Logo
image

ছৌদি আৰৱত কাৰাবন্দী মহিলা মানৱ অধিকাৰ কৰ্মীক যৌন নিৰ্যাতন

আমাৰ অসম, ২৮ নৱেম্বৰঃ ছৌদি আৰৱৰ ৰাজতন্ত্ৰৰ বিৰুদ্ধে একপ্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰা এগৰাকী মহিলা মানৱ অধিকাৰ কৰ্মীক ২০১৮ চনত গ্ৰেপ্তাৰ কৰা হৈছিল৷ লৌজাইন আল হাথল আউল নামৰ মানৱ অধিকাৰ কৰ্মীগৰাকীক কাৰাবন্দী অৱস্থাত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে৷ এনে নিৰ্যাতনৰ প্ৰতিবাদ কৰি মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে কাৰাগাৰতে অনশনত বহে৷ মহিলাগৰাকীক যৌন নিৰ্যাতনৰ উপৰি শৰীৰত বৈদ্যুতিক শ্ব’ক দিও নিৰ্যাতন চলাইছে ৷