Logo
image

চীনা ভাষা জানিলেই সেনাত চাকৰি

আমাৰ অসম, ১১ জুলাইঃ চীনৰ সৈতে ভাৰতৰ শত্ৰুতা অব্যাহত আছে৷ ভাৰতীয় সেনাবাহিনীৰো চীনৰ প্ৰতি শত্ৰুভাৱাপন্ন আচৰণ সৰ্বজনবিদিত৷ সীমান্তৰ সিপাৰেও একেই পৰিস্থিতি৷ এক শব্দত ক’বলৈ গ’লে ভাৰতীয় সেনাবাহিনী আৰু চীনৰ সেনাবাহিনীৰ সম্পৰ্ক অহি-নকুল৷ পিছে এনে পৰিস্থিতি সত্ত্বেও এতিয়া মাণ্ডাৰিন ভাষা অৰ্থাৎ চীনা ভাষা জনা ব্যক্তিৰ আদৰ বাঢ়িছে ভাৰতীয় সেনাবাহিনীত৷ আচৰিত যেন লাগিলেও সেই কথা সঁচা৷ অৱশ্যেই তেনে ব্যক্তি হ’ব লাগিব ভাৰতীয় নাগৰিক৷ ভাৰতীয় সেনাবাহিনীয়ে চীনা ভাষা জনা অথবা মাণ্ডাৰিন ভাষাত স্নাতক ডিগ্ৰী থকা ব্যক্তিক ভাৰতীয় সেনাবাহিনীত ভৰ্তি কৰিব৷ ইতিমধ্যে ভাৰতীয় সেনাবাহিনীয়ে এই সংক্ৰান্তত এখন নিয়োগ জাননী জাৰি কৰিছে৷ সেই জাননী অনুসৰি ভাৰতীয় সেনাবাহিনীয়ে প্ৰাথমিকভাৱে টেৰিটৰিয়েল আম¹ত পাঁচজন মাণ্ডাৰিন ভাষাৰ পণ্ডিতক নিয়োগ কৰিব৷ তেওঁলোকৰ কাম হ’ব ভাৰতীয় সেনাবাহিনীৰ একাংশ বিষয়া আৰু জোৱানক মাণ্ডাৰিন ভাষাৰ শিক্ষা দিয়া৷ ভাৰতীয় সেনাবাহিনীৰ যি জোৱান আৰু বিষয়াক চীনৰ সীমান্তত মোতায়েন কৰা হয়, তেওঁলোকক ভাৰতীয় সেনাবাহিনীৰ মাণ্ডাৰিন ভাষাৰে শিক্ষিত কৰি তুলিবলৈ পৰিকল্পনা কৰিছে৷ কিয়নো সীমান্তত দীৰ্ঘদিন ধৰি দুয়োপক্ষৰ সেনাবাহিনীৰ সংঘাত অব্যাহত আছে৷ এনে সংঘাতৰ ক্ষেত্ৰত দেখা যায় ভাষাৰ দুৰ্বোধ্যতাৰ বাবে সংঘাতৰ মাত্ৰা বাঢ়ি যায়৷ কিয়নো কি উদ্দেশ্যত এখন দেশৰ সেনাই সিখন দেশৰ সীমান্ত অতিক্ৰম কৰিছে সেয়া প্ৰতিপক্ষই বুজি পোৱাৰ পূৰ্বেই সংঘাত আৰম্ভ হৈ যায়৷ ভাৰত আৰু চীনৰ সীমান্তত ভাৰতীয় সেনা আৰু পি এল এৰ সদস্যৰ গতিয়াগতি, বগৰা-বাগৰি, ঘুচিয়াঘুচি হোৱাটো সহজাত ঘটনা৷ ২০২০ চনৰ ১৫ জুনত সেই সংঘাতে সংঘৰ্ষৰ ৰূপ লৈছিল৷  তাৰো কিছুদিন আগৰে পৰা চীনৰ সেনাবাহিনীয়ে সীমান্ত অতিক্ৰম কৰি ভাৰতীয় ভূমিখণ্ডত অৱস্থান গ্ৰহণ কৰিছিল৷ উভয় দেশৰ সেনাৰ ফ্লেগ বৈঠকৰ পাছতো উত্তেজনাৰ উপশম হোৱা নাছিল৷ তেনে সময়তে ১৫ জুনৰ নিশা ভাৰতীয় সেনা আৰু চীনৰ সেনাৰ মাজত লাঠী আৰু গজাল লগাই লোৱা অস্ত্ৰ তথা শিলগুটিৰে প্ৰচণ্ড সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ সেই ঘটনাত চীনৰ সেনাবাহিনীৰ নিৰ্দয় প্ৰহাৰত এজন মেজৰসহ ভাৰতৰ কুৰিজন সেনাৰ মৃত্যু হৈছিল৷ সংঘৰ্ষত ভাৰতীয় সেনাৰ প্ৰতি আক্ৰমণত চীনৰো কেইজনমান সেনাৰ মৃত্যু ঘটিছিল৷ অৱশ্যে সেই সংখ্যা আজিলৈ চীনৰ চৰকাৰে প্ৰকাশ কৰা নাই৷ পৰৱৰ্তী সময়ত উত্তেজনাৰ সামান্য প্ৰশমন ঘটিলেও এতিয়াও চীন সীমান্তৰ লাডাখ আৰু অৰুণাচল প্ৰদেশৰ প্ৰায় ৩,৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তত সততে মৃদু উত্তেজনা অব্যাহত আছে৷ সদায় পৰিস্থিতি এনে হৈ থকা দেখিয়েই ভাৰতীয় সেনাবাহিনীয়ে এইবাৰ চীনৰ সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ জোৱান আৰু বিষয়াক মাণ্ডাৰিন ভাষাৰে শিক্ষিত কৰি তুলিবলৈ পৰিকল্পনা হাতত লৈছে, যাতে সীমান্তত নিয়োজিত ভাৰতীয় সেনাই মাণ্ডাৰিন ভাষাৰে চীনৰ সেনাৰ সৈতে বাক-বিনিময় কৰিব পাৰে৷  ভাৰতীয় সেনাবাহিনীয়ে প্ৰাথমিকভাৱে মাণ্ডাৰিন ভাষা জনা পাঁচজন স্নাতকক নিযুক্তি দিব৷ তাৰে এজন হ’ব প্ৰাক্তন সেনা আৰু বাকী চাৰিজন অসামৰিক ব্যক্তি৷ মাণ্ডাৰিন ভাষাৰ স্নাতক হোৱা প্ৰাৰ্থীৰ বয়সৰ ঊৰ্ধ সীমা ৪২ বছৰ বুলি জাননীত প্ৰকাশ৷ তেওঁলোকক টেৰিটৰিয়েল আৰ্মীত নিযুক্তি দিয়া হ’ব৷ তেওঁলোকৰ কাম হ’ব এটাই– ভাৰতীয় সেনাৰ বিষয়া আৰু জোৱানক মাণ্ডাৰিন ভাষাৰে শিক্ষিত কৰা৷