
কাৰ দখলত বিটিচি
... ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে বিজেপিৰ লগ লাগি বিটিচিপ্ৰধান হোৱাৰ সপোন দেখিছিল যদিও ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিজেপিত যোগদানে সেই আশা মষিমূৰ কৰাত ইউপিপিএলৰ সমৰ্থকৰ মাজতো বিজেপিবিদ্বেষী মনোভাবে শেহতীয়াকৈ গা কৰি উঠিছে ...
২০০৩ চনৰ ফেব্ৰুৱাৰীত সংবিধান সংশোধনৰ জৰিয়তে ষষ্ঠ অনুসূচীৰ অধীনত বড়ো টেৰিটৰিয়েল কাউঞ্চিল, চমুকৈ বিটিচি গঠন হৈছিল৷
ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে বিদ্ৰোহী সংগঠন বড়ো লিবাৰেশ্বন টাইগাৰ্ছ, চমুকৈ বিএলটিৰ মীমাংসাৰ চুক্তি অনুসৰি বড়োসকলৰ ভূমিস্বত্ব আৰু পৰিচয় সংৰক্ষণৰ অৰ্থে কোক্ৰাঝাৰ, ওদালগুৰি, চিৰাং আৰু বাগ্সা নামেৰে চাৰিখন জিলা সৃষ্টিৰে ৪০টা পৰিষদীয় সমষ্টিসহ গঠন হৈছিল বিটিচি৷
১৭ বছৰ বিটিচি শাসন কৰিছে প্ৰাক্তন বিএলটিপ্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে৷ কি পৰিষদৰ নিৰ্বাচন, কি বিধানসভাৰ নিৰ্বাচন বিটিচিত অকল হাগ্ৰামা মহিলাৰীৰ শাসন৷ তিনিবাৰকৈ পৰিষদীয় নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ উপৰি বিধানসভা নিৰ্বাচনতো ১২খন আসনৰ ১২খনেই লাভ কৰি আহিছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড পিপল্ছ ফ্ৰণ্ট চমুকৈ বিপিএফে৷
অকল জনগাঁথনিৰ ৰাজনীতিৰে লোকসভাৰ আসনখন দখল কৰিবলৈ সক্ষম হ’ল প্ৰাক্তন আলফা নেতা নৱ শৰণীয়া ওৰফে হীৰা শৰণীয়াই৷ আচলতে বিটিচিত ৩০ শতাংশ বড়ো জনজাতিৰ লোক আৰু ৭০ শতাংশ অনা-বড়ো সম্প্ৰদায়ৰ লোক৷
সকলোকে সামৰি লোকসভাৰ আসন যিহেতু এখনেই, সেয়ে নৱ শৰণীয়াই তাৰ সুযোগ গ্ৰহণ কৰি গণ সুৰক্ষা প্ৰাৰ্থী নামেৰে এটা দল গঠন কৰি অনা-বড়ো সম্প্ৰদায়ৰ ভোট একত্ৰিত কৰি অনায়াসে লোকসভাৰ আসনখন নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল৷
১৭ বছৰৰ মূৰত বিটিচিৰ ৰাজনীতি এইবাৰ ওলট-পালট হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ এই বছৰৰ ৩০ জানুৱাৰীত নতুন দিল্লীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ এন ডি এফ বিৰ সৈতে হোৱা শান্তি চুক্তিৰ পাছত বিটিচিত নতুনকৈ জন্ম লোৱা ইউনাইটেড পিপল্ছ পাৰ্টী লিবাৰেল, চমুকৈ ইউপিপিএলে বিপিএফক প্ৰত্যাহ্বান জনোৱাৰ সময়তে কেন্দ্ৰ তথা ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি দলেও বিটিচিৰ পৰিষদীয় নিৰ্বাচনত আগ্ৰাসী মনোভাবেৰে উবুৰি খাই পৰাত এইবাৰৰ নিৰ্বাচন আকৰ্ষণীয় হৈ পৰিছে৷
৭ আৰু ১০ ডিচেম্বৰত দুটা পৰ্যায়ত বিটিচিৰ ২৩,৮২,০৩৬জন ভোটাৰে নিৰ্ণয় কৰিব ২৪১জন প্ৰাৰ্থীৰ ভাগ্য৷ এইবাৰৰ বিটিচি নিৰ্বাচনত বিপিএফ, বিজেপি আৰু ইউপিপিএলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ বিপৰীতে বিটিচিত এক নতুন ৰূপত বিজেপিৰ আৱিৰ্ভাৱত গণ সুৰক্ষা প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰতেই প্ৰশ্নবোধক চিন আহি যোৱা পৰিলক্ষিত হৈছে৷
বিটিচিৰ মুঠ ৪০টা পৰিষদীয় সমষ্টিৰ ৩০টা জনজাতীয় প্ৰাৰ্থীৰ সংৰক্ষিত হোৱাৰ বিপৰীতে ৫টা অজনজাতীয়, ১টা অসংৰক্ষিত আৰু ৪টা সমষ্টি মুকলি৷ নিৰ্বাচনত ইউপিপিএলে ৪০টা, বিপিএফে ৩৭টা, বিজেপিয়ে ২৬টা, কংগ্ৰেছে ১৩টা, এআইইউডিএফে ৬টা, চিপিআইএম দলে ৫টা, অগপই ১টা, ডিপিআয়ে ২২টা, বিজিপিয়ে ১টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিপৰীতে নিৰ্বাচনত ভাগ লৈছে ৯০জন নিৰ্দলীয় প্ৰাৰ্থীয়ে৷
নক’লেও হ’ব যে বিটিচি নিৰ্বাচনৰ প্ৰতি হঠাৎ সকলোৰে দৃষ্টি নিবদ্ধ হ’ল, ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰত নমাৰ লগে লগেই৷ পূৰ্বতে শাসনাধিষ্ঠিত দলটোৰ সভাপতি ৰঞ্জিত দাস প্ৰমুখ্যে কিছু নেতাই বিটিচি নিৰ্বাচনৰ প্ৰচাৰকাৰ্য চলাই আছিল যদিও ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিটিচিত প্ৰৱেশে সম্পূৰ্ণ নিৰ্বাচনী প্ৰেক্ষাপটেই সলনি কৰি পেলালে৷ পূৰ্বৰ বিপিএফ-ইউপিপিএলৰ যুঁজখন হঠাৎ পৰ্যবসিত হ’ল হাগ্ৰামা-হিমন্তৰ যুঁজলৈ৷ দুয়োজন নেতাৰ বাক্যুদ্ধই দুয়োটা দলৰেই নগ্ন প্ৰতিচ্ছবি ৰাইজৰ আগত দাঙি ধৰিলে৷
প্ৰথমবাৰৰ কাৰণে বিটিচিৰ নিৰ্বাচনী দৃশ্যপট ধূসৰ হৈ পৰিছে৷ কোনে প্ৰকৃততে শাসনৰ গাদী দখল কৰিব, তাক কোৱা এতিয়াই মস্কিল হৈ পৰিছে৷
বিগত নিৰ্বাচনত বিপিএফে পূৰ্বৰ নিৰ্বাচিত ৩১টা সমষ্টিৰ ১১টা সমষ্টি হেৰুৱাই ২০টা দখল কৰাৰ বিপৰীতে এআইইউডিএফে ৪টা, বিজেপিয়ে ১টা আৰু নিৰ্দলীয় ১৫জন প্ৰাৰ্থী নিৰ্বাচিত হৈছিল৷ এইবাৰ অৱশ্যে পুৰণি কোনো অংকই কাম নিদিয়ে৷ বিজেপি আৰু ইউপিপিএলৰ আৱিৰ্ভাৱে সকলো অংকত আউল লগালে৷
পূৰ্বতে বিটিচিৰ ৭০ শতাংশ অনাবড়ো সম্প্ৰদায়ৰ ভোটৰ প্ৰায় ৮০ শতাংশই লাভ কৰিছিল বিপিএফে আৰু ৩০ শতাংশ বড়ো ভোটৰ প্ৰায় ৪০-৪৫ শতাংশ ভোটহে বিপিএফে লাভ কৰিবলৈ সক্ষম হৈছিল৷
বিজেপিৰ আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে ভবা হৈছিল এইবাৰ অনাবড়ো সম্প্ৰদায়ৰ শতকৰা সিংহভাগেই লাভ কৰিব নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীয়ে, যিদৰে বড়ো সম্প্ৰদায়ৰো সিংহভাগ ভোট পাব বুলি আশা কৰা হৈছিল ইউপিপিএলে৷ কিন্তু আজিৰ নিৰ্বাচনী দৃশ্যপট সম্পূৰ্ণ পৃথক৷ পৰিষদীয় নিৰ্বাচনৰ কাৰণে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰে সকলো অংক তচনচ কৰি পেলাইছে৷ কাজেই অনাবড়োৰ ভোটৰ আশাত বন্দী হৈ থকা গণ সুৰক্ষা পাৰ্টীৰ ৰাজনৈতিক অংক বিজেপিয়ে ধূলিসাৎ কৰি পেলালে৷
এই মুহূৰ্তলৈকে চাৰিওখন জিলাৰ ৰাজনৈতিক আৱহাৱালৈ লক্ষ্য কৰি এটা কথা নিশ্চিত হৈ পৰিছে যে, কোনো এটা দলেই নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা পোৱাৰ ইংগিত বহন কৰা নাই৷
গণ সুৰক্ষা পাৰ্টীৰ ভোট বিজেপিয়ে অধিগ্ৰহণ কৰাৰ নিশ্চিত সম্ভাৱনাই দেখা দিয়াৰ ফলত বিজেপিয়ে দহখনতকৈ অধিক আসন লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷
ইউপিপিএলে বিপিএফক প্ৰত্যাহ্বান জনাবলৈ অগ্ৰসৰ হোৱাৰ সময়তে এনডিএফবিৰ প্ৰতিষ্ঠাপক নেতা ৰঞ্জন দৈমাৰীৰ ভগ্নী তথা বড়ো ৱ’মেন্ছ জাষ্টিচ ফ’ৰামৰ প্ৰতিষ্ঠাপক নেত্ৰী ড॰ অঞ্জলি দৈমাৰীয়ে বিপিএফত যোগদান কৰি ইউপিপিএলৰ অংকত আউল লগাই দিয়ে৷ অঞ্জলি দৈমাৰীৰ বিপিএফ গমনে ৰঞ্জন দৈমাৰীৰ বিটিআৰ চুক্তিৰ ক্ষেত্ৰত মতদ্বৈধতা থকাৰ কথা প্ৰমাণ হোৱাৰ লগতে এনডিএফবিৰ মাজতেই ভাঙোন সৃষ্টি কৰি বড়ো ভোট বিভাজনৰ অন্যতম কাৰক হৈ পৰিছে৷ যোৱা নিৰ্বাচনৰ দৰে এইবাৰ ১৫টাকৈ নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হোৱাৰ সম্ভাৱনা নাই যদিও ৭-১০জন নিৰ্দলীয় প্ৰাৰ্থীও যদি নিৰ্বাচনত জয়ী হৈ আহে, এই প্ৰাৰ্থীকেইজনেই ল’ব পাৰে বিটিচি দখলত নিৰ্ণায়ক ভূমিকা৷
ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে বিজেপিৰ লগ লাগি বিটিচিপ্ৰধান হোৱাৰ সপোন দেখিছিল যদিও ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিজেপিত যোগদানে সেই আশা মষিমূৰ কৰাত ইউপিপিএলৰ সমৰ্থকৰ মাজতো বিজেপিবিদ্বেষী মনোভাবে শেহতীয়াকৈ গা কৰি উঠিছে৷
এই সকলো অংক-ৰসায়নৰ পাছত আজিৰ দিনত এটা কথাই ক’ব পাৰি যে নিৰ্বাচিত নিৰ্দলীয় প্ৰাৰ্থী ক্ৰয় কৰি ইউপিপিএলৰ সহযোগত বিজেপিয়ে বিটিচি দখল কৰাৰ সম্ভাৱনা অধিক হোৱাৰ বিপৰীতে কংগ্ৰেছ, এআইইউডিএফৰ সহযোগত নিৰ্দলীয় প্ৰাৰ্থীৰে বিপিএফেও বিটিচি পুনৰ দখল কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷