Logo
image

শ্ৰীলংকালৈ ভাৰতৰ ৩০ হাজাৰ কোটি টকা সাহায্য

আমাৰ অসম, ১১ জুলাইঃ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই প্ৰাসাদোপম বিশাল ৰাষ্ট্ৰপতি ভৱনত বিলাস-বহুল জীৱন যাপন কৰিছে আৰু দেশৰ ২২ কোটি জনতাই খুদকণ খাবলৈ নোপোৱাকৈ ক্ষুধা আৰু আকালত দিন কটাইছে৷ ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা যেন ভাৰত সাগৰত নহয়, ৫২ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ ধাৰত ডুবি কক্‌বকাই আছে৷ নিকট ভৱিষ্যতত দেশখনে সেই ধাৰৰ পৰা মুক্তি লাভ কৰাৰ কোনো উপায় নাই৷ এনে সংকটজনক পৰিস্থিতিত বিগত কেইমাহৰ ভিতৰত ভাৰতে প্ৰতিবেশী শ্ৰীলংকাক ৩৮০ কোটি মাৰ্কিন ডলাৰৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে৷ ভাৰতীয় মুদ্ৰাৰ হিচাপত সেই ধনৰ পৰিমাণ হ’ব ৩০ হাজাৰ কোটি টকা৷ শনিবাৰৰ পৰা দেশখনত অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এনে পৰিস্থিতিতো ভাৰত শ্ৰীলংকাৰ জনতা আৰু চৰকাৰৰ কাষত থিয় হ’ব বুলি দেওবাৰে নতুন দিল্লীয়ে মন্তব্য কৰিছে৷ শনিবাৰৰ পৰা দেশখনত সৃষ্টি হোৱা গণবিক্ষোভ আৰু অৰাজক পৰিস্থিতিৰ ঘটনাত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে কয় যে এই কঠিন পৰিস্থিতিত ভাৰত শ্ৰীলংকাৰ কাষত থিয় দিব৷ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এখন সংবাদমেল সম্বোধন কৰি দেওবাৰে কয়, শ্ৰীলংকাৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভাৰত চৰকাৰে সূক্ষ্ম নজৰ দি আছে৷ দেশখনে সন্মুখীন হোৱা ভয়ংকৰ অৰ্থনৈতিক পৰিস্থিতিৰ ক্ষেত্ৰত সহায় কৰিবলৈ ভাৰত সদাপ্ৰস্তুত হৈ থকা বুলি তেওঁ মন্তব্য কৰে৷ এই প্ৰসংগতে অৰিন্দম বাগচীয়ে প্ৰকাশ কৰে যে সাম্প্ৰতিক সংকট কালত এতিয়ালৈকে ভাৰতে শ্ৰীলংকাক ৩০ হাজাৰ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে৷ তদুপৰি অৰ্থনৈতিক সংকটৰ পৰা উদ্ধাৰ পোৱাৰ বাবে শ্ৰীলংকাক ভাৰতে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ দৰে অধিক আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে৷ অৰিন্দম বাগচীয়ে কয়– ‘শ্ৰীলংকাৰ জনতা অভূতপূৰ্ব সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সন্দৰ্ভত আমি অৱগত৷ দেশখনৰ পৰিস্থিতি আমি নিৰন্তৰ পৰ্যৱেক্ষণ কৰি আছোঁ৷ এই মুহূৰ্তত আমি শ্ৰীলংকাৰ জনতা আৰু চৰকাৰৰ কাষত থিয় হৈ আছোঁ৷ প্ৰতিশ্ৰুতি অনুসৰি আমি তেওঁলোকৰ সংকট অৱসানৰ বাবে কৰিব পৰা সাহায্য নিঃসংকোচে আগবঢ়াম৷’