
তৰুণ গগৈবিহীন মহাজোঁটবন্ধনৰ ভৱিষ্যৎ
কংগ্ৰেছৰ বৰ্ষীয়ান নেতা তথা তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৱে নিৰ্বাচনী ৰাজনীতিত কংগ্ৰেছক যথেষ্ট ক্ষতি কৰাৰ আশংকা আছে৷ বিশেষকৈ বিধানসভাৰ আগন্তুক নিৰ্বাচনত বিজেপিবিৰোধী শক্তিসমূহক একগোট কৰি অসমতো মহাজোঁটবন্ধন গঠনৰ ৰণকৌশল গ্ৰহণ কৰিছিল প্ৰয়াত গগৈয়ে৷ ৰাজনৈতিকভাৱে কেইবাদশকৰ অভিজ্ঞতাৰে পুষ্ট গগৈয়ে সেয়ে বিজেপিবিৰোধী সকলো ৰাজনৈতিক শক্তিকে এই মহাজোঁটত অংশ ল’বলৈ মুকলি আহ্বান জনাইছিল৷ ভোট-বিন্যাসৰ ৰাজনীতিক লৈ অতি সচেতন গগৈয়ে প্ৰথমে এ আই ইউ ডি এফ দলক নিজৰ মানসপুত্ৰস্বৰূপ মহাজোঁটবন্ধনত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল৷ এসময়ত ‘হু ইজ বদৰউদ্দিন’ বুলি কৈ অসমত খলকনিৰ সৃষ্টি কৰা তৰুণ গগৈৰ প্ৰত্যক্ষ উদ্যোগতে তেওঁৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হৈছিল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজৰ মিত্ৰতাৰ বৈঠক৷ গগৈৰ এই পদক্ষেপক উজনি অসমৰ দৰে দলৰে একাংশ নেতা-বিধায়কে কঠোৰ সমালোচনা কৰিছিল যদিও নিজৰ স্বভাৱসুলভ ৰাজনৈতিক ভাষ্যৰে তেওঁ এই প্ৰতিবাদ-ক্ষোভক গুৰুত্বহীন কৰি তুলিছিল৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মিত্ৰতা নোহোৱাৰ ফলত প্ৰতিটো সমষ্টিতে কংগ্ৰেছ দলে কিমান ভোটৰ ব্যৱধানত পৰাজিত হ’বলগীয়া হৈছিল, সেই কথা স্পষ্টকৈ বুজি উঠিছিল গগৈয়ে৷ এই বিষয়ে তেওঁ সংবাদ মেলত বিস্তৃত ৰূপত দাঙি ধৰিছিল৷ গগৈৰ যুক্তি আছিল যে এ আই ইউ ডি এফৰ লগত মিত্ৰতা নকৰাৰ পাছতো উজনি অসমত কংগ্ৰেছে কিয় ইমান বেয়া ফলাফল প্ৰদৰ্শন কৰিলে? কিন্তু গগৈৰ মৃত্যুৰ লগে লগে এই মহাজোঁটবন্ধনৰ প্ৰতি দলটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট আহুকালৰ সন্মুখীন হ’ব লাগিব কংগ্ৰেছ নেতৃত্ব৷ তৰুণ গগৈ আছিল সকলো ৰাজনৈতিক দলৰ বাবে সৰ্বগ্ৰহণযোগ্য নেতা৷ আনকি কংগ্ৰেছৰ অভ্যন্তৰত বৰ্তমানৰ নেতৃত্বতকৈ তৰুণ গগৈৰ নেতৃত্ব অধিক আস্থাশীল আছিল৷ তদুপৰি গান্ধী পৰিয়ালৰ সৈতে অধিক ঘনিষ্ঠ আছিল গগৈ৷ গগৈৰ সিদ্ধান্তক কংগ্ৰেছ হাইকমাণ্ডে কোনোধৰণৰ যুক্তি-তৰ্ক অবিহনে মানি লয়৷ অসমৰ মহাজোঁটবন্ধনৰ ক্ষেত্ৰতো গগৈৰ সিদ্ধান্তই চূড়ান্ত হ’লহেঁতেন৷ কিন্তু গগৈৰ অবৰ্তমানত অসম কংগ্ৰেছত এনেকুৱা এজন দ্বিতীয় নেতা নাই যিয়ে গান্ধী পৰিয়ালক ইমান প্ৰভাৱিত কৰিব পাৰে বা সেইজনৰ নেতাৰ সিদ্ধান্তক নিৰ্বিচাৰে গ্ৰহণ কৰে৷ গগৈৰ সাংসদ-পুত্ৰ গৌৰৱ গগৈও গান্ধী পৰিয়ালৰ যথেষ্ট ঘনিষ্ঠ আৰু আস্থাভাজন যদিও তেওঁ যে ৰাজ্যৰ ৰাজনীতিলৈ ইমান শীঘ্ৰে উভতি আহিব, সেয়া সন্দেহ আছে৷ কংগ্ৰেছৰ অভ্যন্তৰতে দলৰ অধিকাংশ জ্যেষ্ঠ নেতা বৰ্তমানৰ নেতৃত্বৰ কাম-কাজক লৈ মুঠেও সুখী নহয়৷ যাৰ ফলত দলৰ বহু নেতা বিজেপি অভিমুখী হ’বলৈ আৰম্ভ কৰিছে৷ গগৈৰ অবৰ্তমানত কংগ্ৰেছ এইটোৱে নিৰ্বাচনী ৰাজনীতিত যথেষ্ট ক্ষতি কৰাৰ আশংকা আছে৷ গগৈ হাস্পতালৰ বিছনাত থকাৰ সময়ৰ পৰা কংগ্ৰেছৰ মহাজোঁটবন্ধন প্ৰক্ৰিয়াৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈ পৰিল৷ বিজেপিবিৰোধী অন্য ৰাজনৈতিক দলৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া প্ৰায়বন্ধ হৈ পৰিল৷ এ আই ইউ ডি এফৰে মিত্ৰতাৰ বিষয়টোক লৈ গগৈয়ে গ্ৰহণ কৰা স্থিতি-কৌশলত বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে ৰাজ্যিক নেতৃত্বই৷ আছুৰ দৰে জাতীয় ছাত্ৰ সংগঠনৰ সৈতেও আলোচনাৰ পোষকতা কৰিছিল গগৈয়ে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠিত ‘ৰাইজৰ দল’ আৰু আছু-জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত ‘অসম জাতীয় পৰিষদ’ৰ লগত বৰ্তমানো আনুষ্ঠানিক বুজাবুজি হোৱা নাই কংগ্ৰেছৰ৷ বিজেপিবিৰোধী মহাজোঁটবন্ধনলৈ এই দল দুটাৰ সঁহাৰি একেবাৰে শূন্য৷ প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্বক এই দল দুটাই কিমানদূৰ আদৰি ল’ব, তাত যথেষ্ট সন্দেহ আছে৷ এনেসমূহ ৰাজনৈতিক জটিলতাৰ পৰা অসম কংগ্ৰেছ কিদৰে ওলাই আহি বিজেপিবিৰোধী শক্তিসমূহক প্ৰতিহত কৰি ভোটযুদ্ধত অৱতীৰ্ণ হ’ব, সেইটো বৰ্তমান ডাঙৰ প্ৰশ্ন৷ কাৰণ গগৈৰ অবৰ্তমানত কংগ্ৰেছত সৰ্বগ্ৰহণযোগ্য আৰু অভিজ্ঞ ৰাজনীতিকৰ অভাৱ স্পষ্ট হৈ পৰিছে৷