Logo
image

আছুৰ আদৰ্শ নেৰোঁ, জাতিক প্ৰতাৰণা নকৰোঁ

আছু ত্যাগ কৰি মই যিখন মঞ্চতেই নাথাকোঁ কিয়¸ তাৰপৰাই অসম মাতৃক সেৱা কৰি যাম৷ য’তেই থাকোঁ,¸ যি স্থানতেই থাকোঁ¸, যি কামেই কৰোঁ তাৰ প্ৰতিটো কথাত আছুত থাকোঁতে যিখিনি কথা কৈছিলোঁ বা যি মানসিকতা আছিল তাৰ প্ৰতিফলন ঘটিব৷ মই আছুত থাকোঁতে এটা কথা ক’লোঁ¸, পৰৱৰ্তী সময়ত ব্যক্তিগত স্বাৰ্থত বেলেগ এটা কথা ক’লোঁ, আপোচ কৰিলোঁ তেনেধৰণৰ কথা মোৰ ক্ষেত্ৰত নহয়– সেইটো নিশ্চিত৷ মই যিবোৰ কথা উল্লেখ কৰিলোঁ¸, যি আদৰ্শগত দৃষ্টিভংগী¸, যি জাতীয় দৰ্শনৰ কথা মই মানুহৰ আগত দাঙি ধৰিলোঁ তাৰ বিপৰীতে মই কাম নকৰোঁ– সেইটো মোৰ স্পষ্ট কথা৷ মানুহৰ মৰম¸, মানুহৰ আশীৰ্বাদ¸, মানুহৰ আশা¸– সেই সকলো দেখাৰ পাছত মই মানুহক কেতিয়াও হতাশ নকৰোঁ৷ জাতীয় প্ৰতাৰক, জাতীয় খলনায়ক যাতে কোনো কাৰণতে নহওঁ, তাৰ বাবে ৰাইজক মোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ অনুৰোধ জনালোঁ৷ মোক নিৰ্মোহভাৱে ৰাইজে সমালোচনা কৰক, যাতে অসমৰ কাৰণে মই নূ্যনতম কিবা এটা কৰি যাব পাৰোঁ৷ আছুৰ যি আৱেগ, আছু বুলি ক’লেই মানুহৰ মনৰ ভিতৰত যিটো খুন্দা লাগে, তাৰ যিটো ঢৌ বা পৰিসীমা¸ সেয়া অসীম৷ অসমৰ জাতীয় জীৱনত আছুৰ সত্ত্বাটোৰ প্ৰতি মানুহৰ যি ভালপোৱা¸-আৱেগ, সেয়া বহু ওপৰত৷ প্ৰতিটো স্তৰৰ মানুহকে আছুৱে চুই যায়৷ আছুৰ জাতীয় আৰু সামাজিক দৰ্শনৰ লগত অসমৰ মানুহ আৱেগিকভাৱে সম্পৰ্কিত৷ আছুৰ শক্তি আৰু অৱদানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ আছুৱে এটা সাংঘাতিক জাতীয় চেতনা মোক দিছে৷ অসমৰ মানুহক, অসমীয়া জাতিসত্ত্বাক বিশ্বৰ দৰবাৰত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে আছুৰ যি সপোন আৰু দায়বদ্ধতা, তাক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ যি সুবিধা পালোঁ, সেইখিনিয়েই মোৰ প্ৰধান মূলধন৷ সংগঠনৰ নেতৃত্ব লোৱাৰ পাছতেই আমি দিল্লীত শাসক-বিৰোধী বিভিন্ন দলক লগত লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰ পাতিছিলোঁ৷ এ পি এছ চি কেলেংকাৰিৰ তদন্ত বিচাৰি চি বি আইৰ সঞ্চালকপ্ৰধানক সাক্ষাৎ কৰিছিলোঁ¸৷ ইউ জি চিৰ চেয়াৰমেন আদিক লগ কৰাৰ অভিজ্ঞতাও লাভ কৰিছিলোঁ৷ পাছপ’ৰ্ট আইন-২০১৬, নাগৰিকত্ব সংশোধনী আইন-২০১৬, সংশোধিত নাগৰিকত্ব আইন-২০১৯ আদিৰ ক্ষেত্ৰত হোৱা আন্দোলনৰ আছুৱে নেতৃত্ব ল’লে, আমি সমূহীয়াভাৱে আছুৰ নেতৃত্ব ল’লোঁ৷ ‘কা’বিৰোধী আন্দোলনত ছাত্ৰ সন্থাই যিধৰণে নেতৃত্ব দিলে, ৰাইজে যিধৰণে সঁহাৰি দিলে, সেয়া আমাৰ জীৱনৰ অন্যতম প্ৰাপ্তি৷ এইবোৰ অসমৰ জাতীয় জীৱনৰ লগত একাত্ম হৈ সামাজিকভাৱে আগবাঢ়ি যোৱাৰ একো একোটা বিৰল অভিজ্ঞতা৷ ৰাষ্ট্ৰীয় শৈক্ষিক নীতিৰ বাবে আমি কিছু পৰামৰ্শ আগবঢ়াইছিলোঁ৷ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে,¸ নতুনত্ব প্ৰদানৰ বাবে¸ শ্ৰীনাথ বৰুৱা সমিতিকে ধৰি বিভিন্ন সমিতিৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰিবৰ বাবে আমি সজোৰে দাবী উত্থাপন কৰি আহিছোঁ৷ এইবোৰ অভিজ্ঞতাক সাৰথি কৰি ভৱিষ্যৎ কাৰ্যপন্থা হাতত ল’ম৷ প্ৰথম অৱস্থাত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ লগত আমাৰ এটা সৌহাদ্যপূৰ্ণ সম্পৰ্ক আছিল৷ ছাত্ৰ সন্থাৰ পূৰ্বৰ সভাপতি হিচাপে তেওঁৰ লগত আমাৰ সাংগঠনিকভাৱে এটা সম্পৰ্ক আছিল৷ মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰৰ ক্ষেত্ৰত অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থা খুব যোগাত্মক আছিল৷ ভবা হৈছিল যে তেওঁ আনৰ নিচিনা নহয়৷ তেওঁ কিবা এটা কৰিব৷ মুখ্যমন্ত্ৰী হৈয়েই এন আৰ চিৰ কাৰ্যালয়লৈ গৈছিল৷ কিন্তু কিছুদিনৰ পাছতে তেওঁ আন এটা ৰূপ দেখুৱালে৷ ‘জাতীয় নায়ক’ হ’লে জাতিৰ বাবে কাম কৰিব লাগে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী¸, ওড়িশাৰ মুখ্যমন্ত্ৰী,¸ তেতিয়াৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী,¸ বিহাৰৰ মুখ্যমন্ত্ৰী– এইসকলে এন ডি এৰ সহযোগী হৈও কিন্তু নিজৰ জাতিটোৰ হকে কেন্দ্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিছে৷ কেন্দ্ৰক চাপ দি নিজৰ প্ৰাপ্য আঁজুৰি আনিছে৷ নৰেন্দ্ৰ মোদী যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তেৱোঁ গুজৰাটী জাতীয়তাবাদ কৰিছিল৷ প্ৰকৃততে যদি সৰ্বানন্দ সোণোৱালৰ জাতীয় দায়ৱদ্ধতা থাকিলহেঁতেন, যদি সাহস থাকিলহেঁতেন, শ্বহীদৰ ত্যাগৰ প্ৰতি যদি প্ৰকৃত শ্ৰদ্ধা থাকিলহেঁতেন, তেন্তে কেতিয়াও জাতিৰ বিৰুদ্ধে কাম নকৰিলেহেঁতেন৷ তেওঁ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অন্ততঃ চিঠি এখন হ’লেও দিব পাৰিলেহেঁতেন৷ কেৱল ক্ষমতাৰ স্বাৰ্থত সোণোৱালে দিল্লীৰ বহতীয়া হৈ থাকি জাতিক বিশ্বাসঘাতকতা কৰিলে৷ জাতীয় সংকটৰ কালত জাতিৰ কাষত নাথাকিল৷ এনে বিড়ম্বনা কাৰো জীৱনলৈ নাহক৷ মই যদি কেতিয়াবা কিবা ভুল কৰোঁ, আদৰ্শৰ পৰা যদি বিচলিত হওঁ, তেন্তে ৰাইজে মোক কঠোৰ সমালোচনাৰে থকা-সৰকা কৰি শুদ্ধ পথলৈ ঘূৰাই আনক৷ আকৌ কৈছোঁ, মোৰ প্ৰতিটো কামতে ৰাইজে তীক্ষ্ণ নজৰ দিয়ক৷ মই এতিয়াও আছুৰ সাধাৰণ সম্পাদক হৈয়েই আছোঁ৷ খুব কম দিনৰ ভিতৰত নতুন সমিতিক দায়িত্ব অৰ্পণ কৰিম৷ তাৰ পাছত মোৰ ভৱিষ্যৎ কাৰ্যপন্থা ৰাজহুৱা কৰিম৷ সকলোৰে প্ৰতি শ্ৰদ্ধাশীল হৈয়েই মই আগবাঢ়ি যাম৷ কিন্তু এটা কথা পুনৰ ৰাজহুৱাভাৱে ক’ব খুজিছোঁ যে আছুৰ পৰা ওলাই গ’লেও মই আছুৰ আদৰ্শ কেতিয়াও ত্যাগ নকৰোঁ৷ আছুৰ অসম আৰু অসমীয়াপ্ৰেম মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আছে, আগলৈও থাকিব৷ মই জাতিক প্ৰতাৰণা নকৰোঁ৷ জাতিৰ নায়ক হ’ব নোৱাৰিলেও মই কেতিয়াও খলনায়ক নহওঁ৷ এয়া মোৰ ৰাজহুৱা প্ৰতিশ্ৰুতি৷