন্মত পৰিৱেশন আৰু বিবেকবান চিন্তাৰে অসমীয়া জাতীয় জীৱনৰ বৌদ্ধিক আৰু তাত্ত্বিক ভেটি নিৰ্মাণত ‘আমাৰ অসম’-এ পঁচিশ বছৰ ধৰি অবিৰতভাৱে যোগাই আহিছে বিশেষ বৰঙণি৷ ‘আমাৰ অসম’ৰ দৰে এখন ৰুচিশীল কাকতে ৰূপালী জয়ন্তী বৰ্ষ সম্পূৰ্ণ কৰাটো অসমীয়া সাংবাদিকতাৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু আশাব্যঞ্জক খবৰ৷ বিগত পঁচিশ বছৰত ‘আমাৰ অসম’-এ প্ৰতিকূলতা আৰু স্থিতাৱস্থাৰ বিৰুদ্ধে অহৰহ যুঁজ দিবলগীয়া হৈছে৷ সত্যনিষ্ঠ সাংবাদিকতাত উৎসৰ্গিত ‘আমাৰ অসম’ৰ ৰূপালী জয়ন্তী উপলক্ষে কাকত গোষ্ঠীটোৰ সৈতে জড়িত সকলোলৈ আন্তৰিক শুভেচ্ছা-অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো৷ যিকেইজন মহান ব্যক্তিৰ অহোপুৰুষাৰ্থত ‘আমাৰ অসম’ৰ জন্ম হ’ল আৰু পঁচিশ বছৰ অতিক্ৰম কৰিলে সেই সকলোলৈকো প্ৰণিপাত জনাইছো৷ ‘আমাৰ অসম’ মানেই  সতেজ সুবাস, ‘আমাৰ অসম’ মানেই নতুনত্ব,‘আমাৰ অসম’মানেই আপোচবিহীন সাংবাদিকতা৷ জয়তু ‘আমাৰ অসম’৷

জুবিন গাৰ্গ [জনপ্ৰিয় কণ্ঠশিল্পী]

আমি ডেকা হৈ থাকোতেই ‘আমাৰ অসম’ৰ জন্ম হৈছিল৷ বহু ঘাত-প্ৰতিঘাট-সংঘাতৰ মাজেৰে ‘আমাৰ অসম’ এতিয়া ডেকা হ’ল৷ পঁচিশ বছৰৰ অবিৰত সংগ্ৰাম সহজ কথা নহয়৷ ‘আমাৰ অসম’ৰ বাতৰিৰ পৰিৱেশনশৈলী আৰু উপস্থাপনা মাৰ্জিত, সংস্কৃত আৰু সুৰুচিসম্পন্ন৷ সত্যনিষ্ঠ সাংবাদিকতাৰ হকে ‘আমাৰ অসম’ৰ পঁচিশ বছৰীয়া সংগ্ৰাম অসমীয়া সাংবাদিকতাৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি ৰ’ব৷ ‘আমাৰ অসম’ৰ পোহৰ পিয়াসী যাত্ৰা অব্যাহত থাকক৷ এতিয়াৰ দৰেই অনাগত সময়ছোৱাতো ‘আমাৰ অসম’ হৈ ৰওক অসমৰ জনতাৰ আপোচবিহীন ক_৷

জে পি দাস [বিশিষ্ট শিল্পী]

‘আমাৰ অসম’এতিয়া ডেকা হ’ল৷ জন্মলগ্নৰ পৰাই সুকীয়া বৈশিষ্ট্যৰে সমুজ্জ্বল ‘আমাৰ অসম’-এ মুকলি কৰিছিল পৰিৱৰ্তনৰ নতুন অধ্যায়৷ অসমীয়া সংবাদ জগতত পৰিৱৰ্তনৰ জোৱাৰ তুলিছিল ‘আমাৰ অসম’-এ৷ পঁচিশ বছৰীয়া পৰিক্ৰমাত জোৱাৰত ভাটা পৰা নাই৷ কাকতখনৰ সোণালী জয়ন্তীলৈ আগতীয়া শুভেচ্ছা যাচিলোঁ৷

তৰালি শৰ্মা [সুকণ্ঠী গায়িকা]

‘আমাৰ অসম’ মানেই আমাৰ নিজৰ কাকত৷ জন্মৰে পৰা এতিয়ালৈকে ‘আমাৰ অসম’ আমাৰ লগত আছে৷ আমি ‘আমাৰ অসম’ৰ লগত আছো৷ সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ ৰুগ্ন মানসিকতাই আজিকোপতি ‘আমাৰ অসম’ক গ্ৰাস কৰিব পৰা নাই৷ আশা কৰো অনাগত সময়ছোৱাতো ‘আমাৰ অসম’অসমৰ ৰাইজৰ কণ্ঠ হৈ থাকিব৷ সক্ৰিয়তাৰে- ইতিবাচক কাৰ্যৰে, আপোচহীনতাৰে যৌৱনকালত ভৰি দিয়া ‘আমাৰ অসম’ৰ পৰা আমি আৰু বহু আশা কৰো৷ বৃহত্তৰ ‘আমাৰ অসম’পৰিয়ালৰলৈ শুভেচ্ছা আৰু অভিনন্দন জনালো৷



বিভিন্ন দল-সংগঠনৰ শুভেচ্ছা

অসমৰ সমাজ জীৱনত এক অনবদ্য অৱদান আগবঢ়োৱা ‘আমাৰ অসম’ দৈনিক কাকতখনৰ ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰাত ভিন ভিন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে একেমুখে শুভেচ্ছা,শুভ কামনা জনাইছে৷ ৰাজ্যখনৰ সমন্বয়-সংহতিৰ সাহিত্যানুষ্ঠান ‘বহুবাক’[সাহিত্য মঞ্চ,অসম]ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়– ‘আমাৰ অসম’ এ নতুন লেখকৰ জন্মত অৰিহণা যোগাইছে৷ অতি নিষ্ঠাৰে যোৱাটো সময় চোৱা সংবাদ পৰিৱেশন কৰি ৰাইজৰ মনত এক সাচ বহুৱাইছে৷ যুগে যুগে জীয়াই থাকক ‘আমাৰ অসম’৷ আমাৰ আশা৷ ঈশ্বৰৰ ওচৰত আমাৰ প্ৰাৰ্থনা৷’বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ’ৰ সভাপতি দিলস্‌ লক্ষ্মীন্দ্ৰ সিংহই কয়- ‘আমাৰ অসম’ কাকতৰ ভূমিকা বৰ সুন্দৰ৷ ৰূপালী জয়ন্তী কিয় সোণালী,হীৰক,মহাৰজত,শতায়ু গচকি ইতিহাস ৰচিব লাগিব৷’নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড॰ মলিনা দেৱী ৰাভাই কয়- ‘আমাৰ অসম’কাকতে জন্মৰে পৰা বৰ নিৰলস ভূমিকা লৈ আহিছে৷ সেইকাৰণে আমাৰ আদৰণিয়৷’ অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক ‘সাহিত্য কোঁৱৰ’ কমল কলিতাই কয়- ‘আমাৰ অসম’কাকত বাতৰি প্ৰকাশত বৰ নিপুণতা আছে৷ যাৰ বাবে সকলোৰে মনত সমাদৃত হৈছে৷’‘আমাৰ অসম’ৰ ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰাত শুভেচ্ছা,শুভকামনা জনাইছে গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমা,নাৰী কল্যাণ মঞ্চ,অসমৰ সচিব প্ৰধান ড॰ অসমী গগৈ,অসম শিশু সাহিত্য সমাজৰ সহ:সম্পাদক অধ্যাপক প্ৰদীপ নাৰায়ণ ভট্টাচাৰ্য, স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱ’ৰ সভাপতি কুমুদ শৰ্মা,সম্পাদক নুৰুল হক আহমেদ,সদৌ অসম সাংবাদিক সন্থা[উপদেষ্টা] মনোৰঞ্জন ভট্টাচাৰ্য,গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্ৰ ব্ৰহ্ম, সম্পাদক গোলাপ বড়ো, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস,বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ,সাহিত্য- সাংস্কৃতিকমূলক স্বেচ্ছাসেৱী অনুষ্ঠান ‘ৰং’,পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে৷ সকলোৱে একে মুখে কয়-‘আমাৰ অসম’ৰ ভূমিকা অনন্য৷ সদায় জীয়াই থাকক৷

লগতে পঢ়কঃ ‘আমাৰ অসম’ৰ ২৫ বছৰ সম্পূৰ্ণ