
বি টি আৰ নিৰ্বাচন বড়ো-অনাবড়োৰ যুঁজ
‘বি টি আৰ’ হ’ল বড়ো জনগোষ্ঠীৰ সুদীৰ্ঘ দিন কৰা আন্দোলনৰ ফল৷ এই বি টি আৰত আছে অসমৰ চাৰিখন জিলা৷ সেইখিনি মিলি এটা লোকসভা সমষ্টি, যাৰ নাম কোক্ৰাঝাৰ৷ এই এলেকা সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত৷ সেইমতে এই অঞ্চলে তেওঁলোকৰ এলেকাৰ প্ৰশাসনৰ বাবে লাভ কৰে সুকীয়া অনুদান৷ লগতে লাভ কৰে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনিৰ সুবিধা৷ তাৰ সৈতে আৰু যোগ হয় ৰাজ্য চৰকাৰে আগবঢ়োৱা অন্যান্য সা-সুবিধাৰ৷ কিয়নো, এই অঞ্চলৰ পৰা এজন লোকসভাৰ সাংসদ থাকে বাবে তেওঁৰ ফালৰপৰা সা-সুবিধাও থাকে৷ ইফালে থাকে বিধায়কসকলো৷ ‘বি টি আৰ’ৰ মুঠ বিধায়কৰ সংখ্যা ১২জন৷ মিত্ৰতাৰ সূত্ৰে ইয়াৰ তিনিজন বিধায়ক অসম চৰকাৰৰ মন্ত্ৰীও৷ উল্লেখ্য, তিনিমন্ত্ৰীসহ আটাইকেইজন বিধায়ক বড়ো জনগোষ্ঠীৰ৷
ইয়াৰউপৰি স্বায়ত্তশাসিত এলেকা হিচাপে এই এলেকাত আছে এখন ৪০জনীয়া পৰিষদ৷ এওঁলোকৰ ভিতৰত শাসকপক্ষৰ পৰাই পাৰিষদীয় সদস্যৰ মাজৰ পৰা এজন মুখ্য কাৰ্যবাহী নিৰ্বাচন কৰি শাসনকাৰ্য চলায়৷ এওঁলোকো এখন চৰকাৰ৷ মুখ্য কাৰ্যবাহীজন যেন এওঁলোকৰ চৰকাৰৰ মুখ্যমন্ত্ৰীসদৃশ৷ এওঁলোকৰ মাজত বিভাগীয় দপ্তৰ আছে৷ তেনে দপ্তৰৰ দায়িত্ব একোজন পাৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্যক দিয়া হয়৷ যেন তেওঁ তাৰ মন্ত্ৰী৷ ক্ষমতাও থাকে৷ এই ‘বি টি আৰ’ত এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে৷ পৰিষদীয় নিৰ্বাচনত জয়-পৰাজয়ৰ পূৰা হিচাপ-নিকাচ নিৰৱচ্ছিন্নভাৱে চলিছে৷ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বি পি এফ, ইউ পি পি এল [প্ৰমোদ বড়োৰ], গণ সুৰক্ষা পাৰ্টী [সাংসদ নৱ শৰণীয়াৰ নেতৃত্বত], ভাজপা, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰজোঁট৷
বাস্তৱত দেখা যায় যে এই চাৰিওখন জিলাত এতিয়া জনতাৰ মাজত ভাগ দুটা৷ সেয়া হ’ল বড়ো আৰু অবড়ো৷ সংখ্যাগত দিশেৰে বড়ো জনগোষ্ঠীৰ লোক তিনিভাগৰ এভাগো নহয়৷ অৰ্থাৎ শতকৰা সত্তৰতকৈও অধিকসংখ্যক লোক ‘বড়োলেণ্ড’খ্যাত এই ভূমিত অনাবড়ো৷ সংখ্যাৰ ফালৰ পৰা চালে এই এলেকাত বড়োৰ ৰাজত্ব একপক্ষীয়ভাৱে চলাৰ কোনো যুক্তি নাই৷ বৰং অবড়োৰ লগত সমিলমিল হৈহে ইয়াৰ শাসন চালিত হ’ব লাগে৷ এই শাসনত বড়োতকৈ অবড়োৰহে আধিপত্য থাকিব লাগে৷ অৱশ্যে, সেয়া নীতিগত হোৱাটো প্ৰথম আৰু প্ৰধান চৰ্ত৷ কিয়নো, নীতিৰ সু-ব্যৱস্থা অবিহনে কোনো শাসনেই জনতাৰ আশা-আকাংক্ষা পূৰণত অগ্ৰসৰ হ’ব নোৱাৰে৷ নীতিহীনতাই দুৰাচাৰী কামেৰে অশান্তি সৃষ্টি কৰাটো ধুৰুপ৷ অকল অশান্তিয়েই নহয়, বিভেদৰ প্ৰকোপো বঢ়াটো স্বাভাৱিক৷ বৰ্তমানৰ পৰিস্থিতি নীতিহীনতাৰে চৰম বহিঃপ্ৰকাশ৷
উল্লেখ্য, বি টি চি এলেকাত পূৰ্বে অস্ত্ৰৰ খেল মুকলিকৈ হৈছিল৷ এয়া বহুতৰে প্ৰত্যক্ষ অভিজ্ঞতা৷ দেখাকৈ বন্দুক আনি ভোটদান এককভাৱে একোটা কেন্দ্ৰত ডাবি-ধমকিৰে দিয়াই আছিল ৰীতি৷ কিয়নো নিৰ্বাচনত বড়ো প্ৰাৰ্থীৰ জয় নিশ্চিত হ’বই লাগিব বুলি এই অঞ্চলৰ বড়ো শাসকসকলৰ ব্যাপক প্ৰচাৰ আছিল আৰু তাৰ বাবে পূৰ্বৰ বিদ্ৰোহীক বন্দুকৰ সহিতে কামত লগাইছিল৷ বন্দুক-ভীতিত আচলতে ইয়াৰ অবড়ো অধিবাসী ইমানেই ভীতিগ্ৰস্ত হৈছিল যে বহুতে মাটি-ভেটি এৰি বি টি চিৰ বাহিৰলৈ গুচি আহিছিল৷ বড়োসকলৰ বাবে অবড়ো লোকসকল হ’ল ‘হাখা’৷ এই হাখাবিলাক নামনি অসমৰ বিভিন্ন ঠাইৰ পৰা গৈ তাত স্থায়ীভাৱে বাস কৰা লোক৷ তাৰমানে অসমৰ অনাবড়ো লোকসকল বড়োসকলৰ বাবে ‘হাখা’৷ মানে সেই এলেকাৰ হাখা [অনাবড়ো] মানুহখিনি সততে অৱনমিত হৈছিল৷ এনে অৱদমনৰ মনোভাব বড়ো আন্দোলনৰ পাছৰ পৰা ক্ৰমাৎ তীব্ৰ হৈছিল৷
মুঠতে বড়ো আন্দোলনৰ গইনাৰে বি টি এ ডি বা বি টি চি হোৱালৈকে এক যেন গতিশীল ৰূপত বড়ো আৰু অবড়োৰ প্ৰভেদৰ ভাব প্ৰকট হৈছিল৷ এতিয়াও তাৰ প্ৰভাৱ কমা নাই৷ অৰ্থাৎ বড়োৰ আধিপত্যৰ প্ৰভাৱে অনাবড়োৰ মাজত সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰিলে৷ তাৰ পৰিণতিত অবড়ো সুৰক্ষা সমিতি গঠন হ’ল৷ সংগঠিত হ’ল অনাবড়ো লোকসকল৷ এই সংগঠনত অঞ্চলটোত বাস কৰা বাংলাদেশীমূলৰ লোকসকলো সোমাই পৰিছে৷ আন জনগোষ্ঠীৰ লোকৰ দৰে এই পূৰ্ববংগীয়মূলৰ মুছলমান লোকসকলো বিভিন্ন সময়ত নিৰ্যাতিত নোহোৱাও নহয়৷
দেখা গৈছে যে জাতি, বৰ্ণ, গোষ্ঠী, ধৰ্ম নিৰ্বিশেষে অনাবড়ো লোকসকল সংগঠিত হৈছে৷ ইয়াৰ নেতৃত্বত আগবাঢ়িব পাৰিছে প্ৰাক্তন আলফা নেতা তথা বৰ্তমানৰ সাংসদ নৱ শৰণীয়া [হীৰা]৷ কিয়নো, হুলেৰে হুল কাঢ়িব পৰা ক্ষমতা এইজন নৱ শৰণীয়াই দেখুৱাব পাৰিছে বুলি অবড়োৰ মাজত প্ৰত্যয় জন্মাব পাৰিছে৷ ২০১৪ বৰ্ষত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হৈ সেই ক্ষমতা প্ৰদৰ্শন কৰিব পাৰিছে শৰণীয়াই আৰু জয়ী হৈছেও দুবাৰকৈ৷
স্মৰণীয় যে, আলফাত থকা সময়ছোৱাত চৰকাৰে কৰিব নোৱৰা কামো আলফাই কৰি দেখুৱাইছিল৷ একেধৰণে বিটিচিত চৰকাৰে কৰিব নোৱৰা কাম হীৰা [নৱ] শৰণীয়াই কৰি দেখুৱাব পাৰিছে৷ ফলত হীৰাৰ দ্বাৰা সুৰক্ষা অনুভৱ কৰিব পাৰিছে অনাবড়ো লোকসকলে৷
সুদীৰ্ঘ দুটা দশকজুৰি বড়ো নেতৃত্বৰ শাসনত পোৱা অভিজ্ঞতাই এতিয়া অনাবড়ো বা আন সচেতন লোককো তলৰ দিশকেইটাই স্পৰ্শ কৰিব পাৰিছে বুলি অনুভৱ হয় বৰ্তমানৰ নিৰ্বাচনী বতৰত৷ সেয়া হ’ল– [১] বড়ো শাসন একপ্ৰকাৰ দমনমূলক হোৱা পৰিলক্ষিত হৈছে৷ [২] বড়ো শাসনে অবড়ো লোকৰ মাজত ভয়-ভীতিৰ সঞ্চাৰ কৰিছে৷ [৩] এই শাসনত পূৰ্বে বিশেষকৈ নিৰ্বাচনৰ সময়ত অস্ত্ৰ প্ৰদৰ্শন হোৱা পৰিলক্ষিত হৈছে৷ [৪] অবড়ো লোকে ভূমিৰ অধিকাৰকে ধৰি আন অধিকাৰো হেৰুৱাবলগীয়া হৈছে৷ [৫] বড়ো শাসনৰ দমন নীতিয়ে একপ্ৰকাৰ অবড়ো লোকক সংগঠিত হোৱাত সহায় কৰাই নহয়, বাধ্যও কৰিছে৷ [৬] এই শাসনকালত উন্নয়নৰ নামত চৰকাৰী ধনৰ মুষ্টিমেয় বড়ো গোষ্ঠীৰ লোকে শৰাধ কৰা বা আত্মসাৎ কৰাৰো অভিজ্ঞতা প্ৰত্যক্ষ হৈছে৷ [৭] একেখন ভাৰত ৰাষ্ট্ৰৰ অসমৰ অসমীয়া হৈ বড়োভূমিত থকাৰ অজুহাতত একপ্ৰকাৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে অবড়ো লোকসকল থাকিবলগীয়া হৈছে৷ [৮] সংখ্যাগত গণতান্ত্ৰিক দৃষ্টিভংগীৰে ‘বড়োলেণ্ড’ শব্দটো বাস্তৱত খাপ খোৱা হোৱা নাই৷ বৰং তাৰ সলনি ইউনাইটেড টেৰিটৰী বা ইউনাইটেড টেৰিটৰিয়েল কাউঞ্চিল [ইউ টি চি] হোৱাহে উচিত আছিল৷ [৯] সাম্প্ৰতিক সময়ত বিশেষকৈ বড়ো জনগোষ্ঠীৰ লোকসকলে স্বকীয়তাক লৈ খুব বেছি উদ্বেগৰ বশৱৰ্তী হোৱাতকৈ সমীভৱনৰ সহযোগিতাত গুৰুত্ব দিয়াটোহে মংগলজনক বুলি ভাব হয়৷ [১০] আশা কৰাধৰণে ইয়াৰ পৰিষদে সম উন্নয়ন ঘটাব পৰা নাই৷ এইক্ষেত্ৰত বিশেষকৈ সংখ্যাগৰিষ্ঠ অবড়ো লোকৰ দৃষ্টিত ৰাজ্য চৰকাৰৰ পূৰ্বৰ কংগ্ৰেছৰ চৰকাৰৰ দৰে বৰ্তমানৰ বিজেপি চৰকাৰখনৰো ভূমিকা মুঠেও সন্তোষজনক নহয়৷ কংগ্ৰেছ আৰু বিজেপিশাসিত কেন্দ্ৰীয় চৰকাৰৰো স্থিতি বা ভূমিকা সঠিক হোৱা নাই৷ এইবোৰৰ লগত আৰু কিছু উপ-কাৰকো আছে৷ কিন্তু বৰ্তমানৰ নিৰ্বাচনী বতৰত অবড়ো লোকৰ মনত স্পষ্ট ধাৰণা গঢ় লৈছে যে অবড়োৰ সুৰক্ষা অবড়োৰ দ্বাৰাই হ’ব লাগিব৷ পৰিস্থিতিয়ে অবড়োৰ বিভাজনবোধো অনুকূল কৰিছে৷ কিয়নো বড়ো শাসনৰ প্ৰতিকূলতাই সাম্প্ৰতিক পৰিস্থিতিৰ চেতনা জাগ্ৰত কৰিছে৷ এয়াই সঁচা ছবি নহয়নে?