Logo
image

নাইনিতালত সৰীসৃপৰ বাবে নিৰ্মাণ ওলোমা সেঁতু

আমাৰ অসম, ৫ ডিচেম্বৰঃ মানুহৰ বাবে নহয় সৰীসৃপৰ বাবে নিৰ্মাণ কৰা হৈছে এখন সেঁতু৷ উত্তৰাখণ্ডৰ পৰ্যটন নগৰী নাইনিতালত এই বিশেষ সেঁতুখন নিৰ্মাণ কৰি উলিয়াইছে ৰাজ্যখনৰ বন বিভাগে৷ উল্লেখ্য যে নাইনিতালৰ যাত্ৰা পথত পাৰ হ’ব লাগে এখন গভীৰ অৰণ্য৷ যিখন অৰণ্য বাঘ, হাতী, হৰিণাকে ধৰি বিভিন্ন প্ৰাণী আৰু সৰীসৃপেৰে ভৰপুৰ৷ এই অৰণ্যখন পাৰ হওঁতে যাত্ৰাপথত প্ৰায়েই গাড়ীৰ আগত পৰে বন্যপ্ৰাণীসমূহ৷ এনে অৱস্থাত চালকে সতৰ্কতাৰে গাড়ী চালনা কৰাৰ লগতে সন্মুখত পৰা প্ৰাণীবিধক প্ৰাণ ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলায়৷ কিন্তু ইয়াৰ মাজতে চকুত নপৰা বহু সৰীসৃপৰ মৃত্যু ঘটে৷ ফলত বন বিভাগে ব্যতিক্ৰমী উদ্যোগ গ্ৰহণ কৰি অৰণ্যখনৰ পথছোৱাৰ ওপৰত সৰীসৃপৰ বাবে এখন ওলোমা সেঁতু নিৰ্মাণ কৰি উলিয়ায়৷  বাঁহ, মৰাপাট আৰু ঘাঁহেৰে নিৰ্মাণ কৰা এই সেঁতুখনৰ দৈৰ্ঘ্য ৯০ ফুট৷ সেঁতুখনৰ দুয়োমূৰে দুটা চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে৷ তদুপৰি সৰীসৃপসমূহক আকৰ্ষিত কৰিবলৈ সেঁতুখন এক বিশেষ লতাজাতীয় উদ্ভিদেৰে সজাই তোলা হৈছে৷ নাইনিতালৰ এই ওলোমা সেঁতুখন এতিয়া হৈ পৰিছে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ বিন্দু৷