Logo
image

বিজেপিয়ে মুখেৰে কয় এটা, বাস্তৱত কৰে আন এটা

নিৰ্বাচন আহিলেই বিজেপি দল আৰু চৰকাৰে অসমৰ লোকক আভুৱা ভৰিবলৈ আৰম্ভ কৰে৷ ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে কিমান যে প্ৰতিশ্ৰুতি নিদিলে৷ জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰ উজ্জীৱিত কৰি ইয়াক কাৰ্যক্ষম কৰা, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়া, অসম চুক্তি আখৰে আখৰে পালন কৰা, আদি লানি নিচিগা প্ৰতিশ্ৰুতি দিছিল বিজেপি দলে৷ ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে দিয়া একেখিনি প্ৰতিশ্ৰুতিয়ে ২০১৬ চনৰ নিৰ্বাচনৰ সময়তো দিলে৷ ২০১৯ চনৰ নিৰ্বাচনৰ সময়ত অসম চুক্তি  দফাই দফাই ৰূপায়ণৰ কথা কৈছিল বিজেপি দলে৷ নিৰ্বাচনত জয়ী হোৱাৰ পিছতে অসমৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছতো নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সংসদত গৃহীত কৰিলে৷ অথচ এই আইনৰ আওতাৰ পৰা অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহ আৰু উত্তৰ-পূৰ্বাঞ্চলত ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহক বাদ দিয়া হ’ল৷ নিৰ্বাচনৰ পূৰ্বে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়নৰ বাবে বিজেপি চৰকাৰে অৱসৰ প্ৰাপ্ত আমোলা মদন প্ৰসাদ বেজবৰুৱাৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিয়ে যদিও এই কমিটীৰ অধিকাংশ সদস্যই দায়িত্ব নলোৱাত কমিটীখন নিস্ক্ৰিয় হৈ পৰে৷ পিছত ‘কা’ বিৰোধী আন্দোলনৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ চৰকাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এখন উচ্ছ ক্ষমতা সম্পন্ন কমিটী গঠন কৰি দিয়ে৷ এই কমিটীত অসমৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাই আৰু অৰুণাচলৰ মহাধিবক্তা নিলয় দত্ত সদস্য হিচাপে আছে৷ কমিটীয়ে নিজৰ প্ৰতিবেদনত সংবিধান সংশোধনৰ দৰে কিছু পৰামৰ্শ আগবঢ়াইছে৷ চলিতবৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী অসমলৈ অহা সময়তো অসম চুক্তি ৰূপায়নৰ প্ৰতিশ্ৰুতি পুনৰ বাৰ দোহাৰি কৈছিল যে যি কাম কংগ্ৰেছ দলে ৩০ বছৰে নকৰিলে সেই কাম চৰকাৰে উচ্ছ ক্ষমতা সম্পন্ন কমিটীৰ প্ৰতিবেদন লাভৰ পিছতে কৰিব৷ অমিত শ্বাহৰ পূৰ্বে ৰাজনাথ সিঙেও গৃহমন্ত্ৰী হৈ থাকোতে অসম চুক্তি ৰূপায়নৰ কথা বাৰম্বাৰ কৈছিল৷ ফেব্ৰুৱাৰী মাহতে প্ৰতিবেদন সাজু হ’ল৷ কিন্তু এইবাৰ কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰি দিয়া কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ মান্তি নহ’ল৷ আনকি প্ৰতিবেদনখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি জনেও স্বাক্ষৰ নকৰিলে৷ অসম চুক্তি ৰূপায়ণৰ নডেল বিভাগ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷ গতিকে প্ৰতিবেদন খন গ্ৰহণ কৰি ইয়াক কাৰ্যকৰী কৰাৰ দায়িত্বও গৃহ মন্ত্ৰণালয়ৰ৷ কিন্তু সেইটো নকৰি প্ৰতিবেদখন অসম চৰকাৰহে গ্ৰহণ কৰিবলৈ কলে৷ বিগত জ্জ মাহ ধৰি প্ৰতিবেদনখন সন্দৰ্ভত না ৰাজ্য চৰকাৰে না কেন্দ্ৰীয় চৰকাৰে কাৰো একো উমঘামে নাই৷ যিহেতু সন্মুখত বিধানসভাৰ নিৰ্বাচন সেয়ে এতিয়া আকৌ দুয়োখন চৰকাৰে সাৰ পাই উঠিল আৰু তৎপৰতা আৰম্ভ কৰিলে৷ কিন্তু এইবাৰো কেন্দ্ৰীয় চৰকাৰে প্ৰতিবদনখন গ্ৰহণ নকৰিলে৷ ইয়াৰ পৰিৱৰ্তে ইয়াৰ পুনৰ নিৰিক্ষণৰ হে নিৰ্দেশ দিলে৷ আইনী  বিশেষজ্ঞৰ সহায়ত৷ এই কাম কেতিয়া শেষ কৰিব লাগি তাৰ কোনো নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই৷ এইটোও বিজেপিৰ প্ৰতাৰণাৰ অন্য এক কৌশল৷ বিজেপিয়ে মুখেৰে কয় এটা বাস্তৱত কৰে এটা৷