Logo
image

দেশৰ আটাইতকৈ চহকী মহিলা উদ্যোগপতি ৰশ্মি মালহোত্ৰা

আমাৰ অসম, ৫ ডিচেম্বৰঃ ভাৰতৰ আটাইতকৈ ধনী মহিলাৰ উদ্যোগপতিৰ খ্যাতি লাভ কৰিছে ৰশ্মি নাদাৰ মালহোত্ৰাই৷ এইছ চি এল টেকন’লজী কোম্পানীৰ মুখ্য কাৰ্যবাহী তথা কাৰ্যবাহী পৰিচালক মালহোত্ৰাৰ সম্পত্তিৰ পৰিমাণ ৫৪ হাজাৰ ৮৫০ কোটি টকা৷ বৃহস্পতিবাৰে প্ৰকাশ হোৱা ‘কোটাক ওৱেলথ্‌ হুৰুণ লিডিং উইমেন ২০২০’ তালিকাৰ শীৰ্ষস্থান দখল কৰিছে   ৰশ্মি নাদাৰ মালহোত্ৰাই৷  উল্লেখ্য যে কৰ’না পৰিস্থিতিত এইবাৰ এই তালিকাখনে বিশেষ গুৰুত্ব লাভ কৰিছে৷ কিয়নো অতিমাৰী কৰ’নাৰ আতংক আৰু লকডাউনৰ বন্দীদশাৰ প্ৰভাৱত সকলো ব্যৱসায়-বাণিজ্য মন্দা হৈ পৰিছিল৷ এনে পৰিস্থিতিত কোন কোন উদ্যাগপতিয়ে নিজৰ সম্পত্তি আৰু সমৃদ্ধি বজাই ৰাখিব পাৰিছে সেয়া বিভিন্নজনৰ বাবে কৌতূহলৰ বিষয় হৈ আছিল৷ কৰ’না পৰিস্থিতিত নিজৰ ব্যৱসায়-বাণিজ্য অক্ষুণ্ণ ৰাখিব পৰাটো বহুতৰ বাবে হৈ পৰিছিল একপ্ৰকাৰ অগ্নিপৰীক্ষা স্বৰপ৷ এই পৰীক্ষাত স-সন্মানেৰে উত্তীৰ্ণ হৈ দেশৰ আটাইতকৈ ধনী উদ্যোগপতিৰূপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে ৰশ্মি নাদাৰ মালহোত্ৰাই৷