
আইনৰ বিৰুদ্ধে আন্দোলন
২০২০ চনৰ অন্তিম মাহত প্ৰৱেশ কৰিলে, ২০১৯ চনৰ এই মাহটোতে অসম জ্বলিছিল৷ ‘নাগৰিকত্ব সংশোধনী আইন ২০১৯’ সংসদত গৃহীত হোৱাৰ লগে লগে চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ দেশত যি ক্ষোভৰ জোৱাৰ উঠিছিল, সেই জোৱাৰে দেশৰ প্ৰতিজন নাগৰিকক স্পৰ্শ কৰিছিল৷ নাগৰিকত্ব সংশোধনী আইনে ভাৰতৰ জনগাঁথনিলৈ যি পৰিৱৰ্তন আনিব, সেই পৰিৱৰ্তনৰ কথা দেশৰ জনতাই ভালকৈয়ে বুজি পাইছিল আৰু প্ৰতিবাদ কৰিছিল৷ এই আইনখন যে এখন সংবিধানবিৰোধী আইন সেই কথা স্পষ্ট হৈ থকাৰ পাছতো সংসদত গৃহীত হৈছিল এই আইন৷ সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ চৰিত্ৰক কুঠাৰাঘাত কৰি মোদী চৰকাৰে গৃহীত কৰা এই আইনৰ বিৰুদ্ধে সমগ্ৰ অসম জ্বলিছিল৷ অসম জ্বলিছিল কাৰণ যি ছয় বছৰীয়া অসম আন্দোলনে এখন চুক্তি দিছিল, সেই চুক্তিৰ মূল আত্মাকে আঘাত কৰিছিল এই আইনে৷ বিগত এটা শতিকাজুৰি অসমত বিৰাজ কৰা অনুপ্ৰৱেশৰ সমস্যাক এই আইনে ভেঙুচালি কৰাই নহয় বৃহৎ অসমীয়া সমাজখনৰ বাবে চৰম ভাবুকি কঢ়িয়াই আনিছিল৷ অসমীয়া জাতিক যে এই আইনে চিৰদিনৰ বাবে এটা সংখ্যালঘু জাতিত পৰিণত কৰিব, অসমৰ ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি যে চহকী বাঙালী সংস্কৃতিত জাহ যাব, সেই কথা বুজিয়ে অসমীয়া ৰাইজ ৰাজপথলৈ ওলাই আহি ইয়াৰ তীব্ৰ বিৰোধ কৰিছিল৷ দল-সংগঠনৰ সস্তীয়া অঁৰিয়া-অঁৰিৰ বিপৰীতে অসমীয়া জাতিয়ে ঐক্যবদ্ধ আন্দোলনৰ নিদৰ্শন দাঙি ধৰিছিল৷ সৃষ্টি কৰিছিল ডিচেম্বৰ বিপ্লৱসদৃশ পৰিস্থিতিৰ৷ কিন্তু পাষাণ চৰকাৰৰ হৃদয় এই আন্দোলনে গলোৱা দূৰৰ কথা, ফেচিষ্ট চৰকাৰে অতি ক্ৰূড.তাৰে পাঁচজনকৈ কিশোৰক হত্যা কৰি নিজৰ দানৱীয়তা প্ৰদৰ্শন কৰিছিল৷ এজন নিৰ্দোষী নেতা অখিল গগৈক বিনা বিচাৰে এটা বছৰে বন্দী কৰি ৰাখিলে৷ এক চৰম অন্যায়ৰ বলি হ’ল অখিল গগৈ৷ প্ৰচলিত আইনৰ পাঠ পঢ়াসকলেও চিঃ চিঃ কৰিব ধৰিছে চৰকাৰৰ চক্ৰান্ত দেখি৷ তথাপি অসমীয়া জাতিয়ে পৰিত্ৰাণ বিচাৰিছে৷ নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে অসমৰ পাছতে সমগ্ৰ ভাৰতৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছিল৷ শ্বাহিনবাগে ইতিহাস ৰচিছিল, কিন্তু ফেচিষ্ট চৰকাৰে সকলো দমন কৰিলে অতি কঠোৰ হাতেৰে৷ কিন্তু ৰাইজ আজিও জ্বলি আছে আৰু সুযোগৰ অপেক্ষাত আছে৷
২০২০ৰো এয়া ডিচেম্বৰ মাহ৷ পুনৰ এই বছৰ কৃষক জাগিছে– একেই চৰকাৰে প্ৰণয়ন কৰা তিনিখন ক’লা আইন প্ৰত্যাহাৰৰ দাবীত৷ এইবাৰ হাজাৰত নহয় লাখত আহিছে কৃষক আৰু আহিছে মাহজোৰা আন্দোলনৰ সংকল্প লৈ৷ এইবাৰৰ এই আন্দোলনক যদি চৰকাৰে দমন কৰাৰ চেষ্টা কৰে, তেন্তে এইবাৰ পুনৰ ডিচেম্বৰ বিপ্লৱ সংঘটিত হ’ব৷ মানুহৰ বাবেহে চৰকাৰ৷ এনে বহু ইতিহাস আছে যেতিয়াই জনগণৰ বিৰুদ্ধে শাসকসকলে শোষণৰ হাতোৰা প্ৰসাৰিত কৰিছে, তেতিয়াই জনগণে তাক প্ৰতিহত কৰি শাসন ওফৰাই পেলাইছে৷ মুচোলিনি, হিটলাৰ তাৰ জ্বলন্ত নিদৰ্শন৷ সেয়ে চৰকাৰে নিজৰ স্থিতি সলনি কৰাৰ সময় আহিল৷ অন্যথা এইবাৰ জনতাৰ সন্মুখত চৰকাৰৰ নিস্তাৰ নাই৷ এইবাৰ ভাৰতৰ প্ৰতিখন প্ৰদেশৰ কৃষক দিল্লীমুখী হ’বলৈ আৰম্ভ কৰিছে৷ ৰাইজে ‘কা’ আইন বাতিল কৰি অসমখনক যিদৰে সুৰক্ষিত কৰাটো বিচাৰে, সেইদৰে তিনিওখন কৃষি আইন বাতিল কৰি কৃষকৰ অধিকাৰ সুৰক্ষিত কৰাটোও বিচাৰে৷