Logo
image

২৩২ টা দাঁতৰ এজন যুৱক

আমাৰ অসম, ২৮ নৱেম্বৰঃ মানৱ শৰীৰ ৰহস্যৰ এক ভাণ্ডাৰ৷ পৃথিৱীৰ মুঠ জনসংখ্যাৰ খুব কমসংখ্যক মানুহৰ শৰীৰত এনে কিছুমান বৈশিষ্ট্য আছে যে সেয়া বিৰল আৰু চমকপ্ৰদ৷ সাধাৰণতে মানুহৰ থাকে ৩২ টা দাঁত৷ কিন্তু  ভাৰতৰে এজন কিশোৰৰ মুখত পোৱা গৈছে ২৩২ টা দাঁত৷ চিকিৎসকে অস্ত্ৰোপচাৰৰ জৰিয়তে এই ২৩২ টা দাঁত সৰুৱাবলৈ ৭ ঘণ্টা সময় লাগিছিল৷ এই দাঁত সৰুৱাই পেলোৱাৰ পাছতো যুৱকজন সম্পূৰ্ণ সুস্থ হৈ আছে৷ আশ্চৰ্যৰ বিষয় যে ২৩২টা দাঁত অস্ত্ৰোপচাৰৰ জৰিয়তে আঁতৰাই পেলোৱাৰ পাছতো যুৱকজনৰ মুখত ২৮টা দাঁত প্ৰত্যক্ষ কৰা হয়৷ মুম্বাই জে জে হাস্পতালৰ মুখ্য দন্ত চিকিৎসক ডাঃ সুনন্দা ডিওয়াৰি জানিবলৈ দিয়া মতে আশ্বিক নামৰ যুৱকজনৰ মুখৰ পৰা ৭ ঘণ্টা অস্ত্ৰোপচাৰৰ অন্তত দাঁতকেইটা সৰুৱাবলৈ সক্ষম হয়৷ তাৰ পাছতো ২৮টা দাঁত প্ৰত্যক্ষ কৰি চিকিৎসক হতভম্ভ হৈ পৰে৷ এয়া এক আজৱ ঘটনা বুলি চিকিৎসকে মতপোষণ কৰে৷