Logo
image

ক’ভিড আহিছে ‘কা’ নাহে

অমিত শ্বাহ-মমতাৰ খণ্ডযুদ্ধ

আমাৰ অসম, ৭ মে’: পশ্চিমবংগত ‘কা’ অৰ্থাৎ সংশোধিত নাগৰিকত্ব আইন বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ভীতিগ্ৰস্ত কৰাৰ এক শক্তিশালী অস্ত্ৰ৷ সেয়া পুনৰবাৰ প্ৰতীয়মান হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যত৷ বৃহস্পতিবাৰে উত্তৰ বংগৰ শিলিগুৰিত এখন জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ক’ভিডৰ অৱসান ঘটিলেই ‘কা’ বলৱৎ হ’ব৷ ‘কা’ নামৰ চৰম বিতৰ্কিত আইনখনৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভ্ৰান্তি দূৰ কৰাৰ বাবে নহয়, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৰাজনৈতিকভাৱে ভীতিগ্ৰস্ত কৰাৰ বাবেই বিজেপি চৰকাৰৰ শীৰ্ষ নেতৃত্বই এই আইন সম্পৰ্কীয় বক্তব্য উত্থাপন কৰাটো পুনৰ প্ৰতীয়মান হৈছে৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দোষাৰোপ কৰি কয়– ‘তৃণমূল কংগ্ৰেছে ‘কা’ কেতিয়াও বলৱৎ নহ’ব বুলি অপপ্ৰচাৰ চলাই আছে৷ সেয়া সম্পূৰ্ণ মিছা৷ ক’ভিডৰ অৱসান ঘটিলেই ‘কা’ দেশজুৰি বলৱৎ কৰা হ’ব৷ মমতা বেনাৰ্জীয়ে বিদেশী নাগৰিকৰ অনুপ্ৰৱেশ ঘটাটো বিচাৰে৷ সেয়ে তেওঁ ‘কা’ৰ বলৱৎকৰণ সন্দৰ্ভত মিথ্যাচাৰৰ আশ্ৰয় লৈছে৷ কিন্তু বাস্তৱ সত্যটো হৈছে, বিজেপি চৰকাৰে ‘কা’ বলৱৎ কৰিবই৷ কেৱল ক’ভিডৰ অৱসানৰ বাবে আমি অপেক্ষা কৰি আছোঁ৷’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বক্তব্য পূৰ্বৰ দৰেই চৰম বিভ্ৰান্তিকৰ হিচাপে বিবেচিত হৈছে৷ কিয়নো ক’ভিডৰ চতুৰ্থ ঢৌ দেশত পুনৰ আৰম্ভ হৈছে৷ কেইমাহমানৰ ভিতৰত ক’ভিডৰ ঢৌৱে ভয়ংকৰ ৰূপ ল’ব পাৰে৷ এতিয়ালৈকে তিনিটাকৈ ক’ভিডৰ ঢৌৱে ভাৰতবাসীক ক্ষতিগ্ৰস্ত কৰিছে৷ সেই দিশৰ পৰা চাবলৈ গ’লে ক’ভিডৰ নিকট ভৱিষ্যতত অৱসানৰ কোনো লক্ষণ নাই৷ যদিহে এনেদৰে বছৰত দুবাৰকৈ ক’ভিডৰ প্ৰাদুৰ্ভাৱ ঘটি থাকে তেন্তে অমিত শ্বাহৰ বক্তব্য মানি ল’লে দেশত কেতিয়াও ‘কা’ বলৱৎ নহ’ব৷ এই বিষয়টোৰ আন এটা দিশো আছে৷ কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় ঢৌৰ পাছতে দেশৰ পৰা ক’ভিড আঁতৰি যোৱা বুলি প্ৰায় আনুষ্ঠানিক ঘোষণা কৰিছে৷ ঘাইকৈ দেশৰ অধিকাংশ নাগৰিকক টিকাকৰণ কৰাৰ ফলত এতিয়া ক’ভিড হ’লেও মৃত্যুৰ সংখ্যা বিপুলভাৱে হ্ৰাস পাইছে৷  সেয়ে ক’ভিডক লৈ দেশবাসীক সাৱধান হ’বলৈ ক’লেও কেন্দ্ৰীয় চৰকাৰে আন সকলো কাৰ্যকলাপ চলাই যাবলৈ অনুমতি দিছে৷ এতিয়া দেশত ক’ভিডৰ বাবে কোনো কামত বাধানিষেধ নাই৷ লকডাউন আৰু পৰৱৰ্তী সময়ত চৰকাৰে আনলক কৰি কৰি এতিয়ালৈ সকলো কাৰ্যকলাপ মুকলি কৰি দিছে৷ ব্যৱসায়-বাণিজ্য, দোকান-পোহাৰ, চাকৰি, দৈনিক মজুৰি, ক্ৰীড়া প্ৰতিযোগিতা, চিনেমা হল, জিম, ৰাজনৈতিক সভা ইত্যাদি সকলোৰে এতিয়া সমগ্ৰ দেশত অনুমতি আছে৷ যদি এই সকলোবোৰ চলি থাকিবই পাৰে তেন্তে ক’ভিড ক’ত? ক’ভিডৰ বাবে ‘কা’ বলৱৎ নকৰাৰ যুক্তি ক’ত?

শিলিগুৰিত বৃহস্পতিবাৰে অমিত শ্বাহে ক’ভিড গ’লেই ‘কা’ আহিব বুলি তেওঁৰ বাৰম্বাৰ কৈ থকা বক্তব্য পুনৰ উচ্ছাৰণ কৰাৰ পাছত পূৰ্বৰ দৰেই জকজকাই উঠিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ ২০১৯ চনৰ ১২ ডিচেম্বৰত সংসদত ‘কা’ বলৱৎ হোৱাৰ পাছত মমতা বেনাৰ্জীয়ে আন্দোলন ঘোষণা কৰিছিল আৰু তেওঁ নিজৰ ৰাজ্যত সেই আইন বলৱৎ কৰিবলৈ নিদিয়ে বুলি ঘোষণা কৰিছিল৷ মমতাই কৈছিল, কেন্দ্ৰীয় চৰকাৰে  পশ্চিমবংগত ‘কা’ বলৱৎ কৰিবলৈ হ’লে তেওঁৰ মৃতদেহৰ ওপৰেৰে যাব লাগিব৷ এতিয়াও সেই স্থিতিৰ পৰা আঁতৰি অহা নাই মমতা বেনাৰ্জী৷ অমিত শ্বাহৰ শিলিগুৰিৰ বক্তব্যৰ পাছতে মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আক্ৰমণ কৰি কয় যে, ‘কা’ নামৰ চৰম বিতৰ্কিত আইনখনক মোদী চৰকাৰে ৰাজনৈতিক অস্ত্ৰ আৰু নিৰ্বাচনী ভোটৰ টোপ হিচাপে ব্যৱহাৰ কৰিছে৷ মোদী চৰকাৰে একেখন আইনৰ কথা পশ্চিমবংগত এটা ব্যাখ্যা দিয়ে, অসমত আন এটা ব্যাখ্যা দিয়ে আৰু ভাৰতৰ অন্যান্য অঞ্চলৰ বাবে তৃতীয় এটা ব্যাখ্যা দিয়ে৷ আইন কিন্তু এখনেই৷ দেশজুৰি একেখন আইনকে তেওঁলোকে বলৱৎ কৰিব, কিন্তু ৰাজ্যজুৰি ভোটাৰৰ ‘পেটাৰ্ণ’ বা জনগাঁথনি অনুসৰি মোদী চৰকাৰে ৰাজ্যভেদে ‘কা’ক ভিন ভিন ধৰণে বুজাইছে আৰু সেই অনুসৰি ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি আছে৷ মোদী চৰকাৰৰ সেই উদ্দেশ্য তেওঁ সফল হ’বলৈ নিদিয়ে বুলি হুংকাৰ দিয়ে৷

তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে পশ্চিমবংগত সকলো হিন্দু ভোট একগোট কৰাৰ স্বাৰ্থত বিজেপিয়ে বাৰে বাৰে ‘কা’ বলৱৎ হ’ব বুলি মন্তব্য কৰি থাকে৷ তদুপৰি মতুৱা নামৰ এটা জনগোষ্ঠী আছে, যি স্বাধীনতা-উত্তৰ প্ৰব্ৰজনৰ সময়ত নহয়, তাৰো বহু পাছত বাংলাদেশৰ পৰা পশ্চিমবংগলৈ আহিছিল৷ তাৰে বৃহৎসংখ্যকে শৰণাৰ্থীৰ প্ৰমাণ-পত্ৰ লৈ ভাৰতত বাস কৰি আছে কিন্তু ভোটাধিকাৰ পোৱা নাই৷ সৰহসংখ্যক মতুৱা জনগোষ্ঠীয়ে ভোটাধিকাৰ পালেও আন আন সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ ‘কা’ বলৱৎকৰণৰ জৰিয়তে মতুৱা জনগোষ্ঠীৰ একাংশক ভোটাধিকাৰ আৰু আন একাংশক এতিয়ালৈকে নোপোৱা সা-সুবিধা প্ৰদান কৰাৰ প্ৰলোভন দি আছে মোদী চৰকাৰে৷ প্ৰণিধানযোগ্য যে ভোটাধিকাৰ থকা মতুৱা জনগোষ্ঠীয়ে পশ্চিমবংগৰ কেইবাটাও সমষ্টিৰ জয় পৰাজয় নিৰ্ধাৰণ কৰে৷ সেয়ে  বিগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰথম ভোট গ্ৰহণৰ দিনা বাংলাদেশৰ মতুৱা জনগোষ্ঠী অধ্যুষিত স্থানলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যাতে পশ্চিমবংগৰ নিৰ্বাচনত তাৰ প্ৰভাৱ পৰে৷ বিগত নিৰ্বাচনত মতুৱা জনগোষ্ঠীৰ পৰা অকুণ্ঠ সমৰ্থন পাইছিল বিজেপিয়ে৷ কিন্তু প্ৰতিশ্ৰুতি অনুসৰি মতুৱা জনগোষ্ঠীক সা-সুবিধা নিদিয়া আৰু ‘কা’ বলৱৎ নকৰা ইত্যাদি কাৰণত এতিয়া মতুৱা জনগোষ্ঠীৰ পশ্চিমবংগৰ বিজেপি বিধায়ক আৰু সাংসদৰ সৈতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ তুমুল মতানৈক্য ঘটিছে৷ সেই মতানৈক্য দূৰ কৰাৰ এটা উদ্দেশ্য লৈও অমিত শ্বাহে বৃহস্পতিবাৰে শিলিগুৰিত ‘কা’ বলৱৎ কৰিব বুলি পুনৰ উনুকিয়াই দিছে৷ সেই দিশৰ পৰাও অমিত শ্বাহৰ বক্তব্য পূৰ্ণ ৰূপত ৰাজনৈতিক, কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে চৰকাৰী দায়ৱদ্ধতা নহয়৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পূৰ্বপৰিকল্পনা অনুসৰি শুকুৰবাৰে বিচিচিআইৰ সভাপতি তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেট অধিনায়ক সৌৰভ গাংগুলীৰ বেহালাৰ বাসভৱনত নিশাৰ আহাৰ গ্ৰহণ কৰে৷ অমিত শ্বাহ অহাৰ পূৰ্বেই সংবাদ সংস্থাৰ সৈতে হোৱা বাৰ্তালাপত সৌৰভ গাংগুলীয়ে জনায়, দিদি অৰ্থাৎ মমতা বেনাৰ্জীৰ পৰামৰ্শ অনুসৰি তেওঁ নৈশভোজৰ বাবে নিৰামিষ আহাৰ সাজু কৰিছে৷ সৌৰভৰ মতে, দিদিয়ে তেওঁক জনাইছে অমিত শ্বাহ নিৰামিষহাৰী আৰু তেওঁ মিঠা দৈ খাই ভাল পায়৷ সেয়ে ভোজনৰ পাছত খোৱাৰ বাবে সৌৰভ গাংগুলীয়ে বংগৰ প্ৰখ্যাত মিষ্টি দৈও গোটাই ৰাখিছে৷ কলকাতাৰ ভিক্টোৰিয়া মেম’ৰিয়েলত অনুষ্ঠিত আজাদী কা অমৃত মহোৎসৱৰ অনুষ্ঠান শেষ হোৱাৰ লগে লগে গৃহমন্ত্ৰী অমিত শ্বাহ সৌৰভ গাংগুলীৰ বেহালাস্থিত বাসভৱনলৈ আহে৷ সন্ধিয়া জ্জ্ব.০৫ বজাত তেওঁ সৌৰভ গাংগুলীৰ বাসভৱনত উপস্থিত হয় আৰু নৈশাহাৰ কৰি জ্জ্ব.৫০ বজাত ওলাই যায়৷ অমিত শ্বাহৰ সৈতে পশ্চিমবংগৰ বিজেপিৰ বিধায়িনী দলৰ নেতা শুভেন্দু অধিকাৰী আৰু দুজনমান বিজেপিৰ নেতা সৌৰভ গাংগুলীৰ ঘৰত উপস্থিত আছিল৷ উল্লেখ্য, ভিক্টোৰিয়া মেম’ৰিয়েলৰ অনুষ্ঠানত সৌৰভ গাংগুলীৰ পত্নী ডোনা গাংগুলীয়ে নৃত্য পৰিৱেশন কৰিছিল৷