Logo
image

এখন গাঁও, য’ত গাখীৰ বিক্ৰী কৰাটো পাপ

আমাৰ অসম, ০৭ ডিচেম্বৰঃ ভাৰতত এনেকুৱা এখন গাঁও আছে য’ত গাখীৰ বিক্ৰী কৰাটোক পাপ বুলি গণ্য কৰা হয়৷ আগ্ৰাৰ তাজমহলৰ পৰা ২ কিলোমিটাৰ নিলগত আছে এই গাঁওখন৷  গাঁওখনৰ নাম কুৱাখেদা৷ প্ৰাচীন কালৰে পৰা এই গাঁওখনত গাখীৰ বিক্ৰী কৰা কাৰ্যক মহাপাপ বুলি গণ্য কৰা হৈ আহিছে৷ কিন্তু আচৰিত যে এই গাঁওখনৰ প্ৰতিটো পৰিয়াল গৰু আৰু ম’হ পালনৰ সৈতে জড়িত৷ সেয়ে প্ৰতিটো পৰিয়ালত পৰ্যাপ্ত পৰিমাণৰ গাখীৰ উৎপাদন হয়৷ এই গাখীৰ গাঁওখনৰ লোকসকলে বিক্ৰী নকৰি আনক দান দিয়ে৷ কাৰোবাৰ ঘৰত উৎসৱ-পাৰ্বণ হ’লে লিটাৰে লিটাৰে গাখীৰ গাঁওখনৰ বাসিন্দাসকলে বিনামূল্যে যোগান ধৰে৷ প্ৰবাদ মতে আজিৰ পৰা চাৰিশ বছৰ পূৰ্বে গাঁওখনত হেনো এজন সন্যাসী আছিল৷ তেওঁ গো-পূজা কৰিছিল৷ গো-ধনক ভগৱান ৰূপে পূজা কৰা এই সন্যাসীজনেই হেনো তেতিয়াই গাঁওবাসীক গাখীৰ মূল্যৰ বিনিময়ত আনক দিয়াটো পাপ বুলি উল্লেখ কৰিছিল৷ তেতিয়াৰ পৰা আগ্ৰাৰ কুৱাখেদা গাঁৱত গাখীৰ বিক্ৰী কৰাটো মহাপাপ বুলি গণ্য হৈ আহিছে৷