বয়স কমিব পাৰে ২৫ বছৰ পৰ্যন্ত!
আমাৰ অসম, ২৭ নৱেম্বৰঃ বয়স কমোৱাৰ উপায় বিচাৰি উলিয়াইছে এদল বিজ্ঞানীয়ে৷ ইজৰাইলৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা এই উপায়ক স্বাভাৱিকতেই যুগান্তকাৰী বুলি ধাৰণা কৰা হৈছে৷ ইজৰাইলৰ তেল আভিভ বিশ্ববিদ্যালয় আৰু শ্বামিৰ চিকিৎসা কেন্দ্ৰৰ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি মানুহৰ বয়স কেনেদৰে কমাব পাৰি সেই সম্পৰ্কে গৱেষণা চলাই আহিছিল৷ অৱশেষত ইয়াৰ সু-ফল লাভ কৰা বুলি তেওঁলোকে দাবী কৰিছে৷ বিজ্ঞানীৰ দলটোৱে গৱেষণাত লাভ কৰা ফলাফলৰ বিষয়ে শেহতীয়াকৈ প্ৰকাশ পাইছে এংগিং জাৰ্ণেলত৷ গৱেষকসকলে প্ৰকাশ কৰামতে তেওঁলোকে কৰা গৱেষণাৰ সময়ত ৬৪ উৰ্ধৰ ৩৫জন প্ৰাপ্তবয়স্ক লোকৰ ওপৰত দিনে ৯০ মিনিটৰ বাবে এইচ বি অ’ টি অৰ্থাৎ হাইপাৰবাৰিক অক্সিজেন ট্ৰিটমেণ্ট প্ৰয়োগ কৰি বয়স কমোৱাৰ উপায় বিচাৰি পাইছে৷ উল্লেখ্য যে, এইচ বি অ’ টি বা হাইপাৰবাৰিক অক্সিজেন ট্ৰিটমেণ্ট হৈছে এনে এটা পদ্ধতি য’ত এজন লোকক এটা চেম্বাৰৰ ভিতৰত ৰাখি উচ্ছ চাপত অক্সিজেন সৰবৰাহ কৰা হয়৷ তিনিমাহ ধৰি সপ্তাহত পাঁচবাৰকৈ লোককেইজনৰ ওপৰত তেওঁলোকে এই পদ্ধতি প্ৰয়োগ কৰি সুফল লাভ কৰে৷ বিজ্ঞানীৰ দলটোৱে এই বুলিও প্ৰকাশ কৰে যে মানব কোষৰ ক্ৰম’জ’ম প্ৰান্ত বা তেলেমিয়াজৰ ক্ষতি হ’লে বয়স বাঢ়িবলৈ ধৰে৷ জোতাৰ ফিটা বেছিদিন টিকাবলৈ যিদৰে ফিটাদালৰ দুয়োটা মূৰত প্লাষ্টিকৰ টুপী পিন্ধোৱা থাকে ঠিক একেদৰেই ক্ৰম’জ’মকো সুৰক্ষিত কৰি ৰাখে এই তেলমিয়াজে৷ বয়স বৃদ্ধিৰ লগে লগে তেলমিয়াজৰ আকাৰ সৰু হৈ গৈ থাকে৷ ফলত ক্ৰম’জ’মে নিজৰ কাৰ্যক্ষমতা হেৰুৱাবলৈ আৰম্ভ কৰে৷ তেলমিয়াজৰ ক্ষতি ৰোধ কৰিব পাৰিলেই বয়স বৃদ্ধিক বাধা দিব পৰা যায় বুলি বিজ্ঞানীৰ দলটোৱে দাবী কৰিছে৷ সম্প্ৰতি তেলআভিভ আৰু শ্বামিৰ চিকিৎসা কেন্দ্ৰৰ বিজ্ঞানীসকলে বিশ্বজুৰি দৰৱ প্ৰয়োগ আৰু পৰিৱেশগত হস্তক্ষেপেৰে কিদৰে তেলমিয়াজৰ ক্ষতি ৰোধ কৰিব পৰা যায় সেই সম্পৰ্কে গৱেষণা চলাই আছে৷ তেওঁলোকৰ দাবী যে এইচ বি অ’ টি পদ্ধতিয়ে তেলমিয়াজৰ ক্ষতি ৰোধ কৰিব পাৰে৷ বিজ্ঞানীৰ দলটোৱে উল্লেখ কৰামতে, এইচ বি অ’ টি পদ্ধতিৰে অকল বাৰ্ধক্য ৰোধেই নহয় শৰীৰৰ কোষৰ আণৱিক স্তৰত বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াক বিপৰীতমুখী কৰিবপৰা যায়৷ এই পদ্ধতিৰে এজন লোকৰ বয়স ২৫ বছৰলৈকে কমিব পাৰে বুলি বিজ্ঞানীৰ দলটোৱে দাবী কৰিছে৷