Logo
image

অবাঞ্ছিত! অহা বছৰ ভাৰতৰ জনসংখ্যা হ’বগৈ ১৪২ কোটি

চীনক চেৰাই শীৰ্ষস্থান অভিমুখে ভাৰত

আমাৰ অসম,১২ জুলাইঃ আৰু এবছৰৰ ভিতৰতে এক অবাঞ্চিত অভিলেখ গঢ়ি ভাৰত বিশ্বৰ ভিতৰত সৰ্বাধিক জনসংখ্যাৰ দেশত পৰিণত হ’ব৷ আজি ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱস উপলক্ষে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এটা সমীক্ষাত কোৱা হৈছে, ২০২৩ চনত ভাৰতে চীনক অতিক্ৰম কৰি সৰ্বাধিক জনসংখ্যাৰ দেশৰ অনাকাংক্ষিত মৰ্যাদা অৰ্জন কৰিব৷ সম্প্ৰতি চীনৰ জনসংখ্যা ১৪২.৬ কোটি আৰু ভাৰতৰ জনসংখ্যা হৈছে ১৪১.২ কোটি৷ ভাৰতত জনসংখ্যা বৃদ্ধিৰ যি হাৰ সেয়া চীনৰ তুলনাত যথেষ্ট বেছি আৰু সেয়ে এবছৰতকৈও কম সময়ৰ ভিতৰত ভাৰতে চীনক অতিক্ৰম কৰি এই অবাঞ্চিত অভিলেখৰ অধিকাৰী হ’ব বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে৷ উল্লেখ্য, এই সমীক্ষা অনুসৰি  সম্প্ৰতি পূৱ আৰু দক্ষিণ-পূব এছিয়াৰ জনসংখ্যা হৈছে বিশ্বৰ মুঠ জনসংখ্যাৰ ২৯ শতাংশ৷ আনহাতে মধ্য আৰু দক্ষিণ এছিয়াৰ জনসংখ্যা হৈছে বিশ্বৰ মুঠ জনসংখ্যাৰ ২৬ শতাংশ৷ এই অঞ্চলটো আৱৰি আছে ভাৰত আৰু চীনে৷ 

ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা সমীক্ষা অনুসৰি চলিত বছৰৰ নৱেম্বৰত বিশ্বৰ জনসংখ্যা ৮০০ কোটি হ’ব৷ ২০৩০ চনত সেই সংখ্যা ৮৫০ কোটিলৈ আৰু ২০৫০ চনত বিশ্বৰ জনসংখ্যা ৯৭০ কোটিলৈ বৃদ্ধি পাব৷ বিশ্বৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ লগতে সৰ্বাধিক অৱদান আগবঢ়াব আফ্ৰিকাৰ কংগো, মিশৰ, নাইজেৰিয়া, ইথিওপিয়া, টাঞ্জানিয়া আৰু ভাৰতৰ চুবুৰীয়া পাকিস্তানে৷ এই সমীক্ষাত ৰাষ্ট্ৰসংঘই জনসংখ্যা বৃদ্ধিয়ে ভাৰত আৰু অন্যান্য দেশক আৰ্থিকভাৱে কিমান ক্ষতি কৰিব সেই সন্দৰ্ভত নিৰ্দিষ্ট পৰিসংখ্যা প্ৰকাশ কৰা নাই৷ কিন্তু ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা পৰিসংখ্যা বিশ্লেষণ কৰি আগশাৰীৰ অৰ্থনীতিবিদে কৈছে যে, জনসংখ্যাৰ অত্যধিক বৃদ্ধিয়ে ভাৰতৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিব৷ ইতিমধ্যে জনসংখ্যাৰ হেঁচাত ভাৰতৰ চুবুৰীয়া পাকিস্তান আৰু আফ্ৰিকাৰ কেইবাখনো দেশৰ অৰ্থনৈতিক স্থিতি বিপৰ্যস্ত হৈ পৰিছে৷ এনেদৰে জনসংখ্যা বৃদ্ধি পাই থাকিলে সেই অৱস্থা হ’বলৈ ভাৰতৰ বেছিদিন নাই৷

কঠোৰ ‘জনসংখ্যা আইন’ প্ৰণয়নৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেচনৰ

‘সমগ্ৰ বিশ্বৰ মুঠ ৭৯০ কোটি জনসংখ্যাৰ ১৭.৭৪ শতাংশ অৰ্থাৎ ১৪০ কোটিৰ অধিক জনসংখ্যাই ভাৰতত বসবাস কৰে৷ বিশ্বৰ ভূ-ভাগৰ সাপেক্ষে ভাৰতৰ ভূ-ভাগৰ আধাৰত [ক্ষেত্ৰফল] আমাৰ দেশৰ জনসংখ্যা ২০ কৌটিৰ অধিক হোৱা উচিত নহয়-এই দৰে কয় জনসংখ্যা সমাধান ফাউণ্ডেচন, অসমৰ ৰাজ্যিক অধ্যক্ষ হৰেন্দ্ৰ বৰাই৷ সোমবাৰে ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-জনসংখ্যা সমাধান ফাউণ্ডেচনৰ [জেএছএফ] ২২খন ৰাজ্যৰ প্ৰতিনিধিয়ে দিয়া পৰামৰ্শৰ আধাৰত দেশৰ তীব্ৰ গতিৰে বদ্ধিৰ্ত জনসংখ্যাৰ ওপৰত প্ৰভাৱী আৰু কুশল নিয়ন্ত্ৰণৰ বাবে সুবিচাৰ ধাৰাৰ আইনী পাণ্ডুলিপি তৈয়াৰ কৰি জনসংখ্যা নিয়ন্ত্ৰণ আইন ৰূপায়ণ কৰা জৰুৰী হৈ পৰিছে৷ জনসংখ্যা নিয়ন্ত্ৰণ আইন অধিসূচিত হোৱা তাৰিখৰ পৰা এবছৰৰ পিছত দুটাতকৈ অধিক সন্তান জন্ম দিয়া দম্পতীৰ বাবে সকলো প্ৰকাৰৰ চৰকাৰী সা সুবিধা, অনুদান আদি সমাপ্ত কৰাৰ প্ৰাৱধান জনসংখ্যা নিয়ন্ত্ৰণ আইনত ৰখা, বৰ্তমান চৰকাৰী চাকৰী কৰি থকা দুটা বা তাতোধিক সন্তানৰ পিতৃ-মাতৃয়ে যদি জনসংখ্যা নিয়ন্ত্ৰণ আইন অধিসূচিত হোৱাৰ এবছৰৰ পাছত আৰু অধিক সন্তান জন্ম দিয়ে, তেনে পিতৃ মাতৃক চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰা আৰু ভৱিষ্যত চৰকাৰী চাকৰি কৰাৰ যোগ্যতা হেৰোৱাৰ প্ৰাৱধান জনসংখ্যা নিয়ন্ত্ৰণ আইনত ৰখা হওক৷  জনসংখ্যা নিয়ন্ত্ৰণ আইন অধিসূচিত হোৱাৰ এবছৰৰ পাছত আইন ভংগ কৰি, অধিক বিবাহ কৰি সন্তান জন্ম দিয়া পিতৃ মাতৃ আৰু তেনে সন্তানক আজীৱন ভোটাধিকাৰ আৰু যিকোনো প্ৰকাৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ভাগ লোৱাৰ পৰা বঞ্চিত কৰাৰ নিয়ম জনসংখ্যা নিয়ন্ত্ৰণ আইনত ৰখা হওক৷ জনসংখ্যা নিয়ন্ত্ৰণ আইন এবাৰ উলংঘন কৰাৰ পাচত পুনৰ উলংঘন কৰিলে [অৰ্থাৎ চতুৰ্থ সন্তান জন্ম দিলে] উপৰোক্ত প্ৰাৱধান সমূহৰ লগতে তেনে পিতৃ মাতৃক ১০ বছৰ জেললৈ পঠিওৱাৰ ব্যবস্থা কৰা, দম্পতীৰ প্ৰথম বাৰতে যমজ সন্তান জন্ম হলে পৰিয়াল সম্পূৰ্ণ হোৱা বুলি মান্যতা দিয়া, দ্বিতীয় সন্তান জন্মৰ সময়ত যমজ সন্তান জন্ম হলে জনসংখ্যা আইনৰ উলংঘন হোৱা বুলি গণ্য কৰা নহওক৷ দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসম, ছিক্কিম, অৰুনাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মনিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ মূল ধৰ্মৰ জুনজাতীয় লোকৰ সংখ্যা অবৈধ অনুপ্ৰবেশকাৰীৰ কবলত পৰি আনুপাতিক ভাবে হ্ৰাস হৈ গৈ থকাৰ বাবে, নিৰ্দিষ্ট সময় সীমাৰ বাবে উক্ত ৰাজ্য সমূহৰ মূল ধৰ্মৰ জনজাতীয় [এছ টি] লোক সকলক জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পৰিধিৰ বাহিৰত ৰখাৰ ব্যৱস্থা কৰা হওঁক৷ অবৈধ অনুপ্ৰবেশকাৰীয়ে স্থানীয় মহিলাক বিবাহ কৰি ঠাইতে বসবাস কৰা পৰিয়াল জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ গণ্ডীৰ ভিতৰত থাকিব৷ এই দাবী সমূহ পূৰণৰ বাবে আৱশ্যক অনুসৰি সংবিধানত উপযুক্ত সংশোধনৰ ব্যবস্থা কৰাৰ বাবে আমি দাবী জনালোঁ৷ যিহেতু জনবিস্ফোৰণৰ ফলত ওপজা সংকট পৰমাণু যুদ্ধৰ সংকটতকৈ অধিক ভয়াবহ হৈ পৰিছে সেইকাৰণে আপোনাৰ দৰে ক্ষমতাশালী আৰু ৰাষ্ট্ৰভক্ত নেতৃত্বৰ পৰা জনসংখ্যা সমাধান ফাউণ্ডেচনে এই আশা কৰে যে জনবিস্ফোৰণৰ গভীৰ সমস্যা সমূহৰ সমাধানৰ একমাত্ৰ উপায় ‘‘জনসংখ্যা সমধান অধিনিয়মৰ ওপৰত মন্ত্ৰী পৰিষদৰ লগত প্ৰয়োজনীয় চৰ্চা কৰি সংসদৰ অগন্তক অধিৱেশনতে উক্ত অধিনিয়ম পানিত কৰি আইন বলবৎ কৰাৰ দাবী জানিলোঁ৷ লগতে আমি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে সামাজিক, আৰ্থিক আৰু পাৰিপাশ্বিৰ্ক সংকটৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ সদৃশ পৰিবেশক নিৰাময় কৰিবলৈ কঠোৰ ‘জনসংখ্যা আইন’ৰ আহ্বানত সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কামৰূপ [ম] জিলা উপযুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰো৷  স্মাৰক পত্ৰৰ প্ৰতিলিপি দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী, আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলোঁ৷’ সংবাদ মেলত ফাউণ্ডেচনৰ উপ-সভাপতি ৰবীন শৰ্মা, বৌদ্ধিক প্ৰমুখ নন্দিতা বৰঠাকুৰ, ৰঞ্জন মেধি, ৰঞ্জিতা ৰাজ,  পঙ্কজ তালুকদাৰ, অপৰূপা বৰঠাকুৰ আদি উপস্থিত থাকে৷