Logo
image

এইকেইটা অভ্যাসে মগজুৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে

‘আমাৰ অসম’ বিশেষঃ বিভিন্ন কাৰণত মগজুৰ ক্ষতি হ’ব পাৰে৷ বিশেষকৈ কেইটামান অভ্যাসে মগজুৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়৷ এনে অভ্যাসে ক’ব নোৱাৰাকৈয়ে মগজুৰ কৰ্মশক্তিত আঘাত হানে৷

  • পুৱাৰ আহাৰঃ স্বাস্থ্য সচেতন পশ্চিমীয়া দেশৰ মানুহে পুৱা গধুৰ আহাৰ গ্ৰহণ কৰে৷ যিহেতু নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত দীৰ্ঘসময় একো নোখোৱাৰ ফলত পুৱাৰ ভাগত মানুহৰ তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস পায়৷ তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত মস্তিষ্কৰ বিভিন্ন কোষ প্ৰয়োজনীয় পুষ্টিৰ অভাৱত ভোগে৷ যিটো মস্তিষ্কৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ সেয়েহে নিশা লঘু আহাৰ আৰু পুৱা বেছিকৈ খাদ্য গ্ৰহণ কৰিব লাগে৷
  • অত্যধিক আহাৰ গ্ৰহণঃ আনহাতে অত্যাধিক আহাৰ গ্ৰহণ কৰিলেও মানসিক শক্তি হ্ৰাস পাব পাৰে৷ সেয়েহে পুৱা-গধুলিৰ আহাৰৰ মাজত কিছু বিধি মানি চলা উচিত৷ বিশেষকৈ নিশাৰ ভাগত কম পৰিমাণৰ খাদ্যহে গ্ৰহণ কৰা উচিত৷
  • ধুমপানঃ ধুমপান শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ ধুমপানৰ ফলত মস্তিষ্কৰ কোষ সংকুচিত হয়৷ যাৰ বাবে মগজুৱে সুস্থভাৱে কাম-কাজ কৰাত বাধাৰ সন্মুখীন হয়৷ স্মৃতি বিভ্ৰমৰ দৰে ৰোগত ভোগাৰ অন্যতম কাৰণ হ’ল ধুমপান৷
  • মাত্ৰাধিক ব্লাড ছুগাৰঃ কোনো এজন লোকৰ তেজত ছুগাৰৰ পৰিমাণ মাত্ৰাধিক হ’লে শেষত ইয়াৰ বাবেই মস্তিষ্কৰ স্নায়ুকোষৰ ক্ষতি হ’ব পাৰে৷ স্নায়ুকোষে প্ৰ’টিন আৰু পুষ্টিকৰ উপাদান মগজুলৈ প্ৰেৰণ কৰাত ব্লাড ছুগাৰে বাধা জন্মায়৷
  • বায়ু প্ৰদূষণঃ বায়ু প্ৰদূষণৰ ফলত শৰীৰৰ অন্য অংশৰ তুলনাত মগজুত বেছিকৈ প্ৰভাৱ পৰে৷ যাৰ ফলত মগজুৱে সঠিকভাৱে কাম-কাজ কৰাত বাধাৰ সন্মুখীন হয়৷
  • অনিদ্ৰাঃ অনিদ্ৰাজনিত ৰোগত ভোগা যিকোনো লোকৰ মগজুৰ ক্ষতি হ’ব পাৰে৷ মগজুৱে সঠিকভাৱে কাম-কাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱাৰ লগতে ইয়াৰ ফলত কেতিয়াবা মগজুৱে ভাৰসাম্য হেৰুৱাব পাৰে৷
  • অসুস্থ অৱস্থাত অত্যধিক পৰিশ্ৰমঃ যিকোনো ৰোগত  ভুগি থকা এজন লোকে যদি শাৰীৰিক অথবা মানসিক পৰিশ্ৰম বেছিকৈ কৰে তাৰ ফলত মগজুত বিৰূপ প্ৰভাৱ পৰে৷ ইয়ে মগজুৰ ক্ষতি কৰে৷
  • পলমকৈ শোৱা আৰু পলমকৈ উঠাঃ আধুনিক জীৱনশৈলীয়ে মানুহক একপ্ৰকাৰ যন্ত্ৰত পৰিণত কৰিছে৷ কৰ্মব্যস্ততাৰ দোহাই দি দুপৰ ৰাতি শুবলৈ যোৱা আৰু পুৱা পলমকৈ উঠা লোকে বিভিন্ন মানসিক ৰোগত ভুগিব পাৰে৷ এই ক্ষেত্ৰত মগজুৰে ক্ষতি হয় আটাইতকৈ বেছি৷
  • নিষ্কৰ্মা মনোভাৱঃ অত্যধিক পৰিশ্ৰম যিদৰে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক একেদৰে কাম-কাজ এৰাই চলি নিষ্কৰ্মা জীৱনযাপন কৰাৰ ফলত মগজুৰ বিকৃতি ঘটিব পাৰে৷
  • কম কথা কোৱাৰ অভ্যাসঃ সকলো সময়তে জড় পদাৰ্থৰ দৰে কথা-বতৰা নপতা লোক মগজুৰ ৰোগত সহজে আক্ৰান্ত হয়৷ যিহেতু কথা কমকৈ পতাৰ ফলত স্নায়ুকোষ কৰ্মবিমুখ হৈ পৰে৷
  • মগজুক উজ্জীৱিত কৰাৰ অভাৱঃ সাধাৰণতে বিষণ্ণ মনৰ মানুহ মগজুৰ ৰোগত সহজে আক্ৰান্ত হয়৷ সেই বাবে মুকলি মনেৰে হাঁহি-ফূৰ্তিৰ মাজেৰে জীৱন কটালে শৰীৰৰ আন অংগৰ দৰে মগজু সক্ষম হৈ থাকে৷