Logo
image

‘আমাৰ অসম’ৰ ২৫ বছৰ সম্পূৰ্ণ

আমাৰ অসম, ২১ এপ্ৰিলঃ ‘ৰূপালী ৰং চুলিত লাগিছে,বেয়া নেদেখি লাগক’– কোৱা হয়, ৰূপালী ৰঙে মূৰৰ চুলি শোভা কৰাটো পৰিপক্কতাৰ পৰিচায়ক; যি পৰিৱৰ্তনক কবিয়েও আগ্ৰহেৰে গ্ৰহণ কৰিছে৷ কিন্তু সেই ৰূপালী জয়ন্তী যদি এখন সংবাদপত্ৰই সম্পূৰ্ণ কৰে,তেন্তে পাঠক-অনুৰাগীৰ বাবে সেয়া সংবাদ পত্ৰখনৰ ভৰ যৌৱন৷ এনেদৰেই আজি ‘আমাৰ অসমে’২৫ বছৰ সম্পূৰ্ণ কৰি পূৰ্ণ যৌৱন লাভ কৰিলে,যি অসমৰ সংবাদ ইতিহাসৰ বাবে এটা তাৎপৰ্যপূৰ্ণ পৰিঘটনা৷ অৱশ্যেই ২৫ বছৰ সম্পূৰ্ণ কৰা ‘আমাৰ অসম’পূৰ্ণ যৌৱনতে অসমৰ পাঠকৰ বাবে,অনুৰাগীৰ বাবে এখন পৰিপক্ক সংবাদপত্ৰ,ঠিক ৰূপালী ৰং চুলিত লগা ব্যক্তি এগৰাকী যিদৰে তেওঁৰ প্ৰৌঢ়ত্বৰ অভিজ্ঞতাৰে সৰ্বদিশতে অভিজ্ঞতাসম্পন্ন হৈ উঠে৷ এখন আঞ্চলিক সংবাদপত্ৰৰ বাবে,এখন সমস্যাজৰ্জৰ ৰাজ্যত প্ৰচলিত সংবাদপত্ৰৰ বাবে ‘আমাৰ অসম’ ৰ ২৫ বছৰ সম্পূৰ্ণ ২৫ বছৰ সন্দেহাতীতভাৱে দীৰ্ঘ পথ পৰিক্ৰমাৰ সময়৷ আজিৰ পৰা ঠিক ২৫ বছৰ পূৰ্বে এনে এক বসন্ততে ২১ এপ্ৰিলত প্ৰচুৰ সম্ভাৱনা বহন কৰি আৰু অযুত প্ৰতিশ্ৰুতি লৈ জি এল পাব্লিকেশ্বন্‌ছৰ পৰা জন্ম হৈছিল ‘আমাৰ অসম’ৰ৷ ইতিমধ্যে ৰাজ্যত চমক সৃষ্টি কৰিও কেইবাখনো অসমীয়া সংবাদ-পত্ৰৰ বেলি লহিয়াবলৈ আৰম্ভ কৰিছিল৷ যিকেইখন সংবাদ-পত্ৰ তেতিয়া ৰাজ্যত প্ৰচলিত হৈ আছিল,তাৰে কোনোখনে একঘেয়ামী আৰু কোনোখনে ভিন্নস্বাদ প্ৰদান কৰিব নোৱাৰাত ৰাজ্যৰ পাঠক যেন ৰৈ আছিল এখন ভিন্নস্বাদধৰ্মী অথচ সত্যনিষ্ঠ,যাৰ প্ৰতিটো বাক্য,প্ৰতিটো শব্দ কিম্বা সকলো আখৰকে আস্থাত ল’ব পাৰি– তেনে এখন সংবাদ-পত্ৰৰ বাবে৷ ঠিক সেই ক্ষণতে অসমৰ সংবাদ জগতৰ মহীৰূহ হোমেন বৰগোহাঞি আৰু অসীম প্ৰতিভাধৰ তৰুণ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ যুগলবন্দীত আৰম্ভ হ’ল ‘আমাৰ অসম’ৰ৷ লগে লগে যেন অসমৰ পাঠকেও প্ৰাণ পালে৷ অসমৰ সংবাদ জগতৰ দুই মহাৰথীক যোগ্য সংগ প্ৰদান কৰিলে এদল তৰুণ কিন্তু প্ৰতিভাসম্পন্ন সাংবাদিকে৷ কোৱা বাহুল্য মাথোঁ,‘আমাৰ অসম’নামৰ সৰ্বদিশে পুষ্ট এখন সংবাদ-পত্ৰ নিজৰ প্ৰতিষ্ঠান জি এল পাব্লিকেশ্বন্‌ছৰ পৰা জন্ম দিয়াতো প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী জি এল আগৰৱালাৰ দীৰ্ঘায়িত সপোন আছিল৷ তাৰ বাবে তেওঁ হাতত সময় লৈছিল,কিন্তু পূৰ্ণাংগ এখন দৈনিক সংবাদ-পত্ৰ প্ৰকাশৰ বাবে অভিজ্ঞ আৰু প্ৰতিভাসম্পন্ন সাংবাদিকক জি এল পাব্লিকেশ্বন্‌ছৰ এখন ছাদৰ তলত একত্ৰিত কৰিবলৈ সক্ষম হৈছিল৷ অৱশ্যে আক্ষৰিকভাৱে ‘আমাৰ অসম’ৰ সম্পাদনাক্ষেত্ৰৰ সকলো দায়িত্ব তেওঁ কাৰ্যবাহী সম্পাদক মনোজ কুমাৰ গোস্বামীৰ ওপৰতে সঁপি দিছিল৷ ইয়াৰ পাছতে আৰম্ভ হৈছিল ‘আমাৰ অসম’ৰ অপ্ৰতিৰোধ্য যাত্ৰা৷ সত্যনিষ্ঠ সাংবাদিকতাৰ বাবে নিচেই কম দিনতে ‘আমাৰ অসমে’অসমৰ পাঠক সমাজৰ পৰা অভিনৱ আস্থা অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল আৰু চকুৰ পচাৰতে ‘আমাৰ অসমে’ৰাজ্যৰ সংবাদ জগতত প্ৰতিষ্ঠা লাভ কৰিছিল৷
প্ৰকৃততে আজিৰ দিনটোতে,২৫ বছৰৰ পূৰ্বে,২০ এপ্ৰিলত ‘আমাৰ অসম’ৰ কাৰ্যালয়ত বহি এদল পৰিশ্ৰমী সাংবাদিকে বাতৰি যুগুতাইছিল পিছদিনা প্ৰকাশ পাবলগীয়া সংবাদ-পত্ৰখনৰ বাবে৷ আৰু আজিৰ পৰা ২৫টা বসন্তৰ পূৰ্বে, এই বসন্তকালতে ২১ এপ্ৰিলত পাঠকৰ হাতত পৰিছিল আজি আনুষ্ঠানিকভাৱে ভৰ যৌৱনত ভৰি দিয়া ‘আমাৰ অসমে’৷ এই দীঘলীয়া পৰিক্ৰমাত সম্পাদক হোমেন বৰগোহাঞিৰ অবৰ্তমানত ‘আমাৰ অসম’ৰ সম্পাদক হৈ গুৰিবঠা ধৰিছিল ৰাজ্যৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক নগেন শইকীয়াই৷ কেইবছৰমানৰ বিৰতিত হোমেন বৰগোহাঞি পুনৰ মুখ্য সম্পাদক হৈ ‘আমাৰ অসম’লৈ উভটি আহিছিল৷ তেওঁ দ্বিতীয়বাৰৰ বাবে ‘আমাৰ অসম’ৰ পৰা বিদায় লোৱাৰ সময়ত ‘আমাৰ অসম’ৰ সম্পাদকৰ গুৰুদায়িত্ব কান্ধত ল’লে অভিজ্ঞ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে৷ অৱশেষত ২০২০ চনৰ ৰ জুনত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক হৈ দীৰ্ঘদিনৰ পাছত এই প্ৰতিষ্ঠানলৈ উভটি আহিল পূৰ্বে কাৰ্যবাহী সম্পাদক হিচাপে সংবাদ-পত্ৰখনৰ জন্ম দিয়া মনোজ কুমাৰ গোস্বামী৷ ২৫ বছৰৰ এই পথ দীঘলীয়া৷ অসমৰ দৰে এখন সমস্যাজৰ্জৰ ৰাজ্যত এখন সংবাদ-পত্ৰ এনেদৰে সদায় শীৰ্ষস্থানত থাকি প্ৰচলন হৈ থকাটো নিতান্তই কষ্টসাধ্য৷ দীৰ্ঘ এই ২৫ বছৰত ‘আমাৰ অসমে’ও ৰাজ্যৰ বিভিন্ন সংবাদ পত্ৰ,আলোচনীৰ দৰে কণ্টকাকীৰ্ণ পথ গৰকিছে,বিভিন্ন উত্থান-পতনৰ সাক্ষী হৈছে৷ কিন্তু সেই সকলো প্ৰতিবন্ধকতা অতিক্ৰম কৰি সত্যনিষ্ঠ সাংবাদিকতাত উৎসৰ্গিত ‘আমাৰ অসম’নিজৰ স্থিতিত অবিচল,নিজৰ গতিত অপ্ৰতিৰোধ্য৷ সন্দেহাতীতভাৱে ইয়াৰ ভাগীদাৰ ‘আমাৰ অসম’ৰ আস্থাশীল পাঠক-অনুৰাগী,ৰাজ্যজুৰি আৰু আন ৰাজ্য তথা আন দেশতো থকা সংবাদদাতা,লিখক-সমালোচক আৰু সৰ্বোপৰি গুণগ্ৰাহী৷ সেয়ে ‘আমাৰ অসম’ৰ এই গতি চিৰন্তন৷