Logo
image

বিক্ষোভৰ দাৱানলৰ মাজতেই নিৰ্বিঘ্নে চলি আছে ক্ৰিকেট

আমাৰ অসম, ১৪ জুলাইঃ এফালে গণবিক্ষোভ আৰু আনফালে ক্ৰিকেট৷ শ্ৰীলংকাত সমান্তৰালভাৱে চলি থকা অৰ্থনৈতিক সংকট আৰু ক্ৰিকেটৰ বিনোদনে চৰম বৈশাদৃশ্যৰ সৃষ্টি কৰিছে৷ ৰাজধানী কলম্বোৰ পৰা দুঘণ্টাৰ দূৰত থকা গলত দেশখনৰ ক্ৰিকেট দলটোৱে যোৱা সোমবাৰলৈকে ভ্ৰমণকাৰী অষ্ট্ৰেলিয়া দলৰ সৈতে ক্ৰিকেট টেষ্টত ভাগ লোৱাৰ ঘটনাই বহুতকে আচৰিত কৰি তুলিছে৷ কেৱল অষ্ট্ৰেলিয়াই নহয়, টেষ্ট মেচ খেলিবলৈ গণ বিক্ষোভত জৰ্জৰ দেশখনত আহি উপস্থিত হৈছেহি পাকিস্তান ক্ৰিকেট দল৷ গাড়ীৰে গ’লে ৰাজধানী কলম্বোৰ পৰা গলৰ দূৰত্ব দুঘণ্টাৰ৷ এই গলত যোৱা সমগ্ৰ জুন মাহটো ধৰি ভ্ৰমণকাৰী অষ্টে˜লিয়াৰ সৈতে কিদৰে গণ বিক্ষোভত উত্তপ্ত হৈ পৰা দেশখনৰ ক্ৰিকেট দলটোৱে নিৰ্লিপ্তে ক্ৰিকেট খেলি থাকিব পাৰে সেই লৈ দেশৰে অনেকে বিস্ময় প্ৰকাশ কৰিছে৷ যোৱা সোমবাৰে যেতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  অন্তিমখন টেষ্ট মেচৰ সামৰণি পৰিছিল, তাৰ ৪৮ ঘণ্টাৰ পূৰ্বেই কলম্বোত ৰাষ্ট্ৰপতি ভৱন অধিকাৰ  কৰিছিল দেশৰ জনতাই৷ পলায়ন কৰিছিল ৰাষ্ট্ৰপতিয়ে৷ টেষ্ট মেচৰ সামৰণিৰ ২৪ ঘণ্টা সম্পূৰ্ণ নৌহওতে দেশ এৰি পলায়ন কৰিলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে৷ এনে পৰিস্থিতিৰ মাজত বিনোদনমূলক ক্ৰীড়া ৰাজধানী চহৰৰ গাতে লাগি চলি থকাতো স্বাভাৱিকতে বিস্ময়কৰ ঘটনা হিচাপে পৰিণত হৈছে৷ দেশৰ এই চৰম পৰিস্থিতিৰ মাজত শ্ৰীলংকাৰ এসময়ৰ মহান ক্ৰিকেটাৰ সনথ জয়সূৰ্য, কুমাৰা ছাংগাকাৰা আদিয়ে প্ৰতিবাদী জনতাৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে৷ সেই সময়ত জ্বলি আছে প্ৰধানমন্ত্ৰীৰ বাসগৃহ৷ তথাপিও কোনো প্ৰতিক্ৰিয়া নোহোৱাকৈ একেখন দেশতে ডেৰশ কিলোমিটাৰৰ ব্যৱধানত চলি আছে ক্ৰিকেট৷ পূৰ্ণোদ্যমে শ্ৰীলংকাত পুনৰ ক্ৰিকেট অনুষ্ঠিত হ’ব৷ এইবাৰ শ্ৰীলংকালৈ এই অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে ক্ৰিকেট খেলিবলৈ আহিছে পাকিস্তান দল৷ এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে পাকিস্তান ক্ৰিকেট দলটোৱে গলত অনুশীলন আৰম্ভ কৰিছে৷ অহা ১৬ জুলাইত প্ৰথমখন টেষ্টত অৱতীৰ্ণ হ’ব শ্ৰীলংকা-পাকিস্তান৷ দেশৰ এই কঠিন সংকটৰ সময়ত এনেদৰে শ্ৰীলংকাত ক্ৰিকেটৰ বিনোদন চলি থকা ঘটনাৰ পৰিণতি কি হয় সেয়া এতিয়াও অনিশ্চিত৷