জেইইৰ শীৰ্ষত গুৱাহাটীৰ স্নেহা
আমাৰ অসম, ১২ জুলাইঃ জইণ্ট এনট্ৰেন্স এগ্জামিনেশ্বন চমুকৈ ‘জেইই-মেইন-২০২২’ত দেশৰ ভিতৰতে শীৰ্ষস্থানত অসমৰ এগৰাকী ছাত্ৰী৷ ‘জেইই’ত গুৱাহাটীৰ স্নেহা পাৰিকে ১০০স্ক’ৰ লাভ কৰি শীৰ্ষ স্থান লাভ কৰিছে৷ নেশ্বনেল টেষ্টিং এজেন্সিয়ে অনুষ্ঠিত কৰা ‘জেইই-মেইন’ত গুৱাহাটীৰ স্নেহা পাৰিকৰ উপৰি দেশৰ মুঠ ১৪জন পৰীক্ষাৰ্থীয়ে ১০০ স্ক’ৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ‘জেইই-মেইন’ৰ পৰীক্ষাৰ বাবে দেশৰ ৮.৭ লাখ শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল যদিও ইয়াৰে ৭.৬৯ লাখ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ উল্লেখ্য, ৩০০ নম্বৰৰ পৰীক্ষাত টপাৰ স্নেহা পাৰিকে ৩০০ নম্বৰেই লাভ কৰিছে৷ মেধাৱী শিক্ষাৰ্থীগৰাকীয়ে আই আই টি বোম্বেত কম্পিউটাৰ বিজ্ঞান বিষয়ত উচ্ছ শিক্ষা গ্ৰহণৰ আশা ব্যক্ত কৰিছে৷ দৈনিক ১২ ঘণ্টাকৈ পঢ়া স্নেহাই জইণ্ট এনট্ৰেন্স এগ্জামিনেশ্বনত দ্বিতীয়বাৰলৈ অৱতীৰ্ণ হৈ এই সফলতা লাভ কৰা বুলি সদৰি কৰিছে৷ পৰীক্ষাত ভাল ফলাফল হ’ব বুলি পূৰ্বৰে পৰা আশাবাদী আছিল মেধাৱী ছাত্ৰীগৰাকী৷ গুৱাহাটীৰ ছাই আৰ এন এছ একাডেমীৰ পৰা এইবাৰ স্নেহাই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা স্নেহা পাৰিকে এন চি ই আৰ টিৰ কিতাপসমূহে সকলো বিষয় বুজি পোৱাত সহায় কৰিছিল বুলিও জানিবলৈ দিছে৷ স্নেহাৰ মাতৃ সবিতা পাৰিক গৃহিনী আৰু পিতৃ ৰাজীৱ কুমাৰ পাৰিক গুৱহাটীৰ এজন ব্যৱসায়ী৷