Logo
image

বিলুপ্ত হ’ব নেকি ষ্টেটিনীচসকল

...কোনো প্ৰৱেশ কৰিব নোৱৰা দ্বীপটোত কেনেকৈ ১০জনকৈ লোক আক্ৰান্ত হ’ল কৰ’নাত৷  আন্দামানৰ ঘন জংঘলত বাস কৰা আন বিপদাপন্ন জনজাতিৰ লোকসকলৰ সংস্পৰ্শলৈ আহিছে নেকি এই লোকসকল? ... 

মহামাৰী কৰ’নাৰ উপদ্ৰৱ বিশ্বৰ আন দেশসমূহত কিছু সুস্থিৰ হৈছে যদিও ভাৰতত এতিয়া কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে৷ যাৰ বাবে প্ৰত্যেকদিনাই বহুতো লোক আক্ৰান্ত হৈ থকাৰ খবৰ পাইছোঁ৷ ফলত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পুনৰ এবাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে দেশবাসী৷ এই দুঃসময়ৰ মাজতে এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ আন্দামান নিকোবৰৰ ৰাজধানী প’ৰ্টব্লেয়াৰৰ পৰা ৫০ কিঃমিঃ দূৰত্বত নৰ্থ ষ্টেটিনেল নামৰ বিশেষ দ্বীপ এটা অৱস্থিত, য’ত বাস কৰে বিশেষভাৱে বিপদাপন্ন জনজাতিসকল৷ পূৰ্বৰ সমীক্ষা অনুসৰি ১৮৫৮ চনত প্ৰায় ৫ সহস্ৰাধিক লোকৰ বসতি আছিল এই দ্বীপটোত৷ কিন্তু ১৯০১ চনত প্ৰায় ৫০ বছৰৰ ব্যৱধানত ইয়াৰ জনসংখ্যা ৬২৫জনলৈ হ্ৰাস পায়৷ তাৰ পাছত ১৯৬০ চনত পুনৰ জনসংখ্যা কমি গৈ হয়গৈ মাত্ৰ ১৯জন৷ বৰ্তমান অৱশ্যে দ্বীপটোত ৫৯জন লোকৰ বসতিৰ তথ্য পোহৰলৈ আহিছে৷ আন্দামান নিকোবাৰৰ আন জনজাতিসকলৰ ভিতৰত এইটোৱে বিশেষভাৱে বিপদাপন্ন জনজাতি৷

ষ্টেটিনীচ জনজাতিৰূপে পৰিচিত এই লোকসকলে কোনো কাৰণতে গ্ৰহণ কৰিব নিবিচাৰে আন ঠাইৰ পৰা যোৱা লোকক, দেখা মাত্ৰেই উত্তেজিত হৈ খেদি পঠাবলৈ উদ্যত হয় পৰ্যটক তথা ভ্ৰমণকাৰীসকলক৷ উল্লেখ্য, ২০১৮ চনত জন এলেল ষ্টাউণ্ড নামৰ আমেৰিকাৰ লোক এজনে গোপনে সেই ঠাইত প্ৰৱেশ কৰিছিল, কিন্তু লোকজনৰ অৱস্থিতিৰ কথা গম পাই জনজাতি লোকসকলে হানি-খুঁচি তেওঁক হত্যা কৰে৷ ঠিক একেদৰে নদীদ্বীপটোত ভুলতে কেইজনমান মাছমৰীয়াই প্ৰৱেশ কৰিছিল৷ তেতিয়াও তেওঁলোকক হাতত ধনু-কাঁড় লৈ হত্যা কৰিবলৈ উদ্যত হৈছিল৷

তাৎপৰ্যপূৰ্ণ যে, ব্ৰিটিছৰ শাসনকালতে আন্দামান নিকোবৰলৈ প্ৰব্ৰজন ঘটিছিল বহু প্ৰব্ৰজনকাৰীৰ, আৰু লগত লৈ আহিছিল বহু লোকৰ বীজাণু৷ আচলতে তেতিয়াৰ পৰাই আন ঠাইৰ লোকক বীজাণুবাহক বুলি গণ্য কৰে বিপদাপন্ন লোকসকলে৷ ফলস্বৰূপে দেখা মাত্ৰকে আক্ৰমণ কৰিবলৈ উন্মক্ত হোৱা বুলি সন্দেহ কৰা যায়৷

কিন্তু শেহতীয়াকৈ আন্দামানৰ স্বাস্থ্য বিভাগৰ দ্বাৰা ক’ভিড পৰীক্ষা কৰা হয় দ্বীপটোৰ ৫৯জনকৈ লোকক আৰু তেওঁলোকে স্ব-ইচ্ছাৰে ক’ভিড পৰীক্ষাৰ বাবে আগবাঢ়ি আহে৷ কিন্তু তাৰে ১০জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড পজিটিভ৷ এতিয়া কথাটো হ’ল– কোনো প্ৰৱেশ কৰিব নোৱৰা দ্বীপটোত কেনেকৈ ১০জনকৈ লোক আক্ৰান্ত হ’ল কৰ’নাত৷  আন্দামানৰ ঘন জংঘলত বাস কৰা আন বিপদাপন্ন জনজাতিৰ লোকসকলৰ সংস্পৰ্শলৈ আহিছে নেকি এই লোকসকল? সেইটোও এটা চিন্তাৰ বিষয়৷ যদিও নৰ্থ ষ্টেটিনেল দ্বীপত আন মানুহৰ প্ৰৱেশ নিষিদ্ধ, তথাপি ষ্টেটিনিচসকলে বিভিন্ন সময়ত আন ঠাইতো কৰ্মত নিয়োজিত হোৱাৰ প্ৰমাণ পোৱা গৈছে৷ 

এতিয়া সকলোৰে প্ৰশ্ন– এনেকৈ দ্বীপটোৰ এজন এজনকৈ লোক ক’ভিডত আক্ৰান্ত হৈ নিঃশেষ হৈ যাব নেকি বিপদাপন্ন জাতিটো?