Logo
image

মৃত্যুমুখৰ পৰা উভতিলোঁ, বহু সহযাত্ৰী এতিয়াও সন্ধানহীন

শুকুৰবাৰে তেতিয়া বিয়লি পাঁচমান বাজিছে৷ হঠাৎ হাহাকাৰ লাগিছে অমৰনাথ যাত্ৰীৰ মাজত৷ এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণ হৈছে অমৰনাথ যাত্ৰা পথত৷ অমৰনাথলৈ পবিত্ৰ গৃহলৈ দুটা পথেৰে যাব পাৰি–এটা টেহেলগাম আৰু আনটো বেলতল৷ টেহেলগামৰ পৰা ৩৬ কিলোমিটাৰ ওপৰলৈ উঠিব লাগে আৰু বেলতলৰ পৰা ১৬ কিলোমিটাৰ ওপৰলৈ উঠিব লাগে৷ দুয়োটা পথেই যথেষ্ট দুৰ্গম৷ ৩০ জুনৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰাৰ বাবে ৪ জুলাই পৰ্যন্ত বতৰ ফৰকাল আছিল৷ বছৰৰ বাৰ মাহে প্ৰচণ্ড শীতত শিল হৈ থকা বৰফে আবৃত কৰি ৰাখে অমৰনাথৰ যাত্ৰাপথ৷ কিন্তু এইবেলি তাত কিছু গৰম হৈছিল৷ ৪ জুলাইত প্ৰচণ্ড বৰষুণ হোৱা বাবে অমৰনাথ যাত্ৰা বন্ধ কৰি দিয়া হয়৷ ৫ জুলাইত বৰষুণ কমাত পুনৰ খুলি দিয়া হয় এই পবিত্ৰ যাত্ৰা৷ বেলতল হৈ যাত্ৰা অতি দুৰ্গম৷ তালৈ খোজকাঢ়ি, ঘোঁৰা, পাল্কি বা হেলিকপ্টাৰেৰে যাব পাৰি৷ যিসকলে অমৰনাথলৈ গৈ ঘূৰি আহিব নোৱাৰে তেওঁলোক যাত্ৰাপথত নিৰ্মাণ কৰা তম্বুত থাকিবলগীয়া হয়, যিবোৰ তম্বু স্থাপন কৰে স্থানীয়ে লোকে৷ একোটা তম্বুত ৫-১২ জন মানুহ থাকিব পাৰে৷ ইয়াত থকাৰ বিনিময়ত ৩০০-৫০০ টকা লোৱা হয়৷ প্ৰচণ্ড ডাৱৰ বিস্ফোৰণৰ ফলত ৫ আৰু ৬ জুলাইত হোৱা প্ৰচুৰ বৰষুণ দি থকাৰ ফলত দুখন পৰ্বতৰ এটা বৰফে আবৃত নদীৰ কোবাল সোঁতে তম্বুসমূহ উটুৱাই লৈ যায়৷ সেই সময়ত ইয়াত অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ সাধাৰণতে এই স্থানতেই নদীৰ প্ৰায় মাজ ভাগত অমৰনাথলৈ ঘোৰা বা যোৱা লোকক এৰি দিয়া হয়৷ তাৰ পৰা যাত্ৰীসকলে খোজকাঢ়ি অমৰনাথলৈ যাব লাগে৷ ডাৱৰ বিস্ফোৰণ আগতে আমি শুনিছিলো৷ কিন্তু এইবাৰ নিজ চকুৰে দেখিলো৷ কিমান ভয়ংকৰ হ’ব পাৰে ডাৱৰ বিস্ফোৰণ সেয়া নেদেখাজনে অনুভৱ কৰিব নোৱাৰে৷ আমি মৃত্যুমুখৰ পৰা উভতিলোঁ৷ যি সময়ত বগা মেঘে সকলোফালে আবৰি ধৰিছে, নিচেই কাষত থকা লোককো নেদেখি৷ তেতিয়া ঘোৰা চালক সকলে বৰষুণ হ’ব বুলি কৈছিল৷ কিন্তু এনে অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি তেওঁলোকেও ভবা নাছিল৷ বহু সহযাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে৷ ইতিমধ্যে উক্ত স্থানত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে৷ এটা কথা ক’ব লাগিব যে তাত নদীৰ পানী ইমানেই চেঁচা হৈ পৰে যে হাত-ভৰিত লাগিলে বিষাই যোৱা যেন লাগে৷ এনে পানীৰ সোঁতত যদি কোনোবা উটি যাব লাগে তেনেহ’লে তেওঁক জীৱন্তে উদ্ধাৰ কৰাটো প্ৰায় অসম্ভৱ৷ অমৰ নাথলৈ বছৰি অসমৰ বহু লোক যায়৷ এইবেলি অসমৰ শতাধিক লোক অমৰ নাথলৈ গৈছে৷ গুৱাহাটী, নলবাৰী, দৰঙৰ বহু লোকক লগ পাইছো৷ ইতিমধ্যে প্ৰশাসনে অমৰনাথ যাত্ৰা বন্ধ কৰিছে৷ কেতিয়া মুকলি হ’ব তাৰ কোনো নিশ্চিয়তা নাই৷ যাত্ৰীসকলৰ বাবে বেলতল আৰু তেহেলগামত সেনা আৰু অৰ্ধ সামৰিক বাহিনীয়ে শিবিৰৰ ব্যৱস্থা কৰিছে৷ তাত যাত্ৰীসকলৰ বাবে বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থা কৰিছে৷ শ্ৰীনগৰতো এনে শিবিৰৰ ব্যৱস্থা কৰিছে সেনা বাহিনীয়ে৷ অতি উদ্বেগৰ কথা যে শ্ৰীনগৰৰ পৰা তেহেলগামলৈ ব্যাপক ভূমিস্খলনো হৈছে৷ লেহৰ পৰা অহা হাজাৰ হাজাৰ যাত্ৰী, যান-বাহন আদবাটতে আৱদ্ধ হৈ পৰিছে৷ অমৰনাথৰ ডাৱৰ বিস্ফোৰণত ১৫জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱা বুলি কোৱা হৈছে৷ ৪০ জনৰো অধিক সন্ধানহীন হৈ থকা বুলি প্ৰশাসনে দাবী কৰিছে৷ এই সংখ্যা যথেষ্ট বৃদ্ধি হ’ব পাৰে৷ প্ৰচণ্ড পানীৰ ঢলত শতাধিক তীৰ্থযাত্ৰী উটি যোৱাৰ আশংকা কৰা হৈছে৷ আমি কামনা কৰিছো এনে লোকৰ সংখ্যা বৃদ্ধি নহওক৷