
আমেৰিকাৰ নিৰ্বাচনে সোঁপন্থী-স্বৈৰাচাৰী শক্তিক দুৰ্বল কৰিলে
... আমেৰিকাত ট্ৰাম্পৰ পৰাজয়ে নিশ্চয় বিশ্বত সোঁপন্থী, স্বৈৰাচাৰী, বিভেদকামী, সাম্প্ৰদায়িক, সাম্ৰাজ্যবাদী শক্তিসমূহক দুৰ্বল কৰিলে৷ ভাৰততো আমেৰিকাৰ নিৰ্বাচনৰ দৰে জনগণে অনবৰত মিথ্যা প্ৰচাৰৰ অৱসান ঘটোৱাৰ আৰু দেশত সাংবিধানিক গণতন্ত্ৰ আৰু আইনৰ শাসন প্ৰতিষ্ঠা তথা সোঁপন্থী, স্বৈৰাচাৰী, বিভেদকামী, সাম্প্ৰদায়িক শক্তিৰ শাসনৰ অৱসান ঘটোৱাৰ বাবে জনগণ সাজু হোৱাৰ সময় সমাগত৷ কিন্তু আমেৰিকাৰ দৰে ভাৰতৰ জনগণে সেইটো সম্ভৱ কৰিব পাৰিবনে, এইটো এটা ডাঙৰ প্ৰশ্ন ...
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পটভূমিত জ্জ্ব নৱেম্বৰত ৰ’বাৰ্ট ৰীকে নামৰ এজন নিবন্ধকাৰে ‘দ্য গাৰ্ডিয়ান’ কাকতখনত ‘How can Biden heal America when Trump doesn't want it healed? ’ শিৰোনামৰ প্ৰবন্ধত কৈছে যে ‘বাইডেনৰ জয়ে ট্ৰাম্পৰ গণতন্ত্ৰ আৰু সততা বা ন্যায়নিষ্ঠতাৰ বিৰুদ্ধে যুঁজখনৰ অৱসান ঘটালে৷ ৰ’বাৰ্ট ৰীকে তেওঁৰ প্ৰবন্ধটোত আৰু কৈছে যে ট্ৰাম্পে আমেৰিকাক ভিন্ন বৰ্ণ, ভিন্ন জাতি, আঞ্চলিক, সাম্প্ৰদায়িকতা, শিক্ষা, দেশীয়মূল, ধৰ্ম আৰু শ্ৰেণী আদিত বিভাজিত কৰি থৈ গ’ল৷ ৰ’বাৰ্ট ৰীকে আৰু লিখিছে যে ট্ৰাম্পে আমেৰিকাৰ জনগণৰ কটা ঘাত অকল নিমখ ঢালিয়েই এৰা নাই, বিস্ফোৰকো পুতি দিছে৷
যোৱা চাৰি বছৰত আমেৰিকাত বেকাৰী, দৰিদ্ৰতা, চিকিৎসাহীনতা, অৰ্থনৈতিক মন্দা, ধৰ্ম-বৰ্ণ-জাতিবিদ্বেষী আদি বিভেদকামী ৰাজনীতি, সৰ্বশেষত কৰ’না মহামাৰীৰ মাৰাত্মক আক্ৰমণে জনগণলৈ অশেষ দুখ-যন্ত্ৰণা কঢ়িয়াই আনিলে৷ ২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত ট্ৰাম্পৰ জয়ে পৃথিৱীজুৰি সোঁপন্থী ৰাজনীতি শক্তিশালী কৰিছিল৷ ক্ৰমে ক্ৰমে ট্ৰাম্প একৈছ শতিকাত ‘ফেচিবাদৰ আন্তৰ্জাতিক প্ৰতীক’ হৈ পৰিছিল৷ ‘আমেৰিকা আকৌ শ্ৰেষ্ঠ’ শ্লোগানৰ দ্বাৰা অৰ্থনীতিত মুক্ত অৰ্থনীতি বা বিশ্বায়নৰ অথ¸ৰ্নৈতিক তত্ত্বক বিদায় দি আমেৰিকাৰ বাবে সংৰক্ষণশীল নীতি প্ৰৱৰ্তন কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ ‘বাণিজ্য যুদ্ধৰ নামত চীনকে ধৰি বিদেশৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত উচ্ছ হাৰৰ আমদানি শুল্ক আৰোপ কৰিছিল৷ ফলত বিশ্বৰ বাণিজ্যৰে বিৰাট ক্ষতি হৈছিল৷ বিদেশৰ পৰা যোৱা প্ৰবাসী শ্ৰমিকৰ ওপৰত বাধা-নিষেধ আৰোপ কৰিছিল আৰু এইচ ৱান বি ভিছাৰ ক্ষেত্ৰত অনেক বাধা-নিষেধ বলৱৎ কৰি প্ৰবাসী শ্ৰমিকৰ পৰিমাণক কৰ্তন কৰিছিল৷ জোৰ দিছিল আমেৰিকান শ্ৰমিক নিয়োগত৷ ফলত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ শ্ৰমিক-কৰ্মচাৰী, কাৰিকৰ, অভিযন্তা আদি আমেৰিকালৈ যোৱাটো সীমিত হৈ পৰিছিল৷ আমেৰিকাই বিশ্বত বিশ্বায়ন নীতি প্ৰৱৰ্তন কৰিছিল যদিও ট্ৰাম্পে বিশ্বায়নৰ বিৰুদ্ধে শ্লোগান দিছিল– ‘আমেৰিকান কিনক, আমেৰিকানক নিয়োগ কৰক’৷ ইয়াৰ ফলত অকল চীনে নহয়, ভাৰতৰো বয়ন, অলংকাৰ, হীৰা, চাউল, তীখা আদি সামগ্ৰীকে ধৰি অনেক সামগ্ৰী ৰপ্তানিত ক্ষতিগ্ৰস্ত হৈছিল৷ ট্ৰাম্পে ২০১৫ চনত সম্পাদিত পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকাক আঁতৰাই লৈ গৈছিল৷ ফলত বিশ্বত জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণত বিঘিনি ঘটিছিল৷ অ’বামাৰ লগত ইৰানৰ সম্পাদিত পাৰমাণৱিক চুক্তি ভংগ কৰি ইৰানৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছিল৷ মুঠৰ ওপৰত বিশ্ব পৰ্যায়তো ট্ৰাম্পে ফেচিবাদী কায়দাৰে অৰ্থনীতি-ৰাজনীতি নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল আৰু বিভিন্ন দেশক আমেৰিকাৰ দাসত পৰিণত কৰিব বিচাৰিছিল৷
এই বিভেদকামী, ফেচিবাদী ট্ৰাম্পক আমেৰিকান জনসাধাৰণে নিৰ্বাচনত নিৰ্দয়ভাৱে পৰাজিত কৰি গণতন্ত্ৰ আৰু সততা, ন্যায় প্ৰতিষ্ঠা কৰাৰ পণ ল’লে৷ আন্তৰ্জাতিক পৰ্যায়ত ট্ৰাম্পৰ নীতিৰ উগ্ৰ সমৰ্থক আৰু ঘনিষ্ঠ বন্ধু হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰাজিলৰ বলছোনাৰো৷ মোদী আৰু ট্ৰাম্পৰ ৰাজনৈতিক চৰিত্ৰ প্ৰায় একেই৷ বৰ্ণবিদ্বেষী, জাতিবিদ্বেষী, সাম্প্ৰদায়িক, ক্ষমতালোভী, স্বৈৰাচাৰী, মিথ্যাবাদী পাল্টিবাজ৷ বিশ্বৰ কোনো দেশেই কোনো এখন দেশৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ নকৰাৰ নিয়ম৷ কিন্তু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ নিৰ্বাচনৰ বাবে ড’নাল্ড ট্ৰাম্পৰ হৈ প্ৰচাৰত নামিছিল৷ আমেৰিকাৰ হিউষ্টন চহৰত ‘হাউডি মোদী’ অনুষ্ঠানত উপস্থিত থাকি ৫০ হাজাৰ ভাৰতীয় আমেৰিকানৰ সমাৱেশত নৰেন্দ্ৰ মোদীয়ে ‘অব কি বাৰ ট্ৰাম্প চৰকাৰ’ শ্লোগানেৰে ট্ৰাম্পক ভোট দিয়াৰে আহ্বান জনাইছিল৷ ভাৰতত বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কতা উপেক্ষা কৰি আহমেদাবাদত নৰেন্দ্ৰ মোদীয়ে ভাৰত চৰকাৰৰ ৰাজভঁৰালৰ ১০০ কোটি টকা খৰচ কৰি ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠান অনুষ্ঠিত কৰিছিল৷ এইদৰে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী বৰ্ণবিদ্বেষী, স্বৈৰাচাৰী, ফেচিবাদী, সাম্প্ৰদায়িক, মিথ্যাবাদী ট্ৰাম্পৰ ঘনিষ্ঠ বন্ধু হৈ পৰিছিল, যিটোৱে প্ৰতিফলিত কৰে যে দুয়োজনৰ মাজত আদৰ্শ আৰু ৰাজনৈতিক লক্ষ্যৰ মিল আছিল৷ ট্ৰাম্পে যিদৰে অসংলগ্ন আচৰণৰ দ্বাৰা আমেৰিকান জনসাধাৰণৰ মাজত বিভেদৰ সৃষ্টি কৰিছিল, বৰ্ণবাদক মদত দিছিল, বিজ্ঞান আৰু যুক্তিবাদৰ বিৰুদ্ধে অভিযান চলাইছিল, সাংবিধানিক প্ৰতিষ্ঠানবোৰ এটাৰ পাছত এটা ধ্বংস কৰাৰ পদক্ষেপ লৈছিল, নাগৰিকৰ অধিকাৰৰ ওপৰত বেপৰোৱা আক্ৰমণ চলাইছিল ‘আমেৰিকা ফাষ্টৰ্’ ধ্বনি দি, ধনীসকলক কৰ ৰেহাইকে ধৰি বিভিন্ন সাহায্য দিছিল, শ্ৰমজীৱী মানুহৰ অধিকাৰ কাঢ়ি নিছিল, অভিবাসীসকলৰ আৰু মুছলমানৰ প্ৰতি ঘৃণা আৰু বিেদ্বষৰ ভাব সৃষ্টি কৰিছিল, ঠিক সেইদৰে মোদী চৰকাৰেও এইবোৰ কামেই কৰিছে ভাৰতত৷ আমেৰিকাৰ জনসাধাৰণে ট্ৰাম্পক বিদায় দিবলৈ অভিলেখপূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে বাইডেনক জয়ী কৰোৱাৰ পাছতো ড’নাল্ড ট্ৰাম্পে গণতান্ত্ৰিক জনাদেশ মানি ল’বলৈ ৰাজী নহয়৷ ফেচীবাদী কায়দাৰে গণতান্ত্ৰিক জনাদেশক লাথি মাৰি বিভিন্ন স্বেচ্চাচাৰী কৌশল অৱলম্বন কৰি ক্ষমতা খামোচ মাৰি ধৰি ৰাখিব বিচাৰিছে৷ গণতন্ত্ৰক ধ্বংস কৰাটোৱেই ফেচীবাদী ট্ৰাম্পৰ মূল লক্ষ্য৷
আশ্চৰ্যজনক যে হিন্দু মহাসভা আৰু হিন্দুসেনাই পূজা আৰু যজ্ঞ কৰিছিল ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ বাবে৷ এই ঘটনাটোৰ লগত মিল আছে ১৯৩৮ চনৰ এক আগষ্টত পুনে চহৰত ছাভাৰকাৰে প্ৰদান কৰা ভাষণৰ ‘ভাৰতৰ বৈদেশিক নীতিক কোনো ইজ্মৰ লগত ভিত্তি নকৰিব৷ জাৰ্মানী আৰু ইটালীয়ে সঠিকভাৱেই যথাক্ৰমে নাৎচিবাদ আৰু ফেচিবাদৰ পথ বাছি লৈছে৷ উদ্ভুত পৰিস্থিতিত এইধৰণৰ মতবাদ আৰু তদ্ৰুপ ৰাষ্ট্ৰব্যৱস্থা যে তেওঁলোকৰ বাবে একান্ত প্ৰয়োজনীয় আৰু হিতকাৰী আছিল, সেয়া প্ৰমাণ হৈছে৷’ [হিন্দুত্বৰ ফেচিবাদী যোগসূত্ৰ– মাৰিয়া কাচোলাৰি, পৃঃ ১৪] আৰ এছ এছৰ জন্মদাতা ছাভাৰকাৰে হিটলাৰ, মুছোলিনীক সমৰ্থন কৰাৰ দৰে বৰ্তমান হিন্দু মহাসভা আৰু হিন্দুসেনাই ড’নাল্ড ট্ৰাম্পক সমৰ্থন কৰিছে৷ হেডগোৱাৰেও ১৯৩৪ চনৰ ৩১ জানুৱাৰীত ফেচিবাদ আৰু মুছোলিনীৰ সমৰ্থনত এখন সভা অনুষ্ঠিত কৰি সভাপতিত্ব কৰিছিল৷ ট্ৰাম্পৰ নীতিৰ অভিমুখ আছিল স্বৈৰাচাৰ নব্য ফেচিবাদ আৰু তেওঁ হৈ পৰিছে পৃথিৱীত ‘ফেচিবাদৰ প্ৰতীক’৷ হিন্দু মহাসভা আৰু আৰ এছ এছে ফেচিবাদক সমৰ্থন কৰে বাবেই ট্ৰাম্পৰ প্ৰতি ইমান দৰদ আৰু এই আদৰ্শৰ ভিত্তিতে মোদী আৰু ট্ৰাম্প অতি ঘনিষ্ঠ বন্ধু হৈ পৰিছিল৷ বাইডেনে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা উঠাই দিয়া কাৰ্যক বিৰোধিতা কৰিছিল৷ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বাইডেনক অভিনন্দন জনাইছে৷ আমেৰিকাৰ নিৰ্বাচনৰ আগৰ ঘটনাবোৰে প্ৰতিফলিত কৰে যে বাইডেনৰ বিজয়ত মোদী সুখী হ’ব পৰা নাই নিশ্চয়৷ বাইডেনে বিজয়ী ভাষণত কয়– ‘এতিয়া বিৰোধীসহ সকলোকে সুযোগ দিয়াৰ সময়৷ এইবাৰৰ ভোটত আমেৰিকান জনগণে সৌজন্য, ন্যায্যতা, বিজ্ঞান, যুক্তিবাদ আৰু এই সময়ৰ কঠিন সংগ্ৰামৰ কাৰণে আশাৰ শক্তিক সংহত কৰিছে৷’
আমেৰিকাৰ বাঁওপন্থী তথা ডেম’ক্ৰেটিক দলৰ ছিনেটৰ যিজন আমেৰিকাৰ ৰাজনৈতিক ধাৰাৰ অন্যতম মুখপাত্ৰ, বাৰ্ণি ছেণ্ডাছেৰ্ বাইডেনৰ বিজয়ত এইদৰে কৈছে– ‘এই নিৰ্বাচন আধুনিক আমেৰিকাৰ ইতিহাসত আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন আছিল৷ এই নিৰ্বাচন অকল বাইডেন আৰু ট্ৰাম্পৰ মাজত বা তেওঁলোকে কি কৈছে সেইটোৰ মাজতে সীমাবদ্ধ নাছিল৷ সেইটোতকৈ অধিক গভীৰ বিষয় জড়িত আছিল৷ এই নিৰ্বাচন আছিল হোৱাইট হাউছৰ অনবৰত মিছা ভাষণ সংস্কৃতিৰ অৱসান হ’ব নে নাই আৰু দেশত গণতন্ত্ৰ আৰু আইনৰ শাসন থাকিব নে নাই সেইটো ঠিক কৰাৰ৷ মিডিয়া আৰু পণ্ডিতসকলে অনেক যুক্তি প্ৰদৰ্শন কৰিব৷ কিন্তু ধন্যবাদ প্ৰাপ্য হ’ল তৃণমূল স্তৰৰ প্ৰগতিশীল সংগঠনসমূহৰ, যিসমূহে দেশত অসাধাৰণ প্ৰয়াস লৈ এই জয়ক সম্ভৱ কৰিছে৷’ আমেৰিকাত ট্ৰাম্পৰ পৰাজয়ে নিশ্চয় বিশ্বত সোঁপন্থী, স্বৈৰাচাৰী, বিভেদকামী, সাম্প্ৰদায়িক, সাম্ৰাজ্যবাদী শক্তিসমূহক দুৰ্বল কৰিলে৷ ভাৰততো আমেৰিকাৰ নিৰ্বাচনৰ দৰে জনগণে অনবৰত মিথ্যা প্ৰচাৰৰ অৱসান ঘটোৱাৰ আৰু দেশত সাংবিধানিক গণতন্ত্ৰ আৰু আইনৰ শাসন প্ৰতিষ্ঠা তথা সোঁপন্থী, স্বৈৰাচাৰী, বিভেদকামী, সাম্প্ৰদায়িক শক্তিৰ শাসনৰ অৱসান ঘটোৱাৰ বাবে জনগণ সাজু হোৱাৰ সময় সমাগত৷ কিন্তু আমেৰিকাৰ দৰে ভাৰতৰ জনগণে সেইটো সম্ভৱ কৰিব পাৰিবনে, এইটো এটা ডাঙৰ প্ৰশ্ন৷
[লেখক ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় ব’ৰ্ডৰ প্ৰাক্তন সঞ্চালক]