Logo
image

সেউজ অৰ্থনীতিত নাৰীৰ ভূমিকা

... আৰ্থিক সম্পদৰ অভাৱত বা বিভিন্ন সামাজিক কাৰকৰ ফলত উন্নয়নশীল দেশসমূহত অধিকসংখ্যক মহিলাই চাৰিবেৰৰ মাজতে আবদ্ধ হৈ থাকিবলগীয়া হয়৷ ফলত দৰিদ্ৰতাৰ প্ৰভাৱ তেওঁলোকৰ শিক্ষা, স্বাস্থ্য আৰু জীৱন-ধাৰণৰ মানৰ ওপৰত বাৰুকৈয়ে পৰে৷ যদিও ভাৰতৰ প্ৰায় ৪২ শতাংশ মহিলাই স্নাতক শিক্ষা লাভ কৰা, ২০০৫ চনৰ পৰা চিন্তনীয় ধৰণে কৰ্মৰত মহিলাৰ সংখ্যা হ্ৰাস পাইছে  ...

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে মানৱ সমাজৰ জীৱন-যাপন পদ্ধতিৰো যথেষ্ট পৰিৱৰ্তন ঘটা পৰিলক্ষিত হৈছে৷ বহু সময়ত মানুহৰ বহু কাৰ্যকলাপৰ ফলত পৰিৱেশত বিৰূপ প্ৰভাৱ পৰিছে৷ অৰ্থনীতিৰ লগত জড়িত বিভিন্ন কাৰণতো যেনে– উদ্যোগ স্থাপন, দৰিদ্ৰতা, প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ অভাৱ আদিৰ বাবেও পৰিৱেশৰ যথেষ্ট অৱনতি হোৱা দেখা যায়৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ‘বহনক্ষম উন্নয়ন’ আৰু ‘সেউজ অৰ্থনীতি’ৰ ধাৰণা ব্যাপকভাৱে চৰ্চিত হৈছে৷ সাধাৰণ ভাষাত সেউজ অৰ্থনীতি বুলিলে এনে এটা অৰ্থনৈতিক ব্যৱস্থাক বুজা যায়, যি ব্যৱস্থাত অৰ্থনৈতিক কাৰ্যকলাপসমূহে পৰিৱেশৰ সুৰক্ষা আৰু পৰিস্থিতি-তন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে৷ সেউজ অৰ্থনীতি হৈছে অৰ্থনীতিৰ এটা ধাৰা যাৰ ফলত মানৱ কল্যাণ আৰু সামাজিক সমতা স্থাপন হোৱাৰ উপৰি পৰিৱেশৰ বা পাৰিপাশ্বিৰ্কতাৰ প্ৰতি থকা বিপদাশংকা যথেষ্ট পৰিমাণে হ্ৰাস পায়৷ অৱশ্যে প্ৰথমবাৰৰ বাবে ১৯৮০ চনত ‘ব্লুপ্ৰিণ্ট ফৰ এ গ্ৰীন ইক’নমী’ নামৰ এটা ৰিপ’ৰ্টত ইংলেণ্ডৰ কেইজনমান অৰ্থনীতিবিদেহে এই ধাৰণাটোক ‘সেউজ অৰ্থনীতি’ হিচাপে নামকৰণ কৰিছিল৷

সমাজৰ প্ৰত্যেক বৰ্গৰ ব্যক্তিৰে এখন সেউজ অৰ্থনীতি স্থাপনৰ দিশত অৰিহণা আগবঢ়োৱাৰ যথেষ্ট সমল আছে৷ এইক্ষেত্ৰত দেশৰ সামাজিক তথা অৰ্থনৈতিক উন্নয়নৰ এক অন্যতম অংশ নাৰীসকলৰ ভূমিকা অপৰিসীম৷ আনহাতে, বৰ্তমান আৰু ভৱিষ্যতৰ বাবে সম্পদৰ সমান বিতৰণত বহনক্ষম উন্নয়ন নিৰ্ভৰ কৰে৷ লিংগ-সমতা অবিহনে ইয়াক লাভ কৰিব নোৱাৰি৷ মহিলা সবলীকৰণ হৈছে বহনক্ষম অৰ্থনৈতিক বিকাশ, সামাজিক বিকাশ আৰু পাৰিপাশ্বিৰ্ক স্থিৰতাপ্ৰাপ্ত কৰাৰ এক মুখ্য আহিলা৷ ইয়াৰ দ্বাৰা নাৰীসকলে পৰিৱেশ আৰু অৰ্থনৈতিক কাৰ্যকলাপবোৰৰ মাজত সামঞ্জস্য বজাই ৰাখি উন্নয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণৰ দ্বাৰা নিজৰ অৱদান আগবঢ়াব পাৰিব৷ গতিকে ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহে সেউজ অৰ্থনীতি আৰু নাৰীসকলৰ উন্নয়ন দুয়োটা বিষয়কে গুৰুত্ব দিয়া প্ৰয়োজন৷ভৱিষ্যতে মহিলাৰ সজাগতা আৰু অংশগ্ৰহণে ‘সেউজ অৰ্থনীতি’ৰ ধাৰণাটো অধিক জনপ্ৰিয় আৰু কাৰ্যকৰী কৰি তুলিবলৈ সক্ষম হ’ব৷ পৰিৱেশৰ অৱনতি অথবা জলবায়ু পৰিৱৰ্তনৰ ফলত মহিলাসকলৰ ওপৰত পৰা প্ৰভাৱ প্ৰত্যক্ষভাৱে হয়তো দৃষ্টিগোচৰ নহয়৷ কিন্তু গাঁৱত বাস কৰা কৃষিজীৱী পৰিয়ালৰ মহিলাসকল ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হয়৷ তেওঁলোকে সীমিত পৰিমাণৰ আৰ্থিক সম্পদেৰে এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অক্ষম হয়৷ গতিকে তেওঁলোকক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে বা নিয়োগৰ বাবে সুবিধা প্ৰদান কৰা প্ৰয়োজন৷ কিছুমান বিশেষ ক্ষেত্ৰত যেনে– বিকল্প ইন্ধন বা শক্তিৰ উৎস, পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থা, জলসম্পদ ব্যৱস্থাপনা ইত্যাদি ক্ষেত্ৰত বিনিয়োগৰ জৰিয়তে পৰিৱেশৰ অৱনতি নকৰাকৈ আৰ্থিকভাৱে লাভৱান হ’ব পাৰি৷ এনেধৰণৰ বিনিয়োগকে সেউজ বিনিয়োগ বা ছ’চিয়েলী ৰেছপ্‌নছিব্‌ল ইনভেষ্টিং (SRI) বুলিও কোৱা হয়৷ এনেবোৰ ক্ষেত্ৰত  বিনিয়োগৰ দ্বাৰা নাৰীসকলক নিয়োগৰ সুবিধা প্ৰদানৰ লগতে পাৰিৱেশিক ভাৰসাম্য অটুত ৰাখিব পাৰি৷

উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ এটা প্ৰধান সমস্যা হ’ল দৰিদ্ৰতা৷ দৰিদ্ৰতা আৰু পৰিৱেশৰ অৱনতিৰ ক্ষেত্ৰতো এক বিশেষ সম্পৰ্ক থকা দৃষ্টিগোচৰ হয়৷ কিছুসংখ্যক অৰ্থনীতিবিদৰ মতে দৰিদ্ৰতা আৰু পৰিৱেশ প্ৰদূষণ, দুয়োটাই এটা আনটোৰ কাৰক আৰু ফলাফল৷ এহাতে দৰিদ্ৰতাৰ ফলত পৰিৱেশত অধিক বিৰূপ প্ৰভাৱ পৰে, আনহাতে পৰিৱেশৰ সম্পদসমূহ দুষ্প্ৰাপ্য হোৱাৰ ফলত বিকল্প সম্পদৰ অভাৱত দৰিদ্ৰ লোকৰ আৰ্থিক অৱস্থাৰ অধিকহে অৱনতি ঘটে৷ গতিকে এইক্ষেত্ৰত নাৰীসকলে প্ৰাকৃতিক সম্পদ ৰক্ষণাবেক্ষণ তথা মানৱ সম্পদ গঠনৰ দিশতো উল্লেখযোগ্য ভূমিকা পালন কৰাৰ যথেষ্ট থল আছে৷ সমগ্ৰ বিশ্বজুৰি মহিলাসকলে বৰ্তমানৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ সামাজিক-অৰ্থনৈতিক কল্যাণ সাধনৰ বাবে তথা উন্নত জীৱন-ধাৰণৰ মান আৰু পৰিৱেশ সুৰক্ষাৰ বাবে যুঁজ অব্যাহত ৰাখিছে৷ ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহত এক বৃহৎসংখ্যক মহিলাই ঘৰুৱা কামত জীৱনৰ মূল্যৱান সময় ব্যয় কৰে৷ গতিকে নাৰীসকলে বিভিন্ন নিয়োগ-কাৰ্যত অংশগ্ৰহণৰ লগতে ঘৰুৱা বা সামাজিক সমস্যা সমাধানত পুৰুষৰ সৈতে সমানে অংশগ্ৰহণ কৰা আৱশ্যক৷ মহিলাসকলে সাধাৰণতে নিজৰ উপাৰ্জনৰ এক বুজন পৰিমাণ সন্তানৰ শিক্ষা আৰু পৰিয়ালৰ স্বাস্থ্যৰ ক্ষেত্ৰত ব্যয় কৰে৷ কিন্তু দুখৰ বিষয় যে এতিয়াও ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ বহু পিছপৰা ঠাইত বহুক্ষেত্ৰত মহিলাসকলৰ মতামতক হেয়জ্ঞান কৰা হয়৷ মহিলাসকলে ৰাজনৈতিক ক্ষেত্ৰত যোগদানৰ দ্বাৰাও বিভিন্ন পাৰিৱেশিক বা সামাজিক সমস্যাসমূহৰ সমাধানতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে৷ ইয়াৰ দ্বাৰা মহিলাসকল তথা দৰিদ্ৰ লোকসকলৰ জীৱন-ধাৰণৰ মান উন্নত হ’ব আৰু পৰিৱেশৰ সুৰক্ষাও নিশ্চিত হ’ব৷ মহিলাসকলে প্ৰাকৃতিক সম্পদসমূহ যেনে জলসম্পদ, ভূমি, শক্তিসম্পদ ইত্যাদিৰো উপযুক্ত ব্যৱহাৰৰ ক্ষেত্ৰত অৰিহণা আগবঢ়ায়৷

গতিকে নাৰীসকলৰ সক্ৰিয় অংশগ্ৰহণে সমাজ-অৰ্থনীতিৰ দ্ৰুত উন্নয়ন সম্ভৱপৰ কৰি তুলিব৷ কিন্তু সেউজ অৰ্থনীতিৰ গঠনৰ দিশত নাৰীসকলৰ সম্ভাৱনাসমূহ কাৰ্যত পৰিণত কৰাৰ পথত বহু সমস্যাও থকা পৰিলক্ষিত হয়৷ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন মতে বায়ু প্ৰদূষণৰ ফলত প্ৰতিবছৰে প্ৰায় ৪৩ লাখ লোক মৃত্যুমুখত পৰে, যাৰ অধিকাংশই হৈছে মহিলা আৰু কিশোৰী৷ আৰ্থিক সম্পদৰ অভাৱত বা বিভিন্ন সামাজিক কাৰকৰ ফলত উন্নয়নশীল দেশসমূহত অধিকসংখ্যক মহিলাই চাৰিবেৰৰ মাজতে আবদ্ধ হৈ থাকিবলগীয়া হয়৷ ফলত দৰিদ্ৰতাৰ প্ৰভাৱ তেওঁলোকৰ শিক্ষা, স্বাস্থ্য আৰু জীৱন-ধাৰণৰ মানৰ ওপৰত বাৰুকৈয়ে পৰে৷ যদিও ভাৰতৰ প্ৰায় ৪২ শতাংশ মহিলাই স্নাতক শিক্ষা লাভ কৰা, ২০০৫ চনৰ পৰা চিন্তনীয় ধৰণে কৰ্মৰত মহিলাৰ সংখ্যা হ্ৰাস পাইছে৷ সেইদৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ তথ্য অনুসৰি যদি মহিলাসকলক কৰ্মত পুৰুষৰ সৈতে সম-মৰ্যাদা প্ৰদান কৰা হয়, তেন্তে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন [জিডিপি] বৰ্তমানতকৈ ২.৭% বৃদ্ধি হ’ব৷ মহিলাসকলক উপযুক্ত স্বাধীনতা আৰু সমতা প্ৰদানৰ দ্বাৰাহে এখন সেউজ অৰ্থনীতি গঠনৰ লক্ষ্যৰ দিশে ধাৱমান হোৱাটো সম্ভৱপৰ হৈ উঠিব৷ এইক্ষেত্ৰত চৰকাৰ তথা অৰ্থনীতিবিদসকলৰ লগতে সমাজৰো যথেষ্ট কৰণীয় আছে৷

[লেখিকা ফৰকাটিং কলেজৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক] ফোনঃ ৯১০১৮-২৮৭৬২