ভ্ৰাম্যমাণ পুথিভঁৰালৰ চিন্তা
৮ নৱেম্বৰ সংখ্যাৰ ‘আমাৰ অসম’ত ‘কলকাতাৰ ট্ৰাম লাইব্ৰেৰী, অসমৰ ষ্ট্ৰীট লাইব্ৰেৰী’ শিৰোনামেৰে প্ৰকাশিত ড॰ নিৰ্মলৰঞ্জন মজুমদাৰৰ লেখাটো পঢ়ি সঁচাকৈয়ে আনন্দিত হৈছোঁ৷ বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱনত সময়ৰ অভাৱৰ বাবে মানুহৰ কিতাপ, বাতৰিকাকত পঢ়াৰ আহৰি নোহোৱা হোৱাৰ সময়তে ট্ৰাম গাড়ীত যাত্ৰা কৰাৰ সময়তে পঢ়াৰ কাৰণে সামান্যতম সুবিধা কৰি দিয়াৰ চিন্তাৰে ট্ৰাম গাড়ীতে ভ্ৰাম্যমাণ পুথিভঁৰালৰ সেৱা আগবঢ়োৱাৰ পৰিকল্পনা কৰাৰ বাবে পশ্চিমবংগ চৰকাৰলৈও আন্তৰিক ধন্যবাদ জনলোঁ৷ এনেকুৱা চিন্তা-চৰ্চা আমাৰ অসমৰ চৰকাৰৰ মগজুত নেখেলায়েই৷ অসম চৰকাৰৰ মগজুলৈ আহে মাৰ্চিডিজ গাড়ী কিনি ৰাইজক আৰাম দিয়া, ৰোপ ৱে’ নিৰ্মাণ কৰি ৰাইজক চমক দিয়া, ছাত্ৰীক স্কুটী দিয়াধৰণৰ চিন্তাবিলাকহে, যিবিলাকত কমিছনৰ অংক জড়িত থাকে৷ আমাৰ অসমতো চৰকাৰৰ দ্বাৰাই নহ’লেও এনেকুৱাধৰণৰ চিন্তা-চৰ্চা কৰা লোকো নোহোৱা নহয়৷ নলবাৰীকে ধৰি অসমৰ কেইবাঠাইতো ব্যক্তিগত পুথিভঁৰাল স্থাপনৰ বাতৰি প্ৰকাশ পোৱাৰ পাছত উজনি অসমৰ কোনো কোনো ঠাইত ৰাস্তাৰ কাষত ষ্ট্ৰীট লাইব্ৰেৰী স্থাপনৰ খবৰো পোৱা গৈছে৷ এই পুথিভঁৰালবিলাকে নিশ্চয় কমসংখ্যক লোকক হ’লেও উপকৃত কৰিব৷ লাহে লাহে নতুন প্ৰজন্মও আকৰ্ষিত হ’ব৷ এই পুথিভঁৰালবিলাকৰ উদ্যোক্তাসকললৈও মোৰ কৃতজ্ঞতা থাকিল৷ আশা কৰোঁ এনেকুৱা শুভকাৰ্য দীৰ্ঘস্থায়ী হওক৷ লগতে উদ্যোক্তাসকলে এটা কথা লক্ষ্য ৰাখিব লাগিব যাতে কোনো দুষ্কৃতিকাৰীয়ে এইবিলাকত ব্যাঘাত জন্মাব নোৱাৰে৷ কাৰণ সকলো সমাজতে কিছুমান দুষ্কৃতিকাৰী থাকে, যিবিলাকে সমাজৰ কোনো ভাল কাম হোৱাটো নিবিচাৰে৷ চৰকাৰৰ ওচৰত এইবিলাক আশা নকৰাই ভাল৷






