জনতাই পৰিত্ৰাণ বিচাৰিছে
চৰকাৰ এখন জনগণৰ ভোটেৰেই নিৰ্বাচিত হয়৷ কিন্তু প্ৰতিখন চৰকাৰেই জনগণৰ আশা-আকাংক্ষাক ভৰিৰে মোহাৰি আহিছে৷ স্বাধীনতাৰ পৰা ৭৩ বছৰত ভাৰতে বহুকেইখন চৰকাৰ পালে৷ বহুকেইজন প্ৰধানমন্ত্ৰী পালে, কিন্তু কোনো চৰকাৰেই ৰাইজৰ প্ৰকৃত সমস্যাক অনুধাৱন কৰি এখন সমৃদ্ধিশালী ভাৰত নিৰ্মাণৰ বাবে প্ৰচেষ্টা নচলাই কেৱল দুৰ্নীতি-ভ্ৰষ্টাচাৰ, শোষণ-নিৰ্যাতন, অত্যাচাৰ-উৎপীড়নৰ আশ্ৰয় লৈ জনগণক কেৱল শোষণৰ এক হাথিয়াৰতহে পৰিণত কৰিলে৷ ভাৰতখন কৃষিপ্ৰধান দেশ৷ এইখন দেশত কৃষকৰ কথা কৈ প্ৰতিখন চৰকাৰেই শাসনত বহে৷ নৰেন্দ্ৰ মোদী চৰকাৰেও কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনত বহিছিল, কিন্তু বিগত ছটা বছৰে দেশৰ কৃষকৰ যি দুৰৱস্থা হৈছে, সেয়া ইতিহাসতে বিৰল৷ বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে কৃষিপথাৰত জান-প্ৰাণ দি উৎপাদনত নামে যদিও কেতিয়াবা যদি খৰাং, কেতিয়াবা বানত পৰি খেতিপথাৰ নষ্ট হৈছে৷ চৰকাৰৰ সহায় নাপাই মাত্ৰাধিক সুতত ব্যক্তিগত ঋণ লোৱা কৃষকে দিক-বিদিক হেৰুৱাই আত্মহত্যা কৰাৰ বাদে আন উপায় নাথাকে৷ এনে জটিল পৰিস্থিতিৰ অৱসান আশা কৰিছিল কৃষকে, কিন্তু এইখন চৰকাৰে সম্প্ৰতি এনে তিনিখন আইন আনিলে যি আইনে যুগ যুগান্তৰলৈ কৃষকৰ অধিকাৰতো হৰণ কৰিলেই, ভৱিষ্যতে আহিবলগা চৰকাৰসমূহেও এই আইনৰ বাবে কৃষকৰ কল্যাণৰ নামত একো কৰিব নোৱাৰিব৷ এই কথা দেশৰ কোটি কোটি কৃষকে বুজি পাইছে, কিন্তু মোদী চৰকাৰে জানি-বুজিও বুজি নোপোৱাৰ ভাও ধৰি দেশৰ ৰাইজক বিভ্ৰান্ত কৰিছে৷ নিজৰ উৎপাদিত দ্ৰব্যৰ ওপৰত অধিকাৰ হেৰুৱাবলৈ গৈ থকা কৃষকে সেয়ে চৰকাৰৰ ওচৰত দাবী জনাবলৈ দিল্লী অভিমুখে যাত্ৰা কৰিছে৷ দেশজুৰি সৰ্বাত্মক ধৰ্মঘট পালন কৰিছে৷ কিন্তু চৰকাৰে ববৰ্ৰভাৱে কৃষকৰ প্ৰতিবাদক মষিমূৰ কৰিবলৈ ব্যাপক দমন-উৎপীড়ৰ আশ্ৰয় লৈছে৷ যি কৃষকে দিল্লীত চৰকাৰ পাতিছে, সেই দিল্লীত কৃষকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে৷ এই প্ৰচণ্ড শীতত কিয় কৃষকে হাজাৰ হাজাৰ মাইল পদব্ৰজে আহি দিল্লীত প্ৰৱেশ কৰিব বিচাৰিছে, সেই কথাক সম্পূৰ্ণৰূপে আওকাণ কৰি চৰকাৰে কেৱল বৃহৎ কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ উঠিপৰি লাগিছে৷ কিন্তু দেশৰ কৃষক বিদ্ৰোহক দমন কৰিবলৈ প্ৰয়াস কৰিলে মোদী চৰকাৰৰ বাবে যে হিতে বিপৰীত হ’ব, সেই কথা এতিয়া সংখ্যাৰ জোৰত পাহৰি আছে চৰকাৰখনে৷
লগতে পঢ়কঃ https://aamarasom.com/detail-news/383
এইখন চৰকাৰে ৰাইজৰ বিৰুদ্ধে এখনৰ পাছত আনখন আইন আনিছে৷ এটাৰ পাছত আন এটা সিদ্ধান্ত লৈছে, যিবোৰ সিদ্ধান্তই দেশৰ ১৩০ কোটি জনতাৰ বাবে জীয়াই থকাৰ পথবোৰ ৰুদ্ধ কৰি আনিছে৷ ২৪ নৱেম্বৰত দেশৰ ৰে’ল মন্ত্ৰণালয়ে E(MPP) 2018/1/1 নম্বৰৰ এক জাননী জাৰি কৰিছে যিখন জাননীয়ে দেশৰ লাখ লাখ নিবনুৱালৈ অন্ধকাৰ ভৱিষ্যৎ নমাই আনিছে৷ উক্ত জাননীত কৈছে যে ভৱিষ্যতলৈ আৰু ৰে’ল বিভাগত সুৰক্ষাজনিত পদৰ বাদে আন কোনো পদ সৃষ্টি কৰা নহ’ব৷ বিগত দুবছৰত যদি এনে পদ সৃষ্টি কৰা হৈছিলোঁ, সেইবোৰতো নিযুক্তি বন্ধ কৰা হৈছে৷ জাননীখনত ইয়াতকৈও ভয়ংকৰ নিৰ্দেশ দিছে যে বৰ্তমান খালী হৈ থকা পদৰ পঞ্চাছ শতাংশ পদ বিলুপ্ত কৰা হ’ব৷ চৰকাৰৰ এনে ভয়ংকৰ সিদ্ধান্তই দেশৰ জনতাৰ বাবে কি ভয়ংকৰ ভৱিষ্যৎ আনিব তাক সহজেই অনুমেয়৷ ২০১৯ৰ নিৰ্বাচনৰ পূ্ৰ্বে ৰে’ল বিভাগত নিযুক্তিৰ বাবে পৰীক্ষা পতা চৰকাৰখনে নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰি ঠিকেই চৰকাৰত বহিল, কিন্তু চৰকাৰত বহিয়ে নিযুক্তি দূৰৰ কথা ৰে’ল বিভাগক কৰ্পৰেটৰ ওচৰত গতাই এতিয়া নিযুক্তি বন্ধ কৰিলে৷ বছৰি দুই কোটিক চাকৰি দিয়াৰ প্ৰলোভন দিয়া মোদী চৰকাৰে জনতাৰ বিৰুদ্ধে এনে অন্যায়ৰ আশ্ৰয় লোৱা কাৰ্যত এতিয়া দেশৰ চৌদিশে প্ৰতিবাদ হৈছে৷ ‘সকলোৰে ঊধবৰ্ত মানুহ’ এই মানুহক অৱদমন কৰিবলৈ চেষ্টা কৰিলে কোনো চৰকাৰেই শাসনত টিকি থাকিব নোৱাৰিব৷ অসম চৰকাৰেও উন্নয়নৰ সকলো পথ ৰুদ্ধ কৰি কেৱল প্ৰলোভনেৰে নিৰ্বাচনৰ আগত চাকৰি বা আঁচনিৰ কথা ঘোষণা কৰিলেও এতিয়া অসমৰ ৰাইজে এইবোৰ বিশ্বাস নকৰে৷ ৰাইজে এতিয়া এনে প্ৰতাৰণাৰ পৰা পৰিত্ৰাণ বিচাৰিছে৷






